বিশেষ লেখা

দ্য়া কমপ্লিট লাইফ...

মৃদুল কুমাৰ সন্দিকৈ

এ কমপ্লিট ফেমেলি! এটা পৰিয়াল সম্পূৰ্ণ হয় কেতিয়া? টকা, সম্পত্তি, সামাজিক প্ৰতিষ্ঠা এইবোৰেই জানো সকলো? এটা সঁচা কাহিনী। এজন ৮৫ বছৰীয়া বৃদ্ধ মানুহ।দক্ষিণ মুম্বাইৰ এটা ভাড়াঘৰত বহি দেশৰ এটা প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকক কৈ আছিল নিজৰ দুখৰ কাহিনী।

উদাস মানুহজনে দেখিছে জীৱনৰ উত্থান-পতন। তেওঁৰ সৈতে ঘটি গৈছে সকলোবোৰ।মুম্বাইত এটা ঘৰ সাজিছিল। ঘৰটোৰ আছিল ৩৪ টা মহল। ভাবি থৈছিল একমাত্ৰ পুুত্ৰৰ সৈতে সুখত থাকিব সকলো।

তেওঁৰ একোৰেই অভাৱ নাছিল। বিশ্বজুৰি তেওঁৰ নাম আৰু ফেম আছিল। দেশৰেই এজন ধনী ব্যক্তি বুলি মানুহে সমীহ কৰিছিল। নিজেই প্ৰতিষ্ঠা কৰা কোম্পানীটো এতিয়া ১১,০০০ ৰো অধিক কোটি টকাৰ মূল্য হৈছেগৈ।

সেই কোম্পানীত তেওঁৰ শ্বেয়াৰ আছিল ৩৭ শতাংশ। ১৯৯০ চনৰ কথা। বাঢ়ি গৈ আছে কোম্পানীৰ পৰিসৰ। ইটোৰ পাছত সিটো ক্ষেত্ৰত কোম্পানীয়ে ভৰি থৈছে। পুত্ৰক সেই কোম্পানীৰে জড়িত কৰাই কোম্পানীৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষৰ দায়িত্ব গতাই দিলে। নিজেই সন্মানীয় অধ্যক্ষ পদত থাকি তেওঁৰ নামত থকা কোম্পানীৰ ৩৭ শতাংশ শ্বেয়াৰো পুত্ৰৰ নামত দি দিলে।

পুত্ৰই কোম্পানীৰ দায়িত্বলৈয়ে লাভ নোহোৱা কেইবাটাও ক্ষেত্ৰৰ ব্যৱসায় বন্ধ কৰি দিলে। চিমেন্ট অফ প্লেনকে ধৰি ৩-৪ টা কোম্পানী বিক্ৰী কৰিলে। তাৰ পৰা পোৱা ১২০০ কোটি টকাৰ ৬০০ কোটি টকা বেংকৰ ঋণ মাৰিলে।

ষ্টীল চিমেন্ট ক্ষেত্ৰখনৰ পৰা আঁতৰি আহি মনোনিবেশ কৰিলে বস্ত্ৰ আৰু ফেব্ৰিক উদ্যোগত। ৰাহি হোৱা ৬০০ কোটি টকা লগালে ইয়াতেই। পূৰ্বৰ তুলনাত পিতৃয়ে প্ৰতিষ্ঠা কৰা কোম্পানীটোৰ ব্যৱসায় কেইবাগুণো বৃদ্ধি পালে। তাৰপাছতেই দেখুৱালে পুত্ৰই আচল স্বৰূপ।

মুম্বাইৰ বিখ্যাত জিকে হাউচৰ পৰা পিতৃক বাহিৰ কৰি দিলে। পিতৃৰ ওপৰত চলিল অত্যাচাৰ। সেইজন পিতৃয়েই সাংবাদিকজনক কৈ গৈছিল- ''মোৰ ভুল হৈ গ'ল তাতেই। জীৱিত কালত কোনো অভিভাৱকে ল'ৰা-ছোৱালীক সকলো সম্পত্তি গতাই দিব নালাগে। জীৱনত এই ভুল মই কৰিলো। ভাগ্য ভাল মোৰ হাতত কেইটামান টকা আছিল। নহ'লে মই ৰাজপথত ভিক্ষাৰী হ'ব লাগিল হয়। মোক ৰাস্তাত দেখা হ'লে চাগে সি বেছি সুখী হ'লহেতেন। এতিয়া মই নিসংগ এজন মানুহ। মইনো আৰু কেইটা বছৰ জীয়াই থাকিম। যি হেৰুৱাব লাগে হেৰুৱালো...''।

বৃদ্ধ লোকজন আদালতলৈ গৈছিল। সেই সম্পত্তি বিবাদ আদালতত চলি আছে। ঘৰৰ পৰা উলিয়াই দিয়াৰ ক্ষেত্ৰত আদালতে এক ৰায়দান কৰিছিল। ঘৰৰ এটা অংশ তেওঁক দিবলৈ কোৱা হৈছিল। কিন্তু পুত্ৰৰ সেই অত্যাচাৰৰ মাজত তেওঁ থাকিব বিচৰা নাছিল। সেয়েহে তেওঁ অংশটো বিক্ৰী কৰিব বিচাৰিছিল। তাকো কৰিব নিদিলে পুত্ৰই।

