প্ৰজ্ঞান, প্ৰণামি, প্ৰিয়ংকা, প্ৰণৱহঁতক কেনেকৈ শুভেচ্ছা নিদিয়াকৈ থাকোঁ ? 
বিশেষ লেখা

প্ৰজ্ঞান, প্ৰণামি, প্ৰিয়ংকা, প্ৰণৱহঁতক কেনেকৈ শুভেচ্ছা নিদিয়াকৈ থাকোঁ ?

তুষাৰ প্ৰতিম

শিৱসাগৰৰ ল'ৰা প্ৰজ্ঞান দুৱৰা। ঘৰুৱা অৱস্থা বৰ এটা ভাল নহয়। স্নাতক উত্তীৰ্ণ হোৱাৰ পাছত ঘৰতেই চুবুৰীৰ সৰু সৰু ল'ৰা-ছোৱালী দুটামানক পঢ়ুৱাই মোবাইলৰ ৰিচাৰ্জ, নিজৰ দুই এপদ সামগ্ৰীৰ খৰচ উলিয়াই আছিল। মাজে মাজে চৰকাৰী চাকৰিৰ সন্ধানত নিযুক্তিৰ পৰীক্ষাত বহিছিল যদিও চাকৰি নাপালে।

প্ৰজ্ঞানৰ যোগ্যতা অৱশ্যে নথকা নহয়। চাকৰি এটা পোৱাৰ বাবে তেওঁৰ যোগ্যতা আছিল। কিন্তু বাৰে বাৰে প্ৰশ্নকাকত ফাদিল, পৰীক্ষা বাতিল আৰু বক্ৰপথেৰে চাকৰি দিয়া-লোৱাৰ প্ৰৱণতাৰ বাবে সি যোগ্যতা থকাৰ পাছতো চাকৰি নাপালে।

সেয়ে চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি গুৱাহাটীলৈ কৰ্মৰ সন্ধানত অহা ৪ বছৰেই হ'ল। এতিয়া ব্যক্তিগত প্ৰতিষ্ঠান এটাত কৰ্মৰত। মাহেকৰ দৰমহাৰ টকাৰে এটা অংশ ঘৰলৈ পঠিয়াই। ঘৰ ভাড়া, খোৱা আদিৰ খৰচৰ নামত যায় আধাখিনি টকা। মাহটো চলিবলৈকে হাতত টকা নাথাকেগৈ। তথাপিও টনাটনি কৰি চলি আছে।

নলবাৰীৰ পৰা গুৱাহাটীলৈ অহা ২ বছৰ হৈছে অনুজ ডেকা নামৰ যুৱকজনৰ। দেউতাকে ক্ৰয় কৰি দিয়া মটৰ চাইকেলখনত উঠি এদিন প্ৰয়োজনীয় কাপোৰ কেইটা বেগ এটাত ভৰাই পিঠিত তুলি গুৱাহাটী অভিমুখে গুচি আহিছিল।

লগৰ এটাৰ ভাড়া ৰুমতেই সি একেলগে আছে। ভাল কাম এটা বিচাৰি গুৱাহাটীখন চলাথ কৰিলে যদিও সি এটা চাকৰিৰ সুবিধা কৰি ল'ব নোৱাৰিলে। সেয়ে দিনৰ ভাগত সি ৰেপিড' চলাই, সন্ধিয়াৰ পৰা আকৌ অনলাইন ফুড ডেলিভাৰীৰ কাম কৰে।

দিনটোৰ অন্তত তাৰ হাতত ভালকেইটা টকা আহে। পৰিস্কাৰ কাপোৰ পৰিধান কৰি নিতৌ পুৱা ৯ বজাত কামলৈ ওলাই গৈ বিয়লি ৬ বজাত ৰুমলৈ যোৱা ব্যক্তিগত কোম্পানীত কৰ্মৰত তাৰ ৰুম মেটতকৈ অনুজৰ উপাৰ্জন অলপ বেছিয়েই।

সি কামলৈ লাজ নকৰে। কিন্তু ঘৰখন বান্ধিবলৈহে সি বৰ বেছি ধন যোগাৰ কৰিব পৰা নাই। কেইবালাখো টকা লাগে। বেংকলৈ ঋণ বিচাৰি গৈছিল যদিও সি ঋণ পোৱা নাই। ঋণ পাবলৈ বহু যুঁজ বাগৰ কৰিও ভাগৰিল। অৱশ্যে চৰকাৰী চাকৰি এটা থকা হ'লে সি এইদৰে যুঁজ দিবলগীয়া নহ'ল হয়।

তাৰ লগৰে বিজিতে চাকৰি পোৱাৰ ৬ মাহৰ পাছতে ঋণ লৈ গাড়ী এখনো লৈছে, ঘৰৰো কিছু কাম কৰাৰ কথা সি জানে। অনুজে কিবা এটা বুজি পাইছে। কিছুদিনৰ পৰা সি আকৌ পঢ়িবলৈ আৰম্ভ কৰিছে।

