ৰাজ্যৰ ৰাজনীতিলৈ আহিবলৈ বিচৰা গৌৰৱকে পাতিব পাৰে বিৰোধী দলপতি ! 
বিশেষ লেখা

ৰাজ্যৰ ৰাজনীতিলৈ আহিবলৈ বিচৰা গৌৰৱকে পাতিব পাৰে বিৰোধী দলপতি !

তুষাৰ প্ৰতিম

কোন হ’ব লোকসভাত বিৰোধী দলৰ দলপতি? অষ্টাদশ লোকসভাৰ প্ৰথমখন বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ সময়তে এতিয়া দেশজুৰি এই বিষয়টোৱে চৰ্চা লাভ কৰিছে। ২০১৪ ত ইউ পি এক ক্ষমতাৰ পৰা আঁতৰাই কেন্দ্ৰত এন ডি এ চৰকাৰৰ অহাৰ সময়ৰে পৰা ২০২৪ লৈ সুদীৰ্ঘ ১০ টা বছৰত লোকসভাত নাছিল বিৰোধী দলপতি।

লোকসভাৰ বিৰোধী দলপতিৰ সাংবিধানিক পদ লাভৰ বাবে ১০ শতাংশ অৰ্থাৎ ৫৪৩ খন আসনৰ ভিতৰত অতি কমেও ৫৫ খন আসন লাভ কৰিব লাগে। 'দ্যা ইনষ্টিটিউট অফ ছেকৰেটেৰিয়েট ট্ৰেইনিং এণ্ড মেনজমেণ্ট'ৰ এক বুকলেটত উল্লেখ কৰিছে লোকসভাৰ অধ্যক্ষই সংসদত নূন্যতম ৫৫ জন সাংসদ থকা বিৰোধী দলৰ দলপতিক বিৰোধী দলৰ নেতাৰ মৰ্যাদা প্ৰদান কৰে। অৱশ্যে সংসদীয় আইনত মুঠ আসনৰ ১০ শতাংশ আসন লাভ কৰা বিৰোধী দলক বিৰোধী দলৰ নেতাৰ পদ দিয়াৰ কোনো নিয়ম উল্লেখ নাই।

২০১৪ ৰ লোকসভা নিৰ্বাচনত আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছকে ধৰি কোনো এটা ৰাজনৈতিক দলেই মুঠ আসনৰ ১০ শতাংশ আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ২০১৪ ত কংগ্ৰেছে কেৱল ৪৪ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ পাছত ২০১৯ ত কংগ্ৰেছে লাভ কৰিছিল ৫২ খন আসন। লোকসভাত যদিও কংগ্ৰেছেই সৰ্বাধিক সংখ্যক সাংসদ থকা বিৰোধী দল হিচাপে পৰিগণিত হৈছিল তথাপিও ৫৫ জন সাংসদ নথকাত দুয়োখন চৰকাৰতে তেওঁলোকৰ সংসদীয় নেতাজনে বিৰোধী দলৰ নেতাৰ মৰ্যাদা লাভ নকৰিলে।  

কিন্তু ২০২৪ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে এককভাৱে লাভ কৰিছে ৯৯ খন আসন। ফলত ৫৫ সীমা অতি সহজেই অতিক্ৰম কৰিছে। বিৰোধী ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ ইণ্ডিয়াত কংগ্ৰেছেই সৰ্বাধিক আসন লাভ কৰা দল হিচাপেও পৰিগণিত হৈছে। সেয়ে এইবাৰ লোকসভা কংগ্ৰেছেই বিৰোধী দলৰ নেতাৰ পদ লাভ কৰিব। ইতিমধ্যে ইণ্ডিয়া গোটৰ অন্যতম অংশীদাৰ এন চি পিৰ অধ্যক্ষ শাৰদ পাৱাৰেও কংগ্ৰেছেই এই পদৰ দাবীদাৰ বুলি মন্তব্য কৰিছে।

