৫ টা প্ৰশ্ন কৰাঃ লাখ টকাৰ দাঁতা ভূপেন বৰা... 
বিশেষ লেখা

৫ টা প্ৰশ্ন কৰাঃ লাখ টকাৰ দাঁতা ভূপেন বৰা...

মৃদুল কুমাৰ সন্দিকৈ

প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিবলৈ সাংবাদিকৰ সাহস আছেনে নাই? মাত্ৰ ৫ টা প্ৰশ্ন কৰিলে সাংবাদিকে পাব ১ লাখ টকা। উত্তৰ দিব নালাগে, মুখ্যমন্ত্ৰীক এই ৫ টা প্ৰশ্ন কৰিলেই এই পুৰস্কাৰৰ বাবে প্ৰশ্ন কৰ্তা সাংবাদিকজন যোগ্য বিবেচিত হ'ব।

প্ৰশ্ন, উত্তৰৰ এই খেলত বিজয়ী সাংবাদিকক দিবলগা পুৰস্কাৰৰ ধনৰ দাতা প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা। যাৰ ৰাজনৈতিক বিধাতা কোনো দিনেই তেওঁৰ অনুকূলে নগ'ল।

এই প্ৰশ্ন প্ৰশ্ন খেলৰ হট ছীটত থাকিব এফালে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আনফালে থাকিব প্ৰশ্ন কৰ্তা সাংবাদিক। সন্মুখত থকা মুখ্যমন্ত্ৰীক সাংবাদিকে সুধিব লাগিব চিণ্ডিকেটৰ প্ৰসংগ, নিবনুৱা নিযুক্তি, জনজাতিকৰণৰ প্ৰতিশ্ৰুতি আদি বিষয়ক ৫ টা প্ৰশ্ন।

সাংবাদিকক মুকলি চেলেঞ্জ ভূপেন বৰাৰ। তেওঁৰ মতে নোৱাৰে হেনো সাংবাদিকে সুধিবলৈ এই ৫ টা বিষয়ক প্ৰশ্ন। বৰাৰ মতে মুখ্যমন্ত্ৰীয়ে আজি কালি পুৱাই সাংবাদিকক হোমৱৰ্ক দিয়ে। কি প্ৰশ্ন কৰিব লাগিব, কি সুধিব লাগিব বা কি খবৰ হ'ব আগতীয়াকৈ মুখ্যমন্ত্ৰীয়ে ৰূপৰেখা দি দিয়ে।

ভূপেন বৰাৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা সাংবাদিক সঁচাকৈয়ে নাই নেকি এইখন অসমত। ভীৰৰ মাজত বিপৰীত সুঁতত সাঁতোৰিব পৰা সাংবাদিকৰ অভাৱ নেকি এতিয়া? সেইখন প্ৰতিচ্ছবিয়েইতো তেওঁ দাঙি ধৰিছে। এয়াই নেকি বৰ্তমানৰ সংবাদ ক্ষেত্ৰৰ বাস্তৱ আৰু সত্য ছবি?

মুখ্যমন্ত্ৰীয়ে মুখ চুপতি মাৰে। তেওঁ হাঁহি হাঁহি যি কয়, সেয়াই হেনো সাংবাদিকে মানি লয়। বৰায়ে নহয় অসমৰ বহু লোকে অনুভৱ কৰে সাংবাদিকে মুখ্যমন্ত্ৰীক সুধিবলগীয়া প্ৰশ্ন কেৱল ৫ টায়ে নহয়।

ইয়াতকৈ বহুত বেছি প্ৰশ্নৰ মুখ্যমন্ত্ৰীক সুধিবলগীয়া আছে বা থাকে। এদিন নহয় এদিন মুখ্যমন্ত্ৰীয়েও সেই প্ৰশ্ন বোৰৰ সন্মুখীন হ'ব লাগিব। প্ৰশ্ন সুধাৰ সময় শেষ হৈ নাযায়। অৱশ্যে ইয়াৰ প্ৰাসংগিকতা সকলো সময়তে নাথাকে।

প্ৰশ্ন সুধিব পৰাকৈ পৰিৱেশ মুখ্যমন্ত্ৰীয়ে নিদিয়ে বা কৌশলেৰে সেই সুযোগ দিয়াৰ পৰা আঁতৰি থাকে। কেতিয়াবা আকস্মিকভাৱে তেনে এক প্ৰশ্ন সুধোতা জনেই প্ৰশাসনৰ আক্ৰোশৰ বলি হোৱা নিদৰ্শন আছে।

এনে সাংবাদিকৰ কাষত কেতিয়াবা ভূপেন বৰাই থিয় হৈ পাইছেনে? 'কা' আন্দোলনৰ সময়ত 'কা' আন্দোলনৰ বাবে মানুহ ৰাজপথলৈ ওলাই আহিছে বুলি প্ৰশ্ন কৰোঁতেই জেৰাৰ সন্মুখীন হোৱা সাংবাদিক জনৰ হৈ ভূপেন বৰাই এষাৰ মাত মতাৰ উদাহৰণ আছেনে?

কবিতা লিখি প্ৰতিবাদ সাব্যস্ত কৰা বৰাই এটা কবিতা শাৰী স্থানীয় সাংবাদিকজনৰ বাবে লিখিলেনে? প্ৰশ্নৰ সন্মুখীন হৈ মুখ্যমন্ত্ৰীয়ে ৰঙা চকু দেখুওৱা সাংবাদিকজনৰ এটা খবৰ ল'বলৈ তেওঁ আজৰি হ'লনে?

