নেতা আহে,নেতা যায়। মনত থাকি যাই মাত্ৰ নেতাই কৰা কাম। কৰ্মৰ দ্বাৰাই জোখা হয় নেতাৰ মান। ৰাইজৰ সেৱা কৰিবলৈ অহা সেৱকে কেতিয়াবা পাই মান আৰু কেতিয়াবা অপমান। এই নিয়মেৰে চলি আহিছে সমাজ ব্যৱস্থা।
ৰাজনৈতিক ক্ষেত্ৰতো একেই। ক্ষমতাত থাকিলে সকলোৱে বাঘ। ক্ষমতাচ্যুত হ'লেহে ওলাই পৰে আচল কোন, ভণ্ড কোন। ৰাজনৈতিক নেতা বুলিলে সাধাৰণতে এখন মিছা কথাৰ ভঁৰালসদৃশ নেতাৰ ছবি এখন মনলৈ আহে। তথাপিও ক্ষমতাত থকা বা নথকাৰ সময়চোৱাত তেওঁ কৰা কৰ্মৰ দ্বাৰা তেওঁৰ মান নিৰূপণ কৰা হয়।
ভাৰতীয় ৰাজনীতিত বহু নেতাৰ জন্ম হ'ল। বহু নেতা সময়ৰ সোতত নিশ্চিহ্ন হৈয়ো গ'ল। ৰাজনীতিত উত্থান-পতন এটা মুদ্ৰাৰ ইপিঠি- সিপিঠি ; কিন্তু এনেবোৰ কাৰকৰ পিছতো একাংশ থাকি গ'ল, সৰ্বসাধাৰণৰ আহে-আহে,কোহে-কোহে।
তেনে এগৰাকী নেতাৰে নাম ল'ব বিচৰা হৈছে। যাৰ অৱদানৰ কথা পাহৰিব নোৱাৰে কোনোও। সি কিম্বা বিৰোধী ৰাজনৈতিক দলে হওক নাইবা বিৰোধী নেতাই হওক। ৰাজনীতিৰ ঊৰ্দ্ধতো কেতিয়াবা কাৰোবাৰ ব্যক্তিত্বই কৈ যাই বহু কথা। তেওঁ হ'ল বৰ্ষীয়ান ৰাজনীতিক লালকৃষ্ণ আদৱানি।
শতকৰ ঘৰ স্পৰ্শ কৰিবলৈ মাত্ৰ ৩বছৰ বাকী থকা লালকৃষ্ণ আদৱানিৰ জন্ম হৈছিল ১৯২৭ চনৰ ৮ নৱেম্বৰত। অবিভক্ত ভাৰতবৰ্ষৰ কৰাচীত জন্মগ্ৰহণ কৰা আদৱানিয়ে ১৯৪১ চনত প্ৰায় ১৪বছৰ বয়সতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত এগৰাকী সাধাৰণ স্বেচ্ছাসেৱক হিচাপে যোগদান কৰিছিল।
ইয়াৰ পিছত পৰ্যায়ক্ৰমে আৰ এছ এছৰ সহযোগিতাত শ্যামা প্ৰসাদ মুখাৰ্জীৰ সৈতে ১৯৫১ চনত জনসংঘ প্ৰতিষ্ঠা কৰে আৰু সংগঠনটোৰ সাধাৰণ সম্পাদকৰ পদ অলংকৃত কৰে। এনেদৰেই পৰ্যায়ক্ৰমে লাল কৃষ্ণ আদৱানিয়ে ভাৰতীয় জনতা পাৰ্টীৰ জন্মলগ্নৰে পৰা সক্ৰিয় ৰাজনীতিত সোমাই পৰে।
তেওঁ আছিল ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বাধিক কালৰ ৰাষ্ট্ৰীয় সভাপতি। ইয়াৰ জৰিয়তে তেওঁ এক অভিলেখ গঢ়িবলৈও সক্ষম হৈছে। ১৯৮০ চনত ভাৰতীয় জনতা পাৰ্টী গঠনৰ পিছত এই পৰ্যন্ত কোনো এজন ব্যক্তিয়ে এই দলটোত তেওঁৰ সমান নেতৃত্ব প্ৰদান কৰাৰ সুযোগ লাভ কৰা নাই।
১৯৮৬ ৰ পৰা ১৯৯০ চনলৈ তেওঁ একেৰাহে আছিল দলটোৰ সভাপতি। ইয়াৰ পিছত আকৌ ১৯৯৩ ৰ পৰা ১৯৯৮ লৈ আৰু ২০০৪ ৰ পৰা ২০০৫ চনলৈ তেওঁৰ হাততে আছিল এই দলটোৰ সভাপতিৰ দায়িত্ব।
সাংসদ হিচাপে তেওঁ প্ৰায় ৩ দশকৰ অভিজ্ঞতাৰে পৰিপুষ্ট। প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী মন্ত্ৰী সভাত প্ৰথমে তেওঁ গৃহমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। অৱশ্যে পাছলৈ উপ-প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি দেশৰ উন্নয়নত যথেষ্ট বৰঙণি যোগাইছিল।
সম্প্ৰতি বিশ্বজুৰি চৰ্চা লাভ কৰিছে ৰাম মন্দিৰ প্ৰসংগই। এই ৰাম মন্দিৰ অযোধ্যত প্ৰতিষ্ঠা কৰাৰ বাবে কৰা আন্দোলনৰ অগ্ৰগামী নেতা আছিল লালকৃষ্ণ আদৱানি। বিজেপিৰ এইগৰাকী বৰ্ষীয়ান নেতাই ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দেশজুৰি আৰম্ভ কৰিছিল ৰথযাত্ৰা। উক্ত আন্দোলনৰ সময়চোৱাত সন্মুখৰ পৰা নেতৃত্ব দিছিল তেওঁ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোৱাৰ দৰে ভাৰতৰ উন্নয়নত লালকৃষ্ণ আদৱানিৰ অৱদান অনস্বীকাৰ্য। তেওঁৰ সংসদীয় হস্তক্ষেপ সদায়ে অনুকৰণীয়, সমৃদ্ধ অন্তৰ্দৃষ্টিৰে পৰিপূৰ্ণ। এনেবোৰ গুণৰ আকৰ নাইবা ব্যক্তিত্বৰ বাবেই লালকৃষ্ণ আদৱানি অথবা প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ লেখিয়া বহু ৰাজনৈতিক নেতা অধিকাংশৰ বাবে নমস্য ব্যক্তি।
অনুকৰণীয় ব্যক্তিত্বৰ অধিকাৰী লালকৃষ্ণ আদৱানিৰ অনস্বীকাৰ্য অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন'। ভাৰতীয় জনতা পাৰ্টীৰ পিতামহসদৃশ ব্যক্তিগৰাকী লৈ প্ৰদান কৰা হ'ব এই সন্মান।
এই খবৰ লাভ কৰি লালকৃষ্ণ আদৱানি স্বাভাৱিকতে আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে। ভাৰত ৰত্ন সন্মানেৰে বিভূষিত হোৱাৰ পৰিপ্ৰেক্ষিত উৎফুল্লিত হৈ পৰে তেওঁ।
এই সন্দৰ্ভত তেওঁৰ মনৰ অনুভৱ ব্যক্ত কৰি উল্লেখ কৰে যে, "অত্যন্ত নম্ৰতা আৰু কৃতজ্ঞতাৰে মই আজি মোক প্ৰদান কৰা 'ভাৰত ৰত্ন' গ্ৰহণ কৰিছো। এজন ব্যক্তি হিচাপে ই কেৱল মোৰ বাবে এক সন্মান নহয়, লগতে মই মোৰ সামৰ্থ্য অনুসৰি ওৰে জীৱন সেৱা কৰিবলৈ চেষ্টা কৰা আদৰ্শ আৰু নীতিৰ বাবেও এক সন্মান।
মই কেৱল নিস্বাৰ্থভাৱে ভাৰত মাতৃৰ সেৱক হিচাপে সেৱা আগবঢ়াই আহিছো। মোৰ জীৱনটো কেৱল ৰাষ্ট্ৰৰ বাবে সমৰ্পিত কৰি আহিছো, কেতিয়াও ব্যক্তিগত লাভালাভক গুৰুত্ব দিয়া নাই। মই মোৰ পৰিয়ালৰ প্ৰতিজন সদস্য, বিশেষকৈ মোৰ মৰমৰ প্ৰয়াত পত্নী কমলাৰ প্ৰতি মোৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। আমাৰ মহান দেশখন আৰু অধিক গৌৰৱ আৰু বিজয়প্ৰাপ্তিৰে শিখৰলৈ আগবাঢ়ি যাওঁক। জয় হিন্দ!"
দেশৰ প্ৰতি থকা প্ৰেম আৰু দায়িত্ববোধত যেন তেওঁ আজিও স্থিৰ,অলৰ-অচৰ সেই কথা তেওঁৰ অনুভৱত প্ৰকাশ পায়। দেশক,দলক আৰু দহক বহু দিলে। পোৱা-নোপোৱাৰ হিচাপ কৰা যেন এয়া সময় নহয়। এই সময় নহয় সমালোচনা কৰাৰো।
জীৱিত কালত কোনো সন্মান প্ৰাপ্তি সকলোৰে বাবে আনন্দৰ ক্ষণ। জীৱনে কি দিলে বা কি নিদিলে তাক বিচাৰ নকৰি অনাগত ভৱিষ্যতৰ দিশে সকলোৱে ধাৱমান হোৱাটোৱেই এই প্ৰবাহিত সময়ৰ আহ্বান।
বৰ্ষীয়ান ৰাজনীতকগৰাকীৰ দৰে আজি প্ৰতিজন ভাৰতীয় গৌৰৱান্বিত ! ৰাজনীতিৰ ঊৰ্দ্ধতো থাকে মহানতা, প্ৰমূল্যবোধ, মানৱতাৰ দৃষ্টিকোণ। সকলো সময়তে সকলোৰে ব্যক্তিত্বক ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱাতকৈ; কাৰোবাৰ বিশাল ব্যক্তিত্বইয়ো কৈ যায় বহু কথা। যি ব্যক্তিত্বত থাকে দেশৰ কথা-দহৰ কথা। অনাগত ভৱিষ্যতৰ প্ৰজন্মক দি যোৱা আদৰ্শৰ কথা...।