নকওঁ বুলিও ক'বলগীয়া কথাবোৰ... 
বিশেষ লেখা

নকওঁ বুলিও ক'বলগীয়া কথাবোৰ...

তুষাৰ প্ৰতিম

দেশে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈছে। সমগ্ৰ দেশতে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এক আনন্দমুখৰ পৰিবেশ গঢ় দিবলৈ পাৰ্যমানে চেষ্টা কৰিছে চৰকাৰ বাহাদুৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰেও।

মোডীৰ আহ্বানৰ পাছতেই শাসকীয় মন্ত্ৰী, বিধায়ক তথা বিজেপি সদস্যসকলে সামাজিক মাধ্যম ফেচবুক, এক্স আদিৰ প্ৰফাইলত থকা নিজৰ ফটো আঁতৰাই ৰাষ্ট্ৰীয় পতাকাৰ ফটো লগাইছে। ৰাজপথত হাতত ত্ৰিৰংগা লৈ সমদল, বাইক ৰেলী বাহিৰ কৰিছে।

ক’ৰবাত ক’ৰবাত মন্ত্ৰীয়ে আকৌ সংগীতৰ অনুষ্ঠান পাতি দেশ প্ৰেমমূলক গীতৰ তালে তালে চৰ্বিৰে ভৰা দেহ যিমান পাৰি চেষ্টা কৰি জোকাৰি থকাও পৰিলক্ষিত হৈছে। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ লগতে অসমত সৃষ্টি হোৱা এনে পৰিবেশে মানুহৰ মনবোৰ জীপাল কৰি তুলিছে।

ৰাজপথৰ দাঁতিত বিক্ৰী বৃদ্ধি হৈছে ত্ৰিৰংগাৰ। সুখী হৈছে এইসকল ক্ষুদ্ৰ ব্যৱসায়ীও। দেখাত সকলোবোৰ ঠিকেই আছে। কিন্তু ক’ৰবাত যেন কিবা এটা হৈছে। স্বাধীনতাৰ এই মহা উৎসৱৰ প্ৰাকক্ষণত মানুহৰ মনবোৰ দেখোঁ গোমোঠা হৈ আছে। দোকানৰ সন্মুখত ৰৈ গ্ৰাহকে মুখৰ ভিতৰতে অস্পষ্টকৈ কিবা এটা ভোৰভোৰাই উঠিছে আৰু দোকানীয়েও মুখখন গোমোঠা কৰি থৈছে।

হাতত মোনা এখন লৈ যাওঁ নাযাওঁ কৈ বজাৰলৈ সোমাই যোৱা মানুহখিনিৰ যেন বজাৰ কৰাত আগ্ৰহ নাই। কিবা এটা কেনেবাকৈ মোনাখনত ভৰাই সেই স্থানৰ পৰা আঁতৰিব পালেই সুখী হয় তেওঁলোক। পিছে হাতত থকা দীঘলীয়া বজাৰৰ তালিকাখনেহে লগাইছে খেলিমেলি।

উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা চলিছে। জিলাই জিলাই মেডিকেল কলেজ হৈছে।দৰিদ্ৰ, ভোকাতুৰ মানুহখিনিৰ বাবে ইয়াতকৈ ভাল খবৰ কি হ’ব পাৰে? ৰোগাক্ৰান্ত দেহটো টানি আজুৰি উন্নত চিকিৎসাৰ বাবে পুৱাৰে পৰা শাৰী পাতিছে।

চৰকাৰ বাহাদুৰেও ‘অটল অমৃত’ৰ দৰে বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা দিছে। পিছে ৰোগৰ চিকিৎসা কৰাৰ পূৰ্বে প্ৰয়োজন ৰোগৰ সঠিক পৰীক্ষা। এই পৰীক্ষাতে কেনা লাগিছে মানুহখিনিৰ। এসোপা আশাৰে মেডিকেল কলেজত গৈ শাৰী পতা এই মানুহখিনিৰ অধিকাংশই দেখোন বিমৰ্ষ এটা মন লৈয়ে চুচৰি ঘূৰি আহিছে ঘৰলৈ।

চৰকাৰী হাস্পতালত পৰীক্ষা কৰিবলৈ দীঘলীয়া শাৰীয়েই নহয়, ৰ’ব লাগে এমাহলৈ। বিনামূলীয়া চিকিৎসা ব্যৱস্থাই এই পৰীক্ষাসমূহক সামৰি নলয়। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দৰেই ব্যয়বহুল হৈছে এই পৰীক্ষাৰ মাচুল। বাঢ়ি গৈছে ৰোগৰ সংক্ৰমণ।

