হয়, হোমৱৰ্ক কৰি আহিব লাগে... 
বিশেষ লেখা

হয়, হোমৱৰ্ক কৰি আহিব লাগে...

মৃদুল কুমাৰ সন্দিকৈ

এগৰাকী ভদ্ৰ মহিলাৰ খং উঠিছিল। ভীষণ খং। মহিলাগৰাকীয়ে খং কৰিছিল তেখেতক প্ৰশ্ন কৰা একাংশ সাংবাদিকক। হয়তো সাংবাদিকে তেওঁৰ উত্তৰ দিব নিবিচৰা প্ৰশ্ন এটা সেই সময়ত সুধিছিল।

সেয়েহে তেওঁ প্ৰশ্নটোৰ পৰা ফালৰি কাটি গৈ তেওঁৰ কাষত থকা সাংবাদিকক উদ্দেশ্যি উষ্মাৰে তলৰ কথাখিনি কৈছিল।

''আপোনালোক ৰিপ’ৰ্টাৰ... কওঁক হু ইজ ব্ৰজেন বৰুৱা? অসমীয়াৰ, প্ৰত্যকজন অসমীয়া মানুহেই ৰিপ'ৰ্টাৰ। ব্ৰজেন বৰুৱা কোন নাজানে। ৰিপ'ৰ্টাৰ সব.... ব্ৰজেন বৰুৱা কোন নাজানে। সাধাৰণ জ্ঞান নাই আপোনালোকৰ। হেৰিৰ পিছে পিছে, আহিছে গছিপৰ পিছে পিছে আহিছে.... ব্ৰজেন বৰুৱা কোন মোক কওঁক কোনোবাই। হু ইজ ব্ৰজেন বৰুৱা?

 আজি যে দ্বীপেন বৰুৱাৰ ঘৰলৈ আহিছে কিয় আহিছে? জাষ্ট বিকজ তেওঁ এজন ছিংগাৰ? ছিংগাৰ... দ্বীপেন বৰুৱাক কোনে আনিছে এইখন পৃথিৱীত? কোনে দ্বীপেন বৰুৱাক বনালে? প্ৰথম আপোনালোকে হোমৱৰ্ক কৰি আহক। ব্ৰজনে বৰুৱা কোন নাজানে...।

 কালি মই খুব লাজ পাইছো। এগৰাকী লেডী ৰিপ'ৰ্টাৰে ব্ৰজেন বৰুৱা কোন নাজানে। মৰি যাব লাগে আমি অসমীয়া জাতিটো। ব্ৰজেন বৰুৱা চিনেমা পৰিচালক, ডেট ইজ দ্যা আনছাৰ? সুধি আহক কিমান দিগ্গজ মানুহ আহিছে।

 আজি অ'চি ছাৰে মোৰ ঘৰত গৈ কিয় কৰিবলগীয়া হৈছে... আপোনালোকে সোধক কিহৰ কাৰণে গৈছে। অসমীয়া সংস্কৃতি ৰাখিব এনেকে? লোকৰ গছিপ শুনি উত্তৰ বিচাৰিছে... নিজক উত্তৰ দিয়ক হু ইজ হি। আপোনালেকে কিমান জানে বেক ছাইডত। ব্ৰজেন বৰুৱা কোন? লাজ লাগিব লাগে আপোনালোকৰ। গছিপ লৈ খেদিছে। হোমৱৰ্ক কৰি আহিব এই ঘৰটোত সোমোৱাৰ আগতে। ''

এইদৰে খং কৰা ভদ্ৰ মহিলাগৰাকীৰ পৰিচয় মনানী বেজবৰুৱা। আৰু তেখেতে যিখন ঘৰলৈ হোমৱৰ্ক কৰি যোৱাৰ কথা কৈছে সেই ঘৰখন বিখ্যাত ব্ৰজেন বৰুৱাৰ ঘৰ। ১৯২১ চনতেই সেই ঘৰখন নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছিল। সম্ভৱতঃ ১৯২৩ চনত সেই ঘৰৰ নিৰ্মাণ কাম সম্পূৰ্ণ হৈছিল।

