বিশেষ লেখা

ভোগালীত হেৰাব ভোগ...

Asomiya Pratidin

ভাস্কৰ শৰ্মা

অসমীয়াৰ জপনামুখ পালেহি হেঁপাহৰ ভোগালী বিহু। ঘৰে-ঘৰে প্ৰস্তুতি চলিছে ভোগালীক আদৰৰ। পুৰুষসকলৰ সমান্তৰালকৈ ব্যস্ত জীয়ৰী-বোৱাৰীসকল। ভোগালী বিহু বুলিলেই গাত তত নাইকিয়া হয় এওলোকৰ।

কি বনাব, কি খুৱাব আদি নানান চিন্তাৰে ব্যস্ত হৈ পৰে। ঢেঁকীত সান্দহ-চাউল খুণ্ডাৰ পৰা পাকঘৰত বিবিধ পিঠা-পনা প্ৰস্তুত কৰালৈকে ব্যস্ততাৰ সীমা নাই এইকেইদিনত। এসপ্তাহ, দহদিন আগৰ পৰাই ভাগে ভাগে কামত নিয়োজিত হৈ পৰে। মনত এটাই চিন্তা আহি আছে হেঁপাহৰ ভোগালী।

অৱশ্যে আজিকালি আত্মসহায়ক গোট আদিৰ জৰিয়তে ১০-১২গৰাকী মহিলাই মিলি পিঠা-পনা ইত্যাদি বিবিধ খাদ্যবস্তু প্ৰস্তুত কৰে। সেই সমূহ প্ৰাক্-ভোগালী মেলাৰ আয়োজন কৰি খাদ্য সামগ্ৰী বিপণীসমূহত বিক্ৰীৰ ব্যৱস্থা কৰে। ইয়াৰ জৰিয়তে এই আত্মসহায়ক গোটবোৰৰ সদস্যসকলে কিছু পৰিমাণে অৰ্থনৈতিক দিশত সকাহ লাভ কৰে।

কিন্তু এনেবোৰ সৰু সৰু সুখৰ মাজতো, এচাম খাটিখোৱা লোকৰ বাবে ভোগৰ ভোগালী কঙালসদৃশ হোৱাৰ উপক্ৰম হৈছে। কিয়নো খাদ্যৰ বজাৰত বয়-বস্তুৰ আকাশমুখী দামে ভোগালীৰ আনন্দত আঘাত হনা যেন অনুভৱ হয়।

সকলো বস্তু সকলোৰে বাবে নহয়। যদিও সকলোৱে বিচাৰে ভোগালীত লগে-ভাগে মিলি সুন্দৰকৈ এসাঁজ খাবলৈ। বিচাৰে অলপকৈ হ'লেও সকলো খাদ্যবস্তু উৰুকাৰ ব্যঞ্জণৰ তালিকাত উপলব্ধ হওক।

দৰিদ্ৰ, নিম্ন মধ্যবিত্তৰ পৰা ধনী শ্ৰেণীলৈকে সকলোৱে বিচাৰে উৰুকাৰ নিশা মাছ-মাংস আদি বিবিধ ব্যঞ্জনেৰে এসাঁজ খাবলৈ। সেই উদ্দেশ্যেই কৰ্মস্থলীৰ পৰা ধাৱমান হয় আপোন ঘৰখনলৈ বুলি।

পিছে খাদ্যৰ বজাৰত মাছেহে লগাইছে কেণা। ভোগালী বিহু অহাৰ লগে-লগেই যেন মাছৰ বজাৰত উঠিছে দাম। প্ৰতিকিলো মাছৰ দামে চুইছে দ্বি-শতক। দামৰ পাহাৰ গঢ়িছে মাছ বজাৰে। ৰৌ-বৰালি, চিতল-ভকুৱা, আৰি-বাহু ইত্যাদি মাছ অবিহনে যেন আধৰুৱা উৰুকাৰ নিশাৰ ব্যঞ্জন।

মাছৰ চৰাদামৰ বাবে হয়তো ভোগালীৰ আনন্দ ম্লান পৰিব পাৰে। এটা সৰু হিচাপ- এগৰাকী দিনহাজিৰা কৰা লোকৰ দিনটোৰ মজুৰি ৪০০ ৰ পৰা ৫০০টকা। এতিয়াৰ বজাৰত ৫০০ টকাত উপভোগ্য প্ৰায়খিনি বস্তু কোনোপধ্যেই ক্ৰয় কৰিব নোৱাৰে।

তেনে ক্ষেত্ৰত মাছৰ বজাৰত যদি এইদৰে জুইছাই দাম হয়, তেন্তে এগৰাকী দৰিদ্ৰ, দিন হাজিৰা কৰা লোকে কি সাহসত মাছৰ বজাৰলৈ গৈ চকু ফুৰাব ? খালী মোনাটো উভতাই অনাৰ বাহিৰে তেওঁৰ কোনো উপায় নাই।