কিছু বছৰৰ আগলৈকে দোকান এখনেৰে, গাড়ী এখনেৰে ভাড়া মাৰি ক্ষুদ্ৰ ব্যৱসায় কৰি সুখেৰে দিন পাৰ কৰা মানুহখিনিৰ হঠাৎ কিবা এটা হ’ল। দোকানখন, ক্ষুদ্ৰ ব্যৱসায় ঠিকেই কৰি আছে। গাড়ীখনো চলি আছে। পিছে বাঢ়ক চাৰি ব্যৱসায় টুটিহে আহিছে। বিমুদ্ৰাকৰণ, কোভিডৰ পিছৰ অৱস্থা এয়া।

অৰ্থনৈতিক বিপৰ্যয়ৰ মাজেৰে দিন পাৰ কৰিছে বহুজনে। উপাৰ্জনৰ বিপৰীতে বৃদ্ধি পাইছে খৰচৰ মাত্ৰা। মূল্যবৃদ্ধিয়ে টেটু চেপি ধৰিছে এই মানুহখিনিৰ। সংবাদ মাধ্যমে বাতৰি কৰিছে। এই একেখিনি বাতৰি পঢ়ি, শুনি, দেখি বিৰক্ত হৈছে সাধাৰণ মানুহো। অথচ গা লৰা নাই বৰমূৰীয়াসকলৰ।  

দিনে দিনে বাঢ়ি আহিছে নিবনুৱাৰ সংখ্যা। পঢ়ি, শুনি চাকৰি এটাৰ সপোনৰ পিছত দৌৰা ল’ৰা-ছোৱালীবোৰে সপোন দেখিবলৈ এৰিছে। নিজাকৈ কিবা এটা কৰিবলৈয়ো পথ বিচাৰি হাবাথুৰি খাইছে।

থকাত নিবনুৱাৰ বাবে ভালে কেইখন আঁচনি আছে। পিছে সেই আঁচনিয়ে কিদৰে উপকৃত কৰিছে সেয়া বক্স অফিচত খলকনি লগোৱা ‘বিদুৰভাই’ নামৰ অসমীয়া চিনেমাখনতেই স্পষ্ট হৈ আছে। নতুনকৈ আকৌ কোৱাৰ প্ৰয়োজন নাই।

ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰা ৩ বছৰ পাৰ হ’ল। আৰম্ভণিৰ পৰা এটা সংখ্যাতে যি ধৰিলে তাৰ পৰা লৰচৰ নহ’ল। ১ লাখ নিবনুৱাক সংস্থাপনৰ কথা দিনে নিশাই তেওঁ মন্ত্ৰ উচ্চাৰণ কৰাৰ দৰেই কৰি আহিছে।

অথচ নিৰ্বাচনী প্ৰচাৰত প্ৰতিশ্ৰুতি আছিল প্ৰতি বছৰে এক লাখ নিযুক্তি। চৰকাৰ গঠন কৰা ৩ বছৰত কিমান লাখ নিবনুৱা বাঢ়িল তাৰ হিচাপ হয়তো তেওঁ কৰা নাই। কিন্তু মেলা পাতি দিয়া নিযুক্তি পত্ৰই এতিয়াও ১ লাখ স্পৰ্শ কৰা নাই।

হতাশাত ভূগি থকা মানুহখিনিক চৰকাৰ বাহাদুৰে দেখা নাই। তেওঁলোকক চাবলৈয়ো আগ্ৰহ নাই। এই হতাশা দূৰ কৰিবলৈকো মাজে সময়ে আহে চৰকাৰী উৎসৱৰ খবৰ। মানুহবোৰক লৈ আনে ৰাজপথলৈ অথবা খেল পথাৰলৈ।

উচ্চ স্বৰত নেতাৰ প্ৰশস্তিৰে বাণীবদ্ধ কৰা গানবোৰ বজাই দিয়ে আৰু এই গানতেই মতলীয়া হৈ নেতাৰ সৈতে মানুহবোৰে নাচে। পাহৰি যায় বজাৰৰ কথা, হাস্পতালৰ কথা। পাহৰে পুতেক, জীয়েকৰ চাকৰিৰ কথা।

নেতাৰ লগত নাচিবলৈ মানুহে ভিৰ কৰাৰো কাৰণ আছে। নেতাৰ সৈতে ৰাজপথত নাচিব পাৰিলেই সকলোৱে পাই পুৰস্কাৰ। গাওঁসভাৰ সদস্য অথবা পঞ্চায়তৰ কোনোবা প্ৰতিনিধিয়ে বিচাৰ কৰে সকলো। তাৰ ওপৰতেই নিৰ্ভৰ কৰি প্ৰস্তুত হয় ‘অৰুণোদয়’ অথবা ‘লাখপতি বাইদেউ’ৰ তালিকা। দীঘলীয়া হৈ যা হিতাধিকাৰীৰো তালিকা।  

