নিমাত প্ৰধানমন্ত্ৰী মোডীঃ অসহায় বিৰোধী... 
বিশেষ লেখা

নিমাত প্ৰধানমন্ত্ৰী মোডীঃ অসহায় বিৰোধী...

তুষাৰ প্ৰতিম

এয়া কি হৈ আছে? গণতন্ত্ৰৰ মন্দিৰত গণন্ত্ৰকে হত্যাৰ অপচেষ্টা ! নে কোনোবা নিৰ্দিষ্ট নেতাক সন্তুষ্ট কৰাৰ বাবে সাংবিধানিক পদত অধিষ্ঠিত কোনো কোনো নেতাৰ প্ৰয়াস? গণতন্ত্ৰ ৰক্ষা কৰাৰ এয়া জানো সঠিক পন্থা হয়? আচলতে হৈছে কি, হৈছে কিয় অথবা কি হ'ব এইবোৰ প্ৰশ্ন এতিয়া মানুহৰ মুখে মুখে।

চলিত সংসদৰ শীতকালীন অধিৱেশনৰ মাজতে মঙ্গলবাৰৰ দিনটোত পুনৰ লোকসভাৰ ৪৯ সাংসদক নিলম্বন কৰা হৈছে। ইয়াৰ সৈতে এইবাৰ লোকসভা আৰু ৰাজ্যসভা মিলাই নিলম্বিত বিৰোধী সাংসদৰ সংখ্যা হ'লগৈ ১৪১ জন।

ইমান বৃহৎ সংখ্যক সাংসদক নিলম্বন কৰাৰ পাছত সদনত বিৰোধী বুলি থাকিলেই বা কি? এতিয়াও অধিৱেশন সমাপ্ত হ'বলৈ বাকী আছে ৩ দিন। এই ৩ দিনত উচ্চ সদন ৰাজ্যসভাত ১০০ জনো বিৰোধী সাংসদ উপস্থিত থাকিব নোৱাৰিব।

লোকসভাত অৱশিষ্ট বিৰোধী সাংসদৰ সংখ্যাও প্ৰায় ১০০ জন। এই ১০০ জন সাংসদৰ ভিতৰত আছে অন্ধ্ৰপ্ৰদেশৰ জগন মোহন ৰেড্ডীৰ ৱাই এছ আৰ কংগ্ৰেছ, উৰিষ্যাৰ বিজু জনতা দলৰ সাংসদসকল।

এই সাংসদসকল যদিও বিৰোধীৰ আসনত আছে তথাপিও তেওঁলোক যে প্ৰকৃততে বিজেপিৰেই সমৰ্থক সেয়া ইতিমধ্যে প্ৰমাণিত হৈছে। সংসদত কি হৈছে অথবা নহৈছে তাক লৈ তেওঁলোকৰ কোনো ভ্ৰুক্ষেপ নাই।

গতিকে লোকসভাত বিৰোধীৰ অৱস্থা এতিয়া কি সেয়া নকলেও সকলোৱেই বুজি পাইছে। এতিয়া অৱশিষ্ট তিনিতা দিনত সংসদত শাসকীয় পক্ষক প্ৰশ্ন কৰিবলৈ, কোনো বিলৰ বিৰোধিতা কৰিবলৈও বিৰোধী শক্তিহীন। তাৰ বিপৰীতে এজনো সাংসদ নিলম্বিত নোহোৱাকৈ বিজেপি তথা এন ডি এ ক্ষমতাশালী হৈ আছে দুয়োখন সদনতেই।

ভাৰতীয় সংসদীয় ইতিহাসত এইবাৰৰ শীতকালীন অধিৱেশনে নজিৰ সৃষ্টি কৰিছে। ইতিহাসত নতুনকৈ লিপিবদ্ধ কৰিছে অতি দুৰ্ভাগ্যজনক একো একোটা পৃষ্ঠা। যি পৃষ্ঠাই আগন্তুক সময়ত বৰ্তমানৰ ৰাজনীতিৰ বিষয়ে বহু কথাই কৈ যাব।

ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হোৱা এই ঘটনাৰাজিয়েই ভৱিষ্যতে কাৰোবাক যদি ভাৰতীয় গণতন্ত্ৰৰ খলনায়ক হিচাপে আখ্যা দিব আন কাৰোবাক আকৌ গণতন্ত্ৰৰ প্ৰহৰী আখ্যা দিব। কিন্তু এই দুয়োটা শিবিৰত কোন থাকিব সেয়া তেওঁলোকৰ আজিৰ কৰ্মৰাজিয়েই নিৰ্ধাৰণ কৰিব। বিচাৰ বিশ্লেষণ কৰিলে ৰাইজে সেয়া উপলব্ধি কৰিব পাৰিব।

১২ ডিচেম্বৰ ২০২৩। সকলো দিশৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে, সুৰক্ষাৰ ক্ষেত্ৰত কোনো ত্ৰুতি নৰখাকৈ নিৰ্মাণ কৰি উলিওৱা সংসদৰ নতুন ভৱনত সেইদিনা সংঘটিত হৈছিল এক আতাংকময় পৰিস্থিতি। হঠাৎ দৰ্শকৰ বিথিকাৰ পৰা লোকসভাৰ মজিয়াত জাপ দিছিল দুজন ব্যক্তিয়ে। স্ম'ক বোমাৰে লোকসভাৰ মজিয়াত চলাইছিল সন্ত্ৰাস।

সমান্তৰালকৈ লোকসভাৰ বাহিৰতো স্ম'ক বোমাৰে আন কেইজনমানে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই আটাইকেইজন প্ৰতিবাদকাৰী হেনো ভগৎ সিঙৰ অনুগামী। উচ্চ শিক্ষাৰে শিক্ষিত তথা সংস্থাপনহীন এই যুৱক-যুৱতীসকলে যি পন্থা অৱলম্বন কৰিলে সেই পন্থাই দেশক পুনৰ এবাৰ জোকাৰি গ'ল।

২০০১ ৰ ১৩ ডিচেম্বৰতেই হৈছিল লোকসভা আক্ৰমণ। সেই অপৰাধাতে ফাঁচী দিয়া হৈছিল আফজল গুৰুক। ১৩ ডিচেম্বৰত সংসদভৱন আক্ৰমণৰ বৰ্ষপূৰ্তিতে পুনৰ এইদৰে লোকসভাৰ মজিয়াত প্ৰৱেশ কৰি স্ম'ক বোমাৰে সন্ত্ৰাস চলোৱা বিষয়টো লক্ষ্যণীয়। তাতে এই দুয়োজন লোকেই লোকসভাত প্ৰৱেশ কৰিছিল বিজেপি সাংসদৰ সহায়ত।

নতুন সংসদ ভৱন নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰা নতুন সংসদ ভৱন উদ্বোধন কৰালৈকে বিতৰ্কৰ শেষ নাই। কোৱা হৈছিল এই সংসদ ভৱনৰ সুৰক্ষাৰ দিশটোক সৰ্বাধিক গুৰুত্ব দিয়া হৈছিল। কিন্তু সেই সকলো সুৰক্ষা ব্যৱস্থা ভেদ কৰি যিদৰে এই আক্ৰমণ হ'ল সেয়া সংসদৰ সুৰক্ষা ব্যৱস্থাৰ বাবে এক ডাঙৰ প্ৰশ্ন।

বিৰোধী সাংসদসকলে সেয়ে এই ঘটনাৰ পাছৰে পৰা সংসদৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদ কৰি আহিছে। গৃহমন্ত্ৰী অমিত শ্বাহ সংসদৰ সুৰক্ষাৰ ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থ হৈছে। বিৰোধী সাংসদসকলে সেয়ে সংসদৰ সুৰক্ষা দাবীৰে প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতি বিচাৰিছে।

কিন্তু পূৰ্বৰ দৰেই গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ত মৌনতা অৱলম্বন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এইবাৰো নিমাত।এইগৰাকীয়েই সেইজন প্ৰধানমন্ত্ৰী যি নিজ দেশৰে এখন ৰাজ্য জ্বলি ছাঁয় হোৱাৰ দিশে গতি কৰাৰ সময়তো দুই গোষ্ঠীক শান্ত হ'বলৈ এটা আহ্বান নকৰিলে।

