দাদা কি খাবি, অলপ ৰ'বি...  
বিশেষ লেখা

দাদা কি খাবি, অলপ ৰ'বি...

মৃদুল কুমাৰ সন্দিকৈ

গুৱাহাটীৰ পৰা উজনি অসমৰ কোনো স্থানলৈ যোৱা বা উজনি অসমৰ পৰা গুৱাহাটীলৈ অহা লোকৰ বাবে পুৱা, দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ বাবে এই পথছোৱাত বিভিন্ন হোটেল, ৰেষ্টুৰেণ্ট আছে। সময়, সুযোগ বুজি সুবিধা অনুসৰি মানুহে বিভিন্ন স্থানত ৰাতিপুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ, ৰাতিৰ আহাৰ গ্ৰহণ কৰে।

এই পথ অতি ব্যস্ত হোৱাৰ বাবে উক্ত পথৰ দাঁতিত থকা হোটেল, ৰেষ্টুৰা আৰু ধাবাসমূহত গ্ৰাহকে ভৰি থাকে। সোণাপুৰৰ পৰা আৰম্ভ কৰি নগাঁৱৰ বাইপাছলৈকে কিমান হোটেল, ধাবা আছে সেয়া গণনা কৰি শেষ কৰিব নোৱাৰি।

নগাওঁ বাইপাছত আশেপাশে বহু নামি-দামী ধাবা, ৰেষ্টুৰা গঢ়লৈ উঠিছে। যিবোৰত গ্ৰাহকে এসাজ ভাত বা পুৱাৰ ব্ৰেকফাষ্টৰ নামত হাজাৰ হাজাৰ টকা ভৰিবলৈ কুণ্ঠাবোধ নকৰে। এক প্লেট পুৰীৰ দাম ২০০ টকা, অমলেটৰ দাম ১০০ টকালৈকে এই বিলাসী ধাবা, ৰেষ্টুৰা বিলাকে লয়।

৩ নৱেম্বৰ, ২০২৪ ত পুৱা প্ৰায় ৬-৩০ বজাত আমি ওলাই গৈছিলো গোলাঘাটৰ অভিমুখে। অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ লগত সদ্য প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাৰ আদ্য শ্ৰাদ্ধ আৰু মৎস্য স্পৰ্শৰ লগতে তেওঁ লিখি থৈ যোৱা শেহতীয়া শিশু উপন্যাস 'চিকাৰী ককা' উন্মোচনী অনুষ্ঠানলৈ আছিল আমাৰ এই যাত্ৰা।

তেওঁৰ গোলাঘাটৰ কালুজান গাঁৱৰ বাসগৃহত অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থ উন্মোচনী সভাৰ সভাপতিত্ব কৰাৰ কথা আছিল প্ৰকাশ মহন্তই। দিনৰ ১২-৩০ বজাত অনুষ্ঠিত হ'বলগীয়া এই সভাখনত যাতে সময়মতে আমিগৈ উপস্থিত হ'ব পাৰো তাৰ প্ৰতি লক্ষ্য ৰাখি ইমান পুৱাই ওলাই যোৱা হৈছিল গুৱাহাটীৰ পৰা।

গাড়ীখনৰ চালকৰ লগতে প্ৰকাশদাৰ সহযাত্ৰী হৈছিল মোৰ লগতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ আন এগৰাকী সংবাদ কৰ্মী ডিম্পল বৰগোহাঁই। জাগীৰোড পোৱাৰ সময়তে পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ সময় হৈছিল। সেয়েহে পুৱাৰ আহাৰ আমি ক'ত গ্ৰহণ কৰিম সেই কথা গাড়ীৰে গৈ থাকোতেই আলোচনা চলি থাকোতেই প্ৰকাশ দায়ে নেলী পাৰ হৈ শালগছৰ বাগান এখনৰ কাষত চালকক গাড়ীখন ৰখাবলৈ ইংগিত দিলে।

পথৰ কাষত দীঘলীয়া গাড়ীৰ শাৰী। বাঁহ আৰু পলিথিনৰ টম্বুৰে সাধাৰণভাৱে চাৰি, পাঁচখনমান সাধাৰণ হোটেল আমি গাড়ীৰ পৰাই লক্ষ্য কৰিছিলো। গাড়ীৰ পৰা নামিবলৈ লৈ তেওঁ আমাক উদ্দেশ্যি কৈছিল তোমালোকে ইয়াতে ব্ৰেকফাষ্ট কৰি লোৱা।

সেই পথেৰে অহা যোৱা কৰোতে নগাঁও বাইপাছৰ সমীপত থকা হোটেলত নতুবা জাগীৰোডৰ অতি ব্যস্ত জৈন হোটেলত পুৱাৰ আহাৰ গ্ৰহণ কৰাতো এক অভ্যাস হৈ পৰিছিল। গাড়ীৰ পৰা নামি হোটেল কেইখন দেখি ইয়াত কি ব্ৰেকফাষ্ট কৰিম বুলি এক ধাৰণা মনলৈ অহাৰ সময়তে পথৰ পৰা তলত থকা সেই শালগছবোৰৰ তলিলৈ নামি যাওঁতে প্ৰকাশ দাই কৈ গৈছিল আমি এইফালে অহা যোৱা কৰিলে এতিয়া ইয়াতেই ব্ৰেকফাষ্ট কৰো।

আনকি তেওঁ এই কথাও কলে এজন বিশেষ লোকৰ সৈতে এই পথেৰে গলে তেৱোঁ ইয়াতেই খোৱাতো পচন্দ কৰে। পৰিবেশটো অতি ভাল লগা। ওখ শালগছবোৰৰ তলত ঘূৰণীয়া আকৃতিৰ কিছু মাটিত থকা বন, বিৰিখ চাফা কৰি থোৱা আছে।

সেই মাটিত তিনিখন মান বেঞ্চ, টেবুল। কাঠৰ টুকুৰাৰে সজা সেই বেঞ্চ টেবুল বোৰত প্ৰায় ১০/১২ জন মান মানুহ বহি তেতিয়া পুৰী খায় আছে। মাজত দুখন প্লাষ্টিকৰ টেবুল আৰু ছখন চকী। তাৰ সমীপতে থকা বাঁহেৰে অস্থায়ীভাৱে সজোৱা ঘৰটোত পাঁচ, ছয়জনমান লোক ব্যস্ত হৈ পৰিছে গ্ৰাহকক আপ্যায়ন কৰোৱাত।

এজনে গৰম পুৰী তেলত দি পুৰীবোৰ এটা পাত্ৰত উঠাই পুনৰ পুৰী ভজাত মনোনিৱেশ কৰিছে। এগৰাকী মহিলাই কাষতে থকা এটা চৌকাত জুই জ্বলাইছে। তিনিজন লোকে গ্ৰাহকক পুৰী, প্লেট আৰু তেওঁলোকে বিচৰা সামগ্ৰী যোগান ধৰি আছে।

কিছু সময় অপেক্ষা কৰিবলগীয়া হ'ল। আমি পুৰী খোৱা মানুহ তিনিজন। সেয়েহে তিনি প্লেট পুৰী, দুটা অমলেট, দুটা পানী বটল আৰু চাৰি কাপ চাহ আমাৰ অৰ্ডাৰ। গৰম গৰম পুৰী ডিছপজেবল প্লেটত লৈ আমাক আনি দিলেহি। লগত সৰু সৰুকৈ কটা আলু ভাজি।

সেই পুৰীৰ টুকুৰা এটা আলু ভাজিৰ সৈতে মুখলৈ নিয়াত তাৰ স্বাদ জিভাত লাগি গ'ল। আমি খাই থাকোতে লক্ষ্য কৰিলো আন ৬/৭ জন মান মানুহ থিয় হৈ ৰৈ আছে পুৰী ভাজি খাবলৈ। পুৰী খাই থকাৰ মাজতে আহিল খাটি গাখীৰৰ গৰম চাহ।

কল্পনাও কৰিব পৰা নাছিলো সেই স্থানত খাদ্যৰ এনে জুতি পাম। খাই-বৈ উঠি বাঁহৰ হাফ বেৰাখনৰ কাষলৈ গৈ প্ৰকাশ দায়ে কিমান টকা হ'ল সুধিলে। সকলো মিলি অতি কমেও ৫০০ টকা হ'ব বুলি আমাৰ ধাৰণা আছিল। ল'ৰা জনে আমাক বিলটো ক'লে।

কেলকুলেটৰটোত হিচাপ কৰি সি ক'লে আপোনালোকৰ ২৪০ টকা হৈছে। আকৌ এবাৰ সুধা হ'ল তাক কিজানি ভুল হৈছে? সি একেটা সংখ্যাই দোহাৰিলে ২৪০। তাৰ পাছত সেই দোকানখনৰ প্ৰতি আগ্ৰহ আৰু অনিসন্ধিৎস্যু বাঢ়ি গ'ল।

পেহীয়েক, ভতিজায়েক, খুৰাক আদি মিলি এই সৰু হোটেলখন গঢ়ি তুলিছে। সেই স্থানত এনেকুৱা ৭/৮ খন মান হোটেল ইতিমধ্যে হৈ উঠিছে। ঠাইখনৰ নাম কি বুলি সুধাত তেওঁলোকে ক'লে এয়া দহালি। তাৰ পাছত তেওঁলোকৰ জীৱন সংগ্ৰামৰ কিছু কথা কৈ গ'ল।

এই হোটেল বোৰ দিয়া মানুহবোৰ ভূমিপুত্ৰ। তেওঁলোক তিৱা সম্প্ৰদায়ৰ। পুৱাই আহে সেই স্থানলৈ হোটেল দিবলৈ। ১২ টা বজালৈকে তাত পুৰী, ছবজী, অমলেট পায়। ১২ বজাৰ পাছত দুপৰীয়াৰ আহাৰো সাজু কৰে। স্থানীয় ভাৱে উপলব্ধ মাছ, মাংসৰে তেওঁলোকে জুইত ৰান্ধে সেই আহাৰ।

সেয়ে হয়তো সেই খাদ্য ইমান সুস্বাদ্যু হয়। তেওঁলোকৰ ঘৰ কাৰোবাৰ যদি দহালিত, আন কাৰোবাৰ মকৰীয়াত। সন্ধিয়া তেওঁলোকে তাত একো বস্তু এৰি থৈ যাব নোৱাৰে। ঠেলাত তিনি, চাৰিবাৰ বোজা কৰি সেইবোৰ ঘৰলৈ নিয়ে। আৰু পুৱা উঠিয়েই সেইবোৰ লৈ আকৌ বোজা কৰি তালৈ আনে।

মন কৰিবলগীয়া কথাটো আছিল চকুৰ আগতে তেওঁলোকে ঘৰত উৎপাদিত থলুৱা সামগ্ৰীয়ে মা-মছলাবিহীন খাদ্য গ্ৰাহকক ৰান্ধি দিয়ে। প্ৰকৃতিৰ সেই স্থানত প্ৰকৃতিৰ সৈতে সহৱস্থান কৰি এই হোটেলবোৰ গঢ়ি তুলিছে। না এডাল গছ কাটিছে, না কোনো জীৱ-জন্তুৰ অনিষ্ট হ'ব পৰা কাম কৰিছে।

কোনো স্থায়ী নিৰ্মাণ কাৰ্য তেওঁলোকে তাত কৰা নাই। আনকি বনুৱা নাই সেই স্থানত গ্ৰাহকৰ বাবে স্থায়ী প্ৰস্ৰাৱগাৰ। অস্থায়ী ভাৱে কিছু দূৰত হাবিৰ মাজত এক ব্যৱস্থাহে ৰাখিছে। খাদ্য গ্ৰহণ কৰাৰ পাছত ৰৈ যোৱা খাদ্য-সামগ্ৰীবোৰ তেওঁলোকে লৈ যায় ঘৰলৈ, ঘৰত পোহা জীৱ-জন্তুলৈ।

পেলনীয়া ডিছপজেৱল প্লেট বোৰ জ্বলাবলৈ এখন সৰু খোলা আছে তাত। যোৱাৰ আগতে সেইবোৰ জ্বলাই থৈহে ঘৰলৈ উভতে। প্ৰকৃতিৰ সৈতে ইমান সুন্দৰভাৱে এই ব্যৱসায় গঢ়ি তুলিছে যে, তালৈ যোৱা জনেহে সেই কথা অনুভৱ কৰিব পাৰে।

কিন্তু এই সৰু সৰু মানুহবোৰ এতিয়া বহু পুঁজিপতিৰ চকুৰ টোপনি হৰিছে। অভিযোগ দিয়া হৈছে তেওঁলোকৰ বিৰুদ্ধে বন বিভাগক, অভিযোগ দিয়া হৈছে তেওঁলোকৰ বিৰুদ্ধে মন্ত্ৰীকো। কিয়নো বহু বিলাসী ধাবা, ৰেষ্টুৰেণ্টৰ গ্ৰাহক কাঢ়িছে এই লোকসকলে।

এতিয়া বেছিভাগ মানুহে তাতেই ভিৰ কৰে। এ চি ৰুমত বহি ২০০/৪০০ টকীয়া খাবলৈ আগ্ৰহ কৰাতকৈ শালগছৰ তলক বহি সেই সুস্বাদ্যু আহাৰ গ্ৰহণ কৰা মানুহৰ ভিৰ দিনক দিনে বাঢ়িছে। দামী ধাবা, ৰেষ্টুৰেণ্টবোৰে গ্ৰাহক কমাৰ কাৰণ হিচাপে সেই শালগছৰ তলত গঢ় লৈ উঠা সৰু হোটেল বোৰক চিহ্নীত কৰিছে।

সেয়ে যিকোনো মূল্যৰ বিনিময়ত এইবোৰ বন্ধ কৰিবলৈ উঠিপৰি লাগিছে। অৱশ্যে এই পুঁজি পতিৰ শ্ৰেণীৰ জেপত সোমোৱা নাই এতিয়ালৈকে বন বিভাগ। স্থানীয় মন্ত্ৰীগৰাকীয়েও হেনো কৈছে অস্থায়ী ঘৰ সাজি তেওঁলোকে যদি এই ব্যৱসায় কৰিছে কৰিবলৈ দিয়ক।

সৰু মানুহৰ এই ব্যৱসায় হয়তো কোনোবা দিনা কাৰোবাৰ হেঁচাত বন্ধ হৈ যাব। কিন্তু তেওঁলোকৰ তাত এসাজ খোৱাৰ মাদকতা সদায় জিভাত লাগি থাকিব। আৰু এসাজ খোৱাৰ হেঁপাহ সদায় ৰৈ যাব।