বিশেষ লেখা

নালাগে আমাক অলিম্পিকৰ পদক...

মৃদুল কুমাৰ সন্দিকৈ

এনেকৈয়ে ভাগে সপোন ! বিধিয়ে দিলেও কেতিয়াবা বিধাতাই নিদিয়ে। কিন্তু আক্ষেপ নাই আমাৰ, আক্ষেপ নাই তেঁওৰ ওপৰত কোটি কোটি ভাৰতীয়ৰ। কিন্তু খবৰটো আছিল কল্পনাৰো অতীত। এটা নিশ্চিত ভাল খবৰ হেৰাই গ’ল ১০০ গ্ৰামৰ বাবে।

কাৰোবাৰ বাবে তেঁও অযোগ্য হ’ব পাৰে। কাৰোবাৰ বাবে তেঁও মূৰৰ কামোৰণি হোৱাৰো সম্ভাৱনা আছিল। কোনোবাই অযোগ্য ঘোষণা কৰিলেও তেঁও হৃদয়ত থাকি যাব চিৰদিন। সেই বঞ্চনাই প্ৰাপ্তিৰ মাদকতা নিদিলেও তেঁওতো আমাৰ বাবে চেম্পিয়নৰো চেম্পিয়ন।

কেৱল খেলতে নহয়, তেঁওৰ প্ৰতিবাদৰ ভাষাৰ চোকো মানুহে উপলব্ধি কৰে। নাৰী মানেই অবলা নহয়। ৰাজপথত প্ৰতিবাদত নামি ইতিমধ্যে তেঁও প্ৰমাণ কৰি থৈছিল অন্যায় হ’লে তাৰ বিৰোধিতা কৰিব পৰাকৈ কিমান শক্তিশালী।

আৰু এটা খোজ বাকী আছিল ইতিহাস ৰচিবলৈ। অলিম্পিকৰ প্ৰথমখন মেচত তেঁও নিজৰ বিক্ৰম দেখুৱাইছিল। সেই মেচত অৱতীৰ্ণ হোৱাৰ পূৰ্বে দেহৰ ওজন সঠিকেই আছিল। ৪৯.৯০ কেজি আছিল তেঁওৰ ওজন। মল্লযুঁজৰ ৫০ কেজি শাখাত বিপক্ষৰ বিৰুদ্ধে যুঁজত নামিছিল।

এই যুঁজৰ মঞ্চ অলিম্পিক আছিল। এবাৰো পৰাস্ত নোহোৱা অলিম্পিকৰে পূৰ্বৰ চেম্পিয়নগৰাকীয়েও তেঁওৰ সন্মুখত দিশহাৰা হৈছিল। ছেমি ফাইনেলতো একেই শক্তিৰে যুঁজ দিছিল। সেই যুঁজৰ ফলাফলো আছিল জয়। তাৰ পাছত আৰু কিছু মুহূৰ্ত্তৰ অপেক্ষা !

বাট চাইছিল তেঁও, বাট চাইছিল ১৪০ কোটি দেশবাসীয়ে। মাকক কথা দিছিল সোণ লৈহে পেৰিছৰ পৰা উভতিব। সোণ নহ’লেও ৰূপৰ মেডেলে তেঁওৰ ডিঙি শুৱনি কৰা সেই ক্ষণ নাহিল। দেহৰ কিছু ওজন বাঢ়িছিল। ফাইনেল খেলখনৰ বাবে তেঁও সাজু হৈছিল।

চুলিবোৰ চুটিকৈ কাটিছিল। ওৰে নিশা উজাগৰে থাকি চাইক্লিং, জ’গিং কৰিছিল। মাজে মাজে স্কিপিঙো কৰি গৈছিল। খাদ্যৰ নামত সামান্য কিবা এটা খাইছিল। আনকি বেছিকৈ পানীও খোৱা নাছিল। কিন্তু সেই সকলো কষ্টই তেঁওৰ দেহৰ অতিৰিক্ত ১০০ গ্ৰাম কমাব পৰা নাছিল।

তেঁও ৫০ কেজি শাখাৰ কুস্তি খেলুৱৈয়ে নাছিল। ৫৩ কেজি শাখাতহে তেঁও কুস্তি খেলিছিল। ভাৰতীয় কুস্তি ফোডাৰেছনৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে প্ৰতিবাদত নামি থাকোতে সেই শাখাৰ ট্ৰাইলত অংশ ল’বই নোৱাৰিলে।

৫৩ কেজি শাখাত পেৰিছ অলিম্পিকলৈ টিকট পালে অন্তিম পাংগালে। তেঁওৰ সন্মুখত এটাই বাট খোলা আছিল, যদি অন্তিম পাংগালক পৰাস্ত কৰিব পাৰে তেন্তে তেঁওৰ পচণ্ডৰ ৫৩ কেজি শাখাতেই নামিব পাৰিব মল্লযুঁজত।