ভোগালীৰ পূৰ্বে প্ৰশাসনে মাছৰ বজাৰৰ প্ৰতি লক্ষ্য ৰাখি আগতিয়াকৈ মাছৰ দাম নিৰ্ধাৰণ কৰি দিছে। চিতল,বৰালি,আৰি মাছৰ প্ৰতিকিলোৰ দৰ ৩০০টকা। ১.৫ কেজিৰ পৰা ২.৫০ কেজি পৰ্যন্ত এইসমূহ মাছৰ দাম চুইছে ৪৫০টকা।

ইফালে পিছপৰি ৰোৱা নাই ৰৌ-ভকুৱা,বাহু আদি মাছ। প্ৰতিকিলো মাছৰ দাম ২৭০ টকা। ইয়াৰ ওপৰৰ ওজন হ'লে আপুনি- মই ৩২০ৰ পৰা ৪২০টকা পৰ্যন্তৰে কিনিব লাগিব।

এয়া প্ৰশাসনে নিৰ্ধাৰণ কৰা মাছৰ মূল্যহে। কিন্তু এই পূৰ্ব নিৰ্ধাৰিত মূল্য কিমানে মানি চলিব সেয়াহে লক্ষ্যণীয়। উৰুকাৰ বজাৰত যে মাছৰ মূল্য এই নিৰিখতকৈ আৰু অধিক বৃদ্ধি নহ'ব তাৰ কোনো নিশ্চিয়তা নাই।

উৰুকাৰ পুৱাই মাছৰ বজাৰত মানুহে ভিৰ কৰে। শেহতীয়াকৈ কোনে, কিমান ডাঙৰ আৰু কিমান অধিক মূল্যত মাছ ক্ৰয় কৰিব পাৰিলে তাৰো এক অঘোষিত প্ৰতিযোগিতা হয়। টিভিৰ কেমেৰাৰ সন্মুখত আটাইতকৈ ডাঙৰ মাছটো তুলি ধৰিব পৰাটো এচামৰ বাবে এক প্ৰকাৰৰ চখ।

এই মানুহখিনিক মূল্যবৃদ্ধিয়ে স্পৰ্শ কৰিব নোৱাৰে। এওঁলোকে উৰুকাত মাছ খাবলৈ ক্ৰয় নকৰে। এওঁলোকে উৰুকাৰ বজাৰত মাছ ক্ৰয় কৰে চখ পূৰণ কৰিবলৈ। কিন্তু এওঁলোকৰ বাবেই আন ১০ জনে ইচ্ছা থাকিও ১ কেজি মাছ ক্ৰয় কৰিবলৈ চিন্তা কৰিবলগীয়া হয়। মাছৰ বেপাৰীবোৰেও প্ৰথম শ্ৰেণীৰ গ্ৰাহককহে গুৰুত্ব দিয়ে।

এয়া কেৱল মাছৰহে কাহিনী। মাছৰ দৰেই হাঁহ, মুৰ্গী, ছাগলী আদিৰ মাংস আছেই। একেদৰে বৃদ্ধি হৈছে কণী, চাউল আদিৰ মূল্য। পাচলিৰ ক্ষেত্ৰতো ৪০ টকাৰ তলত একোৱেই নাই। ভালকৈ হিচাপ কৰিলে উৰুকাৰ ভাতসাজঁত অতি কমেও ৩০০-৩৫০ টকা হয়গৈ। অৱশ্যে ধনী শ্ৰেণীৰ বাবে এয়া সাধাৰণ কথা। কিন্তু উল্লেখিত দিনহাজিৰা কৰা লোকজনৰ বেলিকা ই এক সাঁথৰ।

সৰ্বসাধাৰণ ৰাইজে উপভোগ কৰিব পৰাকৈ সকলো বস্তুৰ দৰ নিৰ্ধাৰণ হ'লে ভাল। চাহিদা অনুপাতে অসমত থলুৱা মাছৰ উৎপাদন কম হোৱা হেতু মাছৰ দাম বৃদ্ধি পোৱাটো লক্ষ্যণীয়। অৱশ্যে কোনো কোনো ঠাইত মাছৰ দাম ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত ভাৰসাম্য ৰখা বিধৰ। অসমৰ বিভিন্ন ঠাইত মৎস উৎপাদন কৰা হয় যদিও চাদিহা অনুপাতে যোগান কম হোৱা বাবেও মাছৰ দাম বৃদ্ধি পাইছে।

বয়-বস্তুৰ দাম যাতে ভোগালীৰ আনন্দত বাধা হৈ থিয়ে নিদিয়ে তাৰ বাবে সংশ্লিষ্ট বিভাগে ব্যৱস্থা গ্ৰহণ কৰিলে,নিশ্চয় সুফল পোৱা যাব। শেষত প্ৰকৃতাৰ্থত ভোগালী বিহু ভোগৰ ভোগালী হৈ ৰওঁক।