লোকসভাত কংগ্ৰেছে বিৰোধী দলৰ নেতাৰ পদ পোৱাটো নিশ্চিত হৈছে যদিও এই পদত দলটোৱে কাক প্ৰক্ষেপ কৰে সেয়াহে এতিয়াও স্পষ্ট হোৱা নাই। গান্ধী পৰিয়াল কেন্দ্ৰীক এই দলটোত সকলো সিদ্ধান্তই গান্ধী পৰিয়ালেই গ্ৰহণ কৰে বুলি এক ধাৰণা আছে।

দলটোৰ অন্যান্য নেতাসকলেও গান্ধী পৰিয়াললৈ আনুগত্য প্ৰকাশ কৰি তেওঁলোককেই সকলো গুৰুত্বপূৰ্ণ পদবীত অধিস্থিত হোৱাটো বিচাৰে। সেয়া দলটোৰ সভাপতি পদেই হওক বা কংগ্ৰেছৰ কাৰ্যকৰী কমিটীয়েই হওঁক। সুদীৰ্ঘ সময় কিদৰে গান্ধী পৰিয়ালৰ হাততেই আছিল দলটোৰ সভাপতিৰ পদ সেয়া দেশবাসীয়ে দেখিছে। ইউ পি এৰ চৰকাৰ থকাৰ সময়তো কিদৰে গান্ধী পৰিয়ালে চৰকাৰ নিয়ন্ত্ৰণ কৰিছিল সেই বিষয়েও বহু কথাই চৰ্চা হৈছিল।

কিন্তু কংগ্ৰেছৰ বিপৰ্যয়ৰ সময়তে ৰাহুল গান্ধীয়ে দলটোলৈ কিছু পৰিবৰ্তন অনাৰ স্বাৰ্থত সুদীৰ্ঘ সময়ৰ মূৰত দলটোত সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰি গান্ধী পৰিয়ালৰ একান্ত আনুগত্য মল্লিকাৰ্জুন খাৰ্গেকেই সভাপতি পাতিলে। একেদৰে চি ডব্লিউ চিত এতিয়াও সভাপতি পদত আছে ছোনিয়া গান্ধী।

দলটোৰ কোনো শীৰ্ষ পদবীত নথকা স্বত্বেও ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকেই সকলোৱে দলৰ নেতা মানি আহিছে। যিহেতু প্ৰিয়ংকা গান্ধী এতিয়াও সাংসদ হিচাপে নিৰ্বাচিত হোৱা নাই সেয়ে এনে পৰিস্থিতিত স্বাভাৱিকতে বিৰোধী দলৰ নেতাৰ পদৰ বাবেও ৰাহুল গান্ধীৰেই নাম উচ্চাৰণ হৈছে।

আনকি কংগ্ৰেছৰ শেহতীয়াকৈ অনুষ্ঠিত হোৱা চি ডব্লিউ চি বৈঠকত ৰাহুল গান্ধীকেই এই দায়িত্ব ল'বলৈ জ্যেষ্ঠ কংগ্ৰেছীসকলে দাবী জনাইছে। কিন্তু পূৰ্বৰ দৰেই ৰাহুল গান্ধীয়ে এই দায়িত্ব গ্ৰহণৰ বাবে অস্বীকাৰ কৰিছে। ৰাহুলে বিচাৰিছে গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো এজন নেতাই এই দায়িত্ব পালন কৰক।

কিন্তু একাংশ জ্যেষ্ঠ নেতাই ৰাহুলকেই এই দায়িত্ব পালনৰ বাবে হেঁচা দিয়াত ৰাহুলে এই বিষয়ত সিদ্ধান্ত ল’বলৈ কিছু সময় বিচাৰিছে। এনে প্ৰেক্ষাপটত ৰাহুলৰ বিকল্প হিচাপে কোনে এই পদবী লাভ কৰিব পাৰে তাক লৈয়ো সমান্তৰালভাৱে চৰ্চা আৰম্ভ হৈছে। এই চৰ্চাত নাম উচ্চাৰিত হৈছে তিনিগাৰকী সাংসদৰ। তাৰ মাজত অন্যতম যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ।

