অভিযুক্ত হেৰাই যায়, আৰক্ষী অসহায়... 
বিশেষ লেখা

অভিযুক্ত হেৰাই যায়, আৰক্ষী অসহায়...

মৃদুল কুমাৰ সন্দিকৈ

অপৰাধৰ সীমা সংখ্যা নাইকীয়া হৈছে। বহু অপৰাধী আৰক্ষীৰ হাতত কৰায়ত্ত হয় যদিও বহু অভিযুক্তৰ সন্ধানেই নাপায় আৰক্ষীয়ে। ক'ত হেৰাই যায় এই অভিযুক্তসকল? আৰক্ষীয়ে ইচ্ছা কৰিয়েই এনে কিছু অভিযুক্তক ৰহস্যজনক কাৰণত কৰায়ত্ত নকৰে নেকি?

এই প্ৰশ্ন গুৰুত্বপূৰ্ণ অপৰাধ সংঘটিত হোৱাৰ পাছত প্ৰায়ে উত্থাপন হয়। যিবোৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে নোৱাৰে সেই অপৰাধীবোৰৰ তেনে সংশ্লিষ্ট অপৰাধৰ সৈতে বিশেষ ভূমিকা থকা দেখা যায়।

চোৰাং খৰ্গৰ সৰবৰাহৰ সৈতে জড়িত এজন দাগী অপৰাধীৰো এদিন সন্ধান পোৱা নাছিল অসম আৰক্ষীয়ে। কিয়নো অভিযোগ উত্থাপন হৈছিল সেই সময়ত এই অপৰাধীজনৰ সৈতে এক শক্তিশালী চক্ৰৰ সংযোগ আছিল এই চোৰাং বেহাৰ।

আনকি আৰক্ষীৰ উচ্চপদস্থ লোকৰ নামো তেওঁৰ সৈতে সাঙোৰ খাই পৰিছিল। সেই আৰক্ষী বিষয়াজনেই পৰিকল্পিতভাৱে এই অপৰাধীজনক পলোৱাই পঠিওৱাৰ কথাও চৰ্চা হৈছিল। পৰৱৰ্তী সময়ত অপৰাধী জনে ব্যৱহাৰ কৰা গাড়ীখন সীমান্তৱৰ্তী এক অঞ্চলত উদ্ধাৰ হ'ল যদিও আজিলৈকে তেওঁৰ সন্ধান নোলাল।

ৰাজ্য জোকাৰি যোৱা মাতৃ, কন্যাৰ হত্যা কাণ্ডৰ মূল অভিযুক্ত জনো এদিন হেৰাই গৈছিল। আৰক্ষীয়ে তেওঁৰ সন্ধানো উলিয়াব নোৱাৰিলে। যাৰ পৰিণতিত এই গোচৰৰে নাম সাঙোৰ খোৱা এজন বিত্তশীল লোক শাস্তিৰ পৰা বাচি যোৱা বুলিও অভিযোগ উঠে।

এনে বহু উদাহৰণ আছে ৰাজ্যত। এ পি এছ চি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালক ২০১৬ ৰ ৪ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল। এই খলনায়ক জনে তেওঁৰ ভাতৃ ৰাজীৱ পালৰ প্ৰেছত নকল এ পি এছ চিৰ পৰীক্ষা বহী ছপাইছিল।

এ পি এছ চি কেলেংকাৰীৰ তদন্তত ৰাজীৱ পাল নামৰ অভিযুক্তজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাতো প্ৰয়োজনীয় হৈ পৰিছিল। কিন্তু বতাহৰ লগত যেন মিলি গ'ল ৰাজীৱ পাল। কোনোবাই ক'লে নেপালত পলাই আছেগৈ তেওঁ। ৰাজীৱ পালৰ সন্ধানো নোলোল যি নোলালেই।