চন্দ্ৰনাথ বৰুৱাই সাজিছিল এই ঘৰখন। কামৰূপৰ বিহঁদিয়াৰ সন্তান চন্দ্ৰনাথ বৰুৱা। তেওঁ মূলতঃ এজন গড়কাপ্তানী বিভাগৰ বিষয়া আছিল। সেই পদবীক সেই সময়ত ছাব ডিভিজনেল অফিচাৰ বুলি কোৱা হৈছিল।

অসম আৰ্হিত বিজ্ঞানসন্মতভাৱে সজা সেই ঘৰটোৰ বয়স ১০০ বছৰ পাৰ হ'ল। আজিও চালে চকুৰোৱা হৈ আছে ঘৰটো। সেই ঘৰটোৰ বাসিন্দাসকলৰ গৰিষ্ঠ সংখ্যকেই এই সংসাৰত নাই।

চন্দ্ৰনাথ বৰুৱা আৰু জোনপ্ৰভা কলিতাৰ মুঠ সন্তান আছিল ১৩ টা। তেওঁলোক ক্ৰমে পদ্মাৱতী বৰুৱা দাস, দ্যুতেন্দ্ৰনাথ বৰুৱা, দ্বীজেন্দ্ৰনাথ বৰুৱা, ৰত্নাৱতী বৰুৱা, ব্ৰজেন্দ্ৰনাথ বৰুৱা (ব্ৰজেন বৰুৱা), নিপেন্দ্ৰনাথ বৰুৱা (নিপ বৰুৱা), দ্বীবেন্দ্ৰ নাথ বৰুৱা (দ্বীবন বৰুৱা), গীৰিন্দ্ৰ নাথ বৰুৱা (অকন), প্ৰতিভা বৰুৱা দাস, ৰমেন্দ্ৰ নাথ বৰুৱা (ৰমেন বৰুৱা), বিভা বৰুৱা, নিৰেন্দ্ৰ নাথ বৰুৱা (নিৰেন বৰুৱা) আৰু দ্বীপেন্দ্ৰনাথ বৰুৱা (দ্বীপেন বৰুৱা)।

অসমৰ সাংস্কৃতিক জগতলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা এটা পৰিয়াল এয়া। এই চন্দ্ৰনাথ বৰুৱা আৰু জোনপ্ৰভা কলিতাৰ পঞ্চম সন্তান আছিল ব্ৰজেন্দ্ৰনাথ বৰুৱা। তেওঁ অসমীয়া চলচ্চিত্ৰ জগতৰ, সংগীত জগতৰ এগৰাকী দিগ্গজ মহীৰূহ।

 সেই বৰুৱা পৰিয়ালৰে সোণকন অৰ্থাৎ ৰমেন বৰুৱা ২২ জুলাই ২০২৪ ৰ পৰা সন্ধানহীন হৈ আছে। সেয়েহে সেই ঘৰখনলৈ মানুহৰ সঘন আহযাহ ঘটিছে। সেই খবৰৰ সন্ধানত সাংবাদিকেও বাতৰি বিচাৰি সেই ঘৰখনলৈ যাবলগীয়া হৈছে।

ৰমেন বৰুৱা কিয় আৰু কেনেকৈ সন্ধানহীন হ'বলগীয়া হ'ল সেই প্ৰশ্নই সাধাৰণ মানুহকো চুই গৈছে। তেতিয়াই চৰ্চালৈ আৰু পোহৰলৈ অহা কথাবোৰ সাংবাদিকে সঁচা নে মিছা জানিবলৈ হয়তো প্ৰশ্ন কৰোঁতেই এই ভদ্ৰ মহিলাগৰাকীৰ খং উঠিল।

