বিশেষ লেখা

'গীতা'ৰ বাণীৰে জীৱন জোখা মনু ভাকেৰ

Asomiya Pratidin

ভাস্কৰ শৰ্মা

সকলোৰে জীৱন বিভিন্ন ঘটনা প্ৰৱাহেৰে সমৃদ্ধ। জীৱন বাটত পোৱা সফলতা- বিফলতাই ধন্য কৰে ব্যক্তিৰ জীৱন।

পোৱাখিনি সুখ আৰু নোপোৱাখিনি দুখ হিচাপে ধৰা হয়। মানুহে সততে সফলতাখিনিৰেই হিচাপ ৰাখে অথবা কৃতকাৰ্য্যতাখিনিহে পোহৰলৈ আহে। কিন্তু তাৰ আঁৰত থাকে বহু অলিখিত কাহিনী, গাঁথা আৰু ব্যাথা।

যি সদায়েই থাকি যায় এন্ধাৰত। বহু কাহিনী হয়তো জানিব বিচাৰিও ৰৈ যায় অলিখিত হৈ অথবা অব্যক্ত হৈ। বহুলোকৰ নখ দৰ্পণত থকা ক্ৰিকেট আৰু ক্ৰিকেটাৰৰ খবৰৰ মাজত হেৰাই যায় বহু খেলুৱৈৰ অনেক কথা। বক্সিং, শ্বুটিং, জুডো, কাবাডী, হকী ইত্যাদি খেলৰ খবৰ কোনেনো কিমান ৰাখে !

পিছে এই খেলুৱৈসকলো কোনো গুণে কম নহয়। যিসকল প্ৰচাৰ বিমুখ খেলুৱৈয়ে আমাৰ দেশক প্ৰতিনিধিত্ব কৰি দেশৰ কান্ধত পিন্ধাই দিছে সাফল্যৰ চাদৰ। দেশবাসীৰ শিৰত পিন্ধাই দিছে বিজয় মুকুট, আঁকি দিছে বিজয়ৰ তিলক।

তাৰোপৰি বিশ্বৰ মহামঞ্চত উৰুৱাইছে ত্ৰিৰংগা, সাত সাগৰ তেৰ নদীৰ শেষ প্ৰান্তত উৰুৱাইছে বিজয় ধ্বজ্জা। ইমানৰ পাছতো প্ৰচাৰ আৰু প্ৰসাৰ নোহোৱালৈকে কোনেও নাৰাখে এইসকল খেলুৱৈৰ বতৰা।

সাফল্যৰ পাছতহে আহে তেঁওলোকৰ উত্থান কিম্বা সফলতাৰ খবৰ। যি খবৰ মুহূৰ্তৰ ভিতৰতে চৌদিশে বিয়পি পৰে। কিন্তু খেলুৱৈ এগৰাকীয়ে এই সাফল্য পোৱাৰ আঁৰতো থাকে অলেখ কাহিনী।

জীৱনত পোৱা তিতা-কেঁহা সোৱাদেৰে পৰিপুষ্ট হৈ পৰে তেঁওলোক। সফলতাৰ দুৱাৰডলিৰ পৰা বিমুখ হৈ অহা ব্যাথা হয়তো আপুনি মই অনুভৱ কৰিব নোৱাৰিম ! কিন্তু সেই বিফলতাৰ সৈতে কিদৰে যুঁজ দি পুনৰ নিজকে পৰৱৰ্তী প্ৰতিযোগিতালৈ সাজু কৰে অথবা তাৰবাবে কিটো পৰ্যায়ত কষ্ট কৰে সেই খবৰ কেতিয়াবাহে পোহৰলৈ আহে।

জীৱনৰ হাজাৰ এন্ধাৰ ফালি ওলাই অহা তেনে এগৰাকী খেলুৱৈ হৈছে মনু ভাকেৰ। দুদিন আগলৈকে অধিকাংশ লোকৰ হয়তো এই নামটোৰ সৈতে চিনা-পৰিচয় নাছিল !

অৱশ্যে কিছু সংখ্যক লোকৰ বাবে তেনেই চিনাকি নাম। বাৰু সি যি কি নহওঁক, সম্প্ৰতি দেশজুৰি চৰ্চিত হৈ থকা এটি নাম তথা নক্ষত্ৰ হৈছে মনু ভাকেৰ।

চলিত গ্ৰীষ্মকালীন পেৰিছ অলিম্পিকত এয়াৰ গান শ্বুটিঙত ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে এইগৰাকী ভাৰতীয় শ্বুটাৰে। এয়াৰ গান শ্বুটিঙত মহিলাৰ শাখাত মনু ভাকেৰেই প্ৰথমগৰাকী খেলুৱৈ, যিয়ে অলিম্পিকত শ্বুটিঙত ভাৰতক পদক জয়ৰ সোৱাদ দিছে।

মনু ভাকেৰে পেৰিছ অলিম্পিকৰ দুটাকৈ পদক দখল কৰি ইতিহাস ৰচিছে। তেঁও ১০ মিটাৰ এয়াৰ পিষ্টলৰ ব্যক্তিগত শাখাত প্ৰথমটো পদক অৰ্জন কৰিছিল। তাৰ পাছতে মিশ্ৰিত শাখাত সৰৱজ্যোতক সংগী হিচাপে লৈ পেৰিছ অলিম্পিকৰ দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন কৰে মনু ভাকেৰে।

তেঁওৰ এই সাফল্যৰ পাছতে সমগ্ৰ দেশজুৰি বয় আনন্দৰ বন্যা। প্ৰাশান্ত সাগৰৰ লহৰৰ দৰে সুখ-আনন্দ আৰু প্ৰাপ্তিৰ ধলে বোৱাই নিলে প্ৰতিগৰাকী ভাৰতীয়ক। এগৰাকী কিশোৰীৰ সফলতাই যেন সমগ্ৰ দেশবাসীৰ মুখত আনি দিছে এমোকোৰা হাঁহি।

এই হাঁহি সুখৰ আৰু অশ্ৰু আনন্দৰ। অত দিনে কৰিব নোৱাৰা কাম কৰি দেখুৱালে মনুৱে। এটা নহয় দুটাকৈ অলিম্পিকৰ পদক জয়ৰ সোৱাদ দিলে ভাৰতবাসীক।

এই প্ৰাপ্তি হয়তো সকলোৰে ভাগ্যত নাথাকে। বিধাতাই লিখিলেহে আহে এই প্ৰাপ্তি। ঈশ্বৰৰ আশীৰ্বাদ আৰু কোটি কোটি ভাৰতবাসীৰ আশীষ শিৰত লৈ শ্বুটিং ৰেঞ্জত নমা মনুৱে দিলে এই সুখ। এবাৰ এককভাৱে, এবাৰ মিশ্ৰিত শাখাত।

এতিয়া অপেক্ষা মাত্ৰ আৰু এটা পদৰ বাবে। হয়তো এই পদকো আহিব ভাৰতৰ পূণ্যভূমিলৈ। পেৰিছ অলিম্পিকৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত অৱতীৰ্ণ হ’ব মনু ভাকেৰ। এই শিতানত সফলতা লাভ কৰিব পাৰিলেই পুনৰ এবাৰ সৃষ্টি হ’ব অন্য এক ইতিহাসৰ।

মনু ভাকেৰে ৰাষ্ট্ৰীয় সংবাদ সংস্থাক জনোৱা অনুসৰি তেঁও ‘গীতা’ অনুসৰণ কৰে। সফলতাৰ পাছত নদৌৰি নিজৰ কৰ্মত ধ্যান দিয়ে তেঁও। তাৰোপৰি ২২ বছৰীয়া মনু ভাকাৰে কঠোৰ নিষ্ঠা আৰু পৰিশ্ৰম কৰি ভালপায়। তেঁওৰ মতে কাম প্ৰথম, ফলাফল পিছত।

গীতাৰ এই বাণীৰ পৰাই উদ্বুদ্ধ হৈ আজি তেওঁ দেশবাসীৰ নয়নৰমণি হৈ পৰিছে। নিবিচৰাকৈ, কৰ্মৰ জৰিয়তে তেঁও লাভ কৰিছে সফলতা, এয়াই সংযোগ !