অষ্টলক্ষ্মীৰে আখ্যাৰে উত্তৰ পূৰ্বাঞ্চলক গুৰুত্ব দিয়াৰ কথাৰ ফুলজাৰি মৰা নেতাই মণিপুৰ জ্বলি শেষ হোৱাৰ পাছতো এষাৰ মাত মতা দূৰৰে কথা ৰাজ্যখনৰ প্ৰতিনিধি গৈ তেওঁক সাক্ষাতৰ বাবে অপেক্ষা কৰিও সক্ষাৎ নোপোৱাকৈ ঘূৰি আহিবলগীয়া হৈছিল। কাৰণ তেওঁৰ সেই সময়ত সময় নাছিল। উলাইছিল বিদেশ ভ্ৰমণলৈ।

এয়াই আমাৰ নেতা। এটা টেলিফোনৰ জৰিয়তে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ সমাপ্তিৰ কথা কোৱা, বিশ্বগুৰু হ'বলৈ আগবঢ়া আমাৰ নেতাই গণতন্ত্ৰৰ মন্দিৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত এটা শব্দ উচ্চাৰণ কৰিবলৈও সাহস নকৰে। কৰিবই বা কেনেকৈ? কিবা এটা কোৱা মানেই সংসদ ভৱনৰ সুৰক্ষাত যে ব্যৰ্থ হৈছে সেয়া স্পষ্ট হৈ পৰিব।

সংসদত বিৰোধী সাংসদৰ লগত অধ্যক্ষই প্ৰায়ে একপক্ষীয় আচৰণ কৰি অহাৰ অভিযোগ নতুন নহয়। বিৰোধীয়ে ৰাজহুৱাকৈ এনে অভিযোগ কৰি আহিছে। এইবাৰো সেয়াই হৈছে।

কংগ্ৰেছৰ লোকসভাৰ দলপতি অধীৰ ৰঞ্জন চৌধুৰীৰ মতে লোকসভা আৰু ৰাজ্যসভা হেনো এতিয়া বিজেপি, আৰ এছ এছৰ কাৰ্যালয়লৈ পৰিণত হৈছে। বিৰোধী সাংসদে ভাষণ দিয়াৰ সময়তো হেনো তেওঁলোকৰ মাইক বন্ধ কৰি দিয়া হয়। কথা ক'বলৈ সুযোগ দিয়া নহয়।

মণিপুৰ প্ৰসংগত লোকসভা উত্তাল হোৱাৰ সময়তো অধ্যক্ষই বিৰোধীৰ ক্ষেত্ৰত একপক্ষীয় আচৰণ কৰাৰ অভিযোগ উঠিছিল। শাসকীয় পক্ষক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে বিৰোধীক নীতি শিক্ষা দিবলৈহে অধিক আগ্ৰহী হৈ পৰিছিল অধ্যক্ষ। এনে অভিযোগ ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ বাবে শুভ লক্ষ্যণ হয়নে?

ইমান বৃহৎ সংখ্যক বিৰোধী সাংসদক নিলম্বন কৰি লোকসভা, ৰাজ্যসভাত গৃহীত কৰা হৈছে কেইবাখনো বিধেয়ক। এই বিধেয়ক শাসকীয় পক্ষৰ ইচ্ছানুসৰিয়েই আলোচনা অবিহনেই গৃহীত হ'ল। এয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষ্যণ হয়নে?

কিয় বাৰে বাৰে এই চৰকাৰখনৰ বিৰুদ্ধে গণতন্ত্ৰক হত্যাৰ অভিযোগ উত্থাপন হৈছে? কিয় এই অভিযোগত অভিযুক্ত হয় এই চৰকাৰৰ নেতৃত্ব? কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক নিজৰ ইচ্ছানুসৰি ব্যৱহাৰ কৰা হয়।

বিৰোধীৰ দুৰ্নীতি পৰায়ণ নেতাক হেঁচা প্ৰয়োগ কৰি নিজৰ দলত চামিল কৰাৰ উদাহৰণৰ সীমা সংখ্যা নাই। বিৰোধীত থাকোঁতে যিসকলৰ বিৰুদ্ধে বিজেপিয়ে দুৰ্নীতিৰ অভিযোগ আনি পোতাশাললৈ নিক্ষেপ কৰা হুংকাৰ দিছিল তেনে নেতাকেই বিজেপিত চামিল কৰোৱাই কাৰোবাক যদি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছে আন কাৰোবাক আকৌ দিছে মুখ্যমন্ত্ৰীৰ দায়িত্ব।

