বিশেষ লেখা

অসমীয়াই নুবুজিলে উপেন্দ্ৰ নাথ ব্ৰহ্মক...

তেওঁ জাতিৰ প্ৰেমৰ সেই নিদৰ্শন সকলো জাতি জনগোষ্ঠীৰ বাবে অনুপ্ৰেৰণাৰ উৎস। অসমৰ ছাত্ৰ সমাজে ছাত্ৰ দিৱসত তেওঁক স্মৰণ কৰক সশ্ৰদ্ধাৰে।

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

তেওঁলোকৰ ইচ্ছা আছিল অসমীয়া হৈ থকা। কিন্তু কৰবাত অৱহেলা হৈছিল। অসমীয়া উগ্ৰ জাতীয়তাবাদৰ হেঁচাত তেওঁলোকৰ অস্তিস্ত হেৰাই যোৱাৰ উপক্ৰম হৈছিল। অসম আন্দোলনৰ সময়ত তেওঁলোক এলাগী হৈ ৰৈছিল।সেই অৱহেলাৰ বাবে তেওঁলোকৰ মনত পঞ্জীভূত কৰা ক্ষোভৰ বহিঃ প্ৰকাশ ঘটিছিল।

সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য নিৰ্বাহকৰ এজন সদস্য আছিল প্ৰেম সিং ব্ৰহ্ম। বড়ো প্ৰতিনিধি সকলক অসম আন্দোলনৰ আলোচনাৰ মেজলৈ নিয়াত কৃপনালী কৰা নাছিল। ভাবি লোৱা হৈছিল,আমি যি কও তেওঁলোকে মানি ল'ব। অসম আন্দোলনৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই যি চৰকাৰ গঠন কৰিছিল তাতো তেওঁলোকৰ বাবে নাছিল কোনো স্থান।

গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ছাত্ৰী জিৰণী কোঠাৰ সম্পাদিকা ৰেখাৰাণী দাস বড়ো বা দুৰ্গা দাস বড়ো সঁচাকৈয়ে আছিল নে বড়ো জনগোষ্ঠীৰ প্ৰতিনিধি? এই প্ৰশ্ন ৰৈ গৈছিল বড়ো জনগোষ্ঠীৰ মাজত।

সাধাৰণ নিগন নিকায় এটাৰ দায়িত্ব ল'ব পৰাকৈ কোনো বড়ো জন প্ৰতিনিধি বিচাৰি পোৱা নাছিল সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। ইয়াৰ পৰিণতিতেই উগ্ৰ বড়ো জাতীয়তাবাদে গা কৰি উঠিছিল। সেই ভুলেই অসমীয়া বুলি ভবা বহু লোকক আঘাত হানিছিল।

তেনে অৱহেলাৰ বলি হোৱা এজন নেতাৰ নাম আছিল উপেন্দ্ৰ নাথ ব্ৰহ্ম। যি বড়ো জাতিৰ কথা ভাবিছিল কিন্তু নিজকে অসমীয়া ৰূপে প্ৰতিষ্ঠা কৰিবৰ বাবে প্ৰেম সিং ব্ৰহ্মৰ সৈতে চেষ্টা চলাইছিল। অসমীয়াৰ সংজ্ঞা আজিও নিৰূপন নহ'ল। বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰমণত গঢ় লৈ উঠিব পৰা অসমীয়া জাতিৰ স্বকীয়তা পৰিচয় পূৰ্ণ পৰ্যায়ত ঠন ধৰাৰ কোনো সুযোগেই নাপালে। বৰঞ্চ উচ্চ-নীচ আৰু অৱহেলাৰ ৰাজনীতিৰ এই জাতীয় অস্তিত্বৰ যুঁজত তেওঁলোকক এঘৰীয়া কৰি অসমীত্ব প্ৰতিষ্ঠাৰ সেই মহা সংগ্ৰাম খনৰ সকলো সিদ্ধান্ত তেওঁলোকে ল'ব পাৰিব বুলি ভাবিলে। এয়া আছিল এক ঐতিহাসিক ভুল।

বড়ো জাতিক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অবিৰত সংগ্ৰাম আৰু ত্যাগ কৰিছিল উপেন্দ্ৰ নাথ ব্ৰহ্মই। এই জনগোষ্ঠীটোৰ ৰাজনৈতিক, সামাজিক উন্নতিৰ হকে তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবেই সশ্ৰদ্ধাৰে বড়ো সকলে তেওঁক 'বডোফা' বুলি অভিহিত কৰিছিল। যাৰ অৰ্থ হ'ল-বড়ো সকলৰ পিতৃ।

১৯৫৭ চনৰ ৩১ মাৰ্চত কোকৰাঝাৰ জিলাৰ দতমাৰ ওচৰৰ বৰাগাড়ী গাঁৱত জন্ম হৈছিল উপেন্দ্ৰ নাম ব্ৰহ্মৰ। ছাত্ৰ জীৱনৰ পৰা ছাত্ৰ ৰাজনীতিৰে জড়িত ব্ৰহ্মই ১৯৭৮ চনত গোৱালপাৰা জিলাৰ বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব লৈছিল।

