অখিল, লুৰীণে কথাবোৰ নতুনকৈ ভাবিবনে? 
বিশেষ লেখা

অখিল, লুৰীণে কথাবোৰ নতুনকৈ ভাবিবনে?

তুষাৰ প্ৰতিম

ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বিকল্প হিচাপে আঞ্চলিক ৰাজনৈতিক দল বিভিন্ন ৰাজ্যত মূৰ দাঙি থিয় হৈ আছে। দেশৰ আন প্ৰান্তৰ কথা বাদেই, উত্তৰ পূৰ্বাঞ্চলতেই তাৰ কেইবাটাও উদাহৰণ আছে। মেঘালয়ত শাসনত থকা কনৰাড চাংমা নেতৃত্বাধীন এন পি পি উত্তৰ পূৰ্বাঞ্চলৰে এতিয়া অন্যতম এক বৃহৎ শক্তি।

ছিকিম, মিজোৰাম, ত্ৰিপুৰা,নাগালেণ্ড আদি সকলো ৰাজ্যতে আঞ্চলিক ৰাজনৈতিক দলে ক'ৰবাত যদি চৰকাৰ গঠন কৰিছে আন ক'ৰবাত চৰকাৰৰ অংশীদাৰ হৈ আহিছে। অসমতো আঞ্চলিক ৰাজনৈতিক দল বিজেপি চৰকাৰৰ অংশীদাৰ হৈ আছে। অৱশ্যে অসমৰ এই আঞ্চলিক ৰাজনৈতিক দলৰ শক্তি সেইসমূহ ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দলৰ পৰ্যায়ৰ হৈ থকা নাই।

২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনলৈ এতিয়াও মাজত কিছু সময় আছে যদিও ৰাজনৈতিক দলসমূহৰ মাজত এই নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰতা আৰম্ভ হৈছে। ৰাজ্যত ইতিমধ্যে নিৰ্বাচনী কাম-কাজ আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে।

শাসকীয় বিজেপিয়ে নিৰ্বাচনক লক্ষ্য কৰিয়েই ৰাজ্যৰ বিত্তীয় সূচনীয় অৱস্থাৰ পাছতো হিতাধিকাৰীৰ আঁচনি গ্ৰহণ কৰিবলৈ এৰা নাই। ঋণত ডুবি থকা ৰাজ্যখনত এফালে যদি হিতাধিকাৰী আঁচনিৰে সাধাৰণ মানুহৰ মন জয় কৰিবলৈ চেষ্টা কৰা হৈছে আনফালে সাম্প্ৰদায়িক কথা-বতাৰাৰে মেৰু বিভাজনৰো চেষ্টা অব্যাহত আছে।

কিন্তু শাসকীয় পক্ষৰ এনে তৎপৰতাৰ বিপৰীতে বিৰোধীৰ তেনে কোনো উল্লেখনীয় তৎপৰতা পৰিলক্ষিত হোৱা নাই। বিজেপিক পৰাভূত কৰিবলৈ বাৰে বাৰে ঐক্যবদ্ধ হোৱাৰ কথা কৈয়ো এই বিৰোধী দলসমূহৰ মাজত যোৱা কেইবাটাও নিৰ্বাচনত স্পষ্ট বিভাজন পৰিলক্ষিত হৈ আহিছে।

আজিৰ ৰাজনৈতিক পৰিস্থিতিত কাৰোবাৰ বাবে অপ্ৰীয় হ'লেও এই কথা বহুতেই স্বীকাৰ কৰিব যে, বিজেপিৰ বিকল্প হিচাপে অসমত কংগ্ৰেছ এতিয়াও মূৰ দাঙি থিয় হ'ব পৰা নাই। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ধুবুৰী, যোৰহাট আৰু নগাওঁ লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ উৰি ফুৰা কংগ্ৰেছ নেতৃত্বই এই তিনি সমষ্টিত তেওঁলোকৰ বিজয়ৰ কাৰণ আৰু বাকী সমষ্টিত পৰাজয়ৰ কাৰণ নিশ্চয়কৈ বিশ্লেষণ কৰিছে। সাধাৰণ মানুহেও এই জয়, পৰাজয়ৰ কাৰণ বুজি পাইছে। সেইসমূহ পুনৰ এতিয়া উল্লেখ কৰাৰ প্ৰয়োজন নাই।

'কা' আন্দোলনৰ পৰিস্থিতিৰ মাজেৰে গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ লক্ষ্য এটায়েই। অসমত বিজেপিক ক্ষমতাৰ পৰা আঁতৰোৱা। ইয়াৰ বাবেই ৰাষ্ট্ৰীয়তাবাদৰ অক্সিজেন লৈ আঞ্চলিকতাবাদ জীয়াই থাকিব নোৱাৰে বুলি এসময়ত উল্লেখ কৰা লুৰীণজ্যোতি গগৈৰ দল এতিয়া কংগ্ৰেছৰে মিত্ৰতাত আছে।

