গলগলীয়া মাতেৰে এটা কবিতা আবৃত্তি কৰিছিল এজন ৯৪ বছৰীয়া প্ৰবীণ অভিনেতাই। তেওঁৰ কণ্ঠৰ আবৃত্তিৰ সৈতে কবিতাটোৰ কথাখিনি এনেদৰে মিলি গৈছিল যে, যিয়ে এবাৰ এই কবিতাটো শুনিছিল তেওঁ ৰৈ গৈছিল।
এবাৰ শুনিলে হেঁপাহ নপলোৱা কবিতা আছিল এইটো। কবিতা নহয় যেন এই সময়ৰ প্ৰৌঢ় প্ৰতিজন ব্যক্তিৰ মনৰ কথা আছিল এইটো। অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া তথা সুলেখক পাৰ্থ সাৰথি মহন্তই লিখা কবিতাটোৰ শিৰোনাম আছিল 'বুঢ়া বুঢ়া গোন্ধ'।
কবিতাটোৰ আঁৰৰ এক কাহিনী আছে। পাৰ্থ সাৰথি মহন্তই 'আন্তৰিক সংযোগ' নামৰ এক অনুষ্ঠানলৈ উৎসৰ্গা কৰি কবিতাটো লিখিছিল 'বাৰ্তাপখিলী' নামৰ আলোচনীখনত। আন্তৰিক সংযোগ আছিল তেনে এক অনুষ্ঠান, যি অনুষ্ঠানে নিঃসংগ বয়সস্থ লোকসকলক ব্যক্তিক্ৰম ধৰণে তেওঁলোকক যতন আৰু সংগ দিবলৈ চেষ্টা কৰে।
কবিতাটো আছিল- ''মই হেনা বুঢ়া বুঢ়া গোন্ধাও/ এই গোন্ধটো ময়ো বিচাৰি চাইছো/ নাপাও দেখোন/ ককাৰ লগত ওমলোতে/ এই গোন্ধটো পোৱা মোৰ মনত নাই/ আইতাই লাড়ু কৰি ভাত খোৱাওতেও এই গোন্ধটো পোৱা নাই/ শয্যাগত দেউতাৰ ভৰি পিটিকি দিওতেও/ মই বুঢ়া বুঢ়া গোন্ধটো পোৱা নাই/ এইটো নতুন বেমাৰ নেকি/ দুপইচা ঘটি চাৰি পইচাৰ টাপলি মাৰি/ শেষ নহওঁতেই দুপইচা ঘটাৰো সময় উকলি গ'ল/ ইহঁত কেইটাই দেখোন এতিয়া/ নিজৰ জঞ্জাল মাৰিয়েই আজৰি নোহোৱা হ'ল/ কেওটা মিলি মজিয়াত/ এগৰাহ খোৱাৰ হেঁপাহ মনতেই থাকি গ'ল/ এই বুঢ়া হেনো/ বুঢ়া বুঢ়া গোন্ধোৱা হল/''
ৰাজগড়ৰ কাদম্বৰি ষ্টুডিঅ'ত কবিতাটো যেতিয়া তেওঁ আবৃত্তি কৰিছিল তেওঁৰ বয়স আছিল ৯৪ বছৰ। তেতিয়াও তেওঁ বুঢ়া হৈ যোৱা নাছিল। এখন সক্ৰিয় কৰ্মৰত পৃথিৱীত ব্যস্ত হৈ থকা চিৰ তৰুণ হৈয়ে আছিল। আজি তেওঁৰ ৯৬ বছৰ বয়সত চিকিৎসালয়ৰ বিচনাত।
কুলদা কুমাৰ ভট্টাচাৰ্য অসমৰ অভিনয়, নাটক, ছবি, ধাৰাবাহিক পৰিচালনা জগতৰ এজন পুৰোধা ব্যক্তি। নাম নহয়, এক অনুষ্ঠান। তেওঁৰ কৰ্মৰাজিৰ কথা কৈ শেষ কৰিব নোৱাৰি। অভিনয় আৰু চলচ্চিত্ৰ, নাটকৰ জগতখনকেই তেওঁ জীৱন কৰি ল'লে।
নিয়মানুবৰ্তিতা আৰু সময়ৰ প্ৰতি সচেতন হৈয়ে থাকিল আজীৱন। তেওঁৰ ঘড়ীত ১০ মানেই ১০। কাৰোবাক যদি ১১ বজাত ঘৰলৈ মাতিছে তেওঁ ১১ বজাতেই সাজু হৈ থাকে। ঘড়ীৰ কাটা মিনিটৰ ঘৰৰো ইফাল সিফাল নহয়।
সৌ সেইদিনা তেওঁ ৯৬ বছৰ অতিক্ৰম কৰিলে। দূৰন্ত তৰুণ হৈয়ে তেওঁ কেমেৰাৰ সন্মুখত অভিনয় কৰি আছিল। মঞ্জু বৰাৰ জ্যোতি প্ৰসাদ আগৰৱালাক লৈ নিৰ্মাণ কৰা ছবিখনৰ সৈতে জড়িত হৈ পৰিছিল। জীৱনৰ কথাবোৰ আত্মজীৱনী ৰূপত লিখি পেলাইছিল।
এইবাৰ গ্ৰন্থ মেলাত সেইখন প্ৰকাশ কৰাৰ দিহা হৈছিল। পৰিকল্পনা লৈয়ে তেওঁ জীৱন আগুৱাই নিছিল। তেওঁ আছিল চিৰকুমাৰ। বিবাহ পাশত আবদ্ধ নহ'লেও তেওঁ নিজেই কৈছিল তেওঁ নিঃসংগ নহয়। পৰিয়ালৰ সকলো লোকেই তেওঁৰ খবৰ ৰাখিছিল।
ভতিজা, ভতিজা বোৱাৰী আৰু তেওঁলোকৰ কন্যা সন্তানে তেওঁক বেৰি ৰাখিছিল। ২৮ বছৰ ধৰি তেওঁ খাদ্য নলী জনিত এক ৰোগত ভোগী আছিল। খাদ্য নলীৰ কিছু অংশ সংকোচন হোৱাৰ বাবে কঠিন আহাৰৰ সলনি জুলীয়া আহাৰ খাইছিল।
স্বাস্থ্যৰ যতন লৈছিল তেওঁ। যদিও তেওঁ সেই 'বুঢ়া বুঢ়া গোন্ধ' কবিতাটো আবৃত্তি কৰিছিল কিন্তু তেওঁ বুঢ়া হোৱা নাছিল। তেওঁ শেহতীয়াকৈ আন্তৰিক সংযোগৰ বাবে লিখা এটা লেখাত লিখিছিল-'' আন্তৰিক সংযোগ নামৰ NGO টোৱে এইটো এটা অতি সময়োচিত পদক্ষেপ হাতত লৈছে৷ যোৱা তিনি-চাৰিবছৰ ধৰি চলি থকা তেওঁলোকৰ কাম-কাজবোৰ দেখি মই খুবেই সুখী৷ মোৰ বয়স এতিয়া ৯৬ বছৰ ৷ এই বয়সত বেছিভাগ মানুহেই নিঃসংগতাত ভোগে, অকলশৰীয়াবোধ অনুভৱ কৰে৷ অৱশ্যে মোৰ তেনে সমস্যা সমূলি নাই৷ কিন্তু সকলো মানুহ মোৰ দৰে সৌভাগ্যৱান নহ’বও পাৰে৷ সকলোকে পৰিয়াল-পৰিজন বা আত্মীয়-স্বজনে অনবৰতে আৱৰি নাথাকিবও পাৰে৷ তেনেলোকৰ বাবে আন্তৰিক সংযোগে লোৱা এই ব্যৱস্থা অতি আদৰণীয়৷ বিদেশত এনে ব্যৱস্থা বহুত কিবাকিবি আছে৷ আমাৰ ৰাজ্যত বোধকৰোঁ এয়েই প্ৰথম৷ পাপৰিয়ে যেতিয়া এই বিষয়ে মোক কৈছিল মোৰ মনটো ভাল লাগি গৈছিল৷ অন্ততঃ আমাৰ মানুহখিনিৰ বাবে কোনোবাই কিবা এটা চিন্তা কৰিছে, কিবা এটা কাম কৰিবলৈ আগবাঢ়ি আহিছে৷ পাৰ্থসাৰথি মহন্তই লিখা আন্তৰিক সংযোগৰ নামত উৎৰ্সগীত ‘বুঢ়া বুঢ়া গোন্ধ’ কবিতাটো পাপৰিয়ে মোক ষ্টুডিঅ’ লৈ লৈ গৈ ৰেকৰ্ডিং কৰোৱালে৷ কবিতাটো মানুহে খুব ভাল পালে৷ দুবছৰৰ আগতে ৰিলিজ হোৱা কবিতাটোৰ কথা এতিয়াও দুই-একে ফ’ন কৰিলে কয়৷ ভাল লাগে৷ মানুহ যিমানে বুঢ়া নহওক কিয় মনটো সদায় পজিটিভ কৰি ৰাখিব লাগে৷''
এয়াই আছিল তেওঁৰ মনৰ ইতিবাচক শক্তি।তেওঁ আবৃত্তি কৰা কবিতাটো মাত্ৰ কেইটামান দিনৰ ভিতৰতে ১০ লাখ মানুহে শুনিছিল। এতিয়া সেই সংখ্যা আৰু অধিক হ'ল। ৯৬ টা বসন্তৰ বোজা লোৱা মানুহজন আজি অসুস্থ।
মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত তেওঁ চিকিৎসাধীন। বিপদ অকলে নাহে। তেওঁৰ কাষত সদায় থিয় দিয়া ভতিজা, ভতিজা বোৱাৰীৰ ঘৰখনলৈয়ো আহিল আন এক বিপদ। ৰোগাক্ৰান্ত শয্যাশায়ী হৈ আছে ভতিজাক। তেওঁক চোৱাচিতা কৰি থকা ভতিজা বোৱাৰী গৰাকীও আকৌ পৰি ককলাত আঘাত পাই অসুস্থ হৈ আছে।
কোনে, কাক চাই এতিয়া? আই চি ইউত সংজ্ঞাহীন হৈ তেওঁ ভেণ্টিলেচনত আছে। ডাক্তৰে কৈছে দেহৰ প্ৰায়বোৰ অংগ বিকল হৈছে। মানুহজনৰ কাষলৈ মানুহ গৈছে, নিজৰ মানুহ বুলি ভাবে তেওঁক ভালপোৱা মানুহবোৰে।
অসমৰ সাংস্কৃতিক জগতলৈ বহু বৰহণি আগবঢ়াই যোৱা এইগৰাকী মহীৰূহৰ প্ৰতি আমাৰ সকলোৰে দায়িত্ব আছে। আছে সমানেই দায়িত্ব চৰকাৰৰ। তেওঁৰ চিকিৎসাৰ দায়িত্ব ৰাজ্যবাসীৰ হৈ ৰাজ্যচৰকাৰে ল'ব লাগে। সংকটৰ এই মুহূৰ্তত তেওঁৰ কাষত প্ৰতিটো ক্ষণত থাকিব পৰাকৈ এজন মানুহৰ ব্যৱস্থা কৰিব লাগে। নকৰিবনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কুলদা কুমাৰ ভট্টাচাৰ্যৰ বাবে এনে এক ব্যৱস্থা?