এখন গাড়ী ক্ৰয়ক লৈ হোৱা খেলিমেলিৰ বাবে নগাঁৱৰ এজন লোকে মৃদুপৱন নেওগ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। তেওঁৰ মহানগৰীৰ বাসগৃহত আৰক্ষীয়ে তালাচী চলাওতে বহু বন্যপ্ৰাণীৰ অংশ বিশেষ উদ্ধাৰ হৈছিল। উদ্ধাৰ হৈছিল পিষ্টলো।

কিন্তু এই অভিযুক্তজনৰ সন্ধান অসম আৰক্ষীয়ে উলিয়াব নোৱাৰিলে।পৰৱৰ্তী সময়ত জামিন লৈ তেওঁ মুকলিকৈ ঘূৰা ফুৰাও কৰি থাকিল। আৰক্ষীয়ে কিন্তু পলাই থকা অৱস্থাত বহু ক্ষমতাশালী লোকৰ ঘনিষ্ঠ বুলি পৰিচিত মৃদুপৱন নেওগৰ ঠিকনাই বিচাৰি নাপালে।

এইবোৰ পুৰণি ঘটনা। টানিক্সত কাম কৰা মান্না পল নামৰ মেনেজাৰজন ডেৰ কোটি টকা আত্মসাৎ কৰি পলাই গ'ল। আৰক্ষীয়ে সেই অভিযুক্তজনৰো সন্ধান উলিয়াব নোৱাৰিলে।

হাজাৰ কোটি টকীয়া অনলাইন ট্ৰেডিঙৰ নামত ২০/২২ হাজাৰ মানুহক ঠগা দীপাংকৰ বৰ্মন নামৰ যুৱকজনৰ সন্ধান এই পৰ্যন্ত নাই। ঢকুৱাখনাত সংঘটিত হৈছিল এক ৰহস্যজনক হত্যাকাণ্ড।

প্ৰথমে সুনীল গগৈ নামৰ জলজীৱন মিছনৰ ঠিকাদাৰজনক হত্যা কৰা বুলি ভবা হৈছিল। পিছত উদ্ধাৰ কৰা মৃতদেহ সুনীল গগৈৰ নহয় বুলি আৰক্ষীয়ে দাবী কৰিলে। সেই হত্যাকাণ্ডৰ বলি হ'ল তেওঁৰ অধীনত কাম কৰা মিস্ত্ৰীগৰাকী।

আৰক্ষী সুনীল গগৈৰ সন্ধান উলিওৱাত বিফল হ'ল। সুনীল গগৈ জীৱিত আছে বুলি আৰক্ষীৰ শীৰ্ষ বিষয়ায়ো সংবাদ মাধ্যমক জানিবলৈ দিলে। কিন্তু সুনীল গগৈক আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱাৰাত সন্ধানহীনৰ তালিকাতেই তেওঁ ৰৈ গ'ল।

তছদিকুৰ ৰহমান নামৰ লোকজনৰ নাম বাতৰিৰ শীৰ্ষ হৈছিল। অবৈধ কল চেণ্টাৰৰ জৰিয়তে তেওঁ হেনো কোটি কোটি টকা লুণ্ঠন কৰিছিল। আৰক্ষীৰ চকুত ধুলি দি তেৱোঁ পলাল।

কোনোবা ক্ষমতাশালী ৰাজনৈতিক নেতাই তছদিকুৰক পলিয়াই পঠিওৱা বুলি অভিযোগ উঠিল। কিন্তু আৰক্ষীয়ে বিচাৰি উলিয়াব নোৱাৰিলে এই জন অভিযুক্তকো।

ধিঙত সংঘটিত হৈছিল অতি শেহতীয়াকৈ এক বৰ্বৰ কাণ্ড। টিউচনৰ পৰা উভতা এগৰাকী কিশোৰীক তিনিজন লম্পটে মিলি দলবদ্ধ বলাৎকাৰ কৰিছিল। তফাজ্জুল ইছলাম নামৰ এজন আৰক্ষী জিম্মাতেই মৃত্যু হ'ল। ক্ৰাইম চিন ৰিক্ৰিয়েছনৰ বাবে নিওঁতে তেওঁ হেনো পলাবলৈ পুখুৰীত জাঁপ দিলে।

এই ঘটনাৰে জড়িত আন দুজন অপৰাধী আছিল গোলপ উদ্দিন আৰু ফৰিদুল ইছলামৰ সন্ধান এতিয়াও আৰক্ষীয়ে পোৱা নাই। এনেকৈয়ে অপৰাধী সন্ধানহীন হোৱাৰ তালিকাখন বাঢ়ি গৈয়ে আছে।

অতি শেহতীয়াকৈ ট্ৰেডিঙৰ নামত আন এক প্ৰৱঞ্চনা কৰা ডিব্ৰুগড়ৰ বিশাল ফুকন নামৰ কুৰি বছৰ পাৰ হোৱা যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। তাৰ সমান্তৰালভাৱে বিশালৰ সৈতে এই প্ৰৱঞ্চনাৰ জাল মেলাত সহায় কৰা চুমি বৰাৰ নাম চৰ্চালৈ আহিল।

বিশালৰ লুণ্ঠনৰ ধনেৰে ৰাজভোগ কৰা চুমিক নিয়মমাফিক ভাৱে আৰক্ষীয়ে বিচাৰিলে যদিও বিচাৰি নাপালে। একেদৰে এই গোচৰতে নাম সাঙোৰ খাই পৰা চুমিৰ স্বামী তাৰ্কিক বৰাৰো সন্ধান উলিওৱাত বিফল হ'ল আৰক্ষী।

বিশালৰ সৈতে ফাৰ্মাচিউটিকেল কোম্পানী খোলা চুমিৰ জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰা, বৌয়েক জিংকী মিলিক আৰক্ষীয়ে তলৱ কৰি থানালৈ আনিব পৰা নাই। আৰক্ষীয়ে নাজানে তেওঁলোক ক'ত আত্মগোপন কৰি আছে।

আৰক্ষীৰ এটাই ভাষা তেওঁলোক সন্ধানহীন। বিশাল ফুকনৰ লুণ্ঠনৰ এই অধ্যায়ৰ সৈতে বহু বাঘা বাঘা মানুহৰ নাম চৰ্চালৈ আহিছে। তাৰ ভিতৰত গায়ক, গায়িকা, অভিনেতা, অভিনেত্ৰী, চিকিৎসক, ৰাজনৈতিক নেতা, ব্যৱসায়ী, আৰক্ষী আদিও হেনো আছে।

খবৰ ওলাইছে কোনোবা আৰক্ষী বিষয়াৰ পৃষ্ঠপোষকতা আৰু পৰামৰ্শ মতেই তেওঁলোক চুবুৰীয়া ৰাজ্য মেঘালয়ত আত্মগোপন কৰিছেগৈ। তাৰ পৰাই আগতীয়া জামিনৰ বাবে আবেদন জনাইছে।

নিজক ৰক্ষা কৰিবলৈ তেওঁলোকে সকলোবোৰ নিয়াৰিকৈ কৰি গৈছে। কাৰোবাৰ আশীৰ্বাদ নহ'লে এনেদৰে আত্মগোপন কৰাতো সম্ভৱ নে? যেতিয়াই এক শক্তিশালী পক্ষৰ নাম এনে অভিযোগ বোৰৰ সৈতে সাঙোৰ খাই পৰে তেতিয়াই যেন অভিযুক্তসকল সন্ধানহীন হৈ পৰা ঘটনাবোৰ ঘটে।

হয়তো আইনী প্ৰক্ৰিয়াৰে তেওঁলোকে আগতীয়া জামিন লৈ আৰক্ষীৰ কাষলৈ আহিব। তাৰ পূৰ্বে আৰক্ষীয়ে তেওঁলোকক কৰায়ত্ত কৰিব নোৱাৰাতো আৰক্ষীৰ ইচ্ছাকৃত দুৰ্বলতা নে কোনো আঁৰৰ শক্তিয়ে আৰক্ষী ব্যৱস্থাটোকে প্ৰয়োজনত এনে বিকল কৰি পেলাই সেয়াহে এতিয়া ৰহস্যৰ বিষয়।