সেয়া কোম্পানীৰ সম্পত্তি বুলি দাবী কৰি নিজৰ মতে কোম্পানী বোৰ্ড গঠনেৰে তাত বাধা দিলে। সেই মানুহজনৰে পুত্ৰৰ পৰিবাৰ এইবাৰ আদালতত। আকৌ সেই সম্পত্তিৰ প্ৰসংগ। স্বামী আৰু স্ত্ৰীৰ মাজত ইতিমধ্যে বিচ্ছেদ হৈছে। দুগৰাকী কন্যাক লৈ মাতৃয়ে তেওঁলোকৰ সম্পত্তিৰ ৭৫ শতাংশ দাবী কৰিছে।

১১০০০ কোটি টকাৰ ৭৫ শতাংশ সম্পত্তি লাগে নাৱাজ মোডী সিংঘানীয়া আৰু তেওঁৰ দুই কন্যাক। নাৱাজ মোডী এই বৃদ্ধ মানুহজনৰ বোৱাৰীয়েক। এদিন পুত্ৰই তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিওতে একো কোৱা নাছিল। ভৱা নাছিল এই বৃদ্ধ অৱস্থাত ক'লৈ যাব তেওঁ। কেইটামান দিনৰ অপেক্ষা। আজি তেওঁৰ সৈতে এই মানুহজনে একেখিনি কামকে কৰিলে। খেদাই দিলে ঘৰৰ পৰা। কৰিলে শাৰীৰিকভাৱে অপদস্থ।

কিন্তু বৃদ্ধ মানুহজনে এতিয়া কৈছে, বোৱাৰীৰ প্ৰতি তেওঁৰ পূৰ্ণ সমৰ্থন আছে। বিচাৰিলে বোৱাৰীক সহায় কৰিব। কিন্তু তেওঁ নিজৰ ল'ৰাক জানে, চিনে। টকাৰেই সকলো কৰিব খোজে। এতিয়া ধন মানেই ক্ষমতা আৰু ক্ষমতা মানেই অহংকাৰ।

এই যে কৈ আছো বৃদ্ধজনৰ কথা তেওঁৰ নাম বিজয়পট সিংঘানীয়া। বিশ্বৰে প্ৰতিষ্ঠিত কাপোৰৰ ব্ৰেণ্ড 'ৰেমণ্ড'ৰ প্ৰতিষ্ঠাপক। আজি তেওঁৰ এই অৱস্থা। কোম্পানীটোৱে কাপোৰৰ বাবে দিয়া বিজ্ঞাপনত উল্লেখ কৰে- ''ৰেমণ্ড, দ্যা কমপ্লিট মেন। ৰেমণ্ড দ্যা কমপ্লিট ফেমেলি''। কিন্তু বাস্তৱত জানো হয়? বৃদ্ধ মানুহজনেই উত্তৰ দিছে তেওঁৰ আত্মজীৱনীত। নাম দিছে- ''দ্যা ইনকমপ্লিট লাইফ''।

অন্ধকাৰত থকা বাস্তৱ এইবোৰ। এই মানুহবোৰতকৈ আমাৰ চকুৰ আগত থকা মানুহবোৰ কিমান যে সুখী। তেওঁলোকৰ দৰে ধন-সম্পত্তি নাথাকিলেও জীৱনত আছে পৰম সম্পত্তি।

এটা ভিডিঅ' ভাইৰেল হৈছিল সামাজিক মাধ্যমত। এগৰাকীলোকে শয্য়াগত হৈ থকা তেওঁৰ ৰুগীয়া পত্নীৰ কাষত বহি তেওঁক সুধিছিল- কেনে পাইছা গা? পত্নীয়ে মুখেৰে একো ক'ব পৰা নাই। দুই চকুৰে বৈ আহিছে পানী। মানুহজনৰ হাতখন খামুচি ধৰিছে।

এয়া কম প্ৰাপ্তি নে? সেই সময়ত এয়া কম সুখ নে? মানুহজনে পত্নীক কৈছে- কিয় কান্দিছা? বুজাই দিছে তেওঁৰ কাষত যি কোনো পৰিস্থিতিত তেওঁ আছে আৰু থাকিব। কোনোবা এজন লোকে সেই মুহুৰ্তটোৰ ভিডিঅ' সংগ্ৰহ কৰিছিল। সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল এই মুহুৰ্তটো।

সিংঘানীয়াতকৈ এই মানুহজন সুখী নহয়নে? বহু প্ৰত্যাহ্বান, সমস্যা থকাৰ পাছতো এয়াই জানো তেওঁলোকৰ দ্যা কমপ্লিট লাইফ নহয়নে?