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল অজাপ আৰু ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে মিত্ৰতাত থাকি আঞ্চলিক শক্তি হিচাপে মূৰ দাঙি থিয় হ'ব পাৰিবনে? একে উদ্দেশ্য লৈ গঠন হোৱা এই দুই দল শেহতীয়াকৈ একত্ৰিকৰণৰ প্ৰস্তাৱো ৰাজহুৱাকৈ উত্থাপন হৈছে।

প্ৰতিদিন মিডিয়া নেটৱৰ্কে অনুষ্ঠিত কৰা 'দ্য কনক্লেভ-২০২৪' ৰ এক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পুনৰ এবাৰ মুকলিকৈ ৰাইজৰ দল অসম জাতীয় পৰিষদৰ সৈতে চামিল কৰাৰ প্ৰস্তাৱ দিছে। প্ৰয়োজনত সেই দলৰ নেতৃত্বত অখিল গগৈ নাথাকে বুলিও কৈছে।

অসমৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত বিকল্পৰ শক্তিৰ অভাৱত ভূগিছে সাধাৰণ ভোটাৰ। বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছক এতিয়াও মানিবলৈ ইছ্যুক নহয় ৰাজ্যৰ গৰিষ্ঠ সংখ্যক ভোটাৰ। এই কথা পানীৰ দৰে স্বচ্ছ।

কংগ্ৰেছৰ নেতৃত্বত থকা একাংশ নেতাই তৰুণ গগৈৰ চৰকাৰৰ দিনত কৰা দুৰ্নীতি, কেলেংকাৰীৰ দাগ তেওঁলোকল পোচাকত এতিয়াও আছে। সেই দাগ এতিয়ালৈকে মচিবলৈ সক্ষম হোৱা নাই।

সাধাৰণ ৰাইজক সপোন দেখুৱাই ক্ষমতালৈ অহা বিজেপিৰ শাসনত সেই সপোন এটা এটাকৈ কেনেকৈ ভাঙিছে পৰিবৰ্তনৰ সপোন দেখা সাধাৰণ ৰাইজে নিজেই উপলব্ধি কৰিছে। মূল্যবদ্ধিৰে সৰ্বসাধাৰণ জুৰুলা হৈছে। নিবনুৱা সমস্যা বৃদ্ধি হৈছে। নতুন নতুন কেলেংকাৰীৰ কথা ওলাইছে।

বিৰোধী, সাধাৰণ জনতাৰ কথা বাদেই, শাসকীয় দলৰে নেতা, কৰ্মীয়ে কথা ক'বলৈ ভয় কৰাৰ এক পৰিবেশো সূচনা হৈছে। কোন মন্ত্ৰীৰ বিভাগত কি চলিছে, কি সিদ্ধান্ত লোৱা হৈছে সেয়া স্বয়ং বিভাগীয় মন্ত্ৰীয়েই এতিয়া নাজানে।

এইবোৰ ভিতৰুৱা কথা তেওঁলোকৰ ভাষ্যতে ধৰা পৰি গৈছে। এসময়ত সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা আঞ্চলিক ৰাজনৈতিক দলটো এতিয়া শাসকীয় দলতেই বিলীন হৈছে।

এনে পৰিস্থিতিত বিকল্পৰ অভাৱ সাধাৰণ ৰাইজে বৰকৈ অনুভৱ কৰিছে। বিদ্যমান ৰাজনৈতিক পৰিস্থিতিৰ পৰিবৰ্তন নহ'লে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ সময়তো যে সেই বিকল্পৰ অভাৱত ৰাইজে পুনৰ অনুভৱ যে নকৰিব তাৰ কোনো নিশ্চয়তা নাই। সেয়ে অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ দৰে সম্ভাৱনাপূৰ্ণ নেতাৰে পৰিপূৰ্ণ দুয়োটা ৰাজনৈতিক দলে কথাবোৰ অলপ নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন নিশ্চয়কৈ আছে।

বড়ো ভূমিত শেহতীয়াকৈ যি ৰাজনৈতিক পৰিস্থিতিৰ সূচনা হৈছে তাৰ পৰাও শিক্ষা লোৱা উচিত। বিটিচিত ইউ পি পি এলৰ সৈতে বিজেপি ক্ষমতাত আছে। বিটিচিত বিজেপিৰ প্ৰৱেশৰ লগে লগে বড়ো জনগোষ্ঠীয় একাংশ নেতাই অনুভৱ কৰিছে তেওঁলোকক লাহে লাবে দিছপুুৰৰ পৰা নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ হৈছে।