তেজপুৰৰ জীয়ৰী প্ৰণামি বৰুৱা। সাংবাদিকৰতাৰ প্ৰতি বৰ আগ্ৰহী। সেই মতেই স্নাতক উত্তীৰ্ণ হোৱাৰ পিছতে সাংবাদিকতাৰ ক্ষেত্ৰখনত প্ৰৱেশৰ লক্ষ্যৰেই ৰাজ্যৰ এখন অগ্ৰণী শিক্ষানুষ্ঠানৰ পৰা গণ সংযোগ আৰু সাংবাদিকতাৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিলে।

আজি তিনিটা বছৰে প্ৰণামি সক্ৰিয় সাংবাদিকতাৰে জড়িত। এই তিনিটা বছৰত সংবাদ ক্ষেত্ৰৰ সকলো তিতা, কেঁহা তেওঁ দেখিছে তাৰ সোৱাদো পাইছে। যি এক উদ্দেশ্য, যি উৎসাহেৰে তেওঁ এই ক্ষেত্ৰখনলৈ আহিছিল সেই উৎসাহ এতিয়া নাই। কৰিব লাগে বাবেই কৰি আছে, ব্যস্ত হৈ থাকিব লাগে বাবেই ব্যস্ত হৈ আছে।

মাজে মাজে তেওঁৰ মনত পৰে কলেজত এদিন অধ্যাপকে পাঠদানৰ সময়তে কৈছিল- তোমালোক শগুণৰ দৰে হোৱা। শগুণ বেছি সময় আকাশতেই থাকে। কিন্তু দৃষ্টি থাকে মাটিত। য'তেই মৰাশ দেখে থাপ মাৰি নিয়ে। তোমালোক য'তেই নাথাকা, যিমান ওপৰলৈ নুঠা কিয় শগুণৰ দৰে সমাজৰ বিষবোৰ নাশ কৰিবলৈ চেষ্টা কৰিবা।

প্ৰণামিয়ে সাংবাদিকতাৰে ৰাজনীতি, দুৰ্নীতি, অনীতি, অনিয়ম ৰূপী সমাজৰ সেই বিষবোৰ মানুহক দেখুৱাই দিবলৈ বিচাৰিছিল। সংস্কাৰী আৰু যুক্তিবাদী মন এটাও আছিল। কিন্তু তাই হতাশ হৈছে। সেই সুযোগ পোৱা নাই।

ভোগবাদী সমাজখনৰ প্ৰতিটো চৰিত্ৰ উপলব্ধি কৰিছে। এতিয়া তাই নিজকে আত্মকেন্দ্ৰীক কৰি তুলিছে। সেয়ে বিচাৰিছে এটা সুৰক্ষিত ঠাই। দেখিছে সুৰক্ষিত ভৱিষ্যতৰ সপোন। যোগ্যতা অনুসৰি বিচাৰিছে এটা চৰকাৰী চাকৰি।

প্ৰায় ১০ বছৰ হ'ল প্ৰিয়ংকা আৰু প্ৰণৱৰ সম্পৰ্কটো। দুয়োটাই মেট্ৰিক পাছ কৰাৰ পাছৰ পৰাই এটাই আনটোক ভালপায়। পিছে সিহঁতৰ সম্পৰ্কটো আজিও দুয়োখন ঘৰেই মানি লোৱা নাই।

প্ৰণৱৰ গাত লাগি আছে 'বেকাৰ' হিচাপে এটা 'টেগ'। প্ৰিয়ংকাক বিয়া দিবলৈ ঘৰখন সাজু হৈছে। তাইহে সাজু নহয়। এটাই কথা যেনেকৈয়ে হওঁক প্ৰণৱলৈকে বিয়া হ'ব। তাই প্ৰণৱক কথাবোৰ কয়। তাইৰ ওপৰত বাঢ়ি অহা পৰিয়ালৰ হেঁচাৰ কথাবোৰ প্ৰণৱে বুজি পায়।

চাকৰি বিচাৰি ভাগৰি পৰা প্ৰণৱে চৰকাৰী চাকৰিৰ আশা বাদেই দিছিল। সৰুকৈ দোকান এখন খোলাৰ পৰিকল্পনা কৰিছিল। এই কথা প্ৰিয়ংকাকো কৈছিল। তাই দেউতাকৰ আগত বৰ আগ্ৰহেৰে কৈছিল প্ৰণৱে দোকান এখন খুলিবলৈ লোৱাৰ সেই কথা।

পিছে এটা সৰু পাণ দোকানীলৈ জীয়েকক কোনো কাৰণতে বিয়া নিদিও বুলি ফিতাহি মাৰি দেউতাকে কোৱা কথা কেইটাই প্ৰিয়ংকাৰ সেই আগ্ৰহক নিমিষতে মোহাৰি পেলালে। এতিয়া সিহঁত দুটাৰ সম্পৰ্কটোক পূৰ্ণ ৰূপ দিবলৈ চৰকাৰী চাকৰিৰ পৰিৱৰ্তে বেলেগ বিকল্প নাই।

