উফ এতিয়াহে শান্তি... 
বিশেষ লেখা

উফ্ এতিয়াহে শান্তি...

তুষাৰ প্ৰতিম

চলি থকা ফেনখন ভাগৰি পৰিছে। ফেনৰ বতাহে কোঠা গৰম কৰি তুলিছে। শীততাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা বাহিৰলৈ ওলাব নোৱাৰি। ওলালেই পুৰি যায় দেহা। খিৰিকীৰে বাহিৰলৈ ভুমুকি মাৰি চাওঁ বুলিও চাব নোৱাৰি। সূৰ্যৰ প্ৰখৰ ৰশ্মিয়ে চকু চাঁত মাৰি ধৰে।

ঘৰৰ বাহিৰত থাকি যিসকলে কাম কৰিছে তেওঁলোকৰ অৱস্থা আৰু বেয়া। কোনোবাই যদি বাৰে বাৰে ঠাণ্ডা পানী খাইছে আন কোনোবাই গছৰ ছাঁতে কিছু সময় জিৰণি লৈছে। ৰিক্সা চলোৱা লোক কেইজনে কোনো ছাঁ পৰা স্থানত ৰিক্সাৰ ওপৰতে বাগৰ দিছে।

শ্ৰমিকসকলে এই গৰমকো নেওচি শ্ৰম কৰিছে। ভাগৰিও ভাগৰ নালাগে তেওঁলোকৰ। মনৰ জোৰতেই কামবোৰ কৰিছে যদিও দেহাই টনা নাই। বাৰে বাৰে পানীৰে মুখ, হাত ধুইছে। গিলাছে গিলাছে পানী খায়েই দেহ শীতল কৰিবলৈ বিচাৰিছে।

পথৰ কাণৰ শীতল পানীয়ৰ দোকানত মানুহৰ ভিৰ বাঢ়িছে। নেমু পানী, কুঁহিয়াৰ ৰসৰ সৰু সৰু ঠেলা আকৃতিৰ দোকানবোৰো মানুহে ঘেৰি ধৰিছে। সকলোৰে এটাই উদ্দেশ্য দেহ শীতল কৰিব লাগে।

গুৱাহাটী মহানগৰীৰ পুৰণি বাছসমূহ যাত্ৰী অবিহনেই ইফালৰ পৰা সিফাললৈ ঘূৰি আছে। চালক, পৰিচালকৰ মুখত যাত্ৰী নথকাৰ বাবে ক্ষোভ অথবা দুখৰ অভিব্যক্তি লেখমানো নাই। অৱশ্যে তেওঁলোকো যে অত্যন্ত ভাগৰি পৰিছে সেয়া অৱশ্যে স্পষ্ট হৈছে।

বাছ ব্যৱহাৰ কৰা যাত্ৰীসকলে এচি বাছ কেইখনলৈকে অপেক্ষা কৰিছে। এই বাছ কেইখনত আসন খালী নাই। আসন নোপোৱাক লৈ, মহিলা, বয়োজ্যেষ্ঠ কাৰো একো আক্ষেপ নাই। থিয় হৈয়ে সকলোৱে যাত্ৰা কৰিছে। বিদ্যালয়সমূহ নিয়ম মাফিক চলি আছে।

শিক্ষক শ্ৰেণী কোঠালৈ আহিছে অথচ শিক্ষাৰ্থীৰ অৱস্থা নাই। কিতাপ হাতত তুলি লৈয়ো শিক্ষকে বাৰে বাৰে ভাবিবলগীয়া হৈছে নতুন অধ্যায়টো আৰম্ভ কৰিবনে নে আন কিবা অন্য বিষয় আলোচনা কৰিয়েই শিক্ষাৰ্থীৰ মন পাতলাবলৈ চেষ্টা কৰিব।

এয়াই এইকেইদিনৰ দৃশ্য। গুৱাহাটীতেই নহয় ৰাজ্যৰ সকলো জিলাতে এনে অৱস্থা। অথচ আজিৰ পৰা সপ্তাহ, ১০ দিনৰ আগত এনে গৰমৰ প্ৰকোপ নাছিল। শৰতৰ আগমণৰ উমান দি পুৱতি নিশা সেমেকা সেমেকা ভাৱ এটা আহিছিল।

সচৰাচৰ দুৰ্গা পূজাৰ প্ৰাকক্ষণৰ আহিন, কাতিৰ পুৱাবোৰ এনেকুৱাই হয়। দুৰ্গা পূজা অহালৈকে সেই সেমেকা পৰিবেশ অধিক সেমেকি উঠে। কিন্তু এই কেইদিন তাৰ সম্পূৰ্ণ এক বিপৰীত পৰিস্থিতি।

পুৱা সূৰ্যোদয় হোৱাৰ লগে লগেই ৰ'দে খাও খাও মূৰ্তি ধৰে। দুৱাৰ, খিৰিকী মেলিলেই চকু চাঁত মাৰি ধৰে। ভিতৰত থাকিবলৈ ফেনৰ বতাহ গৰম হৈ উঠে, বাহিৰত নাই ঠাণ্ডা বতাহ। গছবোৰ থিয় হৈ আছে, কিন্তু এখিলা পাতো লৰচৰ কৰা নাই।

প্ৰতিখন জিলাতে পাৰাস্তম্ভই ৩৬, ৩৭ ডিগ্ৰী চেলছিয়াছ হৈছে। পাৰাস্তম্ভই ৩৬/৭ স্পৰ্শ কৰিলেও তাৰ অনুভৱ কিন্তু ৪০ ডিগ্ৰী চেলছিয়াছৰো অধিক। গৰমৰ এনে অত্যাচাৰত পথাৰবোৰ জ্বলি যোৱাৰ দৰে হৈছে। জলসিঞ্চন বিহীন অসমৰ অধিকাংশ পথাৰ এতিয়া চাবলৈ নোৱাৰা এক অৱস্থা।

