হে' ধৰ্মবীৰ, জেহাদীৰে তোমাৰ পাৰ্থক্য কি? 
বিশেষ লেখা

হে' ধৰ্মবীৰ, জেহাদীৰে তোমাৰ পাৰ্থক্য কি?

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

এতিয়া চৌদিশে আধুনিক কালৰ ধৰ্মবীৰৰ দিন চলিছে। অৱশ্যে তেওঁলোকে তৰি লোৱা এই ধৰ্মযুদ্ধৰ আখৰা অধৰ্ম প্ৰতিষ্ঠাৰ বাবেহে। এতিয়ানো বাৰু এনে দিন আছেনে, হাতত মাৰনাস্ত্ৰ লৈ আত্মৰক্ষাৰ আখৰা ধৰ্মৰ নামত কৰিব লাগে?

ৰাজনীতিৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ধৰ্মীয় উত্তেজনাৰে ক্ষমতা দখলৰ এই আখৰা অত্যন্ত হতাশজনক আৰু উদ্বেগজনক। মঙলদৈত যিসকলে মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ আয়োজন কৰিছিল তেওঁলোকৰ ধৰ্মীয় মৌলবাদৰ সৈতে আনসকলৰ ধৰ্মীয় মৌলবাদৰ প্ৰাৰ্থক্য ক'ত?

যিকোনো মৌলবাদী কাৰ্যকলাপে আধুনিক সমাজৰ বাবে ক্ষতিকাৰক। ই শান্তিৰ পৰিৱেশ বিনষ্ট কৰে। মানুহক ধৰ্মৰ নামত অমানুহ কৰি তোলে। তাৰ পাছতো চৰকাৰ প্ৰশাসনে সুযোগ বুজি কাৰোবাৰ বাবে ডাং বান্ধি আন কাৰোবাৰ বাবে ডাং খুলি দিয়ে।

সংখ্যালঘু সম্প্ৰদায়ৰ মাজত জেহাদ যেনেকৈ এক ডাঙৰ ব্যাধি একেদৰে সংখ্যাগুৰুসকলেও কৰা এনে আখৰা অনুৰূপ ব্যাধিৰেই ৰূপান্তৰ। এই ব্যাধিক সময় অনুসৰি বাধা বা চিকিৎসা নকৰিলে সমাজৰ বাবে ই ভয়াৱহ হৈ পৰিব পাৰে।

হিন্দুত্ববাদী ধ্বজ্জা উৰুওৱা সংগঠনসমূহে তেওঁলোকৰ ধৰ্মীয় পৰম্পৰা, ধৰ্মীয় চেতনা আৰু অনুভূতিক লৈ সচেতন হওক। তাত কাৰোৱেই আপত্তি থাকিব নোৱাৰে। কিন্তু সেয়া কাৰোবাৰ বাবে ভাবুকি প্ৰদৰ্শনৰ আহিলা হওক সেয়াও মানি ল'ব নোৱাৰি।

হাৰিয়ানা, মণিপুৰৰ বিষবাষ্পই সাধাৰণ জনতাক কিদৰে কোঙা কৰিছে চকুৰ সন্মুখতে আমি দেখি আহিছো। তাৰ পাছত এনে ঘটনাৰ পৃষ্ঠপোষকতা বা সহ্য কৰাতো হ'ব চূড়ান্ত মুৰ্খামী।

মঙলদৈৰ এখন বিদ্যালয়ত যোগ শিবিৰ অনুষ্ঠিত কৰাৰ অনুমতি লৈ সশস্ত্ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ল। ৪০০ অংশগ্ৰহণকাৰীয়ে অংশ ল'লে। ৪ দিন ধৰি এই প্ৰশিক্ষণ চলিল। জিলা প্ৰশাসনৰ নাকৰ তলতেই সকলোবোৰ ঘটি গ'ল।

ক'ত শুই থাকিল চৰকাৰ, প্ৰশাসন তথা আৰক্ষী চোৰাংচোৱা ? সংবাদ মাধ্যমে বিষয়টো পোহৰলৈ অনাৰ পাছতহে সাৰ পালে দৰং জিলা প্ৰশাসনে। বিষয়টোক লৈ মুখ্যমন্ত্ৰী আজিও নিমাত। বিৰোধীয়ে নামাতিলে নহয় আচৰণেৰে দুই, এষাৰ মাত মাতিছে।

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এইবোৰ নিৰ্বাচন জিকাৰ ব্লুপ্ৰিণ্ট নেকি? নে সাম্প্ৰদায়িক বিভ্ৰান্তিৰে দেশ তথা অসমক ৰক্তাক্ত কৰি ধৰ্মীয় মেৰু বিভাজনৰ এয়া পৰিকল্পিত সমীকৰণ।

আমি কিমান সমস্যাৰ সৈতে যুঁজি আছো ! আমাৰ সন্মুখত কিমান প্ৰত্যাহ্বান? সেইবোৰক আওকান কৰি হাতত পিষ্টল, বন্দুক গুজি দি আত্মৰক্ষাৰ নামত এনেবোৰ কুচকাৱাজ কোনো কাৰণতেই গ্ৰহণযোগ্য হ'ব নোৱাৰে।

দৰিদ্ৰতাই আমাক চানি ধৰিছে। চৰকাৰী তথ্যতে অসমৰ দৰিদ্ৰতাৰ হতাশজনক ছবি উন্মোচিত হৈছে। অতি দৰিদ্ৰ ৰাজ্যৰ তালিকাত অসমে ২৮ সংখ্যক স্থান লাভ কৰিছে। আজিৰ তাৰিখত অসমতকৈ মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা ৰাজ্যৰ মানুহ ধনী।

অসমত দেখোন ৩১.৯৮ শতাংশ লোকেই দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰে। সেই শোচনীয় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ উপাই কেৱল ঋণ গ্ৰহণ হ'ব নোৱাৰে। ধাৰৰ বোজাৰে আমাক উন্নয়নৰ সপোন দেখুৱালেও সেয়া মৰিচিকাৰ দৰে।

ই মৰুভূমিত দেখা পানী সদৃশ। তাৰ পাছতো ঢাক, ঢোল বাজিয়েই আছে। সেই ঢাক, ঢোলৰ শব্দত আমি নাচি আছো। বাস্তৱক এৰাই চলিছো। এদিন বাস্তৱে আমাৰ সন্মুখত ৰুঢ় ৰূপত দেখা দিব।

এইবোৰ সমস্যাৰে যুঁজিবলৈ আমাক জানো বন্দুকৰ প্ৰয়োজন?বন্দুক সংস্কৃতিয়ে এখন দেশক এটা জাতিক, এটা সম্প্ৰদায়ক ক'ৰ পৰা ক'লৈ লৈ যায় চকুৰ সন্মুখতে জানো দেখি থকা নাই? আফগানিস্তান, পাকিস্তান আদি দেশৰ অৱস্থা কি?

সেই ধৰ্মীয় মৌলবাদক মষিমূৰ কৰিবলৈ তেনে অস্ত্ৰৰ প্ৰশিক্ষণ দিয়া মাদ্ৰাছাত বুলড'জাৰ চলাবলৈ সাজু থকা চৰকাৰে এনেবোৰ কাৰ্যৰ বিৰুদ্ধেও বুলড'জাৰ চলাবলৈ সিদ্ধান্ত ল'ব লাগিব। নহ'লে এই ধৰ্মীয় উন্মাদনাই আমাক অৱনমিত কৰাৰ লগতে সুস্থ বাতাবৰণতো চৰম আঘাত হানিব।