ৰান্ধি, বাঢ়ি দিলেও খাব নাজানে কংগ্ৰেছে ! 
বিশেষ লেখা

ৰান্ধি, বাঢ়ি দিলেও খাব নাজানে কংগ্ৰেছে !

তুষাৰ প্ৰতিম

আত্মবিশ্বাস লাগে, কিন্তু অত্যাধিক আত্মবিশ্বাসো কেতিয়াবা বিপদৰ কাৰণ হৈ পৰে।অন্ততঃ এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত কংগ্ৰেছ নেতৃত্বই। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফল কংগ্ৰেছ নেতৃত্বৰ অত্যাধিক আত্মবিশ্বাস আৰু অত্যুৎসাহৰে পৰিণাম।

৯০ খন আসনৰ হাৰিয়ানা বিধানসভাত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ বাট মুকলি হ’ল ভাৰতীয় জনতা পাৰ্টিৰ। এই লেখা লিখি থকাৰ সময়লৈকে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দলটোৱে ৪০ খন আসনতে বিজয় সাব্যস্ত কৰিছে আৰু ৮ খন আসনত অগ্ৰগতি লাভ কৰিছে।

ইয়াৰ বিপৰীতে কংগ্ৰেছে ৩১ খন আসনত বিজয় সাব্যস্ত কৰিছে আৰু ৬ খন আসনত অগ্ৰগতি লাভ কৰি আছে। অন্যান্যই ৪ খন আসন দখল কৰিছে। অৰ্থাৎ ক্ষমতা আহৰণৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ ৪৬ বিজেপিয়ে অনায়াসে অৰ্জন কৰাৰ বাট মুকলি হ’ল।

ইয়াৰ লগে লগে হাৰিয়ানা বিধানসভাত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন নিশ্চিত হৈ পৰিল। কিন্তু আজি ভোটগণনা আৰম্ভ হোৱাৰ সময়তো কংগ্ৰেছে হাৰিয়ানা বিধানসভা দখল কৰাৰ স্বপ্নতে বিভোৰ আছিল।

ভোট গণনাৰ প্ৰাৰম্ভিক সময়ত দলটোৰ অগ্ৰগতি দেখি পুৱা ৯ বজাতেই মিঠাই বিতৰণ কৰিবলৈয়ো আৰম্ভ কৰিছিল দলটোৰ নেতৃত্বই। একাংশ কংগ্ৰেছ নেতাৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীয়ে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী জিন্দাবাদ শ্লোগান আওঁৰাই বিজয় উৎসৱ উদযাপনো আৰম্ভ কৰিছিল।

নিৰ্বাচনৰ পূৰ্বৰে পৰা কংগ্ৰেছে হাৰিয়ানা দখল কৰিব পাৰিব বুলি প্ৰচণ্ড আত্মবিশ্বাসী হৈ আছিল। ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি দলটোৰ সকলো নেতৃত্বই বিজেপিয়ে কোনো কাৰণতে পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে বুলিয়েই দাবী কৰি আহিছিল।

এক্সিট পোলেও ৰাজ্যখনত কংগ্ৰেছক একক সংখ্যাগৰিষ্ঠতাৰে বিজয় হ’ব বুলিয়েই কৈছিল। কিন্তু আজি ভোটগণনাৰ সময়ত তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্যহে পৰিলক্ষিত হয়। পুৱা প্ৰায় ৯ বজাৰ পৰা কংগ্ৰেছে আৰম্ভ কৰা বিজয় উৎসৱ ১০ বজালৈকেহে উদযাপিত হ’ল।

তাৰ পাছত আৰম্ভ হয় কংগ্ৰেছৰ স্বপ্ন ভংগৰ পৰ্ব। একাংশ কংগ্ৰেছ নেতাই খোৱা মিঠাই হজম নহওঁতেই ৰাজ্যখনত বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হয়। অত্যাধিক আত্মবিশ্বাসী এই নেতাসকলৰ নিশ্চয় এতিয়া বদহজম হৈছে।

মিঠাই খাই মুখ মিঠা কৰাসকলৰ এই ফলাফলে মুখ তিতা কৰিছে। অৱশ্যে কংগ্ৰেছ নেতাৰ এনে অভিজ্ঞতা এয়াই নতুন নহয়। ইয়াৰ পূৰ্বেও দলটোৱে এনে অত্যুৎসাহী হৈ বদহজমৰ কৱলত পৰিছে।

আনে ৰান্ধি, বাঢ়ি দিয়া ভাত খোৱাৰ পুৰণি অভ্যাস ত্যাগ কৰিব নোৱাৰা কংগ্ৰেছ নেতৃত্বৰ যোৱা এটা দশকত এনে বহু অভিজ্ঞতাৰে অভিজ্ঞ হৈছে। বেছি দূৰলৈ নগৈ ২০২১ ৰ অসম বিধানসভা নিৰ্বাচনলৈ এবাৰ মনত পেলালেই হয়।