তেওঁৰ মতে সাংবাদিকে কোনোবা 'গছিপ' এটাৰ পাছত দৌৰিছে। তাৰেই গইনা লৈ তেওঁ সাংবাদিকক এজাউৰি দিবলৈ ব্ৰজেন বৰুৱাক নাজানে বুলি এইদৰে গৰ্জি উঠিল। ব্ৰজেন বৰুৱাৰ বিষয়ে তেওঁক প্ৰশ্ন কৰা সাংবাদিকেই নহয়, আমি সকলোৱেই জানিব লাগে।

কিন্তু সমান্তৰালভাৱে কি পৰিস্থিতিত ৰমেন বৰুৱা সন্ধানহীন হ'ল সেই কথা জানিবলৈও সাংবাদিক তথা সাধাৰণ লোক আগ্ৰহী। এয়া এটা পাৰিবাৰিক বিষয় হৈ থকা নাই। বিশিষ্ট সংগীত পৰিচালকজনৰ সন্ধানহীনৰ খবৰে আমাৰ সকলোকে উদিগ্ন কৰি ৰাখিছে।

আনুষ্ঠানিকভাৱে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদ মেলৰ যোগে কোৱা কথা কেইষাৰ তেখেতে যদি মন দি শুনিছে তেনেহ'লে চৰ্চিত কথাবোৰ ঢাকি ৰাখিবলৈ এনেদৰে ব্ৰজেন বৰুৱাৰ প্ৰসংগ উত্থাপনেৰে সাংবাদিকক খং উজৰাটো ঢৰা-পাটিত খং উজৰাৰ দৰে হৈছে।

আৰক্ষী আয়ুক্তগৰাকী জুখিমাখি কথা কোৱা লোক। প্ৰয়োজনতকৈ তথ্যবিহীনভাৱে আজিলৈকে তেখেতে কোনো বিষয়ৰ ওপৰত এটা অতিৰিক্ত বাক্য কোৱাৰ উদাহৰণ নাই। সেইগৰাকী আৰক্ষী আয়ুক্তৰ ভাষ্য- ''কিবা এটা ব্যক্তিগত তথা পৰিয়াল কেন্দ্ৰীক কথাত মনত আঘাত পাই তেওঁ স্বেচ্ছাই ওলাই গৈছে। আৰু ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাত নামি যোৱাৰ প্ৰমাণ আমাৰ হাতত আছে। কিন্তু উভতি অহাৰ প্ৰমাণ আমাৰ হাতত নাই। মই এতিয়াও আশা কৰোঁ যে, তেওঁ যাতে সুশৰীৰে সুস্থ অৱস্থাত থাকে।''

আৰক্ষী আয়ুক্তগৰাকীৰ ভাষ্যত এই কথাও কোৱা হৈছে যে, ''তেওঁ কিবা কাৰণত অসন্তুষ্ট আছিল। সেই অসন্তুষ্টিৰ কাৰণ হয়তো অলপ ব্যক্তিগত। আমি তদন্তত এটা কথা গম পাইছো যে ব্যক্তিগত আৰু পৰিয়ালগত কিছু কথা আৰু কামৰ বাবে তেওঁ অলপ আঘাত পাইছিল।''

এতিয়া সেইগৰাকী ভদ্ৰ মহিলা তথা ব্ৰজেন বৰুৱাৰ জীয়াৰীক সুধিব খোজা প্ৰশ্নটো হ'ল কি 'গছিপ'ৰ পাছত সাংবাদিকে দৌৰি প্ৰশ্ন কৰা বুলি আপোনাৰ খং উঠিছিল? এইটো মিছা নেকি যে স্বল্পভাষী এই ৮০ ৰ উধ্বৰ সংগীত পৰিচালকজনৰ ওপৰত নিৰ্যাতন হোৱা নাছিল?

কাষৰ ৰুমত থকা ৰমেন বৰুৱাৰ ভাতৃ দ্বীপেন বৰুৱাই নকওঁ নকওঁ বুলি কৈ দিয়া কথাবোৰ মিছা নেকি? সম্পত্তি কেন্দ্ৰীক বিবাদে এফালে পৰিয়ালটোৰ শেহতীয়া প্ৰজন্মক কাবু কৰি পেলোৱা খবৰবোৰ মিছা বুলি ক'ব পাৰিবনে?

