বিশেষ লেখা

আঙুলি কাটি নহয়, ট্ৰফী হাতত তুলি ৰোহিত বাহিনীয়ে দিলে দ্ৰাবিড়ক গুৰুদক্ষিণা

Asomiya Pratidin

ভাস্কৰ শৰ্মা

ৰাহুল দ্ৰাবিড়। সহজ-সৰল,নম্ৰ, ভদ্ৰ। নাই কোনো বিতৰ্ক। মিষ্টাৰ ডিপেণ্ডবল তেঁও। ক্ৰিকেট খেলি থকাৰ সময়ছোৱাত তেঁওৰ অৱদানৰ কথা কোনোও পাহৰিব নোৱাৰে।

টেষ্ট অথবা এদিনীয়া দুয়োটা সংস্কৰণতে আছে দ্ৰাবিড়ৰ ঈৰ্শনীয় সফলতা। ৩৪৪খন এদিনীয়া মেচ খেলাৰ লগতে সংগ্ৰহ কৰিছে ১০,৮৮৯ৰান। শতকৰ সংখ্যা ১২টা আৰু অৰ্ধশতক ৮৩টা।

ইয়াৰোপৰি বৰ্ণময় টেষ্ট কেৰিয়াৰত মেচৰ সংখ্যা ১৬৪খন। একদৰে সংগ্ৰহ কৰিছে ১৩,২৮৮ ৰান। ইয়াতো তেঁও ৩৬টা শতক আৰু ৬৩টা অৰ্ধশতকৰে বিশ্ব ক্ৰিকেটৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিপিৱদ্ধ কৰি থৈ গৈছে।

ক্ৰিকেট ভদ্ৰলোকৰ খেল। সঁচা অৰ্থত এই কথা আখৰে আখৰে মানি চলিছিল ৰাহুল দ্ৰাবিড়ে। প্ৰতিপক্ষৰে নাছিল শত্ৰুতা। নাই কোনো বিতৰ্ক, আছে মাথো গুণানুকীৰ্তন।

প্ৰসংগক্ৰমে দ্ৰাবিড়ৰ উপৰি এইক্ষেত্ৰত নাম ল’ব শচীন তেণ্ডুলকাৰ, ভি ভি এছ লক্ষ্মণ অথবা অনিল কুম্বলে। ভাৰতীয় ক্ৰিকেটৰ এই কেইগৰাকী খেলুৱৈ একো একোটা স্তম্ভসদৃশ।

১৯৯৬ৰ পৰা ২০০৩চনৰ সেই সময়ছোৱাত ভাৰতীয় ক্ৰিকেট দলটোৰ অৱস্থা আছিল তথৈবচ। অস্তগামী বেলিৰ দৰে ঢলি পৰিব ধৰিছিল ভাৰতীয় জাতীয় ক্ৰিকেট দল। প্ৰায়বোৰ শৃংখলা হেৰুৱাইছিল দলটোৱে।

সেই সময়ছোৱাতে শচীন, গাংগুলী, ৰাহুল, লক্ষ্মণ, কুম্বলে, আগাৰকাৰ, যুৱৰাজ, জাহিৰ, নেহৰা আদিৰ দৰে খেলুৱৈসকলে পৰি যাব ধৰা দলটোক উঠাই আনিছিল। ২০০৩ৰ এদিনীয়া বিশ্বকাপত গাংগুলীৰ নেতৃত্বত ৰানাৰ্ছ আপৰ সন্মান আজুৰি আনিছিল দলটৱে।

অৱশ্যে ২০০৭ৰ এদিনীয়া বিশ্বকাপত গ্ৰুপ পৰ্যায়তে বিদায় মাগিছিল ভাৰতে। বাংলাদেশৰ হাতত শোচনীয় পৰাজয়বৰণ কৰিছিল ভাৰতীয় দলটোৱে। সেই সময়ত দলটোৰ অধিনায়ক আছিল ৰাহুল দ্ৰাবিড়। এয়া আছিল তেঁওৰ জীৱনত পোৱা চৰম হতাশা।

