বিশেষ লেখা

জি এম চি এইছত যিটো কাম মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে...

Asomiya Pratidin, মৃদুল কুমাৰ সন্দিকৈ

গুৱাহাটী মহানগৰীত ব্যস্ততাৰ এতিয়া সীমা নাই। ব্যস্ততা আৰু যান্ত্ৰিকতাই চুই গৈছে মহানগৰীৰ প্ৰায়বোৰ অঞ্চল। মহানগৰীৰ মাজমজিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ ঠাই হ’ল – ভঙাগড়। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ভঙাগড়লৈ বহু লোক অহা-যোৱা কৰে। কিয়নো চিকিৎসাজনিত কাৰণত ভঙাগড়লৈ অতি জৰুৰীভাৱে ৰোগীক লৈ আহিব লগা হয়।

এই ব্যস্ততাপূৰ্ণ পথছোৱাত মানুহে বহু জটিল সমস্যাৰ ভিতৰত এটা সমস্যাৰ প্ৰায়েই সন্মুখীন হয়। ভঙাগড়ৰ নৰকাসুৰ পাহাৰৰ সমীপত অৱস্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আহোতে ভীষণ যান-জঁটে বহু ৰোগীৰ প্ৰাণ কাঢ়ি নিয়াৰ উদাহৰণ আছে। কেৱল ৰোগী বা ৰোগীৰ অভিভাৱকে নহয়, এই সমস্যাৰ সন্মুখীন হয় চিকিৎসা মহাবিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী, অধ্যাপক, কৰ্মচাৰী আদিয়েও।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে আছে এক বিশাল অঞ্চল সামৰি। কেইবাখনো চিকিৎসা প্ৰতিষ্ঠান সেই স্থানতে থকাত দিনক দিনে মানুহৰ সমাগম বৃদ্ধি পাই গৈ আছে। ইয়াৰ মূল পথেৰে আন সাধাৰণ যান-বাহনবোৰো অতি বিশৃংখলভাৱে চলাচল কৰাৰ বাবে এয়া এক চিকিৎসাজনিত তৎকালীন দৃষ্টিৰে ই এক ডাঙৰ প্ৰত্যাহ্বান হৈ গৈ আছে।

ইয়াৰ উপৰিও চিকিৎসা মহাবিদ্যালয় আৰু জি এম চি এইছৰ লগতে আন চিকিৎসা প্ৰতিষ্ঠানক কেন্দ্ৰ কৰি পদপথত দিয়া অস্থায়ী দোকানবোৰে সমগ্ৰ পৰিৱেশটোকে আৰু উশৃংখল কৰি তুলিছে। জি এম চি এইছ কেন্দ্ৰিক আন্তঃগাঁথনি উন্নতকৰণৰ কাম ঠিকেই চলিছে যদিও এই বিষয়টোক অসম চৰকাৰে অৱজ্ঞা কৰি আহিছে।

পৰিস্থিতি এনে পৰ্যায় পাইছে গৈ যে এটা স্থানৰ পৰা আন এটা স্থানলৈ এজন চিকিৎসক যাবৰ বাবে ৫ মিনিটৰ বাটটোতে ঘণ্টা পৰ্যন্ত সময় অপব্যয় হয়। যাৰ ফলত জ্যেষ্ঠ চিকিৎসকসকলে এনে পৰিস্থিতিৰ সন্মুখীন হৈ এখন হাস্পতালৰ পৰা জি এম চিৰে অন্তৰ্গত আন এখন চিকিৎসা প্ৰতিষ্ঠানলৈ যাবৰ বাবে ভীষণ সমস্যা আৰু অসুবিধাত পৰিব লগা হয়।

ইফালে নৰকাৰসুৰ পাহাৰৰ মাজেৰে নিৰ্মাণ কৰি দিয়া পথটোৱে কাহিলিপাৰাৰ পৰা জি এম চিৰ সন্মুখেৰে জি এছ ৰোডলৈ অত্যধিক যান-বাহন চলাচল কৰাৰ বাবে ৰোগীক কঢ়িয়াই নিয়া এম্বুলেঞ্চো আৱদ্ধ হৈ পৰিব লগা হয়। ৰূপনগৰ হৈ এটা বিকল্প পথ নিৰ্মাণৰ সম্পূৰ্ণ সুযোগ-সুবিধা থকাৰ পাছতো এই দিশত এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে।