বড়ো ভূমিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা স্বয়ং বিধানসভাৰ অধ্যক্ষই সাংবিধানিক অধিকাৰ ভংগ কৰাৰ অভিযোগেৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে।বড়োসকলৰ স্বাৰ্থত, বিটিচিৰ সুৰক্ষিত আৰু শক্তিশালী ভৱিষ্যতৰ স্বাৰ্থত বি পি এফ, ইউ পি পি এলক একত্ৰিত কৰিবলৈ এবছুকে ধৰি একাংশ বড়ো দল, সংগঠন আৰু নেতৃত্বই প্ৰচেষ্টা অব্যাহত ৰাখিছে।

এসময়ত হাগ্ৰামা মহিলাৰীয়ে বড়ো ভূমিৰ স্বাৰ্থত, চৰকাৰৰ পৰা সুবিধা আদায়ৰ স্বাৰ্থত নিজকে চূড়ান্ত সুবিধাবাদী বুলি উল্লেখ কৰিবলৈয়ো কুণ্ঠাবোধ কৰা নাছিল। সেইদৰেই তেওঁ বিটিচিত শাসন কৰিছিল। ৰাজ্যৰ কংগ্ৰেছ চৰকাৰে বিটিচিৰ কোনো এটা বিষয়তে হস্তক্ষেপ কৰাৰ সাহস কৰিব পৰা নাছিল।

'দ্য কনক্লেভ'ত প্ৰমোদ বড়োৱেও নিজকে তেনে এক নেতা বুলিয়েই প্ৰকাৰন্তৰে বুজাই দিলে। তেওঁ স্পষ্টকৈ কৈছে আঞ্চলিকতাবাদ, জাতীয়তাবাদৰ নামত আৱেগিক সিদ্ধান্ত গ্ৰহণ কৰা উচিত নহয়। বড়ো ভূমিৰ ৫ হাজাৰ ছহিদক ন্যায় প্ৰদান কৰা, বড়ো ভূমিৰ উন্নয়ন, শান্তি আদিহে তেওঁৰ মূল বিষয়।

তেওঁৰ মতে আঞ্চলিক দলত থাকি নিজৰ মানুহৰ বাবে কাম কৰিব নোৱাৰিলে ৰাষ্ট্ৰীয় দলক দোষোৰূপ কৰি লাভ নাই। কাৰ লগত থাকিলে জাতিৰ সুৰক্ষা হয়, সমস্যাৰ সমাধান হয় সেয়াহে তেওঁৰ বাবে মূল বিষয়।

হাগ্ৰামা মহিলাৰী আৰু ইউ পি পি এলৰ এই স্থিতিক বহুতেই ৰাজনৈতিক মতাদৰ্শৰ দৃষ্টিৰে বিশ্লেষণ কৰি সমালোচনা কৰিব পাৰে, কিন্তু তেওঁলোকে আদায় কৰা সুযোদ, সুবিধাক নস্যাত কৰিব নোৱাৰে। এইসকল নেতা তথা বড়ো ভূমিৰ ৰাজনৈতিক পৰিস্থিতিৰ পৰা অসমৰ আন আঞ্চলিক ৰাজনৈতিক দলসমূহে শিক্ষা লোৱা উচিত।

এন পি পি মেঘালয়ত ক্ষমতাত আছে। বিজেপিৰে যদিও মিত্ৰতাত আছে ক্ষমতাত থকাৰ ক্ষেত্ৰত সেই মিত্ৰতাত ভংগ কৰিলেও দলটোৰ কোনো ক্ষতি নহয়। এই দলটো অৰুণাচল, নাগালেণ্ড আৰু মণিপুৰ বিধানসভাতো প্ৰৱেশ কৰিছে। দলটোৰ নেতা কনৰাড চাংমা পৰৱৰ্তী চন্দ্ৰবাবু নাইডু হ'লেও আচৰিত হ'বলগীয়া একো নাথাকিব।

অখিল, লুৰীণে এই কথাবোৰ বিশ্লেষণ কৰা উচিত। সময় এতিয়াও আছে। আঞ্চলিক শক্তি হিচাপে মূৰ দাঙি থিয় হ'বলৈ সুযোগ বহু আছে। কিন্তু সেই সুযোগ গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকৰ পৰৱৰ্তী ৰাজনৈতিক কৌশল কি হ'ব তাৰ ওপৰতেই সকলো নিৰ্ভৰ কৰিব। ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰে মিত্ৰতাত থাকিব নে নাই সেয়া পৰিস্থিতিয়ে ক'ব। কিন্তু মিত্ৰতাত থাকিলে কিদৰে নিজস্বতা ৰক্ষা কৰিব তাৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰিব।