সাধাৰণ নহয় এই প্ৰাপ্তিঃ কিমান উপেক্ষা, কিমান যে অপেক্ষা... 
বিশেষ লেখা

সাধাৰণ নহয় এই প্ৰাপ্তিঃ কিমান উপেক্ষা, কিমান যে অপেক্ষা...

তুষাৰ প্ৰতিম

টি-২০ বিশ্বকাপ খেলিবলৈ যোৱা ভাৰতীয় দলৰ খেল চোৱা নাই তেওঁ। আশা আছিল আই পি এলৰ মাজতেই বিশ্বকাপৰ বাবে ঘোষণা কৰিবলগীয়া দলত তেওঁ স্থান লাভ কৰিব। কিন্তু সময়ত বিশ্বকাপখনৰ বাবে ঘোষণা কৰা দলটোত নিৰ্বাচকৰ বাচনিলৈ নাহিল তেওঁ।

স্বাভাৱিকতে কিছু হতাশ হৈছিল তেওঁ। অৱ্শ্যে এই হতাশাই তেওঁৰ প্ৰদৰ্শনত কোনো বাধাৰ সৃষ্টি নকৰিলে। পিতৃয়ে কোৱাৰ দৰেই কৰি গ’ল নিজৰ কাম। এটাৰ পিছত এটাকৈ আই পি এলৰ পৰৱৰ্তী মেচসমূহত।

বিশ্বকাপৰ বাবে ঘোষণা কৰা দলত স্থান নাপালেও বিশ্বকাপৰ পাছতেই জিম্বাৱে’ ভ্ৰমণৰ বাবে যাবলগীয়া ভাৰতীয় ক্ৰিকেট দলটোত তেওঁৰ স্থান সুনিশ্চিত আছিল। প্ৰাক্তন ক্ৰিকেটাৰ, ক্ৰিকেট বিশেষজ্ঞ সকলোৱে ভাৰতীয় দলত তেওঁৰ স্থান নিশ্চিত কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। এইসকল প্ৰাক্তন ক্ৰিকেটাৰ, ক্ৰিকেট বিশেজ্ঞই বুজি পাইছিল তেওঁৰ প্ৰতিভা। ৰাখিছিল ঘৰুৱা ক্ৰিকেটত তেওঁ কৰা প্ৰদৰ্শনৰ খবৰ।

অৱশেষত আশা কৰা ধৰনেই ২৪ জুলাই, সোমবাৰে বিয়লি আহিল সেই খবৰ। নীলা জাৰ্ছি পৰিধান কৰাটো নিশ্চিত হল ৰিয়ান পৰাগৰ।শৈশৱৰে পৰা কেৱল ভাৰতীয় ক্ৰিকেট দলত খেলাৰ সপোন পুহি ৰখা ৰিয়ানক জিম্বাৱে’ৰ বাবে ঘোষিত দলত স্থান দিলে বি চি চি আইৰ নিৰ্বাচক কমিটীয়ে। লগে লগে ৰিয়ান হৈ পৰিল ভাৰতীয় দলত স্থান লাভ কৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰে প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰ।

সদ্য সমাপ্ত আই পি এলত এইবাৰ দাঙি ধৰা প্ৰদৰ্শনৰ পাছতে ভাৰতীয় ক্ৰিকেট দলত ৰিয়ানক স্থান দিয়াক লৈ চৰ্চা আৰম্ভ হৈছিল। অৱশ্যে ৰিয়ানে কেৱল আই পি এলৰ প্ৰদৰ্শনৰ আধাৰতে ভাৰতীয় দলত স্থান লাভ কৰা নাই। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে দেখুওৱা উন্নত প্ৰদৰ্শনো নিৰ্বাচনকৰ তুলাচনীত উঠাৰ এক মূল কাৰণ।

