বিশেষ লেখা

কংগ্ৰেছৰ নহ'বগৈ...

মৃদুল কুমাৰ সন্দিকৈ

আঞ্চলিকতাবাদী শিবিৰৰ এজন নেতাৰ কাহিনী। সেইবাৰ এই নেতাজনৰ নেতৃত্বতে বিধানসভাৰ নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দিতা কৰিছিল। শাসনত থকা কংগ্ৰেছৰ বিৰুদ্ধে তেতিয়া ভালকৈয়ে প্ৰতিষ্ঠান বিৰোধী ঢৌ বলিছিল।

সংবাদ মাধ্যমৰ উপৰিও সাধাৰণ মানুহেও এটা কথা অনুমান কৰিবলৈ লৈছিল সেইবাৰ নিৰ্বাচনত এই আঞ্চলিক দলটোৱেও চৰকাৰ গঠন কৰিব। সেই আত্ম বিশ্বাসেৰেই আঞ্চলিক দলটো নিৰ্বাচনী যুঁজত নামিছিল।

ভোটগ্ৰহণ হৈ যোৱাৰ পাছত নিৰ্বাচনী ফলাফল ঘোষণাৰ মাজত কিছু দিন থাকে। এই দিন কেইটাতে আঞ্চলিক দলটোক নেতৃত্ব দিয়া নেতাজনে চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰী হোৱাৰ পাছত কি কৰিব তাৰ কৰ্মসূচীও প্ৰস্তুত কৰিছিল।

লগতে তেওঁ কৰা আন এটা উল্লেখযোগ্য কাম আছিল শপত গ্ৰহণৰ বাবে যাওঁতে কি সাজ পিন্ধিব সেই তৈয়াৰীয়ো তেওঁ কৰি পেলাইছিল। চিলাইছিল শপত গ্ৰহণৰ দিনা পিন্ধিবলগীয়া পোচাক। এনে প্ৰৱল আত্ম বিশ্বাসৰ মাজেৰেই সেইবাৰ তেওঁ চৰকাৰ গঠন কৰাটো খাটাং বুলি ধৰি লৈছিল।

২০০৬ চনত সেইবাৰ দুটা পৰ্যায়ত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। ৩ এপ্ৰিল আৰু ১০ এপ্ৰিলত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ আৰু ভোটগণনা হৈছিল ১১ মে'ত। প্ৰায় এমাহ তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ স্বপ্নত বিভোৰ আছিল।

নিৰ্বাচন ফলাফলত দেখা গ'ল সেই নেতাজনে নেতৃত্ব দিয়া আঞ্চলিক দলটোৰ ফলাফল ভবাৰ দৰে নহ'ল। ২৪ খন আসনতে তেওঁলোক থমকি ৰ'ল। কাণে কাণ মাৰি আকৌ কংগ্ৰেছেই শাসনলৈ আহিল। তৰুণ গগৈয়েই মুখ্যমন্ত্ৰী হ'ল।

কংগ্ৰেছে ৩১.০৮ শতাংশ ভোট পোৱাৰ বিপৰীতে নেতাজনে নেতৃত্ব দিয়া আঞ্চলিক দলটোৱে ২০.৩৯ শতাংশ ভোট লাভ কৰিলে। বিজেপিয়ে ১১.৯৮ শতাংশ ভোটেৰে ১০ খন, ৯.০৩ শতাংশ ভোটেৰে এ আই ইউ ডি এফে ১০ খনেই আসন লাভ কৰিছিল সেই নিৰ্বাচনত।

আঞ্চলিক দলটোৰ সপক্ষে প্ৰৱল নিৰ্বাচনী বতাহ বলাৰ পাছতো সঠিক ৰণনীতি আৰু সিদ্ধান্তৰ অভাৱত সেইবাৰ ইয়াক ফলাফললৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হোৱা নাছিল নেতাজন। নিৰ্বাচনৰ সমীকৰণ সাধাৰণ লোকে দেখাৰ দৰে সৰল নহয়।