এই হতাশাৰ মাজতে সময়ৰ দাবী মানি ৰাহুল দ্ৰাবিড়ে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা লৈছিল অৱসৰ। অৱসৰৰ পাছত বি চি চি আয়ে দ্ৰাবিড়ক দিছিল কেইবাটাও দায়িত্ব। নেচনেল ক্ৰিকেট একাডেমীৰ অধ্যক্ষৰ পৰা আদি কৰি ভাৰতীয় জাতীয় দলৰ প্ৰশিক্ষক হোৱালৈকে, সকলো দায়িত্ব পালন কৰিছিল তেঁও।

অৱসৰৰ পাছতে দ্ৰাবিড়ে ২০১৪ চনত ৰাজস্থান ৰয়েলছৰ পৰামৰ্শদাতা হিচাপে ভূমিকা পালন কৰিছিল। এই সময়ছোৱাত তেওঁ ভাৰতীয় জাতীয় দলৰ সৈতেও জড়িত হৈ পৰিছিল।

২০১৪ চনত ইংলেণ্ড ভ্ৰমণৰ সময়ত ভাৰতীয় দলৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৫ চনত ৰাজস্থান ৰয়েলছক আই পি এলত তৃতীয় স্থানলৈ আগুৱাই নিয়াৰ ক্ষেত্ৰতো যথেষ্ট অৱদান আছে তেঁওৰ।

ইয়াৰ পাছত তেঁওক ভাৰতীয় দলৰ অনুৰ্ধ-১৯ আৰু ভাৰত এ দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। এইক্ষেত্ৰতো দ্ৰাবিড়ে প্ৰশিক্ষক হিচাপে সফলতা অৰ্জন কৰিছিল। ২০১৬ চনত অনুৰ্ধ-১৯ দলটোক ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত উপনীত কৰাইছিল তেঁও।

ইয়াৰোপৰি ২০১৮ চনৰ অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপত পৃথ্বী শ্ব নেতৃত্বাধীন ভাৰতীয় দলটোক বিজয়ী কৰোৱাত অন্যতম ভূমিকা পালন কৰিছিল। ইয়াৰোপৰি ঋষভ পন্ট, ঈশান কিষাণ আৰু ৱাশ্বিংটন সুন্দৰৰ দৰে প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈ গঢ় দিয়াতো আছে দ্ৰাবিড়ৰ গুৰুত্বপূৰ্ণ ভূমিকা।

অৱসৰৰ পাছত এনদৰেই দ্ৰাবিড়ে প্ৰতিটো দায়িত্বই সুচাৰুৰূপে পালন কৰি গৈছিল। কালক্ৰমত ২০২১ চনত তেঁওক ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব দিয়া হৈছিল।

তেঁওৰ প্ৰশিক্ষণতে পাৰ হৈ গৈছিল বিশ্ব টেষ্ট চেম্পিয়শ্বিপ, ২০২২ৰ টি-২০ বিশ্বকাপ আৰু ২০২৩ৰ এদিনীয়া বিশ্বকাপ। তথাপি চেম্পিয়নৰ খিতাপ আজুৰি অনাত ব্যৰ্থ হৈছিল ভাৰতীয় ক্ৰিকেট দল।

এইখিনি সময়ত জাতীয় দলত খেলি থকা অধিকাংশ খেলুৱৈক ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত প্ৰশিক্ষণ দিছিল দ্ৰাবিড়ে। সকলোৰে এটাই আশা আছিল যে গুৰু দ্ৰাবিড়ৰ কাৰ্যকালত ভাৰতীয় দলে যিকোনো ডাঙৰ প্ৰতিযোগিতাত খিতাপ দখল কৰিব লাগে। কিন্তু সেয়া সম্ভৱ হৈ উঠা নাছিল।

বহুক্ষেত্ৰত থমকি ৰ’ব লগা হৈছিল ভাৰতীয় দলটো। অৱশেষত ২০২৪চনৰ বিশ্বকাপৰ সময়সূচী ঘোষণা হ'ল। লগতে এই সময়তে বি চি চি আয়ে নতুন প্ৰশিক্ষকৰ সন্ধানত বিজ্ঞাপন ৰাজহুৱা কৰিলে। কাৰ্যতঃ বাজি উঠিল দ্ৰাবিড়ৰ কাৰ্যকাল অন্ত পৰাৰ ঘণ্টা।

সেই সময়ত ৰাহুল দ্ৰাবিড় ব্যস্ত আছিল টি-২০ বিশ্বকাপ খেলি থকা ভাৰতীয় দলটোৰ সৈতে। ভাৰতীয় দলৰ খেলুৱৈসকলে ভাবিছিল যে প্ৰশিক্ষক হিচাপে গুৰু দ্ৰাবিড়ে বিদায় লোৱাৰ পৰত এটা সন্মান পাওক। সেই অনুসৰিয়েই বিশ্বকাপত বেটে-বলে পৰাক্ৰম দেখুৱাই ফাইনেললৈ গৈছিল ভাৰতীয় দলটো।

দঃ আফ্ৰিকাৰে হোৱা বিশ্বকাপৰ ফাইনেল মেচখনত এটা সময়ত তাচ-পাচৰ দৰে খহিছিল ভাৰতীয় দলৰ বেটিং-লাইন আপ। ব্যৰ্থ হৈছিল ৰোহিত, ঋষভ, সূৰ্যকুমাৰ যাদৱ।

কিন্তু কোহলি, পাণ্ডিয়া, শিৱম ডুবে শেষ মুহূৰ্তলৈকে যুঁজ দি ভাৰতীয় দলটোক বিশ্বকাপ জয়ী কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰোপৰি বুমৰাহৰ বল আৰু সূৰ্যকুমাৰ যাদৱে বাউণ্ডেৰীত আয়ত্ত কৰা এটা কেচে সলাই দিছিল মেচৰ গতি। ভাৰতৰ হাতৰ পৰা ওলাই যোৱা মেচ পুনৰ উভতি আহিছিল নিয়ন্ত্ৰণলৈ।

এনদৰেই ৱেষ্ট-ইণ্ডিজৰ আকাশত উৰিছিল ত্ৰিৰংগা পতাকা। উৰিছিল মেন ইন ব্লুৰ বিজয় নিচান। প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰৰ আঙুলিত ধৰি শিকা খেলুৱৈসকলে উপহাৰ দিছিল টি-২০ বিশ্বকাপৰ খিতাপ।

কাহ পৰি জীণ যোৱা সেই সময়ত আৱেগিক হৈ পৰিছিল ৰোহিত শৰ্মা, হাৰ্ডিক পাণ্ডিয়া, কোহলিকে ধৰি খেলুৱৈসকল। আনন্দত অশ্ৰু নিগৰি আহো আহো হৈছিল ৰাহুল দ্ৰবিড়ৰ। মন-প্ৰাণ খুলি হাঁহিছিল তেঁও।

মনতে ভাবিছিল অধিনায়ক হিচাপে নোৱাৰিলেও, প্ৰশিক্ষক হিচাপে পালো বিশ্বজয়ৰ সোৱাদ। মই নোৱাৰিলেও মোৰ শিষ্যসকলে কৰি দেখুৱালে।

বিদায়ৰ পৰত ইয়াতকৈনো আৰু কি লাগে ডাঙৰ প্ৰাপ্তি ! মহাভাৰতৰ সময়ত একলব্যই গুৰু দ্ৰোণাচাৰ্যক প্ৰতিদান দিছিল আঙুলি কাটি। আৰু আজি ৰাহুল দ্ৰাবিড়ক শিষ্যসকলে দিলে ট্ৰফী হাতত তুলি গুৰুদক্ষিণা...!