ৰিয়ানৰ পিতৃ পৰাগ দাসো এগৰাকী ক্ৰিকেটাৰ। ভাৰতীয় ক্ৰিকেট দলত খেলাৰ সপোন পুহি ৰাখিছিল পৰাগ দাসেও। পিছে তেওঁৰ সেই আশা পূৰণ হোৱা নাছিল। ঘৰুৱা ক্ৰিকেট খেলিয়েই ক্ৰিকেট কেৰিয়াৰ সামৰিবলগীয়া হোৱা পৰাগ দাসে সেয়ে পুত্ৰ ৰিয়ানৰ জৰিয়তেই পুনৰ দেখিছিল ভাৰতী ক্ৰিকেট দলৰ সপোন।

শৈশৱতে ৰিয়ানৰ হাতত পৰাগ দাসে গুজি দিছিল ক্ৰিকেট বেট। মাত্ৰ কেইটামান দিনৰ পূৰ্বে ৰিয়ানৰ প্ৰসংগত পৰাগ দাসে কৈছিল- তাক ভাৰতীয় দলৰ হৈ খেলিবলৈকে ক্ৰিকেটাৰ বনাইছো। মোৰ দৰে অকল ঘৰুৱা ক্ৰিকেট খেলিবলৈ নহয়। ভাৰতীয় দলত খেলাৰ সুযোগ পাবলৈ ৰিয়ানে যেনেকৈ প্ৰদৰ্শন কৰিব লাগে কৰি আছে। এতিয়াও যদি স্থান নাপায় তেন্তে আৰু ভাল খেলিব লাগিব সি।

জন্মৰে পৰা ৰিয়ানে ঘৰতেই পাইছিল এক খেলৰ পৰিবেশ। পিতৃ পৰাগ দাস যিদৰে এগৰাকী ৰঞ্জী ক্ৰিকেটাৰ আছিল ঠিক সেইদৰেই মাতৃ মিঠু বৰুৱাও আছিল এগৰাকী ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ।

প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ পৰাগ দাসে অসমৰ উপৰিও, ৰে’লৱে আৰু পূব মণ্ডলৰ হৈ খেলিছিল। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ সৈতেও খেলিছিল পৰাগ দাসে। কিন্তু ধোনিৰ দৰে ভাৰতীয় ক্ৰিকেট দললৈ তেওঁ নিৰ্বাচিত হ’ব নোৱাৰিলে।

মাতৃ মিঠু বৰুৱাই আকৌ ৫০ মিটাৰ ফ্ৰিষ্টাইল শাখাত ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়িছিল। ইয়াৰোপৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। এছিয়ান চেম্পিয়নশ্বিপ আৰু ছাফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা মিঠু বৰুৱাই ১৯৯৩ ৰ হংকং এছিয়া পেচিফিক চেম্পিয়নশ্বিপত দেশৰ হৈ ২ টা সোণৰ পদক, ২ টা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

শৈশৱৰে পৰা এইদৰে খেলৰ পৰিবেশৰ মাজত ডাঙৰ হোৱা ৰিয়ানে ২০১৭ ত আন্তঃৰাজ্যিক টি-২০ ত আত্মপ্ৰকাশ কৰাৰ পাছত একেটা বছৰৰে ২৯ অক্টোবৰত এচিচি অনুৰ্ধ্ব-১৯ এছিয়া কাপত ভাৰতীয় দলত স্থান লাভ কৰিছিল। ইয়াৰ পিছত ৰঞ্জী ক্ৰিকেটত অসমৰ হৈ ৰিয়ানে আত্মপ্ৰকাশ কৰে ২০১৭-১৮ বৰ্ষত।

যিসকলে ঘৰুৱা ক্ৰিকেটৰ খবৰ ৰাখে তেওঁলোকে জানে ঘৰুৱা ক্ৰিকেটত ৰিয়ানৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা। আই পি এল চায়েই খেলুৱৈৰ দক্ষতাৰ কথা কোৱাসকলে অৱশ্যে ৰিয়ানে ঘৰুৱা ক্ৰিকেটত কৰি অহা প্ৰদৰ্শনৰ বিষয়ে বৰ বিশেষ নাজানে।