তাত অদৃশ্য বহু কাৰকেও ক্ৰিয়া কৰে। সেইবোৰ সঠিক ভাৱে চিনাক্ত আৰু ইয়াক ভোটলৈ সলনি কৰিবলৈ শেষ মুহূৰ্তলৈকে চেষ্টাৰ প্ৰয়োজন হয়। অতি শেহতীয়াকৈ হাৰিয়ানাত কংগ্ৰেছ শাসনলৈ অহাৰ সপোন বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছিল। কিন্তু দলটোৰে এচাম নেতাৰ স্থিতি আৰু আচৰণে সেই আশাত চেঁচা পানী ঢালিলে।

নিৰ্বাচনৰ ফলাফল ঘোষণা নকৰাৰ পূৰ্বেই কোন মুখ্যমন্ত্ৰী হ'ব তাক লৈ নিজৰ নেতৃত্বৰ মাজতে সংঘাত চলিল। এক প্ৰকাৰৰ দলৰ ভিতৰৰ শীতল যুদ্ধত বিজেপিৰ হাতত শেহতীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছ পুনৰ এবাৰ পৰাস্ত হ'ল হাৰিয়ানাত।

কংগ্ৰেছ এটা সুসংগঠিত দল। ঐতিহ্য আৰু মৰ্যদাপূৰ্ণ দল কংগ্ৰেছত নেতাৰ অভাৱ নাই। কিন্তু অসম তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কংগ্ৰেছৰ ক্ষেত্ৰত দেখা পোৱা এটা ডাঙৰ সমস্যা হ'ল এই দলটোৰ নেতাসকল ক্ষমতাৰ পাছত ইমানেই মচগুল গৈ পৰিছে যে, প্ৰথমে নিজৰ পদবীৰ কথাহে ভাবে।

পূৰ্বৰ দৰে কংগ্ৰেছত এতিয়া সন্মুখৰ পৰা দলটোক নেতৃত্ব দিব পৰা সৱল নেতা নাই। যি দুই, এজনে সেই প্ৰয়াস কৰে তেওঁলোকৰ বিৰুদ্ধে দলৰ ভিতৰতে ষড়যন্ত্ৰ চলে। অসমতো একেই দশা কংগ্ৰেছৰ দলীয় মজিয়াত।

ভূপেন বৰাক সভাপতি পদৰ পৰা আঁতৰাবলৈ যিমান চক্ৰান্ত কংগ্ৰেছে দলীয় মজিয়াত চলিছে সেই তৎপৰতা কিন্তু শাসকীয় বিজেপিৰ বিৰুদ্ধে দেখিবলৈ পোৱা নাযায়। লবী কেন্দ্ৰিক উত্থানে কংগ্ৰেছক ভিতৰৰ পৰাই নিশকতীয়া কৰিছে।

ইতিমধ্যে দলৰ ভিতৰৰ এই যুঁজখন তৃণমূল পৰ্যায়লৈ শিপাইছে। দেখাত বিৰোধী ঐক্য জোঁট বন্ধন হ'লেও ব্যৱহাৰিক ভাৱে কংগ্ৰেছে মিত্ৰতাত থকা কোনো দলকে সন্মান প্ৰদৰ্শন নকৰাটো পুৰণি স্বভাৱ হৈ পৰিছে। লোকসভা নিৰ্বাচনৰ সময়তো বিৰোধীৰ সৈতে কংগ্ৰেছে কৰা আচৰণ আৰু ভূমিকাক লৈ দলটো সমালোচনাৰ সন্মুখীন হৈছিল।

১৩ নৱেম্বৰত অসমৰ ৫ টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰতিবেদন লৈ দিল্লীত প্ৰাৰ্থিত্ব চূড়ান্তৰ বাবে ভূপেন বৰাই বাহৰ পাতি থকাৰ সময়তে কংগ্ৰেছৰ এচাম নেতাই নিজৰ প্ৰভাৱ খটুৱাই এনে এক পৰিবেশ ৰচনা কৰিলে যে, কোনে প্ৰাৰ্থিত্ব পাব সেয়া যেন আগতেই জানে।