গৌৰৱ গগৈৰ উপৰিও চৰ্চাত আছে জ্যেষ্ঠ কংগ্ৰেছী মনিষ তিৱাৰী আৰু কুমাৰী ছেলজাৰ নাম। ইয়াৰে একালৰ এন এছ ইউ আইৰ ৰাষ্ট্ৰিয় সভাপতিৰ দায়িত্ব পালন কৰি পৰৱৰ্তি সময়ত সাংসদ হোৱা মনিষ তিৱাৰী এগৰাকী অধবিক্তা। ২০০৯ ত প্ৰথমবাৰৰ বাবে সংসদলৈ নিৰ্বাচিত হৈ অহা তিৱাৰীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল।

২০০৯ ত প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈ অহা কুমাৰী ছেলজাই মনমোহন সিঙৰ মন্ত্ৰীসভাত সামাজিক ন্যায় আৰু সৱলিকৰণ বিভাগৰ ৰাজ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। ২০১৪ ৰ পৰা ২০২০ লৈ তেওঁ আছিল ৰাজ্যসভাৰ সাংসদ। ২০১৯ ৰ পৰা ২০২২ লৈ তেওঁ আছিল হাৰিয়ানা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বতো।

অৱশ্যে এই দুই জ্যেষ্ঠ নেতাতকৈ যোৱা সময়ত যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ লোকসভাৰ ভিতৰত 'পাৰ্ফমেন্স' যথেষ্ট শক্তিশালী। ২০১৪ ত ৰ লোকসভা নিৰ্বাচনত কলিয়াবৰৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ যোৱাৰ পাছতে লোকসভাত গৌৰৱ গগৈ হৈ পৰিছিল কংগ্ৰেছৰ অন্যতম সক্ৰিয় আৰু বাকপটু সাংসদ। ইংৰাজী আৰু হিন্দী ভাষাত সাৱলীল ভাষণ দিয়া গৌৰৱ যথেষ্ট অধ্যয়নশীলো।

বিষয় এটাক তুলি ধৰাৰ আগত তেওঁ বিষয়টোৰ সন্দৰ্ভত যথেষ্ট অধ্যয়ন কৰে। গৌৰৱৰ এনে বাকপটুতা আৰু দায়বদ্ধতাৰ বাবেই ২০১৯ ত দ্বিতীয়বাৰৰ বাবে কলিয়াবৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পিছত তেওঁক লোকসভাত বহু জ্যেষ্ঠ নেতাৰ উপস্থিতিৰ পাছতো কংগ্ৰেছৰ উপ-দলপতি হিচাপে দায়িত্ব দিয়া হৈছিল।

গৌৰৱেও সন্মুখত বহি এই দায়িত্ব কিমান নিষ্ঠাৰে পালন কৰিছিল সেয়া দেশবাসীয়ে দেখিছে। জ্যেষ্ঠ নেতা তথা সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সংসদীয় নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ উপস্থিতিৰ পাছতো মণিপুৰ প্ৰসংগত কংগ্ৰেছে লোকসভাত চৰকাৰৰ বিৰুদ্ধে আনাস্থা প্ৰস্তাৱৰ দায়িত্ব অৰ্পণ কৰিছিল গৌৰৱ গগৈক। গৌৰৱে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, আধ্যাত্মিক আদি সকলো দিশ সামৰি উত্থাপন কৰা এই আনাস্থা প্ৰস্তাৱে সকলোৰে দৃষ্টি কাঢ়িছিল।

ৰাহুল গান্ধীয়ে সংসদত দিয়া ভাষণতকৈ গৌৰৱৰ আনাস্থা প্ৰস্তাৱৰ ভাষণ আছিল বহু ওপৰত। নাগৰিকত্ব সংশোধনী আইন বিৰোধ কৰি গৌৰৱে সংসদত দিয়া ভাষণো আহিছিল চৰ্চালৈ। আনহে নালাগে বিজেপিৰ শীৰ্ষ নেতায়ো গৌৰৱৰ বাকপটুতাক স্বীকাৰ কৰিছে। গৌৰৱৰ বাবেই বাৰে বাৰে সংসদত বহু কেইবাৰ বিপদত পৰিছে বিজেপি।

