বাংলাদেশ ! 
বিশেষ লেখা

বাংলাদেশ !

Asomiya Pratidin

ক্ষমতাত থাকি অন্ধ হৈ পৰিলে বিপদ। চুবুৰীয়া দেশ বাংলাদেশৰ হাছিনাৰ অধ্যায় তাৰ প্ৰমাণ। আমাৰ চকুৰ আগত দেখি থকা অহংকাৰী আৰু সৰ্বেসৰ্বা বুলি ভবা নেতাবোৰলৈয়ো এই ছন্দ পতন এক ডাঙৰ বাৰ্তা।

আৱামী লীগ সমৰ্থিত গুণ্ডা বাহিনীয়ে, দেশখনৰ আৰক্ষীয়ে ছাত্ৰ সমাজৰ দ্বাৰাই নিয়ন্ত্ৰিত বাংলাদেশৰ সংৰক্ষণ বিৰোধী বিদ্ৰোহ নিয়ন্ত্ৰণৰ আপ্ৰাণ চেষ্টা চলাইছিল। কিন্তু সেই ছাত্ৰ সমাজৰ গণ অভ্যাত্থানে এনে ৰূপ ধাৰণ কৰিলে যে, দেশ এৰি প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই বন্ধু ৰাষ্ট্ৰ ভাৰতত আশ্ৰয় ল'ব লগা হ'ল।

ইতিমধ্যে চুবুৰীয়া দেশসমূহৰ সৈতে কূটনৈতিক সুসম্পৰ্ক ৰক্ষা কৰাত ব্যৰ্থ ভাৰতৰ বাবে হাছিনাও এক ডাঙৰ বুজা হৈ পৰিছে। লণ্ডনেই পৰৱৰ্তী ঠিকনা হ'ব বুলি ভাৰতে সাময়িকভাৱে বাংলাদেশৰ নেত্ৰীগৰাকীক আশ্ৰয় দিছিল যদিও ব্ৰিটিছ কূটনীতিয়ে সেই আশাত চেঁচাপানী ঢালিলে।

কি পৰিস্থিতিত হাছিনাই দেশ এৰিবলগীয়া হ'ল তাক পৰীক্ষা কৰিহে সিদ্ধান্ত ল'ব বুলি ব্ৰিটেইনে লোৱা সিদ্ধান্তই ভাৰতক বেকফুটলৈ ঠেলি দিলে। এতিয়া এৰে নে ধৰে বাংলাদেশৰ নেত্ৰীগৰাকীক?

ভাৰতৰ এক ভুল সিদ্ধান্তই দক্ষিণ পূৱ এছিয়াৰ ৰাজনীতিয়েই সলনি কৰি দিয়াৰ সম্ভাৱনাই দেখা দিছে। ইতিমধ্যে ঢাকাৰ পৰা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত নিয়োজিত সকলোবোৰ কৰ্মচাৰীক এয়াৰ ইণ্ডিয়াৰ বিমানেৰে দেশলৈ উভতাই অনা হৈছে।

ইয়াৰ পৰাই বুজিব পাৰি এতিয়া বাংলাদেশত ভাৰতৰ পক্ষে বতাহ বলি থকা নাই। হাছিনাই পদত্যাগ কৰি দেশ এৰাৰ পাছতো অতি শেহতীয়াকৈ ২৯ জন লোকৰ মৃতদেহ ৭ আগষ্ট, ২০২৪ ত বিভিন্ন স্থানত উদ্ধাৰ হয়। ইয়াৰ ভিতৰত ২০ জনেই আৱামী লীগৰ নেতা।

বিক্ষোভ কমিলেও হিংসাত্মক কাৰ্যকলাপ বন্ধ হোৱা নাই। আৱামী লীগৰ নেতাৰ হোটেল জ্বলাই দিছে প্ৰতিবাদকাৰীয়ে। মাত্ৰ ৪৫ মিনিট সময় দেশ এৰিবলৈ দিয়া হৈছিল বাংলাদেশৰ অন্যতম শক্তিশালী নেত্ৰীগৰাকীক। ৭ জন বাংলাদেশৰ সেনাৰ বিষয়াৰ সহযোগত হেলিকপ্টাৰেৰে আহি ত্ৰিপুৰাৰ আগৰতলাত উপস্থিত হোৱাৰ পাছৰে পৰা ভাৰত ব্যস্ত হৈ পৰিবলগীয়া হৈছিল তেওঁক লৈ।