২০১৬-১৭ কোচ বিহাৰ ট্ৰফীত ৰিয়ান আছিল দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী। সেই সুৱাদতে ২০১৭ ত ইংলেণ্ডত যুৱ টেষ্ট খেলিবলৈ যোৱা দলত স্থান পাইছিল ৰিয়ানে। ইয়াত ৰিয়ান আছিল দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী। ইয়াৰে প্ৰথমখন টেষ্টত দুটা অৰ্ধশতক আৰু দ্বিতীয় টেষ্টত এটা অৰ্ধশতক অৰ্জন কৰিছিল। সেই যুৱ টেষ্ট ভাৰতে ২-০ ব্যৱধানত বিজয় সাব্যস্ত কৰিছিল।

২০১৭ তে ১৯ অনূৰ্ধ্বৰ চেলেঞ্জাৰ ট্ৰফীৰ বাবে ইণ্ডিয়া এ দলৰ হৈ খেলিছিল ৰিয়ানে। এই প্ৰতিযোগিতাত ৰিয়ান আছিল সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী। ইয়াৰ পিছত ২০১৮ ত ৰিয়ানে ১৯ অনূৰ্ধ্বৰ বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰস্তুতি মেচত হাতৰ আঙুলিত আঘাত পোৱাত প্ৰতিযোগিতাখনত তেওঁ খেলিব নোৱাৰিলে। কেৱল টুৰ্ণামেণ্টখনত গ্ৰুপৰ অন্তিমখন মেচহে খেলিবলৈ সক্ষম হয়।

তাৰ পাছত ৰিয়ানে আকৌ ঘৰুৱা ক্ৰিকেটত তেওঁৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা অব্যাহত ৰাখে। ২০১৮ ৰ ডিচেম্বৰত অনুষ্ঠিত হোৱা আই পি এলৰ নিলামত ৰিয়ানক ৰাজস্থান ৰয়েলছ দলে ভিত্তি মূল্য ২০ লাখ টকাত ক্ৰয় কৰে। আত্মপ্ৰকাশৰ এই ছিজনতে ৰিয়ানে আই পি এলত সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে অৰ্ধশতক অৰ্জন কৰে। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৭ বছৰ ১৭৫ দিন।

অৱশ্যে আই পি এলত আত্মপ্ৰকাশ ছিজনৰ পৰৱৰ্তী ছিজনসমূহ ৰিয়ানৰ বাবে সন্তোষজনক নাছিল। ২০১৯ ত ৰিয়ানে মুঠ ৭ খন মেচ খেলি এটা অৰ্ধশতকৰ সৈতে কৰিছিল ১৬০ ৰাণ। ইয়াৰ পিছত ৰিয়ানে ২০২০ ছিজনত খেলিছিল ১২ খন মেচ। সেইবাৰ তেওঁৰ বেটৰ পৰা আহিছিল মাত্ৰ ৮৬ ৰাণ। সেইবাৰ এখন মেচত তেওঁ সৰ্বাধিক ৪২ ৰাণ কৰিছিল। গড়ে ১২.২৮ কৈ তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১১.৬৮।

২০২১ আৰু ২০২২ ছিজনো ৰিয়ানৰ বাবে সুখৰ নাছিল। ২১ ত ১১ খন মেচত তেওঁৰ বেটৰ পৰা গড়ে ১১.৬২ কৈ ৯৩ ৰাণহে আহে। সেইবাৰ এখন মেচত তেওঁৰ সৰ্বাধিক ৰাণ আছিল ২৫। ২০২২ ত ১৬.৬৪ গড়ে ১৭ খন মেচত ১৮৩ ৰাণ কৰে ৰিয়ানে।

আই পি এলত ৰিয়ানৰ এই বিফলতাৰ ধাৰাবাহিকতা অব্যাহত থাকে ২০২৩ তো। সেইবাৰ তেওঁ মুঠ ৭ খন মেচ খেলি গড়ে ১৩ ৰাণকৈ ৭৮ ৰাণ সংগ্ৰহ কৰে। সেইবাৰ ৰিয়ানৰ বেটৰ পৰা এটা ইনিংছত সৰ্বাধিক ২০ ৰাণহে আহে।

