নীলা ছবিৰো শ্বুটিঙৰস্থলী কলকাতাৰ হাস্পতাল ! 
বিশেষ লেখা

নীলা ছবিৰো শ্বুটিঙৰস্থলী কলকাতাৰ হাস্পতাল !

তুষাৰ প্ৰতিম

আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা যৌন নিৰ্যাতন আৰু হত্যাৰ ঘটনাই কলকাতা আৰু আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ বহুবোৰ দিশ উন্মোচিত কৰিছে। কলাকাতাৰ অপৰাধৰ এক অন্যতম ঘাটিলৈ পৰিণত হোৱা আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ইতিহাস সভ্য সমাজৰ বাবেও এক কলংক।

হাস্পলাতখনৰ ৩১ বছৰীয়া যুৱতী চিকিৎসকগৰাকীৰ মৰণোত্তৰ প্ৰতিবেদনে দলব্ধভাৱে যৌন নিৰ্যাতন কৰা বিষয়টো স্পষ্ট কৰি তুলিছে। আজি উচ্চতম ন্যায়ালয়েও নিজাববীয়া এক গোচৰ গ্ৰহণ কৰি ইয়াৰ শুনানি গ্ৰহণ কৰিছে।

এই শুনানিতে জঘণ্য ঘটনাক লৈ আৰ জি কৰ মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষ, কলকাতা আৰক্ষী আৰু পশ্চিমবংগৰ চৰকাৰক চোকা সমালোচনা কৰি বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। তাৰোপৰি চিকিৎসকৰ সুৰক্ষাৰ বাবে গঠন কৰিছে এক ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ।

৯ আগষ্টৰ নিশা চিকিৎসালয়খনৰ কনফাৰেঞ্চ হলত সংঘটিত হোৱা এই ঘটনা পোহৰলৈ অহাৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষই ইয়াক এক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছে। ন্যায়ালয়েও আজি কিয় এই ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল বুলি প্ৰশ্ন কৰিছে।

এই প্ৰশ্ন এতিয়া সৰ্বসাধাৰণ ৰাইজৰ মনতো উত্থাপন হৈছে। এই জঘণ্য কাণ্ডক কিয় আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা হ’ল?  আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত পূৰ্বেও বহু অপৰাধ সংঘটিত হৈছে। বহু কেইটা সন্দেহজনক হত্যাকাণ্ডক ইয়াত আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ আছে।

আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত পূৰ্বৰে পৰা ড্ৰাগছৰ অবাধ প্ৰচলন, শৈক্ষিক কাৰণত ধনৰ লেনেদন, পতিতা বৃত্তি, পৰ্ণ ভিডিঅ’ৰ শ্বুটিং আদিৰ দৰে ভয়ংকৰ অভিযোগ আছে। এনে ভয়ংকৰ অভিযোগ থকা এই চিকিৎসালয়খনতে দেশ কপাই যোৱা যৌন নিৰ্যাতন আৰু হত্যা কাণ্ড সংঘটিত হ’ল।

এই জঘণ্য ঘটনাকো হাস্পতাল কৰ্তৃপক্ষই লুকুৱাই ৰাখি অপৰাধৰ কাৰাখানা হিচাপে আৰ জি কৰ মেডিকেল কলেজ হাস্পতালক তৈয়াৰ কৰাৰেই যেন এক প্ৰচেষ্টা চলাইছিল। সাধাৰণ মানুহে দেৱদূত জ্ঞান কৰা এই চিকিৎসকসকলৰ ভিতৰত যে এনে দানৱীয় ৰূপ থাকিব সেয়া হয়তো কল্পনাও কৰা নাছিল।

২০০১ চনত আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী ৩১ বছৰীয়া মহিলা চিকিৎসকে আৰ জি কৰ মেডিকেল কলেজত চলি থকা পৰ্ণ ভিডিঅ’ শ্বুটিঙৰ এটা ৰেকেট উৎখাট কৰাৰ চেষ্টা চলাইছিল। তেওঁ এই বিষয়ে হাস্পতাল কৰ্তৃপক্ষকো অৱগত কৰিছিল।

তেওঁ হাস্পতাল কৰ্তৃপক্ষক যিসমূহ তথ্য যোগান ধৰিছিল সেই তথ্যত হাস্পতালখনত পৰ্ণ শ্বুটিং হোৱাৰ সকলো প্ৰমাণ আছিল যদিও হাস্পতাল কৰ্তৃপক্ষই ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