তাৰ পাছত ভাৰতীয় বায়ু সেনাই দায়িত্ব লৈছিল তেওঁক আশ্ৰয় আৰু নিৰাপত্তা দিয়াৰ। বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ উজ জামানে দেশবাসীক সম্বোধন কৰিছিল। সমস্ত দায়িত্ব আৰু ক্ষমতা সেনা বাহিনীয়ে লোৱা বুলি কৈয়ো প্ৰতিবাদকাৰী ছাত্ৰ সমাজে কৰা বিৰোধিতাৰ বাবে সেই দায়িত্ব ল'ব পৰা নাছিল।

অন্তৱৰ্তীকালীন চৰকাৰ বি এন পি আৰু আন ৰাজনৈতিক দলৰ নেতৃত্বৰে আলোচনাৰ অন্তত সেই অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব নোৱেল বিজয়ী মহম্মদ ইউনুছক দিবৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। আন্দোলনকাৰীৰ প্ৰথম পচন্দ মহম্মদ ইউনুছ।

বাংলাদেশৰ আজিৰ জাতীয় অৰ্থনীতিৰ আঁৰৰ মানুহ এইগৰাকী অৰ্থনীতিবিদ। ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে বাংলাদেশৰ সংসদ ভংগ কৰি দিলে। কাৰাগাৰত থকা বি এন পিৰ অধ্যক্ষা খালেদা জীয়াক কাৰাগাৰৰ পৰা মুক্ত কৰিলে।

আন্দোলনকাৰী যিসকল কাৰাগাৰত আছে তেওঁলোককো মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে। তাৰ পাছতো বাংলাদেশৰ সংকট আঁতৰা নাই। অন্তৱৰ্তীকালীন চৰকাৰত শিক্ষাবিদ ছহিদুল আলাম, বিজিবিৰ প্ৰাক্তন সঞ্চালক জাহাংগীৰ আলাম চৌধুৰী, ৰাষ্ট্ৰীয় নদী সংৰক্ষণ আয়োগৰ প্ৰাক্তন অধ্যক্ষ মঞ্জুৰ আহমদ চৌধুৰী আদি বহু লোকেই অংশ ল'ব বুলি খবৰ চৰ্চা হৈছে।

বেগম খালেদা জিয়াৰ নামো এই চৰ্চালৈ আহিছিল যদিও তেওঁ অসুস্থতাৰ বাবেই সেই নাম বাদ পৰিছে। দেশখনৰ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে মহম্মদ ইউনুছৰ নামতেই সেউজ ছীল মোহৰ মাৰিছে। যিকোনো মুহূৰ্ততে তেওঁৱেই হ'ব বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী।

সেনা বাহিনীতো ব্যাপক সালসলনি ঘটোৱা হৈছে। শ্বেইখ হাছিনাৰ ঘনিষ্ঠ মেজেৰ জেনেৰেল মহম্মদ জিয়াউল আহছানক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। বৈদেশিক মন্ত্ৰণালয়ত দায়িত্ব লৈছে লেফটেনেণ্ট জেনেৰেল মহম্মদ ছাইফুল আলামে।

বিশ্বৰ আন দেশবোৰে এই ঘটনা প্ৰবাহক লৈ তীব্ৰ নজৰ ৰাখিছে। আমেৰিকাই হাছিনাৰ পাৰপত্ৰ বাতিল কৰি তেওঁক যে দেশখনত ৰাজনৈতিক আশ্ৰয় ল'বলৈ যাবলৈ নিদিয়ে সেই কথা বুজাই দিছে।

কোনো এখন ইছলামিক দেশেই হাছিনাক সহায়ৰ বাবে আগ্ৰহ ব্যক্ত কৰা নাই। আৱামী লীগৰ সাংসদসকলৰ ঘৰত আক্ৰমণ চলিছে। আত্মগোপন কৰি থকাৰ বাবে সাংসদ, নেতা, মন্ত্ৰীৰ আন বিকল্প নোহোৱা হৈছে।

প্ৰায় দুমাহ ধৰি চলা এই আন্দোলনত ৩০০ ৰো অধিক প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুৱাইছে। ৰাজপথলৈ ওলাই অহা লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিবাদকাৰীয়ে বাংলাদেশৰ পিতৃ পুৰুষ শ্বেইখ মজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তিবোৰ এফালৰ পৰা ভাঙি পেলাইছে।

আনকি তেওঁৰ বাসগৃহত থকা যাদুগৃহটোও জ্বলাই দিয়া হৈছে। শ্ৰীলংকাত যি হৈছিল তাৰেই পুনৰাবৃত্তি হ'ল বাংলাদেশত। ছাত্ৰ সমাজৰ নেতৃত্বত চলা আন্দোলনকাৰীয়ে হাছিনাৰ বেডৰুম পৰ্যন্ত প্ৰবেশ কৰিছিল।