সেই পুৰণি ঘৰটো ভাঙি তাত ফ্লেট সজাৰ পৰিকল্পনা কৰা হৈছিল। কথা পতা হৈছিল বিল্ডাৰৰ সৈতেও। তাত সন্মতি নাছিল ৰমেন বৰুৱা আৰু দ্বীপেন বৰুৱাৰ। ঘৰটো বিল্ডাৰক দিয়া বিৰোধিতা কৰি দ্বীপেন বৰুৱাই চহী নকৰাৰ বাবেই সেই প্ৰক্ৰিয়া ৰৈ যোৱা নাছিল নে?

এইবোৰ এটা পৰিয়ালৰ আভ্যন্তৰীণ বিষয়। সেই সম্পত্তিৰ বিবাদ যিসকলৰ প্ৰাপ্য তেওঁলোকে নিজস্ব আলাপ- আলোচনা মাধ্যমেৰে সমাধান কৰি ল'ব পাৰে। তাত কোনো তৃতীয় পক্ষৰ পৰামৰ্শ বা সিদ্ধান্তৰ কথা নাহে।

ৰমেন বৰুৱা সন্ধানহীন হোৱাৰ পাছত কথাবোৰ আলোচনালৈ আহিছে। অসমীয়া সম্ভ্ৰান্ত এটা পৰিয়ালৰ ঘৰৰ ভিতৰৰ কাহিনী ভিতৰলৈ ওলাই আহিছে। দ্বীপেন বৰুৱাই চহী কৰিবলৈ অস্বীকাৰ কৰি কোৱা কথা কেইটা গুৰুত্বপূৰ্ণ আছিল।

তেওঁ কৈছিল- ''এতিয়া ৰমেন দা আৰু মইহে জীয়াই আছোঁ। গতিকে আমি জীয়াই থকালৈকে দেউতাই বনোৱা ঘৰটো এনেকৈয়ে থাকিব। আমি মৰাৰ পাছত তাজমহল বনোৱা নে ছিচ মহল বনোৱা বনাই থাকিবা।''

কন্যাৰ নিৰ্যাতনৰ কথা কোৱা হৈছে। সুৰাসক্ত কন্যাই পিতৃক কৰা অসন্মানৰ প্ৰসংগ আহিছে। প্ৰায়ে কাজিয়া হোৱা কথাবোৰ চুবুৰীয়াই মুকলিকৈ ক'বলৈ ধৰিছে। তাৰ পৰিণামত এনে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে।

সেই প্ৰেক্ষাপটক কেৱল ব্যক্তিগত বুলি কোনোবাই জানো লুকুৱাই ৰাখিব পাৰে? ৰমেন বৰুৱাৰ কন্যায়ো সামাজিক মাধ্যম যোগে পিতৃৰ নিৰুদ্দেশ হোৱাৰ পাছত লিখা কথাখিনি কিছু অংশৰ ইতিমধ্যে এতিয়া আঁতৰাই পেলাইছে।

এইসকলোবোৰ পৰিবেশ, পৰিস্থিতিয়ে মানুহক উদ্বিগ্ন কৰিছে। ৰমেন বৰুৱাৰ কন্যাই দেউতাকক হেৰুৱাইছে। কিন্তু ৰমেন বৰুৱাক ভাল পোৱা মানুহবোৰে অসমৰ সমাজ আৰু সংগীত জগতক সমৃদ্ধ কৰি তোলা ৰমেন বৰুৱাক হেৰুৱাইছে। আশাৰ মাজত সকলো বন্দী হৈ এটা শুভ বাৰ্তাৰ প্ৰতীক্ষাত এতিয়াও মানুহবোৰে উদিগ্নতাৰে কটাইছে।