চিকিৎসকগৰাকীৰ এনে পদক্ষেপৰ বাবেই তেওঁক হত্যা কৰা হৈছিল বুলি অভিযোগ আছে। কিন্তু এই চিকিৎসকগৰাকীয়ে আত্মহত্যা কৰা বুলিহে প্ৰতিবেদন দিছিল আৰ জি কৰ মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই।

আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ক’লা ইতিহাস এতিয়া পুনৰ চৰ্চালৈ আহিছে। সেই চৰ্চাৰ মাজতে প্ৰকাশ পাইছে ২০০১ চনৰ সেই সয়মছোৱাত পৰ্ণ শ্বুটিঙৰ অভিযোগ তোলা চিকিৎসকগৰাকীৰ ভাষ্য।

চিকিৎসকগৰাকীয়ে কৈছিল, হাস্পতালখনৰ টি এন এন হোষ্টেলৰ প্ৰথম মহলাৰ ১৫ নম্বৰ কোঠাত শ্বুটিঙত ব্যৱহাৰ কৰা ট্ৰাই-পড, ৰিফ্লেক্টৰবোৰ আছিল। এই কোঠাত নিয়মীয়াকৈ শ্বুটিং চলিছিল।

এই বিষয়ে অভিযোগ কৰি হত্যা বলি হোৱা সেই চিকিৎসকগৰাকীৰ মৃত্যুৰ পাছতো তাত শ্বুটিং চলি আছিল। এটা সপ্তাহলৈ তাৰ পৰা সেইবোৰ আঁতৰোৱা হোৱা নাছিল।

সেই সময়ৰ হাস্পতালখনৰ প্ৰায়বোৰ চিকিৎসক শিক্ষাৰ্থীয়ে এই বিষয়ে জানিছিল। কিন্তু কোনেও এই বিষয়ে মুখ খুলিবলৈ সাহস কৰা নাছিল। কিন্তু যেতিয়া এই ৰেকেট চলাই থকা সকলে আন মহিলাৰে ভিডিঅ’ শ্বুট কৰি তাত আন চিকিৎসক ছাত্ৰীৰ মূৰ ইডিট কৰি লগাই দিছিল তেতিয়া সহ্যৰ সীমা অতিক্ৰম হৈছিল।সেয়ে তেওঁ ইয়াৰ বিৰুদ্ধে অভিযোগ দিছিল।

অভিযোগ অনুসৰি সপ্তাহৰ অন্তত প্ৰায়ে যৌন কৰ্মী তালৈ মাতি আনি শ্বুটিং কৰা হৈছিল। অভিযোগ আছে যৌন কৰ্মীৰ অভাৱত কেতিয়াবা চিকিৎসালয়ৰ মৃতদেহো এনে অপকৰ্মৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

এয়া কেৱল এজন শিক্ষাৰ্থীৰ অভিযোগ নাছিল। ১৯৯৯ চনতো এই হাস্পতালত এনে কিছু অভিযোগৰ পাছতে এগৰাকী চিকিৎসৰ মৃত্যু হৈছিল। তেওঁকো আত্মহত্যা কৰা বুলিয়েই চিকিৎসালয় কৰ্তৃপক্ষই প্ৰতিবেদন দিছিল। ২০০৩ চনত এনে ঘটনা ২ টাকৈ সংঘটিত হৈছিল।

২০২৩ তো এগৰাকী ইণ্টাৰ্ণশ্বিপত থকা যুৱতী চিকিৎসকক ইয়াত যৌন উৎপীড়ন চলোৱাৰ অভিযোগ দাখিল হৈছিল। এনে বহু অপৰাধজনিত ঘটনাৰ পৃষ্ঠভূমি এই আৰ জি কৰ মেডিকেল কলেজ হাস্পতাল। প্ৰতিটো সন্দেহজনক আত্মহত্যাৰ ঘটনাৰ আঁৰত মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষৰো সন্দেহজনক ভূমিকা ৰৈছে।

এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল। মৰণোত্তৰ প্ৰতিবেদনত ভুক্তভোগী চিকিৎসকগৰাকীক দলবদ্ধভাৱে যৌন নিৰ্যাতনৰ প্ৰমাণ পোৱা গৈছে। কিন্তু আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে এজনক। চি বি আইয়ে সোধপোছ কৰিছে অধ্যক্ষ ডাঃ সন্দীপ ঘোষক।

কিন্তু এই ঘটনা প্ৰকৃততে কৰিলে কোনে? কোন কোন ইয়াত জড়িত আছিল? এই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট তথ্য, প্ৰমাণ একো নাই। কিয় বাৰে বাৰে হাস্পতাল কৰ্তৃপক্ষই এই ঘটনাৰ তদন্তক বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছিল? কিয় আৰক্ষীয়ে সঠিক তদন্ত কৰা নাছিল?