প্ৰধানমন্ত্ৰীৰ বাসভৱনত সোমাই কোনো কোনোৱে তেওঁৰেই শাৰী, কাপ-প্লেট, টিভি আন আঁচবাব লুট কৰি লৈ গৈছে। এই আন্দোলনৰ আঁৰত কোন থাকিব পাৰে সেয়া এক অন্য বিষয়। এই আন্দোলনে বাংলাদেশৰ ভৱিষ্যতৰ প্ৰতি কি সম্ভাৱনা আৰু প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে সেয়া সময়ে ক'ব।

বাংলাদেশৰ এই ৰাজনৈতিক পট পৰিবৰ্তন আৰু গণ অভ্যুত্থানে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চললৈয়ো শংকা কঢ়িয়াই আনিছে। বিদ্ৰোহী সমস্যা, অনুপ্ৰৱেশ আদি অসমৰ ভয়াৱহ সমস্যাবোৰ আকৌ ভয়াৱহ হৈ পৰিব পাৰে বুলি অনুমান কৰা হৈছে।

ৰাজনৈতিক ভাৱে শ্বেইখ হাছিনাৰ পৰিয়ালৰ স্বাধীন বাংলাদেশ গঠনত অৰিহণা কোনেও নুই কৰিব নোৱাৰে। তেওঁৰ পিতৃয়ে স্বাধীন বাংলাদেশৰ বাবে কৰা সংগ্ৰাম কট্টৰ মৌলবাদীসকলে কেতিয়াও সমৰ্থন কৰা নাছিল।

সেই ৰাজনৈতিক শত্ৰুতাৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছিল শ্বেইখ হাছিনাই। ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈছিল তেওঁ। প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হৈ ২০০১ চনলৈকে শাসনত আছিল হাছিনা।

তাৰ পাছত ২০০৯ ৰ পৰা ২০২৪ লৈ সেই ক্ষমতা তেওঁৰ নিজৰ হাততেই ৰাখিবলৈ সক্ষম হৈছিল। এদিন তেওঁৰ নেতৃত্বতো বাংলাদেশত প্ৰতিবাদ হৈছিল। দেশ আৰু গণতন্ত্ৰ ৰক্ষাৰ এই প্ৰতিবাদত সেই সময়ত তেওঁৰ কাষত আছিল বাংলাদেশৰ জনগণ।

সদায় জনতা নেতাৰ সৈতে নাথাকে। যি ইচ্ছা আৰু তেওঁৰ কথাই আইন বুলি ভাবিলে জনতাই এনেদৰেই লয় উগ্ৰ ৰূপ। দেশখনলৈ স্বাভাৱিক পৰিবেশ ঘূৰি অহাতো সকলোৱে বিচাৰে। দেশখনত থকা সংখ্যালঘু হিন্দুসকলৰ নিৰাপত্তা নিশ্চিত কোনে কৰিব সেয়াও এক ডাঙৰ প্ৰশ্ন।

বাংলাদেশত হিন্দুসহ আন সংখ্যালঘুসকলৰ ওপৰত লুটপাত চলা বহু খবৰ ইতিমধ্যে আহিছে। শ্বেৰপুৰৰ শ্ৰীবাৰী আদি ঠাইত সেই ঘটনা বেছিকৈ হোৱা বুলি স্থানীয় সংবাদ পত্ৰত প্ৰকাশ।

ঢাকাত থকা ইণ্ডিৰা গান্ধী কালচাৰেল চেণ্টাৰ জ্বলি ভস্মিভূত হ'ল। মেঘালয়ৰ স্বাধীনতা সংগ্ৰামীৰ মূৰ্তিও ভাঙি পেলালে প্ৰতিবাদকাৰীয়ে। ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহত চলিছে লুটপাত। এয়া ভাৰত বিদ্বেষৰ প্ৰতিফলন।

বাংলাদেশৰ গ্ৰামীণ বেংক আৰু মাইক্ৰ' ক্ৰেডিট ব্যৱস্থাৰে দেশখনৰ অৰ্থনীতিক সৱল ৰূপ দিয়াত সফল হৈছিল মহম্মদ ইউনুছ। অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বীৰ দায়িত্ব লৈ তেওঁ ৰাজনৈতিক ভাৱে কিমান সফল হ'ব পাৰে সেই কথা এতিয়াই কোৱা টান।

বাংলাদেশৰ এই গণ অভ্যুত্থানে আমাক চিন্তিত কৰি ৰাখিছে। চুবুৰীয়া দেশখনৰ অস্থিৰতাই ভাৰতক বেকফুটলৈ ঠেলি দিছে। শ্বেইখ হাছিনাৰ শেহতীয়া দশাই আমাৰ ৰাজনীতিবিদসকলৰ বাবেও এক ডাঙৰ শিক্ষা কঢ়িয়াই আনিছে।