কিয় তেওঁলোকৰ বিৰুদ্ধে ব্যৱহাৰ নহয় ই ডি, চি বি আই, নিয়া অথবা আয়কৰ বিভাগ?এইবোৰ প্ৰশ্ন সাধাৰণ ৰাইজৰ মনত নহা নহয়। ইয়াৰ আঁৰত থকা ৰাজনীতিৰ অংকও সকলোৱে বুজি পায়।

লোকসভা, ৰাজ্যসভাত আচলতে কি হৈ আছে সেয়া মানুহে অত দিনে পৰ্যবেক্ষণ কৰি বুজি উঠিছে। কিন্তু মুকলিকৈ অথবা ৰাজহুৱাকৈ বহুতেই এতিও মুখ খুলিবলৈ সাহস কৰা নাই।

শক্তিশালী গণতন্ত্ৰত শক্তিশালী বিৰোধীৰ প্ৰয়োজন। এটা সময় আছিল যেতিয়া বিৰোধী আৰু শাসকপক্ষৰ মাজত সংসদত যি বিতৰ্ক হৈছিল সেই বিতৰ্ক মানুহে চাবলৈ, শুনিবলৈ হেঁপাহ কৰিছিল। মানুহে তাৰ পৰা দুটা কথা শিকিছিল।

আনহে নালাগে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়েই হওক অথবা অটল বিহাৰী বাজপেয়ী মন্ত্ৰীসভাৰ লগতে প্ৰধানমন্ত্ৰীৰ মোডীৰ প্ৰথমটো কাৰ্যাকালতো মন্ত্ৰীসভাৰ সদস্য হোৱা সুষমা স্বৰাজেই হওক। কি সুন্দৰ কথা কৈছিল তেওঁলোকে।

তেওঁলোকৰ বিতৰ্কত আছিল যুক্তি। অধ্যক্ষৰ আসনত বহা তেনে বহু মহীৰূহ ৰাজনীতিবিদ আছে যিয়ে অধ্যক্ষৰ দায়িত্ব পোৱাৰ পাছতেই দলীয় স্বাৰ্থত উৰ্ধত গৈ সংসদৰ স্বাৰ্থত সংবিধান অনুসৰি দায়িত্ব পালন কৰিছিল। বিৰোধীক অনুভৱ কৰিবলৈ দিয়া নাছিল অধ্যক্ষগৰাকীও শাসকীয় পক্ষৰে এজন সাংসদ।

কিন্তু এতিয়া বিতৰ্কৰ নামত হৈছি কি ? কেৱল হুলস্থুল। বিৰোধী, শাসক পক্ষৰ কোনেও কাৰো কথা নুশুনেষ শুনাৰ পৰিবেশো নাই। অধ্যক্ষই কৰিছে কি? আমি জানো এইবোৰ কৰিবলৈকে প্ৰতিনিধি নিৰ্বাচন কৰি সংসদলৈ প্ৰেৰণ কৰিছোঁ? দেশ কিমান জটিল সমস্যাৰ মাজেৰে আগবাঢ়িছে তাৰ প্ৰতি ভ্ৰুক্ষেপ ৰাখিছে কোনে?

নিবনুৱা, দৰিদ্ৰতা, অৰ্থনৈতিক অসমতাকে ধৰি কিমান কি সমস্যা? তাৰ মাজতে আছে আকৌ চুবুৰীয়া চীনৰ আগ্ৰাসনৰ দৰে সমস্যা। চীনে ইতিমধ্যে অৰুণাচলকে ধৰি একাধিক অঞ্চলত ভাৰতৰ ভূমি দখল কৰি ভাৰতৰ ভূখণ্ডত গাওঁ নিৰ্মাণ কৰাৰ খবৰ প্ৰকাশিত হৈছে। কেৱল পাকিস্তানক ধমকি দি ৰাজনীতিৰ পাশা খেল খেলি থকা আমাৰ নেতা কিন্তু এই বিষয়টো মৌন।