এই প্ৰশ্ন সাধাৰণ মানুহৰ লগতে আজি উচ্চতম ন্যায়ালয়েও কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে এই ঘটনাৰ গচৰৰ শুনানি গ্ৰহণ কৰি আজি কয়,এনেকুৱা লাগিছে এই অপৰাধৰ বিষয়ে আৰম্ভণিৰ কেইটামান ঘণ্টাতে অৱগত হৈছিল। মেডিকেল কলেজৰ অধ্যক্ষই ইয়াক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিলে।

উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰিছে যিহেতু আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষৰ আচৰণো তদন্তৰ আওঁতাত আছিল তাৰ পিছতো তেওঁক লগে লগে অন্য কলেজত কিদৰে নিযুক্তি প্ৰদান কৰিলে? একেদৰে ন্যায়ালয়ে কলকাতা আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।

ইফালে ঘটনা সন্দৰ্ভত পলমকৈ এফ আই আৰ ৰুজু কৰাক লৈ পশ্চিমবংগৰ চৰকাৰক সমালোচনা কৰিছে ন্যায়ালয়ে। আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ এই ঘটনাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ এক গোচৰ লৈ মঙ্গলবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অধ্যক্ষতাত তিনিজনীয়া বিচাৰপীঠে ইয়াৰ শুনানি গ্ৰহণ কৰিছে।

এই শুনানিৰ সময়তে চিকিৎসকৰ সুৰক্ষাৰ বিষয়েও আলোচনা হৈছে। ন্যায়ালয়ে কৈছে বহু যুৱ চিকিৎসকে ৩৬ ঘণ্টালৈকে কাম কৰিব লাগে। আমি কামকাজৰ সুৰক্ষিত এক পৰিবেশ সুনিশ্চিত কৰিবলৈ এক ৰাষ্ট্ৰীয় প্ৰ’টকল তৈয়াৰ কৰিব লাগিব। যদিহে মহিলা কৰ্মস্থলীলৈ নাযায় আৰু সুৰক্ষিত নহয় তেন্তে তেওঁলোকক আমি সম অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ব।

এনে পৰিস্থিতিতে ন্যায়ালয়ে এক ৰাষ্ট্ৰীয় টাস্ক ফ'ৰ্চো গঠন কৰিছে। এই টাস্ক ফ’ৰ্চে তিনি সপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। জাতীয় টাস্ক ফ’ৰ্চৰ সদস্য হিচাপে থাকিব কেন্দ্ৰীয় সচবিসকল।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ প্ৰদান কৰি এই টাস্ক ফ’ৰ্চ কিদৰে গঠন কৰা হ’ব সেয়াও ঠিক কৰি দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চৰ সদস্য হওক- ছাৰ্জন (ভাইচ এডমিৰেল) আৰ ছাৰিন,  ডাঃ ডি নাগেশ্বৰ ৰেড্ডী, ডাঃ এম শ্ৰীনিবাস, ডাঃ প্ৰতিমা মূৰ্তি, ডাঃ গোবৰ্ধন দত্ত পুৰী, ডাঃ সৌমিত্ৰ ৰাৱট ডাঃ পদ্ম শ্ৰীবাস্তৱ (নিউৰোলজিষ্ট, এইমছ),  অধ্যাপক অনিতা চাক্সেনা (এইমছৰ মুখ্য হৃদৰোগ বিশেষজ্ঞ),  অধ্যাপক পল্লৱী চাপ্ৰে (ডিন, গ্ৰাণ্ট মেডিকেল কলেজ, মুম্বাই)।

তাৰোপৰি এই ৰাষ্ট্ৰীয় টাস্ক ফ'ৰ্চৰ তত্বাৱধান কৰিব কেন্দ্ৰীয় সচিব, গৃহ সচিব, স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ (এন এম চি) অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় পৰীক্ষক পৰিষদৰ সভাপতিয়ে।