বিশেষ লেখা

শিলৰ চোলা...

মৃদুল কুমাৰ সন্দিকৈ

এজন যে ৰজা আছিল, কোনোবাই তেওঁক মৃত্যুৰ পৰা বাচিবলৈ শিলৰ চোলা পিন্ধাৰ পৰামৰ্শ দিছিল। আছেনে মনত সেই সাধু ? মন্ত্ৰীক শিলৰ চোলা নিৰ্মাণৰ নিৰ্দেশ দি ৰজা বিপাঙত পৰিছিল। শিল সীবলৈ তেওঁ পানী বেজী যোগাৰ কৰি দিব পৰা নাছিল।

এতিয়া কাহিনীবোৰ ৰজাকেন্দ্ৰিক নহয়। নেতা-মন্ত্ৰীকেন্দ্ৰিক হয় আধুনিক কালৰ কাহিনীবোৰ। কোনে কি পিন্ধে, কিমান দামৰ সেইবোৰ ? -তাক লৈ বিৰাট ট্ৰ'ল হয়।

মানুহবোৰেও বিচাৰি উলিয়াই কোনে পিন্ধা কোনটো চোলাৰ কিমান দাম ? কোনটো টি-চাৰ্টৰ বজাৰ মূল্য কিমান ? নেতা-বিধায়কৰ হাতৰ ঘড়ীটো কিমান লাখৰ ?

শাসক-বিৰোধী সকলোৰে চখ থাকে। ধন থাকিলে কিনি পিন্ধাতনো আপত্তি কিহৰ ? আমেৰিকাৰ ৰাষ্ট্ৰপতিক আদৰিবলৈ যাওঁতে সোণৰ সূতাৰ ষ্ট্ৰীপ দিয়া কোট পৰিধান কৰাৰো উদাহৰণ আছে।

ভাৰতৰ ধনী শ্ৰেণীটোৱে উপভোগ কৰে। দৰিদ্ৰসকলৰ বাবেহে দুবেলা-দুমুঠি চাউলৰ বাবে টনা-টনি হয়। সেয়েহে হ'বলা বিনামূল্যে চাউল, কেৰাচিন, দাইল দি দৰিদ্ৰ শ্ৰেণীটোক শাসকে সন্তুষ্ট কৰি ৰখাৰ ফৰ্মূলাত বিশ্বাস ৰাখি আহিছে।

আপাত দৃষ্টিত এইবোৰ হিতাধিকাৰী আঁচনি। এক গুলীত দুই চিকাৰ হয়। দৰিদ্ৰসকলৰ পেটৰ ভোকো মৰে,নিৰ্বাচনৰ বাবে হিতাধিকাৰী ৰূপত ভোটো সংগ্ৰহ হয়।

দৰিদ্ৰ দেশ ভাৰত। বহুতে খাবলৈ আহাৰ নাপায়। গ্ল'বেল হাংগাৰ ইনডেক্স (GHI),২০২৩ত ভাৰতৰ স্থান ১২৫খন দেশৰ ভিতৰত ১১১। নেতা-মন্ত্ৰীৰ উন্নতি বছৰে-বছৰে। সম্পত্তিৰ হিচাপ বাঢ়ে কোটিত। দাল-দৰিদ্ৰ হৈ গৈ থাকে সাধাৰণ লোক।

অসমৰো বহু পৰিয়াল এতিয়া চাল চিগা ভিকহু। বিনামূলীয়া আঁচনি,অৰুণোদয় আদিৰ ওপৰত নিৰ্ভৰশীল। আগৰ দৰে স্ব-নিৰ্ভৰশীল অৰ্থনীতি অসমীয়া গ্ৰাম্য সমাজত নাই। গোহালিৰ গৰুৰ স্থান ল'লে বাইকে। নিজৰ বাৰীৰ শাক-পাচলি চিঙি খোৱা বেছিভাগ মানুহৰে শাক-পাচলি আহে তিনিআলি-চাৰিআলিৰ পাচলি দোকানৰ পৰা। নৈ-পুখুৰীৰ থলুৱা মাছৰ স্থান ল'লে চালানী মাছে।

পুৱতি নিশা খেতিপথাৰলৈ যোৱা অভ্যাসো নাইকিয়া হ'ল। উপাৰ্জনৰ বাবে কেৰেলাকে ধৰি বহিঃৰাজ্যলৈ যোৱা অসমীয়া যুৱকৰ পৰম্পৰা হ'ল।

সেইখন অসমৰে নেতা-মন্ত্ৰীসকলৰ লাহ-বিলাহৰ দেখিলে ভাবিব মন নাযায় যে, অসমৰ গ্ৰাম্য অৰ্থনীতি যে সংকটত। ৰজা যেতিয়া বহু বেছি ধনী হয়, প্ৰজা দৰিদ্ৰ হ'বই। সেয়া পুৰণি নিয়ম।

মনত পৰিছে সেই গাঁওখনলৈ। এদিন গৈছিলো জাগীৰোডৰ দক্ষিণ ধৰমতুললৈ। লগ পাইছিলো একাংশ লোকক। সেই অঞ্চলটোৰ প্ৰায় প্ৰতিটো ঘৰৰ লোকে বিক্ৰী কৰিছিল দৰিদ্ৰতাৰ বাবে কিডনী। এক দালাল চক্ৰই স্থানীয় এজেন্টৰ জড়িয়তে কলিকতালৈ নি বিক্ৰী কৰে কিডনী। মাত্ৰ লাখ টকাৰ লোভত সেয়া তেওঁলোকে কৰে পেটৰ বাবে।

ৰমেন নামৰ এজন যুৱকে কৈছিল সেই অভিজ্ঞতা। দৰিদ্ৰতা তেওঁলোকৰ অভিশাপ। আৰ্থিক অনাটন, নিৰক্ষৰতাৰ বাবেই সেইয়া সম্ভৱ কৰিছিল দালাল চক্ৰই।

২০২১ৰ পাছত আকৌ এবাৰ সেই গাঁৱৰ মানুহবোৰৰ খবৰ ল'লো। তদন্ত হৈছিল, দুই- এজন দালালকো ধৰিছিল।

মানুহবোৰৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ বাবে অৱশ্যে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে হেনো চৰকাৰে। এফালে কিডনী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা সাধাৰণ জনতা আনফালে বিলাসী জীৱনত অভ্যস্ত নেতা। এইবোৰেইতো সঁচা কথা।