পৰিয়াল কেন্দ্ৰিক এই ৰাজনীতিৰ পৃষ্ঠপোষকতা কৰা ৰকিবুল হুছেইনৰ দৰে নেতাই সংখ্যালঘু ট্ৰাম কাৰ্ডখন খেলিয়েই দলটোৰ ভিতৰত উঠি ৰজা বহি ৰজা হোৱাৰ চেষ্টা কৰিছে। আন এচামে সেই বোৰ বিৰুদ্ধাচাৰণ কৰিলেও তেওঁলোকৰ যুক্তি অৰণ্যৰোদনত পৰিণত হয় দলৰ মজিয়াত।

কংগ্ৰেছে পাহৰি যোৱা উচিত নহয়, অসমৰ ৰাইজে তেওঁলোকক ভাল পায়। তেওঁলোকৰ শাসন আৰু কাৰ্যকালৰ সোৱাদ অসমৰ মানুহে পাই থৈছে। তথাপিও বিজেপিৰ অতি সাম্প্ৰদায়িক নীতি, দৰিদ্ৰ শ্ৰেণীৰ ওপৰত চলা কোৰ্পোৰেট গোষ্ঠীৰ আগ্ৰাসন, দীৰ্ঘদিন শাসনত থকাৰ পাছত সৃষ্টি হোৱা প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবে ৰাইজে বিকল্পৰ সন্ধান কৰিছে।

সেই বিকল্প হিচাপে কংগ্ৰেছক গ্ৰহণ কৰাৰ মানসিকতাৰে মানুহে পৰিবৰ্তনৰ চিন্তা চৰ্চা কৰোতেই কোনোবাই যদি ক্ষমতালৈ অহা বুলি ধৰি লয় তেনে সেয়া হ'ব গছত কঠাল ওঠত তেলৰ দৰে। বৰ্তমান অসমত বিজেপিৰ শাসনৰ প্ৰতি সাধাৰণ লোকৰে নহয় আমোলা-বিষয়াৰো মোহভংগ হৈছে।

বহুবোৰ কাৰণত অতিষ্ঠ হৈ কংগ্ৰেছেই পুনৰ শাসনলৈ আহিব বুলি চৰকাৰী বহু উচ্চ পদস্থ বিষয়াই গোপনে হ'লেও বিৰোধী নেতাৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি চলিছে। চতুৰ বিজেপিয়ে জানে কেনেকৈ বিৰোধীক ৰোধিব লাগে।

কেৱল নিৰ্বাচনী সভা পাতিয়েই বিজেপিয়ে ভোট নিবিচাৰে। বিজেপি এতিয়া কোৰ্পোৰেট গোষ্ঠীৰ চৰিত্ৰৰে গঢ় লৈ উঠা ৰাজনৈতিক দল হৈ পৰিছে। কিবা এটা ঘোষণা বা আঁচনি গ্ৰহণ কৰাৰ আঁৰত বহু বোৰ লক্ষ্য থাকে।

ৰাজ্যত ঠিকাদাৰ বোৰৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে। কাম কৰিও হাজাৰ হাজাৰ কোটি টকা ঠিকাদাৰে লাভ কৰা নাই। যদি এই ঠিকাদাৰ বোৰক প্ৰাপ্য ধন দি দিয়া হয় তেনে নিৰ্বাচনী বতৰত পৰিবেশ সলনি হোৱাৰ সম্ভাৱনা থাকে।

কিয়নো ঠিকাদাৰ আৰু ব্যৱসায়ী শ্ৰেণীয়ে ৰাজনৈতিক দলবোৰৰ অন্যতম আৰ্থিক ভেঁটি। তাৰ লগত কোৰ্পোৰেট গোষ্ঠীৰ আশীৰ্বাদ থাকে। কোনো কাৰণতে যাতে বিৰোধী পক্ষক ঠিকাদাৰ বা ব্যৱসায়ীক শ্ৰেণীয়ে আঁৰত থাকি হ'লেও সহায় কৰিব নোৱাৰে ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা বিজেপিয়ে বিভিন্ন উপায়েৰে কৰাতো অসম্ভ নহয়।

