ৰাইজে ভোট দিব। জয়লাভ কৰাসকলে চৰকাৰ পাতিব। এচাম অত্যাধিক উৎসাহী, আন এচাম চিন্তিত, সাধাৰণ মানুহ বিভ্ৰান্ত। তেওঁলোকে কোৱাৰ দৰেই আকৌ এবাৰ মোডীৰ চৰকাৰ নে এই চৰকাৰক বিদায় দিয়াৰ দৰকাৰ !
শাসনত থকাতকৈ বিৰোধীৰ আসনত থাঁকোতে তেওঁলোকচোন বেছি ভাল আছিল। মানুহৰ সমস্যা আৰু আশাবোৰ বেছি ভালকৈ বুজি পাইছিল। যেতিয়া তেওঁলোক বিৰোধী হৈ আছিল তেতিয়া দেশত হিন্দু, মুছলমানৰ মাজত এই ধৰণৰ বিভেদ সৃষ্টি হোৱা নাছিল।
শাসনত নথকা সময়ত তেওঁলোকৰ নেতাই মূল্যবৃদ্ধি কি বুজিছিল। ইয়াৰ প্ৰভাৱ কেনেদৰে সাধাৰণ জনতাৰ ওপৰত পৰিছে সেই কথা ভালদৰে উপলব্ধি কৰিছিল। দেশজুৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত নামিছিল। গৰু গাড়ীত উঠি পেট্ৰ'ল, ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।
শাসনলৈ অহাৰ পাছত তেওঁলোক সলনি হ'ল। বিৰোধী হৈ থাঁকোতে দুৰ্নীতি, ক'লা ধনৰ কথাবোৰ তেওঁলোকে সাধাৰণ লোকৰ দৃষ্টিৰে চাইছিল। ১৫ লাখকৈ টকা প্ৰতিজন ভাৰতীয়ক দিয়াৰ কথা কৈছিল। শাসনলৈ আহি তেওঁলোকে ইলেক্টৰেল বণ্ড বনালে।
দেশবাসীক ১৫ লাখ টকা দিয়াৰ কথা পাহৰি ইলেক্টৰেল বণ্ডেৰে দলৰ পুঁজি হাজাৰ হাজাৰ কোটিৰে টনকীয়াল কৰিলে। তাৰ প্ৰভাৱ মূল্যবৃদ্ধিৰ ৰূপত দৰিদ্ৰ-দুখীয়াৰ মূৰতে পৰিলে। শাসক হোৱাতকৈচোন তেওঁলোক বিৰোধী হৈ থকায়ে ভাল।
চামুচেৰে দি বেলচা মাৰি নিয়াত তেওঁলোক ওষ্টাদ। কত কি কৰ, কত কি নিয়ম তেওঁলোকে বনালে, ভাঙিলে। ৰাইজৰ কথা ভবা যেন দেখুৱাই তেওঁলোকে পুঁজি পতিৰ কথাহে চিন্তা কৰে বেছিকৈ। দেশৰ সম্পদবোৰ সেই পুঁজিপতিক গতাবলৈ তেওঁলোকে দুবাৰ চিন্তা নকৰিলে।
বিৰোধী হৈ থাকোঁতে তেওঁলোকে নদীবান্ধ যে বেয়া সেই কথা বুজিছিল। নদীবান্ধ বিৰোধ কৰা আন্দোলনকাৰীৰ সৈতে আহি সেই আন্দোলনতো অংশ লৈছিল। দিল্লীত শাসন, দিছপুৰত চৰকাৰ গঠন হোৱাৰ পাছতেই তেওঁলোকে পাভলুটি মাৰিলে। নদীবান্ধৰ পক্ষত থিয় দিলে।
অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি বিৰোধীত থাকোঁতেই তেওঁলোকে দিছিল। শাসনৰ বাঘজৰি লৈ সেই প্ৰতিশ্ৰুতিকেই পাহৰাৰ অভিনয় কৰিলে। তেনে তেওঁলোক বিৰোধী হৈ থকাই ভাল আছিল নেকি?