ৰাজনৈতিক সভাত, নিৰ্বাচনী প্ৰচাৰত হয় ব্যক্তিগত আক্ৰমণ, প্ৰত্যাক্ৰমণ। কোনে, কাক সামাজিকভাৱে ব্যক্তিগত আক্ৰমণ কৰে তাৰ প্ৰতিযোগিতা চলে। অথচ দৰিদ্ৰতা দূৰীকৰণ, উপযুক্ত স্বাস্থ্য সেৱা, সংস্থাপন, মূল্যবৃদ্ধি হ্ৰাসকৰণৰ দৰে বিষয়বোৰ তল পৰে।

সাধাৰণ মানুহৰ মূৰৰ ওপৰেদি উৰি যায় জাতিৰ অস্তিত্ব বিপদাপন্ন হোৱাৰ কথা। জাতিৰ প্ৰতি দায়বদ্ধ কোনোবাই কাকতত প্ৰবন্ধ, নিবন্ধ লিখে; টেলিভেচন চেনেলৰ টক শ্ব’ত চিঞ্চৰে জাতিৰ অস্তিত্বৰ কথা, ভাষা, সংস্কৃতিৰ প্ৰতি অহা ভাবুকিৰ কথা। কাকতৰ সম্পাদকীয় পৃষ্ঠাত স্থান পোৱা সেই প্ৰবন্ধ, নিবন্ধ বাৰ্তা হেৰাই যায় বগা-ক’লা পৃষ্ঠাত। শূন্যত বিলীন হৈ যায় টেলিভিচন চেনেলত চিঞঁৰা সেই জাতিয় দায়বদ্ধতাৰ আকুণ্ঠ আহ্বান।

৬ বছৰীয়া এক ৰক্তক্ষয়ী আন্দোলন কৰি ৮৫৫ জন ছহিদৰ বিনিময়ত দিল্লীত কৰি অহা চুক্তিৰ ৩৯ বছৰৰ অতিক্ৰম হয়। চুক্তিকাৰী নেতাবোৰ মন্ত্ৰী হয়। অথচ সমস্যাবোৰ সমস্যা হৈয়ে ৰয়। চুক্তিকাৰী সংগঠনৰ প্ৰতিনিধিসকলে মাজে মধ্যে চুক্তিৰ দফাবোৰৰ কথা সোঁৱৰাই। নেতাৰ সৈতে চুপতিত লিপ্ত হয়।

চুক্তি ৰূপায়ণৰ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব থকা কোনোবাই আকৌ সেই চুক্তিকে গীতা, বাইবেল নহয় বুলি কটাক্ষ কৰে। ইমানৰ পিছতো মানুহে আশা কৰে চুক্তিখনৰ দফাবোৰ কাৰ্যকৰী হ’ব। অসম সুৰক্ষিত হ’ব।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ নিৰ্বাচন আহিলে ৰজাঘৰৰ মুখতেই প্ৰথমে উচ্চাৰিত হয়। নিৰ্বাচন যায়, জনজাতিকৰণৰ প্ৰসংগও তল পৰে। জনজাতিকৰণৰ নামত সংগঠনসমূহে কৰি অহা আন্দোলনেও গতি সলনি কৰে।

কিমান ছাত্ৰ, জাতীয় সংগঠনৰ নেতাই এই আন্দোলন কৰি ৰাজনীতিত প্ৰতিষ্ঠ হ’ল তাৰ তালিকাখন উলিয়ালে যথেষ্ট দীঘলীয়া হ’ব। অথচ জনজাতিকৰণ বিষয়টো য’ত আছিল তাতেই আছে। আৰু কিমান দিনলৈ থাকে সেয়া নেদাখা জনেহে জানে।

অসমৰ বানপানী কেন্দ্ৰৰ বাবে কোনো বিষয়েই নহয়। বাজেটত অসমৰ বানৰ কথা উল্লেখ কৰোঁতেই নেতাৰ ভক্তিত গদ গদ হোৱা ছবিবোৰ মানুহে দেখিছে। অথচ অসমৰ বানপানী নিৰ্মূলৰ কোনো কথাই কোনেও ঘোষণা নকৰে। তেওঁলোকৰ মতে পুখুৰী খান্দিলেই অসমৰ বান নোহোৱা হ’ব।

