বিশেষ লেখা

বিশ্বাসহীন পৃথিৱীৰ এটা কাহিনী...

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

এই পৃথিৱী বিশ্বাসঘাটকতাৰে যেন ভৰি পৰিছে। সকলোতে বিশ্বাসঘাটকৰ উপস্থিতি। আপোনৰো আপোনজনক বিশ্বাস কৰিব নোৱাৰা সময় এয়া। তেনে বিশ্বাস কৰিব কাক?

প্ৰথমেই এটা কাহিনী শুনি লওক। গুৱাহাটীৰে কাহিনী এয়া। এহাল বৃদ্ধৰ সৈতে সংঘটিত হোৱা এটা জীয়া কাহিনী। গুৱাহাটী মহানগৰৰ গীতানগৰৰ এক পৰিচিত স্থান হাতীগড় চাৰিআলি। সেই হাতীগড়তে আছে এটা ফ্লেট।

নবীন এনক্লেভ নামৰ ফ্লেটটোৰ চতুৰ্থ মহলাত বাস কৰে মদন খাটনিয়াৰ। অ' এন জি চিৰ ইঞ্জিনিয়াৰ আছিল তেওঁ। শিৱসাগৰত তেওঁৰ আছিল ঘৰ-মাটি। অৱসৰৰ পাছত কন্যাৰ আবদাৰ এৰিব নোৱাৰি গুচি আহিছিল গুৱাহাটীৰ বাসিন্দা হ'বলৈ।

শিৱসাগৰৰ মাটি-বাৰী বিক্ৰী কৰি পোৱা ধন আৰু অৱসৰত লাভ কৰা ধনেৰে নবীন এনক্লেভত কিনি লৈছিল ফ্লেটটো। কন্যা-পত্নীৰ সৈতে বাস কৰিছিল তাত। কন্যাৰ নাম অংগীৰা।

এদিন ৰাজস্থানৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল তাই। জী-জোঁৱাই বছৰৰ আধা দিন গুৱাহাটীত আৰু বাকী আধা দিন থাকে ৰাজস্থানত। যোৱা ১৭ অক্টোবৰ ২০২৩ৰ পৰা জীয়ৰীক ফোনত পোৱা নাই পিতৃ-মাতৃয়ে।

প্ৰায় প্ৰতিদিনেই অংগীৰালৈ ফোন লগাই বৃদ্ধ পিতৃ-মাতৃয়ে। যিটো নম্বৰত অংগীৰাক পাই সেই নম্বৰটো বন্ধ কৰি থোৱা আছে। অংগীৰাক পিতৃ-মাতৃয়ে এতিয়া এটা কথাই সুধিব খোজে- কিয় এনে কৰিলি তই ?

এখন চিঠি আহিছিল মদন খাটনিয়াৰৰ নামত। চিঠিখন পঢ়ি আচৰিত হ'ল এই বৃদ্ধ দম্পতি। কানাড়া বেংকৰ পৰা অহা চিঠিখন নোপোৱালৈকে তেওঁলোকৰ সৈতে যে এনে কিবা এটা হৈ আছে কোনো ভূ পোৱা নাছিল।

মনত পৰিল মাতৃৰ পুৰণি কিছু কথা। এদিন কন্যাই তেওঁক লৈ গৈছিল আই আই টিত থকা কানাড়া বেংকলৈ। আন এদিন নিছিল পাঞ্জাবাৰীৰ আন এটা বেংকলৈ। ঋণ ল'ব বিচাৰি কৰা আবেদনত সাক্ষী হিচাপে মাকক চহী কৰিব দিছিল।

বেংকৰ বিষয়াৰ সন্মুখত সেই কাম নিজ কন্যাই উদ্যোগ লৈ কৰাইছিল। নিজৰ জীয়েকক অবিশ্বাস কৰাৰ কথা নাহে। ঘৰত ফ্লেটৰ বা আন দৰকাৰী কাগজ পত্ৰ আলমিৰাৰ ভিতৰত সহজভাৱে থৈ দিয়া থাকে।

৩টা মানুহ ঘৰখনত। মাক-দেউতাক আৰু জীয়েক। কোনে কাক অবিশ্বাস কৰাৰ কথা আহে ! কিন্তু সেই অবিশ্বাসৰ খেলখনেই ৯মাহ১০ দিন গৰ্ভত ৰাখি জন্ম দিয়া ছোৱালীজনীয়ে খেলি দিলে।

বেংকৰ পৰা অহা চিঠিখনৰ পৰাই গম পালে মাক-দেউতাকে ক'ব নোৱাৰাকৈ একমাত্ৰ ফ্লেটটো আমানত দি ঋণ লৈছিল। নিয়মিতভাৱে ঋণৰ কিস্তি আদায় নিদিয়া পৰণতিত বেংকে যিকোনো মুহূৰ্ত্তে বাজেয়াপ্ত কৰিব পাৰে ফ্লেটটো।

এছ বি আই বেংকৰ লকাৰত মাকে কিছু সোণ থৈছিল। প্ৰায় ৪০ তোলা সোণ আছিল। সেয়াও হ'ল হৰলুকি। ৩৮ লাখ টকা ঋণ লৈ মাক-দেউতাকৰ ফ্লেটটো জালিয়তিৰে আমানতত দি এতিয়া ঘৰৰ সৈতে কোনো সংযোগ ৰখা নাই।

কন্যাই মাক-দেউতাকক কৰা বিশ্বাসঘাটকতাৰ এটা উদাৰহণহে এয়া। কি কৰিব বৃদ্ধ পিতৃ-মাতৃয়ে। সেই চিন্তাই দুয়োকে খুলি-খুলি খাইছে। নিজৰ কন্যাৰ বিশ্বাসঘটকতাৰ পৰণতিত একমাত্ৰ আশ্ৰয়স্থল হেৰুৱাব লগা হ'ব পাৰে যিকোনো মুহূৰ্ত্তত।

এইখন পৃথিৱী এতিয়া এনেকৈয়ে গঢ় লৈ উঠিছে। চৌদিশৰ বিশ্বাসহীনতা আৰু বিশ্বাসঘাটকৰ কাহিনীবোৰে সংশয়ৰ মাজলৈ থেলি দিছে বিশ্বাসক। কোনে,কাক কৰিব বিশ্বাস ? নিজৰ ছোৱালীয়ে চূড়ান্ত বিশ্বাসঘাটকৰূপত আত্মপ্ৰকাশ কৰিলে।

বিশ্বাসত চলে হেনো সম্পৰ্ক,বিশ্বাসত চলে সকলো। সেই বিশ্বাসেই এতিয়া এনেবোৰ কাহিনীৰ বাবে সন্দেহৰ আৱৰ্তত।