সেই আসনত বহি থাকোঁতে চাহ বাগানৰ শ্ৰমিকৰ সমস্যাবোৰ দেখিছিল। মজুৰীৰ বৃদ্ধিৰ কথা ভাবিছিল। অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কথা কৈছিল। শাসনলৈ অহাৰ পিছদিনাই অসমত থকা অবৈধ বিদেশী পলাব বুলি কৈছিল।
৫৬ ইঞ্চিৰ বুকু দেখি বিদেশী নপলাল। অসম চুক্তিৰ ছয় নং দফা 'দাড়ি, কমা এডালো ইফাল সিফাল নোহোৱাকৈ' কাৰ্যকৰী কৰিম বুলি কোৱা কথাবোৰো অতীত হ'ল। কাৰ্যত এইবোৰ একো নহ'ল। আৰু অনেক আছে এনে কথা। তেওঁলোক বিৰোধী হৈ থাকোঁতেই যিবোৰ কথা বুজিছিল, যিবোৰ কথা কৈছিল। সেইবোৰ শাসনলৈ আহি পাহৰিলে।
এতিয়া তেওঁলোকৰ মুখত ৰামৰ নাম। এচামৰ চকুৰ সন্মুখত বিৰোধীৰ কোনো এজন বিশেষ নেতাৰ উত্থানৰ ভূত ! কিজানি তেওঁ জিকি যায় এই নিৰ্বাচনী ৰণত। সেই ভয়ে তেওঁক কংসৰ দৰে দহিছে।
সেনাপতি, পালি সেনাপতিক যুঁজত নমাই সেই পৰাজয় নিশ্চিত কৰাৰ ব্লুপ্ৰিণ্ট ৰচিছে। প্ৰতিদ্বন্দিৰ প্ৰতি ৰাইজৰ গুড উইল অৰ্থাৎ শুভ ইচ্ছাই টোপনি কাঢ়িছে। ক্লান্ত হৈয়ো তেওঁ মূলতঃ এই যুঁজতেই অধিক মনোনিবেশ কৰিছে।
এই পৰাজয় তেওঁৰ বাবে হ'ব পাৰে চৰম আঘাত। সমগ্ৰ ৰাজ্যতে এতিয়া নাৰীক তেওঁলোকে নিজৰ শক্তিৰ ৰূপত তুলি ধৰিব খোজিছে। হিতাধিকাৰী, লাখপতি বাইদেউ সজাই ভোটৰ নিশ্চয়তা ল'ব খুজিছে।
সাম্প্ৰদায়িক শক্তিৰ আন এক প্ৰবন্ধকক মিঞাৰ চৰ্দাৰ বুলি ১১ মাহে গালি পাৰি থকাসকলে মানুহে নেদেখাকৈ বন্ধ কোঠাত বহু নিৰ্বাচনী সমীকৰণ কৰিছে। সুবিধা অনুসৰি সেইসকলে তেওঁলোকৰ বিপক্ষৰ ক্ষতি হ'ব পৰাকৈ ৰাউচি জুৰিছে।
নামাজ পঢ়াৰ অজুহাতত কোনোবা ইছলামী হৈ গ'ল বুলি চিঞৰ বাখৰ কৰাসকলে টুপী পিন্ধি ইফটাৰৰ পাৰ্টীত ভোটৰ লোভত বহাসকলক দেখিও নেদেখাৰ ভাও জুৰিছে। কিয়নো সেইসকল তেওঁলোকৰ প্ৰাৰ্থী। যাক এই সাম্প্ৰদায়িক শক্তিৰ দোৱাৰ প্ৰয়োজন।
এইবোৰ দেখি ভাব হয় তেওঁলোকক আৰু শাসক হ'বলৈ নিদিয়াই ভাল। তেওঁলোকক বিৰোধী হৈ মানুহৰ কথা ক'বলৈ দিয়াই মংগল। তেওঁলোকৰ প্ৰতি মোহাছন্ন হোৱাসকলে দেখিছে কেনেকৈ নিয়ম তেওঁলোকে ভাঙে আৰু গঢ়ে।
জি এছ ৰোডৰ ৰোড শ্ব'বোৰে সেই উদাহৰণ চকুৰ আগত দাঙি ধৰে। তেওঁলোকৰ এতিয়া শিক্ষাৰ প্ৰয়োজন। পাহৰি যোৱা কথাবোৰ মনত পৰিবলৈকে তেওঁলোকক বিৰোধীৰ আসনত বহুৱাওক। দেখিব তেওঁলোকৰ স্মৃতি শক্তি ঘূৰি আহিছে। তেওঁলোকৰ আচৰণ সলনি হৈছে আৰু তেওঁলোকে সাধাৰণ মানুহৰ সুখ, দুখ উপলব্ধি কৰি সাধাৰণ মানুহৰ হকে কথা ক'বলৈ আৰম্ভ কৰিছে।