সৌ সিদিনা গুৱাহাটিক বানপানীয়ে ভালকৈয়ে ডুবালে। খঙে, ৰাগে মানুহে চৰকাৰখনক ভালকৈয়ে ধৰিলে। সাধাৰণ মানুহৰ মুখৰেও মুখ্যমন্ত্ৰী, গুৱাহাটী উন্নয়ন মন্ত্ৰীক উদ্দেশ্যি সমালোচনা, চোকা বাক্যবাণ নিগৰিলে। গুৱাহাটী উন্নয়ন মন্ত্ৰীয়ে পানীৰ বিশেষজ্ঞলৈ ৰূপান্তৰ হৈ ক’লে সেয়া হেনো মেঘালয়ৰ হে পানী।

পিছে গুৱাহাটীৰ সেই বানপানীৰ সমস্যা এতিয়া অতীত হ’ল। এতিয়া চৰ্চাৰ বিষয় হৈ পৰিল ফ্লাড জেহাদ। বানপানীৰ ঠাইত এতিয়া বিষয় এখন শিক্ষানুষ্ঠান। নাই সমস্যাৰ সমাধান। আকৌ বৰষুণ আহিব, আকৌ গুৱাহাটী ডুবিব।

স্বাধীনতাৰ ৭৮ বছৰৰ এই সময়ত আমি পাতিব লাগিছিল কি কথা, আৰু পাতি আছো কি? কথাবোৰ কৈ গ’লে দীঘলীয়া হৈয়ে থাকে। মানুহৰো একেখিনি কথা শুনি, পঢ়ি, দেখি অশান্তি লাগে। যি হৈছে, হৈ থাকক ধৰণৰ এক মানসিকতা গঢ় লৈ উঠিছে। চৰকাৰে কোৱা অমৃত কালৰ ইয়ো হয়তো এক বৈশিষ্ট।

বৃহস্পতিবাৰে পুৱা লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে, আমাৰ খানাপাৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰিব। আশা কৰোঁ এই পতাকা উত্তোলনৰ সময়ত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ ভাষণে দেশবাসীৰ, ৰাজ্যবাসীৰ মনৰ কথাক প্ৰতিনিধিত্ব কৰিব।

তেওঁলোকৰ মুখেৰে স্বাধীনতাৰ অমিয়া বাণীত এইবাৰ নতুনকৈ সংযোজন হ'ব কতবোবোৰ নতুন স্বাধীনতাৰ কথা। চৰকাৰে এতিয়া আমাক দিয়ক দৰিদ্ৰতা, নিবনুৱা সমস্যা, ৰোগীয়া দেহা, অসস্বাস্থ্যকৰ পৰিবেশ, পৰিস্থিতি, মূল্যবৃদ্ধি, ধৰ্মীয় উন্মাদনা আদি সমস্যাৰ পৰা স্বাধীনতা। অসমে সন্মুখীন হোৱা জাতিয় অস্তিত্ব বিপদাপন্ন হোৱাৰ ভাবুকিৰ পৰাও দিয়ক স্বাধীনতা। বানমুক্ত অসম আমাৰ প্ৰাপ্য।

এইবোৰ আদায় দিলেই মানুহৰ স্বাধীনতাৰ অমৃত সোধা পাণ কৰাৰ হাবিয়াস বৃদ্ধি হ'ব। নতুনকৈ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনাবলগীয়া এক পৰিবেশৰ সূচনা নহ’ব। এনে এক পৰিবেশো সূচনা নহ'ব য'ত ভোটৰ অংকত মুখ্যমন্ত্ৰীয়ে নিজৰ মৰ্যাদাৰ কথা পাহৰি ৰাজপথত জপিয়াই নৃত্য কৰিবলগীয়া হয়।

এই স্বাধীনতাই মানুহবোৰে স্বতঃস্ফূৰ্তঃভাৱে স্বাধীনতাৰ অমিয়া মাধুৰি পান কৰিবলৈ এক পৰিবেশ গঢ়ি দিব। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীলৈ আমাৰ শুভেচ্ছা। এই পবিত্ৰ ক্ষণত পূৰ্বপুৰুষৰ সৰ্বোচ্চ ত্যাগৰ বিনিময়ত লাভ কৰা স্বাধীনতাক হেঁপাহ পলোৱাই উপভোগ কৰিবলৈ চেষ্টা কৰিবই লাগিব। সমান্তৰালকৈ লাগিব স্বাধীনতা শব্দৰ অৰ্থ আৰু তাৎপৰ্যকো উপলব্ধি কৰিব।