সাংবাদিকৰ ক্ষমতা আৰু দক্ষতাক লৈ ভূপেন বৰাই ঠিকেই প্ৰশ্ন উত্থাপন কৰিছে। নিৰ্বাচন খেলিবলৈ টকাৰ অভাৱ হোৱা বাবে নিৰ্বাচনী প্ৰচাৰতেই ব্যাঘাত জন্মা কংগ্ৰেছৰ নেতাজনে সেই এক লাখ টকা তেওঁৰ দলৰ কোনো প্ৰাৰ্থিকেই প্ৰদান কৰক।

ধন নাপায় কোনো সহযোগী নেতাই কৌশলগতভাৱে বিৰুদ্ধাচাৰণ কৰা খবৰ বহু সাংবাদিকে জানে। তেনে একেখন মঞ্চত থকা নেতাক সন্তুষ্ট কৰিবলৈ তেওঁ এই ধন ব্যয় কৰক। কেৱল কবিতা লিখি মানুহৰ মনৰ পৰিৱৰ্তন হ'ব বুলি ভবা ভূপেন বৰাই নিজ দলৰ নেতাসকলক দলীয় মজিয়াত ধৰি ৰাখক।

সাংবাদিকৰ প্ৰসংগত তেওঁ উত্থাপন কৰা এই প্ৰত্যাহ্বান কোনো সাংবাদিকে গ্ৰহণ কৰিব বুলি আমি আশাবাদী। বৰাৰ এক লাখ টকাৰ আশাত নহয় জনতাৰ স্বাৰ্থত আৰু বৃত্তিগত তাগিদাত সেই কাম সাংবাদিকে কৰিব।

কিন্তু ভূপেন বৰায়ো মুখ্যমন্ত্ৰীৰ দৰেই আন কিছু প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব। এই প্ৰশ্ন বোৰ সুধিবৰ বাবে সাংবাদিকক অৱশ্যে কোনেও তেওঁৰ দৰে ধন নিদিয়ে। সামাজিক মাধ্যমত কংগ্ৰেছৰে এজন প্ৰাক্তন নেতাই মুকলিকৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

ভূপেন বৰাৰ সেই অভিযোগৰ প্ৰতি দৃষ্টি হয়তো পৰিছে। ১৬ ফেব্ৰুৱাৰী, ২০২৪ ত য়েছ বেংকৰ এখন চেক যোগে কংগ্ৰেছৰ এজন নেতাক অসমৰ এজন কংগ্ৰেছী নেতাই ২ কোটি টকা হাৱলাৰ জৰিয়তে আদায় দিছিল।

সেই চেকখনৰ নম্বৰ ৭১৮১৭৩ ৭৮১৫৩২০০৪ ০০২৩৬৬। গুৱাহাটীৰ এছ আৰ চি বি ৰোডৰ ফাচী বজাৰৰ শাখাত থকা এই বেংকটোৰ একাউণ্ট নম্বৰ ০৪৮২৯০৭০০০০০৪৬৪ ৰ পৰা এই ধন আদায় কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে।

প্ৰাৰ্থিত্ব প্ৰত্যাক্ষী এজন কংগ্ৰেছীয়ে দলৰ পুঁজিত এই ধন প্ৰদান কৰিছিল। তেওঁ বিচাৰিছিল গুৱাহাটীৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব। ইয়াৰ উপৰিও লখিমপুৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাক্ষী আন এজনৰ পৰা ৩ কোটি টকা সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন কৰিছে এই প্ৰাক্তন কংগ্ৰেছীগৰাকীয়ে।

ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব প্ৰদানৰ যি খেল কংগ্ৰেছত হয়, সেই অভিযোগ সঁচা নে মিছা? সেই প্ৰশ্নৰ উত্তৰ কিয় ভূপেন বৰাই স্পষ্টকৈ দিব নোৱাৰে? কোনোবাই অভিযোগ কৰিলে সাংবাদিকে বৰাক নুসুধি এই প্ৰশ্ন কাক সুধিব?

শাসকীয় দল যেনেকৈ জবাবদিহি বা গণতান্ত্ৰিক ব্যৱস্থাত দায়িত্বশীল হ'ব লাগে বিৰোধীও একেদৰেই জবাবদিহি হ'ব নালাগে নেকি? চৰম হতাশাগ্ৰস্ততাৰে নকৰিবলগীয়া আচৰণ, মন্তব্য কৰি ভূপেন বৰাই প্ৰশ্নৰ সন্মুখীন হৈ প্ৰতিপ্ৰশ্ন কৰিলেই সকলোবোৰ শেষ হৈ নাযায়।

মুখ্যমন্ত্ৰীক সাংবাদিকে প্ৰশ্ন কৰাতো বাঞ্চনীয়। একেদৰে ভূপেন বৰায়ো উত্থাপিত অভিযোগৰ সন্দৰ্ভত প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব। শাসকপক্ষত কৈ বহুতে বিৰোধীৰ প্ৰতি বেছি আস্থাশীল হ'ব ইচ্ছা কৰে। সেই সুযোগচোন ভূপেন বৰাই অসমৰ ৰাইজক কোনো দিনেই দিব নোৱাৰিলে।