এইখিনিতে উল্লেখ কৰিব লাগিব যে ২০২২ চনৰ এছিয়ান গেমছতো তেঁও সোণৰ পদক লাভ কৰিছিল। ইয়াৰোপৰি ২০২৩ বৰ্ষৰ বিশ্ব চেম্পিয়নশ্বিপতো লাভ কৰিছিল স্বৰ্ণ পদক।

আনহাতে ২০১৮ চনৰ মেক্সিকোৰ গুৱাদালাজাৰাত অনুষ্ঠিত আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত সোণৰ পদক অৰ্জন কৰিছিল। একেটা বৰ্ষতে কমনৱেলথ গেমছত স্বৰ্ণ পদক অৰ্জন কৰিছিল তেঁও।

কেৱল ইমানেই নহয় এইগৰাকী খেলুৱৈয়ে ১৬ বছৰ বয়সত আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত সোণৰ পদক অৰ্জন কৰি প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা কনিষ্ঠতম ভাৰতীয় হিচাপে পৰিগণিত হৈছিল।

তাৰ মাজতে বিভিন্ন সময়ত হোৱা শ্বুটিং প্ৰতিযোগিতাত নিজৰ প্ৰতিভাৰ উমান দি পদক জয় কৰাৰ লগতে সন্মান বুটলিছিল মনু ভাকেৰে।

পিছে এই সমূহ সফলতাৰ আঁৰত আছে তেঁওৰ কঠোৰ অধ্যাৱসায়, একাগ্ৰতা আৰু নিষ্ঠা। পিতৃৰ পৰা  ১ লাখ ৫০,হাজাৰ টকা লৈ তেঁও ১৬ বছৰ বয়সৰ পৰাই প্ৰতিযোগিতামূলক শ্বুটিং আৰম্ভ কৰিছিল।

ইয়াৰ পাছতে ২০১৭ চনৰ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত দখল কৰিছিল ৰূপৰ পদক। ইয়াৰ পাছৰ পৰা আৰু তেঁও পিছলৈ ঘূৰি চাব লগা হোৱা নাই। সফলতাৰ জখলাত দোপক-দোপে আৰোহণ কৰিবলৈ সক্ষম হৈছিল মনু ভাকেৰ।

মনু ভাকেৰৰ জন্ম হৈছিল হাৰিয়ানাৰ ঝজ্জৰ গাঁৱত। জন্ম চন –২০০২ চনৰ ১৮ ফেব্ৰুৱাৰী। পিতৃ ৰাম কিচন ভাকৰ। পিতৃ আছিল এগৰাকী মাৰ্চেণ্ট নেভীৰ মুখ্য অভিযন্তা।

গীতাৰ বাণীৰে নিজৰ জীৱনৰ ৰং জোখা এইগৰাকী খেলুৱৈয়ে অনাগত সময়ত দেশবাসীক দি যাওক আৰু বহু পদক। পেৰিছৰ পাছতো তেঁওলৈ বাট চাই আছে ভালেকেইখন অলিম্পিক।

সদৌ শেষত তেঁওৰ এই সফতাৰ বাবে জনাইছো কৃতজ্ঞতা আৰু অভিনন্দন। তাৰে আপাহতে মনু ভাকৰেৰ পৰা আৰু বহু পোৱাৰ বাবে ৰাখিছো আশা...