কালিলৈৰ দিনটো প্ৰজ্ঞান, অনুজ, প্ৰণামি, প্ৰিয়ংকা, প্ৰণৱহঁতৰ বাবে এটা বিশেষ দিন। সিহঁতৰ সংগ্ৰাম, সপোনক বাস্তৱায়িত কৰাৰ এটা প্ৰাৰম্ভিক ঢাপ। আজি কেইবামাহ ধৰি এই দিনটোৰ বাবে প্ৰস্তুতি চলাই আছে সিহঁতে।

সকলো ব্যস্ততা, দুখ, ভাগৰ, হতাশা, ঘৰুৱা সমস্যা, পৰিয়ালৰ হেঁচাক নেওচি নিশা অধ্যয়ন কৰিছিল। সকলোৰে এটাই আশা ADRE ৰ পৰীক্ষা ভালকৈ দি চৰকাৰী চাকৰি এটা লোৱা। যেনে-তেনে এটা চাকৰি পালেই সিহঁতৰ সকলো সমস্যা সমাধান হয়।

আপুনি, মই,আমি সকলো প্ৰজ্ঞান, অনুজ, প্ৰণামি, প্ৰিয়ংকা, প্ৰণৱ নামৰ এই চৰিত্ৰসমূহক দেখিছো। তেওঁলোকৰ সংগ্ৰামৰ সাক্ষী হৈছো। সিহঁতৰ সপোনবোৰৰ বিষয়ে শুনিছো। আহক আমি সিহঁতৰ এই বিশেষ দিনটোলৈ শুভেচ্ছা জনাওঁ।

চৰকাৰী চাকৰিয়েই জীৱনৰ সৰ্ব্বোচ্চ নহয়। চাকৰি অবিহনেও জীৱন ভালকৈয়ে চলাই নিব পাৰি। সংস্থাপনৰ বাট এটা নিজেই মুকলি কৰি ল'ব পাৰি। কিন্তু সকলোৰে পৰিস্থিতি একেই নহয়। ব্যৱসায়, বাণিজ্য কৰাৰ পৰামৰ্শ সকলোৱে দিয়ে কিন্তু তাৰ বাবে প্ৰয়োজনীয় চিন্তা, পুঁজিৰ অভাৱ কেনেকৈ দূৰ কৰিব সেয়া কোনেও নকয়।

অসম চৰকাৰে সম্পূৰ্ণ স্বচ্ছতাৰে যোৱাবাৰ ADRE পৰীক্ষা অনুষ্ঠিত কৰিলে। কেৱল ADRE য়েই নহয়, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ আমোলত হোৱা নিযুক্তি পৰীক্ষা স্বচ্ছতাৰে হৈছে বুলি বিশ্বাস ৰাইজৰ হৈছে।

এই বিশ্বাসৰ বাবেই নিবনুৱা যুৱক-যুৱতীসকলৰ চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহ বাঢ়িছে। হতাশা দূৰ হৈছে। চৰকাৰেও এই কথা বুজি পাইছে। পদৰ সংখ্যা অনুসৰি চাকৰি প্ৰাৰ্থীৰ সংখ্যা বহু বেছি সেয়াও শুদ্ধ। কিন্তু সেই চিন্তা চাকৰি প্ৰত্যাশীয়ে কৰা নাই। তেওঁলোকে কেৱল প্ৰস্তুতি চলাইছে।

বাকী কথাবোৰ চৰকাৰে ভাবিব, বিবেচনা কৰিব। দল, সংগঠন আছে তেওঁলোকে চাকৰিৰ পৰা বঞ্চিত হোৱাসকলৰ সংস্থাপনৰ বাবে চৰকাৰে আৰু কি কৰিব পাৰে তাৰ পৰামৰ্শ দিব। চৰকাৰেও বিবেচনা কৰিব।

কিন্তু এতিয়া 'নিগেটিভ' কথাবোৰ পাহৰি এসোপা সপোন লৈ পৰীক্ষাৰ বাবে সাজু হোৱা যুৱক, যুৱতীসকলক শুভেচ্ছা জনাও আহক। এয়া কেৱল এটা চাকৰিৰ পৰীক্ষা নহয়। বহুতৰ বাবে এয়া এটা জীৱনৰ পৰীক্ষা।

এই পৰীক্ষাতেই নিৰ্ভৰ কৰিছে সকলো। সেয়ে সকলোলৈকে শুভেচ্ছা। কেৱল দেওবাৰৰ উচ্চতৰ মাধ্যমিকৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবেই নহয়, ইয়াৰ পাছতো অনুষ্ঠিত হ'বলগীয়া ADRE 2024 ৰ পৰীক্ষাৰ বাবেও সকলোলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা।