অসমীয়া খাদ্য দেশৰে শ্ৰেষ্ঠ... 
বিশেষ লেখা

অসমীয়া খাদ্য দেশৰে শ্ৰেষ্ঠ...

Asomiya Pratidin

- মৃদুল কুমাৰ সন্দিকৈ

ভাত কিহেৰে খাব? সেই চিন্তা অন্ততঃ গাঁৱৰ মানুহে বৰ বেছি কৰিবলগীয়া নহৈছিল। থাউকতে পোৱা বহু থলুৱা ব্যঞ্জণ অসমীয়া মানুহে ইমান সুন্দৰভাৱে ৰন্ধন প্ৰকৰণ কৰি খাই যে তাৰ স্বাদ জীভাত লাগি যায়।

পত্নীয়ে অৱশ্যে স্বামী বা ঘৰৰ মুৰব্বীক প্ৰায়ে সোধে কি ৰান্ধিব? বহু দিনৰ পূৰ্বে অসমীয়া গ্ৰাম্য সমাজত লাভ কৰা এক অভিজ্ঞতা আছিল এনেকুৱা- পত্নীয়ে স্বামীক সুধিছে আজি আপোনাক দাইলত দিম নে, পুৰিম? স্বাভাৱিকতে পত্নীৰ এই প্ৰশ্ন শুনা জন অবাক হ'ব। কি কথা সুধিছে বুলি দহ বাৰ ভাবিব।

গ্ৰাম্য সমাজত এটা অলিখিত নিয়ম আছিল। স্বামীৰ নাম পত্নীয়ে মুখত নলয়। আগতে মানুহবোৰৰ নামবোৰো তেওঁৰ স্বভাৱ-চৰিত্ৰৰ সৈতে মিলাকৈ মানুহে দিছিল। কঠাল গুটি খাই ভাল পোৱাৰ বাবে মানুহে তেওঁক কঠাল গুটি বুলিয়েই মাতিছিল। সেয়েহে পত্নীয়ে স্বামীৰ এই নাম নলৈ কঠালগুটি দাইলত দিব নে, পুৰি পিটিকা বনাব এই কথা এনেদৰে সুধিছিল।

মাষ্টাৰ ছেফৰ ৭ নম্বৰ সংস্কৰণত অসমৰ দুজন প্ৰতিনিধিয়ে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিলে। খাদ্য প্ৰস্তুত কৰা এই ৰিয়েলিটি শ্ব'ত চূড়ান্ত খণ্ডটোত তেওঁলোকে ৰান্ধিছিল থলুৱা অসমীয়া খাদ্য। সেই খাদ্য খাই এই প্ৰতিযোগিতাখনত বিচাৰকৰ আসনত থকা দেশৰ তথা বিশ্বৰে পৰিচিত ছেফসকলে কৈ গ'ল অসমীয়া খাদ্য কিমান সুস্বাদ্য।

ছেফ ৰনবীৰে নয়নজ্যোতি শইকীয়া আৰু শান্তা শৰ্মাক উদ্দেশ্যি ক'লে- ইছ কিটছেন মে' আয়া থা ভাৰত, ৰেহ গয়া আছাম। এই কথাই প্ৰমাণ কৰিলে যে, উপযুক্ত ভাৱে অসমীয়া খাদ্যক উপস্থাপন কৰিলে সেই খাদ্যই সমগ্ৰ বিশ্বজুৰি আদৰ বুটলিব।

সমগ্ৰ দেশৰ পৰাই এই প্ৰতিযোগিতাত ভালে কেইগৰাকী প্ৰতিযোগিয়ে অংশ লৈছিল। কিন্তু শেষ হাঁহি মাৰিলে নয়নজ্যোতি শইকীয়া নামৰ অসমৰ যুৱকজনে। দ্বিতীয় ৰানাৰ্ছ আপ হ'ল অসমৰে শান্তা শৰ্মা।

ছেফ বিকাশ, ছেফ গৰিমা, ছেফ ৰনবীৰ এই তিনিজন বিচাৰক উপৰিও অতিথি বিচাৰক ৰূপে তেওঁলোকে প্ৰস্তুত খাদ্যৰ জুঁতি লৈছিল তাৰকা ছেফ সঞ্জীৱ কাপুৰে। মাষ্টাৰ ছেফৰ চূড়ান্ত খণ্ডত নয়নজ্যোতিয়ে ষ্টাৰ্টাৰ হিচাপে তৈয়াৰ কৰিছিল কেঁকুৰাৰ চাটনি। এয়া আছিল তেওঁৰ ইন'ভেশ্যন।

নাৰিকলৰ সৈতে নিজস্ব ধৰণে সেই ষ্টাৰ্টাৰ তেওঁ প্ৰস্তুত কৰিছিল। তাৰ পাছত হাঁহ, কুমোৰাৰে ৰন্ধা খাদ্য খাই সন্তুষ্ট হৈছিল বিচাৰকসকল। লগতে আছিল বিশেষ ভাৱে প্ৰস্তুত কৰা কেক।

নগাঁৱৰ জীয়ৰী শান্তা শৰ্মাই পইতা ভাত, মাছৰ পিটিকা, কঠালগুটিৰ পিটিকা, বিলাহী পুৰা আদি অসমীয়া খাদ্য বিচাৰকৰ বিচাৰৰ বাবে আগবঢ়াই দিছিল। লগতে আছিল আমাৰ আদৰৰ কেটলি পিঠা।

এয়া আমাৰ বাবে কম প্ৰাপ্তিৰ কথা নহয়। আমি আমাৰ খাদ্যক লৈ সাধাৰণতে হীনমান্যতাত ভোগো। আমাৰ থলুৱা খাদ্যবোৰক আমিয়েই এলাগী কৰি থও। অসমীয়া মানুহৰ খাদ্যভ্যাস অতি বিজ্ঞান সন্মত আৰু সুস্বাস্থ্যকৰ। নূন্যতম মছলা ব্যৱহাৰ , সুগন্ধিযুক্ত পাত লতিকাৰ ব্যৱহাৰ, সেউজীয়া শাক, টেঙা খাৰ আদি আমাৰ খাদ্যৰ মূল উপপাদ্য।

প্ৰাকৃতিক ভাৱে প্ৰস্তুত হোৱা এই খাদ্যবোৰ সঠিক উপস্থাপন কৰিব নজনাৰ বাবেই ইয়াৰ এখন বৃহৎ বজাৰ থকাৰ পাছতো এই বজাৰ দখল কৰিবলৈ সক্ষম হোৱা নাই।চাউলৰ পৰাই আমি বহুবোৰ খাদ্য সামগ্ৰী তৈয়াৰ কৰো।

নানা প্ৰকাৰৰ চাউল অসমত অসমীয়াই খাদ্য হিচাপে ব্যৱহাৰ কৰে। অসমৰ জহা চাউল বিশ্বৰে বিখ্যাত। উখুৱা চাউলৰ আদৰ সৰ্বত্ৰে আছে। বিহু বা উৎসৱৰ বতৰত প্ৰস্তুত কৰা চিৰা, সান্দহ, আখৈ, হুৰুম আদি অতিথিক আপ্যায়নৰ বাবে অসমীয়া সমাজত ব্যৱহাৰ হয়।

ইয়াৰ উপৰিও চাউলৰ গুৰিৰে তৈয়াৰ কৰা পিঠা পনা আছেই। চাউলৰ পৰাই প্ৰস্তুত কৰা হয় পানীয়। পইতা ভাত অসমীয়া মানুহৰ অন্যতম প্ৰিয় খাদ্য। এই পইতা ভাত প্ৰস্তুত কৰাৰ প্ৰণালী অতি সহজ আৰু ই সুস্বাস্থ্যকৰ।

অসমত মাছ উভৈনদী। পুঠি, বৰলীয়া, মুৱা, লাচন, কাৱৈ, দৰিকণা, ৰৌ, বাহু, চিতল, কুঁহী আদি মাছ অসমত পোৱা যায়। অসমীয়া মানুহে বিভিন্ন শাক-পাচলিৰ সৈতে মাছৰ জুল, ঢেকীয়া ঔ টেঙাৰে মাছ, মাছৰ পুৰা, মাছৰ সিদ্ধ, শুকান মাছ, মাছৰ পেটু ভজা, মাছৰ পাতত দিয়া আদি প্ৰস্তুত কৰে।

হাঁহ মাংস অসমত অতি জনপ্ৰিয়। ঠিক একেদৰে গাহৰি বিভিন্ন জনগোষ্ঠীসকলৰ প্ৰিয় খাদ্য। পাৰৰ মাংস অসমীয়াই খাই কলডিলৰ সৈতে। অসমীয়া সকলে খাদ্য হিচাপে ব্যৱহাৰ কৰা মাটিকাদুৰি, মানিমুনি, ভেদাই লতা, সুতৰা, বনজালুক, বাবৰি, মচুন্দৰি আদি অতি ঔষধি গুণ সমৃদ্ধ।

একেদৰে অসমত সুলভ পাচলিসমূহৰ ভিতৰত কচু, কুমুৰা, ভাত কেৰেলা, ৰঙালাও, বেঙেনাৰে বিভিন্নধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰে। অসমীয়া লোকে বৰ বেছি মছলা ভাল নাপায়। মছলাৰ ভিতৰত আদা, ধনীয়া, পিয়াজ, নহৰু, কেচা জলকীয়া, তেজপাত, মান ধনীয়া আদিয়েই অসমীয়া ব্যঞ্জন বনাবলৈ যথেষ্ট।

তৰাপাত দি অসমীয়া মানুহে প্ৰস্তুত কৰে টোপোলা ভাত। কলপাতেৰে মেৰিয়াই প্ৰস্তুত কৰে পাতত দিয়া মাছ। ইয়াৰ এক নিজস্ব সুগন্ধ আছে। পচলা গ্ৰাম্য সমাজৰ উপৰিও চহৰত বাস কৰা লোকেও খাবলৈ লৈছে।

কলৰ বাকলিৰে প্ৰস্তুত কৰা হয় খাৰ। কল বাকলি আৰু মধুনা পুৰি তৈয়াৰ কৰা খাৰৰে প্ৰস্তুত কৰা মাটিমাহৰ আঞ্জাৰ সুৱাদ কোনে পাহৰিব পাৰে? সাধাৰণতে অসমীয়া মানুহে ঔটেঙা আৰু ঢেকীয়াৰে মাছ, শ'ল মাছ আৰু মূলা, ঔটেঙা আৰু খাৰেৰে মাটিমাহ, বাঁহ গাজৰে মাছৰ জুল, লাই খাকৰ লগত কুকুৰাৰ মাংস, সান্দহ গুৰিৰ লগত কুকুৰা মাংস, কলপছলাৰ লগত মাছৰ মূৰৰ ভাজি, পাটি হাঁহ কুমুৰা, তিলেৰে কুকুৰাৰ মঙহ, বাবৰি শাকেৰে কণী ভজা, ভেদাই লতা আৰু নৰসিংহৰে মাছৰ জুল, অমিতাৰ খাৰ আদি ৰান্ধে।

খাৰলি, কাহুদি, পানী টেঙা, বিবিধ ধৰণৰ পিটিকাৰ কথা কবই নালাগে। এয়া অসমীয়া খাদ্যৰ কিছু উদাহৰণ। আহাৰ গ্ৰহণ কৰাৰ পাছত অসমীয়া মানুহৰ মুহুদি আন এক খাদ্যভ্যাসৰে অংশ। তামোল-পাণেৰে মুখশুদ্ধি কৰাতো অসমীয়া লোকৰ পুৰণি অভ্যাস। তামোলৰ লগত থাকে চূণ, ধপাত, পাণ আদি।

বহুতেই তামোলৰ লগত কৌফুল খায়। তামোল নোখোৱাসকলৰ বাবে লং, আমলখি, শুকান আদি আছেই। এইবোৰ অসমীয়া খাদ্যকে নয়নজ্যোতিয়ে ৰাষ্ট্ৰীয় মঞ্চৰ জৰিয়তে বিশ্বমুখী হোৱাৰ বাট মুকলি কৰি দিলে।

তিনিচুকীয়াৰ গোবিন্দপুৰৰ অৰূপ শইকীয়াৰ পুত্ৰ নয়নজ্যোতি শইকীয়া। সৰুৰে পৰা তেওঁৰ খাদ্য প্ৰস্তুত কৰাত ৰাপ আছিল। ইনষ্টাগ্ৰামত নয়নজ্যোতিয়ে তেওঁ প্ৰস্তুত কৰা খাদ্যৰ ফটো সাচি ৰাখিছিল। তাৰ পৰাই আৰম্ভ হৈছিল নয়নজ্যোতিৰ সেই যাত্ৰা।

মাষ্টাৰ ছেফ ছেভেনৰ অন্যতম বিচাৰক বিকাশ খান্নাই নয়নজ্যোতিৰ ইনষ্টাগ্ৰামৰ সেই ফটো দেখি তিনিচুকীয়া ওলাইছিলহি। গৈছিল নয়নজ্যোতিৰ ঘৰলৈ। দেউতাৰে বিচাৰিছিল নয়নজ্যোতিয়ে এইবোৰ কৰাতকৈ ঘৰৰ চাহ বাগান খনতেই মন দিয়ক।

ৰন্ধন প্ৰকৰণ কৰিয়েই নয়নজ্যোতিয়ে যে এনে সফলতা লভিব সেয়া পৰিয়ালৰ লোকে কল্পনা কৰা নাছিল। পিতৃ অৰূপজ্যোতিক বিকাশ খান্নাই বহু অনুৰোধ কৰাৰ পাছত নয়নজ্যোতিয়ে এই প্ৰতিযোগিতাত অংশ ল'লে। খিতাপ জিনিলে।

এয়া অসমীয়া জাতিৰ বাবেই গৌৰৱৰ সময়। অসমীয়া খাদ্যৰ বাবে এক ঐতিহাসিক দিন। ৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া খাদ্যক নয়নজ্যোতি আৰু শান্তাই প্ৰতিষ্ঠা কৰি থৈ আহিলে। সহজ ভাষাত আমাৰ খানা দেশৰে শ্ৰেষ্ঠ। এতিয়া সেই বাটেৰে আগবাঢ়ি অসমীয়া থলুৱা খাদ্য অভ্যাসক প্ৰতিষ্ঠা আৰু প্ৰসাৰ কৰাৰ দায়িত্ব আমাৰ।