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, অত্যাধিক কৰ, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন কেন্দ্ৰীক পৰিস্থিতি আদিকে ধৰি অনেক সমস্যাৰে ভাৰাক্ৰান্ত হোৱা অসমৰ ৰাইজে বিজেপিৰ শাসনৰ প্ৰতি অতিষ্ঠ হৈছিল। বিভিন্ন মাধ্যমেৰে সচেতন ৰাইজে সেইবোৰ কথা আলোচনা কৰিছিল।

তাকে দেখি কোনো নিৰ্দিষ্ট পৰিকল্পনা, ৰণনীতি তৈয়াৰ নকৰাকৈ মহা শক্তিশালী বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত নমা কংগ্ৰেছ নেতাই আনকি মুখ্যমন্ত্ৰী হোৱাৰো সপোন দেখিছিল। দলটোৰ প্ৰাৰ্থীসকলক হৰ্ছ ট্ৰেডিঙৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ ৰিজ’ৰ্টত ভৰাই থৈছিল। কিন্তু তৃণমূল পৰ্যায়ত শক্তিশালী হৈ থকা বিজেপিয়ে অনায়াসে দ্বিতীয়বাৰৰ ৰাজ্যৰ ক্ষমতা দখল ক্ষমতা দখল কৰিলে।

২০২৩ ৰ শেষৰফালে অনুষ্ঠিত হোৱা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছে সেয়াই কৰিছিল। মধ্যপ্ৰদেশ, ছত্তিশগড়, ৰাজস্থান, মিজোৰাম আৰু তেলেংগানাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বহু পূৰ্বৰে পৰা কংগ্ৰেছে অতি কমেও ৪ খন ৰাজ্যই দখল কৰিব বুলি দাবী কৰি আহিছিল।

নিজৰ দখলত থকা ছত্তিশগড়ক তেওঁলোকে বৰ বিশেষ গুৰুত্বও দিয়া নাছিল। কিন্তু সেই ছত্তিশগড় পাছত বিজেপিৰ দখললৈ যায়। মধ্যপ্ৰদেশত কমল নাথ আৰু জয়ৰাম ৰমেশেৰ মাজতেই মুখ্যমন্ত্ৰী কেন্দ্ৰীক এখন যুঁজ চলিছিল। কিন্তু সেই মধ্যপ্ৰদেশো পুনৰ এবাৰ বিজেপিৰ দখললৈ যায়।

কংগ্ৰেছৰ অত্যাধিক আত্মবিশ্বাস তথা দলীয় নেতাৰ মাজৰ খোৱা-কোমাৰাৰ বাবেই নিজৰ দখলত থকা ৰাজস্থানো বিজেপিৰ হাতত হেৰুৱালে। তেলেংগানা যদিও দখল কৰিলে তাত ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰিবৰ্তে যুৱ নেতা ৰেৱন্ত ৰেড্ডীয়ে তৃণমূল পৰ্যায়ত কৰি অহা ত্যাগহে আছিল বিজয়ৰ আঁৰৰ মূল কাৰণ।

এইবাৰ হাৰিয়ানাতো সেয়াই হ’ল। ৰাজ্যখনৰ ক্ষমতা নিজৰ দখললৈ অনাৰ বাবে বহু সুযোগ, সুবিধা থকাৰ পাছতো নেতৃত্বৰ দায়িত্বহীনতাৰ বাবেই পায়ো হেৰুৱালে সকলো। ক্ষমতা দখল নকৰোতেই নেতাৰ মাজত যি খোৱা কোমাৰা লাগিল সেয়া পৰাজয়ৰ অন্যতম মূল কাৰণ।

ৰাজ্যখনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ নিৰ্বাচনৰ আগৰে পৰা চলি আহিছিল এখন যুঁজ। বৰ্ষীয়ান কংগ্ৰেছ নেতা ভূপিন্দৰ সিং হুডা আৰু কুমাৰি ছেলজাৰ মাজত চলিছিল মুখ্যমন্ত্ৰী কেন্দ্ৰীক যুঁজখন।

কেন্দ্ৰীয় নেতৃত্বৰে অধিক ঘনিষ্ঠ হোৱাৰ সোৱাদতেই এই যুঁজত এখোজ আগত আছিল হুডা। প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি মিত্ৰজোঁটৰ ৰাজনীতিলৈকে সকলো ক্ষেত্ৰতে হুডাৰ প্ৰভাৱ আছিল।

মন কৰিবলগীয়া কথাটো হ'ল ২০১৯ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু আজিৰ ফলাফললৈ মন কৰিলে এটা কথা স্পষ্ট হয় যে, হাৰিয়ানাৰ জাটসকলৰ মাজত এতিয়াও কংগ্ৰেছৰ গ্ৰহণযোগ্যতা বহু কম। ভূপিন্দৰ সিং হুডা নিজেই এগৰাকী জাট সম্প্ৰদায়ৰ নেতা।

তাৰ পাছতো তেওঁ এই কথা উপলব্ধি কৰিব নোৱাৰিলে। বিজেপিয়ে জাটসকলৰ পৰিবৰ্তে আন আন গোষ্ঠীসমূহক লক্ষ্য কৰি ল'লে। ৰাজ্যখনৰ জাট বিৰোধী সকলো ভোট বিজেপিৰ দিশে ধাৱমান হয়।

তাৰোপৰি ৰাজ্যখনত ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক গুৰুত্বহীন কৰাৰ বাবেও পৰিণাম ভূগিবলগীয়া হয় কংগ্ৰেছে। বহু বিধানসভা সমষ্টিত ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক দল আৰু নিৰ্দলীয়ই কংগ্ৰেছৰ বহু ভোট কাটিলে।

কৃষক আন্দোলন, মল্লযুঁজাৰুৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ সংঘাত আদি অনেক কাৰণত হাৰিয়ানাৰ বহু লোক বিজেপি বিৰোধী হৈ পৰিছিল। এই কথোবাৰ আনকি বিজেপিয়েও বুজি পাইছিল।

সেয়ে তৃণমূল পৰ্যায়ত দলটোৱে নিৰ্বাচনৰ পূৰ্বে যথেষ্ট কাম কৰে। কিন্তু কংগ্ৰেছে তৃণমূল পৰ্যায়ত তেনে কোনো উল্লেখনীয় কাম কৰা পৰিলক্ষিত নহ'ল। কেৱল জনতাৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টিকে সম্বল হিচাপে লৈ ক্ষমতা দখলৰ আশাত বন্দী হয় দলটো।

ইমানৰ পাছতো যদি কংগ্ৰেছ নেতৃত্বই কেৱল ইভিএমক দোষাৰোপ কৰি ৰাউচি জুৰি কান্দে তেন্তে দলটোৰ নেতৃত্ব কেৱল সাধাৰণ ৰাইজৰ মাজত হাঁহিয়াতৰ হে পাত্ৰ হৈ পৰিব। সাধাৰণ মানুহৰ এটা সাধাৰণ প্ৰশ্নই কংগ্ৰেছৰ নিশ্চয় মুখ বন্ধ কৰিব। হাৰিয়ানাত যদি ই ভি এম বিসংগতিৰে বিজেপি জয়ী হৈছে জম্মু-কাশ্মীৰত নেচনেল কনফাৰেন্সৰ সৈতে কংগ্ৰেছেও ই ভি এম বিসংগতিৰে ক্ষমতা দখল কৰিছে নেকি?

জম্মু কাশ্মীৰৰ ৯০ খন আসনৰ ভিতৰত জম্মু কাশ্মীৰ নেচনেল কনফাৰেন্সে ৪২ খন আসন, কংগ্ৰেছে ৬ খন আসন লাভ কৰিছে। ইয়াৰ বিপৰীতে বিজেপিয়ে ২৯ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে।

তাৰোপৰি জম্মু-কাশ্মীৰ পিপলছ ডেমক্ৰেটিক পাৰ্টিয়ে ৩ খন, জম্মু কাশ্মীৰ পিপল কনফাৰেন্স, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, আম আদমি পাৰ্টিয়ে ১ এখনকৈ আৰু নিৰ্দলীয়ই ৭ খন আসন লাভ কৰিছে। ৰাজ্যখনত জম্মু কাশ্মীৰৰ নেচনেল কনফাৰেন্সৰ নেতৃত্বত চৰকাৰ গঠন নিশ্চিত হৈছে।  

আজিৰ এই দুই ৰাজ্যৰ ফলাফলৰ পৰা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই শিক্ষা লয় নে নলয় সেয়া তেওঁলোকৰ কথা যদিও অসম কংগ্ৰেছৰ নেতৃত্বই শিক্ষা লোৱা উচিত। লোকসভা নিৰ্বাচনত ৩ খন আসনৰ দুখনতে সংখ্যালঘুৰ কৃপাত আৰু এখনত ৰাইজৰ অনুকম্পাত জয়ী হোৱাৰ পাছত অহংকাৰী হৈ উঠা কংগ্ৰেছ নেতৃত্বই ২০২৬ ত বিজেপিক উৎখাত কৰাৰ সপোন দেখিছে।

কিন্তু তৃণমূল পৰ্যায়ত দলটোৰ তেনে কোনো চকুত লগা কাম-কাজ পৰিলক্ষিত হোৱা নাই। মিত্ৰতাৰ নামত কেৱল প্ৰেছ বিবৃতি দিয়া আৰু আলোচনাত মিলিত হোৱাৰ বাবে কংগ্ৰেছ আৰু মিত্ৰদলসমূহে সাধাৰণ ভোটাৰৰ মাজত সোমাবলৈ পৰা নাই।

বিভিন্ন ইছ্যু নিজে নিজেই আহি কংগ্ৰেছৰ হাতত ধৰা দিছে যদিও সেই ইছ্যুত মাত মাতিবলৈ গৈ পুনৰ নিজৰ ভৰিত নিজেই কোঠাৰ মাৰি লৈছে। সামাজিক মাধ্যমৰ চৰ্চা আৰু সৰ্বসাধাৰণৰ মন জয় কৰাৰ মাজত যে আকাশ পাতাল পাৰ্থক্য আছে সেয়া বুজিব লাগিব।