এনে পৰিস্থিতিতে প্ৰায় প্ৰতিখন জিলাতে যোৱা শনিবাৰৰ পৰা, কোনো কোনোৱে আজিৰে পৰা বিদ্যালয়ৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হৈছিল। তথাপিও ৰক্ষা পোৱা নাই। বিদ্যালয়তে অসুস্থ হৈ পৰিছে শিক্ষাৰ্থী।

গুৱাহাটী মহানগৰীত এনে কেইবাটাও ঘটনা সংঘটিত হৈছে। ৰাজ্যৰ কেইবাস্থানতো এনে গৰমৰ বাবেই কেইবাজনেও হেৰুৱাইছে প্ৰাণ। ফলশ্ৰুতিত গুৱাহাটী মহানগৰীত বিদ্যালয়সমূহ সম্পূৰ্ণ ৰূপে বন্ধ কৰিবলৈ নিৰ্দেশ আজি জাৰি কৰিছে।

ৰাজ্যত বতৰৰ এনে পৰিবৰ্তনে স্বাভাৱিকতে সকলোকে চিন্তিত কৰি তুলিছে। বহুতেই জধে মধে গছ কটাৰ বাবেই এই অস্বাভাৱিক পৰিবৰ্তনৰ কথা উল্লেখ কৰিছে। উন্নয়নৰ নামত চৰকাৰে শতিকা প্ৰাচীন গছ কাটিবলৈয়ো কুণ্ঠাবোধ কৰা নাই।

বৃক্ষৰোপণৰ নামত চলি থকা নাটকে যে, প্ৰাকৃতিক ভাৰাসাম্য ৰক্ষা কৰিব পৰা নাই সেই কথা উপলব্ধি কৰিছে সৰ্ব সাধাৰণে। কিন্তু চৰকাৰী যন্ত্ৰই সেই কথা কেতিয়া উপলব্ধি কৰিব সেয়াহে চিন্তনীয়।

এসময়ত জংঘলৰ দেশ বুলি পৰিচিত অসমৰ এতিয়া ৫৪ শতাংশতকৈ অধিক বনাঞ্চল বেদখলকাৰীৰ কৱলত। লোকসভাত ২০২২ ৰ ডিচেম্বৰত কেন্দ্ৰীয় বন আৰু পৰিৱেশ দপ্তৰৰ তদানীন্তন ৰাজ্যমন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে দিয়া তথ্য অনুসৰি দেশৰ ৭,০৩,১৫১.২৭ হেক্টৰ (৭,০৩১.৫ বর্গ কিলোমিটাৰ) বনভূমি বেদখলকাৰীৰ কবলত আছে।

ইয়াৰ ভিতৰত অসমতেই সৰ্বাধিক ৩,৭৭,৫৩২.৬৩ হেক্টৰ (৩,৭৭৫.৩২ বৰ্গকিলোমিটাৰ) বনভূমি বেদখল হৈছে। অসমৰ মুঠ ৩৬ শতাংশ ভূমিয়েই বনভূমি যদিও এতিয়া সেই পৰিমাণ যথেষ্ট সংকুচিত হ'ল। বতৰৰ অস্বাভাৱিক পৰিবৰ্তনৰ নিশ্চয় ইয়ো এক অন্যতম মূল কাৰণ।

সোমবাৰে দিনৰ ভাগত গৰমত ৰাজ্যৰ জনসাধাৰণে ত্ৰাহি মুধুসূদন সোঁৱৰি থকাৰ সময়তে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এক জাননীৰ আঁত ধৰি অসমীয়া প্ৰতিদিন ডিজিটেলে শীঘ্ৰেই ৰাজ্যত বৰষুণ অহাৰ সম্ভাৱনাৰ সন্দৰ্ভত এক বাতৰি প্ৰকাশ কৰিছিল।

বতৰ বিজ্ঞান কেন্দ্ৰৰ এই জাননী শুদ্ধ হ'ল। চাতক চৰাইৰ দৰে বৰষুণৰ অপেক্ষাত আকাশলৈ চাই থকা গুৱাহাটীবাসীক কৃপা কৰিলে প্ৰকৃতিয়ে। এজাক বৰষুণেৰে ধুৱাই নিলে সমগ্ৰ মহানগৰী।

গুৱাহাটীৰ দাঁতি কাষৰীয়া অঞ্চলতো এই বৰষুণৰ প্ৰভাৱ পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী অনুসৰিয়েই আজিৰে পৰা ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ অহাৰ সম্ভাৱনা আছে। কেইবাখনো জিলাত আগন্তুক ৫ দিনলৈ জাৰি কৰা হৈছে য়েল্ল' আৰু অৰেঞ্জ এলাৰ্ট।

নিশ্চয়কৈ এই জিলা কেইখনতো আজি নিশাৰ ভাগৰ পৰাই বতৰ সলনি হ'ব। বিজুলী, ঢেৰেকনিৰে বৰষুণ আহিব। এই বৰষুৰ টোপালত ৰাইজে দেহ জীপাল কৰিলেই নহ'ব।

প্ৰকৃতিক সন্মান কৰাৰো পণ ল'ব লাগিব। প্ৰকৃতি ধ্বংসৰ পৰিবৰ্তে সুৰক্ষাত নিমজ্জিত হ'ব লাগিব। অন্যথা মানুহ আৰু চাতক চৰাইৰ মাজত পাৰ্থক্য নাথাকিব। বৰষুণৰ অপেক্ষাত চাই থাকিব লাগিব কেৱল আকাশলৈ।