এই ধৰণৰ জটিলতাৰ বাবেই উক্ত অঞ্চলটো গ্ৰীণ কৰিডৰ বা মেডিকেল কৰিডৰৰূপে ঘোষণা কৰি সময় থাকোতে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে এনেবোৰ যান-জঁট, অবৈধ ব্যৱসায় প্ৰতিষ্ঠান আৰু সাধাৰণ লোকৰ যান-বাহনৰ অবাধ চলাচলে এই অঞ্চলটোক সম্পূ্ৰ্ণ অচল কৰি তুলিব।

এটা সময় আছিল- সেইবোৰ অঞ্চল নীৰৱ-নিস্তদ্ধ আছিল। মানুহৰ জনবসতি আৰু জনসমাগম নাছিল। আজিৰ পৰা ৬টা দশকৰ পূৰ্বেই গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতাল সেই স্থানত স্থাপন কৰা হৈছিল। ১৯৬০ চনত গুৱাহাটী মেডিকেল কলেজ ক’ত স্থাপন কৰা হ’ব সেই সন্দৰ্ভত অসম চৰকাৰে গঠন কৰি দিয়া এখন কমিটীয়ে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল।

এই কমিটীয়ে উলুবাৰী, জালুকবাৰী, চানমাৰি আদি ঠাইতো মেডিকেল কলেজ স্থাপনৰ বাবে মাটি চাইছিল। প্ৰাৰম্ভিক অৱস্থাত ১৯৬০ চনৰ আগষ্টত আয়ুৰ্বেদিক কলেজৰ খালী হৈ থকা বিল্ডিং আৰু ফিজিকেল এডুকেশ্ব্যন ট্ৰেইনিঙৰ বিল্ডিঙত এই চিকিৎসা মহাবিদ্যালয়খনৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল।

অসম চৰকাৰে এই সন্দৰ্ভত জাৰি কৰা জাননী নম্বৰ আছিল – এম এম ডি/২৭৫/৬০/৪৫ । সেই বৰ্ষৰ ২০ ছেপ্তেম্বৰত শুভাৰম্ভ কৰা এই চিকিৎসা মহাবিদ্যলয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল ডা০ এছ এন শৰ্মা। পিছলৈ তাৰ পৰা বহু বিভাগ পামবজাৰ চিভিল হাস্পতাল কেম্পাছ, উলুবাৰী মেটাৰনিটী হোম আৰু বিৰুবাৰী টিবি হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল।

ভঙাগড়ত এই চিকিৎসা মহাবিদ্যালয়খনৰ স্থায়ী নিৰ্মাণৰ বাবে প্ৰথমে বাট-পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ১৯৬২ চনত। তেতিয়াৰ গড়কাপ্তানি বিভাগে বাট-পথৰ কাম আৰু আসাম গভ্ট কনষ্ট্ৰাকচন কো-অপাৰেচন চমুকৈ এ জি চি চি এ গৃহনিৰ্মাণৰ দায়িত্ব লৈছিল।

১৯৬৫ চনৰ মেডিকেল কলেজখন ল’ৰাৰ হোষ্টেল আৰু ১৯৬৮ চনত ছোৱালী হোষ্টলৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল। প্ৰথমে নৰকাসুৰ পাহাৰৰ ওপৰতে চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল যদিও পাহাৰত থকা প্ৰকাণ্ড শিলৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল।

তেতিয়াৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চালিহাই ১৯৬৩ চনত মেডিকেল কলেজখনৰ শিলান্যাস কৰিছিল। ১৯৬৫ চনত মূল কলেজ আৰু প্ৰশাসনীয় ভৱনৰ কাম সম্পূৰ্ণ হয়। তাৰ পৰৱৰ্তী সময়ত তদনীন্তন মুখ্যমন্ত্ৰী শৰৎ সিংহই মেডিকেল কলেজখনৰ হাস্পতালৰ শিলান্যাস কৰে।

১৯৮৪ চনৰ পৰা পূৰ্ণ পৰ্যায়ত গুৱাহাটী মেডিকেল কলেজ হাস্পতাল চমুকৈ জি এম চি এইছৰ সেৱা আৰম্ভ হৈছিল। তেতিয়াই নিৰ্মাণ কৰা বাট-পথৰ ওপৰত ভিত্তি কৰিয়েই এতিয়াও এই চিকিৎসা মহাবিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত চিকিৎসা প্ৰতিষ্ঠান চলি আহিছে।

এই দিশত বিজ্ঞানসন্মত আৰু সু পৰিকল্পিত পৰিকল্পনাৰ অভাৱ লক্ষ্যণীয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। বৰ্তমান ৩২১৪জন ৰোগীৰ বাবে বিচনা আৰু ৬০০খন আই চি ইউৰ বিচনা আছে ইয়াত। এটা তথ্য লক্ষ্য কৰিলেই অনুমান কৰাত সহজ হ’ব –কি হাৰত জি এম চি এইছত ৰোগী আৰু লোকৰ সমাগম বাঢ়িছে। ২০২০-২১ বৰ্ষত জি এম চি এইছত অ’পিডিত পঞ্জীয়নকৃত ৰোগীৰ সংখ্যা আছিল ৪৪৭৫৭৬ জন।

২০২১-২২ বৰ্ষত অ’পিডি ৰোগীৰ সংখ্যা বৃদ্ধি পাইছিল ৭৭৬৫৬৬জনলৈ। ২০২২-২৩ বৰ্ষত অ’পিডি ৰোগীৰ সংখ্যা জি এম চি এইছত হৈছিল গৈ ৯৯৩৪৬৩গৰাকী। ২০২৩-২৪ বৰ্ষত সেয়া ১১ লাখকো অতিক্ৰম কৰি গৈছে। একেদৰে আই পি ডি ৰোগীৰ সংখ্যও বাঢ়ি গৈ আছে। ২০২১-২২ বৰ্ষত আই পি ডি ৰোগী ৮৭১৫৯জনৰ পৰা ২০২২-২৩ বৰ্ষত ১১৩০১ হৈছিলগৈ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যোৱা ৬৪টা বছৰত বহু পৰিৱৰ্তন হ’ল। ২০১৭ৰ ফেব্ৰুৱাৰীত জি এম চি এইছৰ সমীপতে শুভাৰম্ভ কৰা হয় ৰাজ্যিক কৰ্কট ৰোগ প্ৰতিষ্ঠান। য’ত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অত্যাধুনিক পেট- এম আৰ আই, পেট- চিটি স্কেনকে ধৰি অত্যাধুনিক যন্ত্ৰ-পাতিৰ সুবিধা আছে। ২০০ ৰোগীৰ বাবে বিচনা থকাৰ উপৰিও ৰেডিয়েশ্যন অৰ্কোল’জি, পেইন এণ্ড পেলিয়েটিক কেয়াৰ আদিৰ সুবিধা উপলব্ধ।

মূল জি এম চি এইছৰ বিপৰীত দিশত ২০২১ত পি এম এছ এছ ৱাই আঁচনিৰ অধীনত আৰম্ভ কৰা হয় ছুপাৰ স্পেচয়েলিটি হাস্পতাল। এইখন হাস্পতালতো আছে ২৮০খন বিচনা। ৯মে’২০২২ত শুভাৰম্ভ কৰা হৈছিল চি এম চেণ্টাৰ। ২০২০ত দ্যা- অৰ্থো এণ্ড ট্ৰমা চেণ্টাৰ আৰম্ভ কৰা হৈছিল।

পেডিয়েট্ৰিক আউটব’ৰ্ন SNCU আৰম্ভ কৰা হয়  ২০২২ত। য’ত আছে ১২০ খন বিচনা। ইয়াৰ উপৰিও আঞ্চলিক দন্ত মহাবিদ্যালয়খনো আছে এই স্থানতে। ১৯৮২ চনত স্থাপন কৰা এই দন্ত মহাবিদ্যালয়ত প্ৰতিবছৰে ৫০জনকৈ বি ডি এছ পাঠ্যক্ৰমৰ আৰু ১০জনকৈ এম ডি এছ পাঠ্যক্ৰমত অধ্যয়ন কৰাৰ সুবিধা আছে।

ধীৰেণপাৰা এফ আৰ ইউ, পাণ্ডু এফ আৰ ইউক জি এম চি এইছৰ সংলগ্ন হাস্পতাল হিচাপে ঘোষণা কৰা হৈছে ইতিমধ্যে। প্ৰতি বছৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ২০০ এম বি বি এছ, ২১০ জনে স্নাতকোত্তৰ আৰু ৩৭ জনে ডি এম আদি পাঠ্যক্ৰমত নামভৰ্তি কৰে।

এতিয়া জি এম চি এইছত ৩৫টা বিভাগ আছে আৰু ইয়াৰে ১২টা ছুপাৰ স্পেছিয়েলিটি। তাৰোপৰি পেৰামেডিকেলৰ পাঠ্যক্ৰম, কলেজ অৱ নাৰ্ছিং আদি আছে ইয়াত। মৰণোত্তৰ পৰীক্ষা কৰিবলৈ প্ৰথম গুৱাহাটী সমীপৱৰ্তী স্থানৰ পৰা জি এম চি এইছলৈকে মৃতদেহ অনা হয়।

চিকিৎসা, শিক্ষা, গৱেষণা, ৰোগীক সেৱা, নাৰ্চিং পাঠ্যক্ৰম, পেৰামেডিকেল পাঠ্যক্ৰম আদি সকলো এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। দৈনিক ৩০-৪০ হাজাৰ মানুহ কেৱল চিকিৎসাজনিত কাৰণত ইয়াত সমাগম হয়।

সেইখনেই জি এম চি আৰু জি এম চি এইছ এতিয়া । এনে ভীষণ ব্যস্ততা হয়তো কোনোবা দিনা হ’ব বুলি ষাঠিৰ দশকত মানুহে কল্পনাই কৰা নাছিল। পৰিস্থিতি এতিয়া আন্তঃগাঁথনিক লৈ নহয়। সমস্যা এতিয়া সুচল যাতায়ত আৰু এক উশৃংখল পৰিৱেশকলৈ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এতিয়া স্বাস্থ্য মন্ত্ৰী। তেঁওৰ এটা সিদ্ধান্তত জি এম চি এইছ আৰু ইয়াৰ চৌপাশ চিজিল কৰি তুলিব পাৰে। গ্ৰীণ কৰিডৰ নতুবা মেডিকেল কৰিডৰ ঘোষণাৰে বাট-পথৰ কিছু সাল-সলনিয়ে ৰোগী, চিকিৎসক সকলোকে সকাহ দিব।

জি এম চি এইছৰ প্ৰৱেশৰ অনেক পথ। কোনটো পথেৰে কোন সোমাইছে তাৰ কোনো হিচাপ নাথাকে। নিৰাপত্তাজনিত কাৰণতে এই দিশটোও গুৰুত্ব দিব লাগে। জি এম চি এইছলৈ যোৱা সাধাৰণ লোকে অনুভৱ কৰা এই সমস্যাবোৰ নিশ্চয় চিকিৎসা মহাবিদ্যালয়, জি এম চি এইছৰ কৰ্তৃপক্ষইও অনুভৱ কৰে। এক সু পৰিকল্পিত আঁচনিৰে এই অঞ্চলটোক সুসংগঠিত কৰি তুলিলে বহু লোকৰ জীৱন ৰক্ষা হ’ব। ৰাস্তাৰ এটা পাৰে থকা হাস্পতালখনৰ পৰা আনটো পাৰত থকা হাস্পতালখনলৈ যাবলৈ কেতিয়াবা এঘণ্টা পৰ্যন্ত লগাতো কম পৰিতাপৰ কথা নে ?

জি এম চি এইছলৈ যোৱাৰ পথৰ দৰে বিশৃংখল পৰিস্থিতি সম্ভৱতঃ কোনো এখন মেডিকেল কলেজলৈ যাওতে কোনো লোকেই সন্মুখীন হোৱাৰ নজিৰ নাই। জি এম চিৰ সন্মুখত বহা পাচলি, মাছ, সৰু পাণ দোকান, চাহৰ দোকানবোৰে এই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি তুলিছে। উক্ত স্থানতে আছে জি এম ডি এৰ কাৰ্যালয়। তেঁওলোকেও এই দিশত তীক্ষ্ণ নজৰ ৰখাতো প্ৰয়োজন হৈ পৰিছে। নহ’লে অতি স্পৰ্শকাতৰ এই অঞ্চলটোক নৰকৰ পৰা অতি নৰক হৈ পৰিব এনেবোৰ সমস্যাৰ বাবে।