কাৰোবাক বঞ্চিত কৰি নিজেই সুযোগ লোৱাৰ কথা তেঁও নাভাবিলে। দেহৰ ওজন হ্ৰাস কৰাৰ সিদ্ধান্ত ল’লে। কমাই দিলে ৩কেজি ওজন। ৫০ কেজি শাখাত মল্লযুঁজত নামিবলৈ গুচি গৈছিল পেৰিছলৈ।

পেৰিছত চমৎকাৰ ৰৈ আছিল তেঁওৰ বাবে। ৰৈ আছিল টকিঅ’ অলিম্পিকত স্বৰ্ণ জয় কৰা জাপানৰ ইউ ছুচাৰ্কি। ছুচাৰ্কি বিশ্বৰে ১ নম্বৰ। ৮২খন মেচত তেঁও দেখা নাই পৰাজয়ৰ মুখ। কোনোৱে ভবা নাছিল তেঁও ছুচাৰ্কিৰ যাত্ৰা ৰুদ্ধ কৰিব !

সেইদিনাই তেঁও বুজাই দিছিল আহি আছে স্বৰ্ণ। এনে এখন যুঁজত জয়ী হোৱাৰ পাছত কোনেনো অবিশ্বাস কৰিব পাৰে এই সত্যক ? ইয়াক বাস্তৱ কৰিবলৈ তেঁও খেলিবলৈয়ে নাপালে। প্ৰচণ্ড জেদি আছিল তেঁও। প্ৰচণ্ড মনোবলৰ গৰাকী হৈও এই খবৰে আৰু পৰিস্থিতিয়ে তেঁওক দুৰ্বল কৰি তুলিলে।

কুস্তিক ভালপোৱা ছোৱালীজনীয়ে কুস্তিকে চিৰবিদায় দি দিলে। মাকক প্ৰতিশ্ৰুতি দিয়া খেলুৱৈগৰাকীয়ে হাত দাঙি ‘মই নোৱাৰিলো’ বুলি উচুপি উঠিলে। বিশ্ব শ্ৰেষ্ঠ হোৱাৰ সপোন এনেকৈয়ে মৰহিলে।

যিসকলে তেঁওক ৰাজপথৰ পৰা চুচৰাই নিছিল তেঁওলোকক দিব বিচৰা প্ৰত্যুত্তৰ পেৰিছত দিও তেঁও যেন দিব নোৱাৰিলে। মানুহৰ মৰম দেখি, মানুহৰ আবেগ দেখি তেঁওক চেম্পিয়নৰো চেম্পিয়ন আখ্যা দিয়া সকলেই তেঁওক এদিন অৱজ্ঞা কৰিছিল। এটা সাক্ষাতৰ বাবে কৰা কাকূতি-মিনতি শুনিও নুশুনা ভাও ধৰিছিল।

১৯৯৪ চনত হাৰিয়ানাৰ চাৰ্খি দাদ্ৰিত তেঁওৰ জন্ম হৈছিল। পিতৃ আছিল মল্লযুঁজাৰু। খুড়াক আৰু দেউতাকৰ পৰাই মল্লযুঁজৰ আদিপাঠ লৈছিল। পৰিয়ালৰ প্ৰায়ভাগেই এই খেলত পাকৈত। ভগ্নী প্ৰিয়ংকা, সম্বন্ধীয় ভগ্নী গীতা, ৰীতা, কবিতা কোনে নেখেলে মল্লযুঁজ।

মল্লযুঁজে তেঁওক প্ৰতাৰণা কৰা নাছিল। এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত মল্লযুঁজত সোণৰ পদক পোৱা তেঁৱেই দেশৰ প্ৰথম মহিলা। বিশ্ব মল্লযুঁজ চেম্পিয়নতো তেঁও খিতাপ জিকিছিল। ২০১৬ত ৪৮ কেজি শাখাত, ২০২০ত ৫৩ কেজি শাখাত আৰু ২০২৪ত ৫০ কেজি শাখাত মুঠ ৩বাৰ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছিল।

সেই ছোৱালীজনীয়ে কুস্তিৰ ওচৰত হাৰ মানিলে। মাকক ক’লে- মা কুস্তি মোৰ ওচৰত জিকি গ’ল আৰু মই হাৰি গ’লো। ক্ষমা কৰিবা তোমাৰ সপোন পূৰণ কৰাৰ ক্ষমতা আৰু নাই। ইয়াতকৈ বেছি শক্তি আৰু নাই মোৰ। বিদায় কুস্তি ২০০১-২০২৪। মই আপোনালোক সকলোৰে ওচৰত ঋণী আৰু ক্ষমাপ্ৰাৰ্থী।

এনেকৈয়ে বিনেশ ফ’গাটৰ এই অধ্যায় অন্ত পৰিল। তেঁও হতাশ হ’লেও দেশবাসী হতাশ হোৱা নাই তেঁওকলৈ। অলিম্পিকত সোণ বা ৰূপৰ পদক নাপালেও তেঁও নিজেই এক পদক হৈ দেশবাসীৰ চকুত জিলিকি থাকিব চিৰকাল...