অসমত বিৰোধীৰ উৎসাহ আৰু আত্মবিশ্বাস বাঢ়িছে।কিন্তু বঢ়া নাই সেই বিশ্বাস আৰু আত্মবিশ্বাসেৰে জনতাৰ মন জয় কৰিব পৰা কৰ্মসূচী। মুহূৰ্ততে সলনি হোৱা ৰাজনৈতিক পৰিবেশ আৰু পৰিস্থিতিয়ে কংগ্ৰেছক উপ-নিৰ্বাচনৰ সময়ত শলঠেকত পেলালেও আঁচৰিত হ'বলগীয়া নাই।

ইছ্যু বহুত আছে। কিন্তু কোনো এটা ইছ্যুকে বিশ্বাসযোগ্য ৰূপ দি জনতাৰ দৰবাৰলৈ বিৰোধীয়ে লৈ যাব পৰা নাই। মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, আইন-শৃংখলাজনিত পৰিবেশ, অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণ, জনজাতিকৰণ আদি সমস্যাবোৰ কোনোবা কংগ্ৰেছ বা বিৰোধী নেতাৰ সংবাদ মেলৰ উচ্চ বাক্যতেই থমকি ৰৈছে।

বিধানসভাৰ মজিয়াতো বিৰোধীয়ে চৰকাৰৰ অনিয়ম, দুৰ্নীতিক উদঙাই দিব পৰা নাই। অথচ ইটোৰ পাছত সিটো দুৰ্নীতি সংঘটিত হৈছে দিছপুৰৰ ভিতৰতে। কি পৰ্যায়ত এই শাসন চলিছে সাধাৰণ লোকেও বুজি উঠিছে। কিন্তু সেই সুযোগ পায়ো কেৱল চৰকাৰ গঠন কৰি ক্ষমতা দখলৰ সপোনত মচগুল হৈ আছে।

প্ৰয়োজনত নিজৰ মাজতে এই ক্ষমতা কেন্দ্ৰিক যুঁজত নামিছে। এজনে আনজনৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে। কোন, কিমান শক্তিশালী তাৰ প্ৰতিযোগিতা চলিছে।গৌৰৱ গগৈক সভাপতি কৰি আনি নিজৰ পচন্দৰ প্ৰাৰ্থী ২০২৬ ৰ নিৰ্বাচনত প্ৰক্ষেপ কৰিবলৈ যিটো দলত এজন বিশেষ নেতাই ব্লুপ্ৰিণ্ট ৰচিব পাৰে সেই দলটোৰ ভৱিষ্যত জানো আশা কৰিব পাৰি?

মিত্ৰ দলৰ সৈতেই নমনীয়তা প্ৰদৰ্শন নকৰা কংগ্ৰেছ এতিয়াও অহংকাৰী হৈয়ে আছে। কোনো কোনো কংগ্ৰেছ নেতাক সাধাৰণ মানুহে বাদেই নিজ দলৰ নেতাই যোগাযোগ কৰিবলৈ হাহাকাৰ কৰিবলগীয়া হয়। এদিন বা দুদিনৰ পাছত দলৰ গুৰুত্বপূৰ্ণ নেতাৰ মিছডকল পাই কলবেক কৰা এইসকল নেতাৰ সক্ৰিয়তা, দায়িত্ববোধ আৰু আন্তৰিকতা নাই। আভিজাত্য আৰু দম্ভালিলৈ অকলেই সকলো কৰাৰ হাবিয়াস কৰা তেনে নেতাৰ বিৰুদ্ধেচোন নিজ দলৰ নেতাৰে আছে প্ৰচণ্ড আক্ষেপ আৰু ক্ষোভ।