সেয়ে অতি নম্ৰ অথচ তীক্ষ্ণ সমালোচনা, পৰিশীলিত ভাষা, বিষয়ৰ ওপৰত গভীৰ উপলব্ধি আৰু অধ্যয়ন, বিষয়ক উপস্থাপন কৰাৰ ক্ষেত্ৰত অতি দায়বদ্ধ হিচাপে পৰিচিত গৌৰৱ গগৈক ৰাহুলৰ বিকল্প হিচাপে বিৰোধী দলৰ দলপতি হিচাপে প্ৰক্ষেপ কৰাৰ যথেষ্ট স্থল আছে। ইতিমধ্যে এই বিষয়ে কংগ্ৰেছেৰ ভিতৰচৰাতে আলোচনা হৈছে।

কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতাৰ সৈতে যোগাযোগ কৰাত তেওঁ ৰাহুল গান্ধীৰ বিকল্প হিচাপে গৌৰৱ গগৈকে এই দায়িত্ব দিয়াৰ সম্ভাৱনাক নস্যাত নকৰাকৈয়ে কয় যে, ৰাহুল গান্ধীয়ে পূৰ্বৰ দৰেই এই দায়িত্ব নলও বুলি কৈছে। তেওঁক মনমোহন সিঙৰ চৰকাৰৰ সময়তো মন্ত্ৰীত্ব দিয়া হৈছিল। তেওঁ সেই মন্ত্ৰীত্ব লোৱা নাছিল। দলৰ সভাপতি পদো লোৱা নাই। এইবাৰো তেওঁ পূৰ্বৰ দৰে দলৰ নেতাৰ পদ নোলোৱাৰ কথা কৈছে। সেয়ে তেওঁৰ বিকল্প হিচাপে গৌৰৱ গগৈৰ নাম চৰ্চালৈ আহিছে।

তেওঁ অৱশ্যে শেষ সিদ্ধান্ত ৰাহুল গান্ধীয়েই ল'ব বুলিও জনাইছে। তেওঁৰ মতে আগতীয়াকৈ কোনেও এই বিষয়ত একো ক'ব নোৱাৰে। অৱশ্যে এই কথা নিশ্চিত যে দলে দিয়া দায়িত্ব গৌৰৱ গগৈয়ে পালন নকৰাকৈ নাথাকে। যদি কোনো কাৰণত তেওঁ বিৰোধী দলৰ দলপতি পদ নিদিলেও তেওঁক পুনৰ উপ-দলপতি হিচাপে দায়িত্ব দিয়াটো নিশ্চিত।

চৰ্চিত এই বিষয়টোৰ সন্দৰ্ভত এতিয়ালৈকে গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া জানিব পৰা হোৱা নাই। কিন্তু অসমত কংগ্ৰেছক শক্তিশালী কৰাৰ স্বাৰ্থত গৌৰৱ গগৈয়ে দিল্লীৰ পৰিৱৰ্তে অসমতহে অধিক সময় থাকিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ইতিমধ্যে মুকলিকৈ গৌৰৱে এই কথা কৈছে।

২০২৪ লোকসভা নিৰ্বাচনৰ ফলাফলে গৌৰৱক দেখুৱাইছে ২০২৬ ৰ সপোন। ৰাজ্যৰ পৰা বিজেপি চৰকাৰ আঁতৰাবলৈ গৌৰৱে এতিয়াৰে পৰা অসমৰ বিধানসভা সমষ্টি সমূহৰ তৃণমূল পৰ্যায়ত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। এতিয়া লক্ষ্যণীয় হ'ব গৌৰৱক শীৰ্ষ নেতৃত্বই অসমৰ দায়িত্ব দি দিল্লীৰ পৰা অসমলৈ প্ৰেৰণ কৰে নে লোকসভাত বিৰোধী দলৰ নেতাৰ পদ দি দেশবাসীয়ে কংগ্ৰেছৰ পৰা আশা কৰা শক্তিশালী বিৰোধী দলৰ ভূমিকাক পালন কৰাত সেনাপতিৰ দায়িত্ব অৰ্পণ কৰে।