১৯৮৩ চনৰ পৰা ৮৪ চনলৈ সদৌ বড়ো ছাত্ৰ সন্থাৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছিল তেওঁ। ১৯৮৮ চনত বাশবাৰীত অনুষ্ঠিত হৈছিল সদৌ বড়ো ছাত্ৰ সন্থাৰ বিংশতিতম অধিৱেশন। এই অধিৱেশনত ছাত্ৰ সংগঠনটোৰ সভাপতি নিৰ্বাচিত হৈছিল ব্ৰহ্ম।

এটা সময় আছিল বড়ো জনগোষ্ঠী সকলৰ অভাৱ-অভিযোগ আৰু স্ব অধিকাৰৰ সংগ্ৰামখন আগুৱাই নিবলৈ উপযুক্ত নেতাৰ অভাৱ গৈছিল। সেই দায়িত্ব পালন কৰিছিল উপেন্দ্ৰ নাথ ব্ৰহ্মই। বড়োলেণ্ড গঠনৰ দাবীৰ তেওঁ গঢ়ি তুলিছিল বড়ো আন্দোলন।

১৯৮৭ চনৰ পৰা আৰম্ভ হোৱা এই আন্দোলনে ১৯৮৮-৮৯ ত তীব্ৰ ৰূপ ধাৰণ কৰিছিল। ১৯৮৯ ত বড়ো আন্দোলনৰ সমাধানৰ বাবে কেন্দ্ৰীয়, ৰাজ্য চৰকাৰ আৰু বড়ো ছাত্ৰ সন্থাৰ মাজত ত্ৰিপাক্ষিক বৈঠকৰ আলোচনা আৰম্ভ হৈছিল।

উপেন্দ্ৰ নাথ ব্ৰহ্মৰ পিতৃৰ নাম আছিল মংলা ৰাম ব্ৰহ্ম আৰু মাতৃৰ নাম লেফাচি ব্ৰহ্ম। ৫ টা ল'ৰা-ছোৱালীৰ ভিতৰত তেখেতেই আছিল সৰ্বকনিষ্ঠ।

বড়ো জাতিৰ পিতৃ স্বৰূপ এই গৰাকী উপেন্দ্ৰ নাথ ব্ৰহ্মক ঘৰত মাতিছিল 'থপেন' বুলি। ১৯৯০ চনৰ ১ মে'ত ব্ৰহ্মৰ মৃত্যু হৈছিল আৰু ১৯৯০ চনৰ ৮ মে'ত তেখেতক আনুষ্ঠানিকভাৱে বডোফাৰ সন্মানেৰে সন্মানিত কৰা হৈছিল।

অসম চৰকাৰেও শেহতীয়াকৈ এক সঠিক উদ্যোগ গ্ৰহণ কৰিছে। ২৭ মাৰ্চ ২০২৩ ত তেখেতৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্ম দিনটোত 'ছাত্ৰ দিৱস' ৰূপে উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছিল।

বড়ো জনগোষ্ঠীৰ এই নেতাজনক মূলসূঁতি অসমীয়া আন নেতাৰ মৰ্যদা দি এক সুস্থ বাতাবৰণ গঢ়িবলৈ লোৱা এই পদক্ষেপ নিসন্দেহে অতি আদৰণীয়।

উপেন্দ্ৰ নাম ব্ৰহ্মই সদায় সাধাৰণ লোকৰ বাবে কাম কৰি গৈছিল। বড়োৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে অন্যায় আৰু অধিকাৰৰ ন্যায্য প্ৰাপ্তিৰ হকে ঐক্যবদ্ধ আন্দোলনৰ নেতৃত্ব দিছিল।

উল্লেখ্য যে সদৌ বড়ো ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰৰ ঘোষণাৰ পূৰ্বেই তেখেতৰ জন্মদিনতো ছাত্ৰ-ছাত্ৰী দিন হিচাপে উদযাপন কৰি আহিছে।

অন্তত সেই অৱহেলা আৰু বাঞ্চনাৰ ইতিহাসক চৰকাৰী পৃষ্ঠপোষকতাত হ'লেও বৃহত্তৰ অসমীয়া জাতিৰ মূলসূঁতিৰ সৈতে তেওঁলোকক একাকাৰ কৰাৰ এই পদক্ষেপে আমাৰ মাজৰ ভুল বুজা বুজিবোৰ আঁতৰাই ৰাখিব। আজিৰ প্ৰজন্মৰ বহু যুৱক-যুৱতীয়ে নাজাতে উপেন্দ্ৰ নামথ ব্ৰহ্মক। তেওঁ আছিল অসমৰ ভূমিপুত্ৰ বড়ো সকলৰ অধিকাৰ সংগ্ৰামৰ নতুন মাত্ৰা দিয়া এক সৱল নেতৃত্ব।

তেওঁ জাতিৰ প্ৰেমৰ সেই নিদৰ্শন সকলো জাতি জনগোষ্ঠীৰ বাবে অনুপ্ৰেৰণাৰ উৎস। অসমৰ ছাত্ৰ সমাজে ছাত্ৰ দিৱসত তেওঁক স্মৰণ কৰক সশ্ৰদ্ধাৰে। তেওঁ এক সত্ত্বা আছিল। যি সত্ত্বাত জাতীয় বুনিয়াদ আৰু স্ব অধিকাৰ সংগ্ৰামৰ সবল নেতৃত্ব দিব পৰা এক শক্তিশালী বুনিয়াদে বড়ো জাতিক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব নজিৰ স্থাপন কৰি গৈছে।