আই পি এলত ৰিয়ানৰ এনে প্ৰদৰ্শনৰ পাছতো ৰাজস্থান ৰয়েলছৰ মেনজমেণ্টে তেওঁক বাৰে বাৰে দলত স্থান দিয়াক লৈ সমালোচনাৰো সন্মুখীন হৈছিল। ক্ৰিকেট বিশেষজ্ঞই তৰুণ ৰিয়ানক ৰাজস্থানে দলত ৰখাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছিল।

আই পি এলত এনে বিফলতাৰ ধাৰাবাহিকতা অব্যাহত থাকিলেও কিন্তু ঘৰুৱা ক্ৰিকেটত ৰিয়ানৰ প্ৰদৰ্শনে যথেষ্ট আশাৰ সঞ্চাৰ কৰিছিল। ২০২২-২৩ বৰ্ষত বিজয় হাজাৰেত ৰিয়ান আছিল অসমৰ সৰ্বাধিক আৰু দেশৰ ভিতৰতে পঞ্চম সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী।

সেইবাৰ ৰিয়ানে তিনিটা শতক আৰু এটা অৰ্ধশতকেৰে গড়ে ৬৯ কৈ ৫৫২ ৰাণ কৰে। ইয়াৰোপৰি তেওঁ অৰ্জন কৰে ১০ টা উইকেট। প্ৰতিযোগিতাখনত ৰিয়ানে জম্মু কাশ্মীৰৰ বিৰুদ্ধে ১১৬ বলত ১২ টা ছয় আৰু ১২ টা চাৰিৰে মুঠ ১৭৪ ৰাণৰ সৰ্বশ্ৰেষ্ঠ ইনিংছটো খেলিবলৈ সক্ষম হৈছিল।

২০২৩ ৰ দেওধৰ ট্ৰফীত ৰিয়ানে ৩৫৪ সংগ্ৰহৰে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল। তেওঁ আছিল প্ৰতিযোগিতাখনৰ সৰ্বাধিক ছয় কোবোৱা ক্ৰিকেটাৰ। ইয়াৰোপৰি আছিল ১১ টা উইকেট দখলেৰে তৃতীয় সৰ্বাধিক উইকেটদখলকাৰী।

এনে প্ৰদৰ্শনৰ বাবেই তেওঁ লাভ কৰে প্লেয়াৰ অফ দ্যা ছিৰিজ সন্মান। এই প্ৰতিযোগিতাতে ৰিয়ানে ইউছুফ পাঠানৰ এটা ইনিংছত ৯ টা ছয় কোবোৱাৰ অভিলোখ ভাঙি ১১ টা ছয় কোবাবলৈ সক্ষম হৈছিল। পশ্চিম মণ্ডল আৰু উত্তৰ মণ্ডলৰ বিৰুদ্ধে অৰ্জন কৰিছিল শতক।

ৰিয়ানৰ এনে উন্নত প্ৰদৰ্শনৰ ধাৰাবাহিকতা অব্যাহত থাকে ২০২৩-২৪ ৰ ছৈয়দ মুস্তাক আলী ট্ৰফীতো। এই প্ৰতিযোগিতাত ৰিয়ানে সৰ্বাধিক ৪০ টা ছয় কোবাই ৫১০ ৰাণ কৰে। এই প্ৰতিযোগিতাতে ৰিয়ানে একেৰাহে ৭ টা ইনিংছত অৰ্ধশতক অৰ্জন কৰি ৰেকৰ্ডো গঢ়ে। প্ৰতিযোগিতাখনত ৰিয়ানে ১১ টা উইকেট দখল কৰে।

প্ৰতিযোগিতাখনত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৮২.৭৯ আৰু এভাৰেজ ৮৫। এনে প্ৰদৰ্শনৰ জৰিয়তে ৰিয়ানে ৰেকৰ্ড গঢ়াই নহয় তেওঁৰ ঘৰুৱা ক্ৰিকেটৰ প্ৰদৰ্শনক উপেক্ষা কৰি অহা ক্ৰিকেট বিশেষজ্ঞ, সমালোচকক চকু মেলিবলৈ বাধ্য কৰাইছিল।মুকলিকৈয়ে ইৰফান পাঠান, সুৰেশ ৰাইনা আদিৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰে ৰিয়ানক প্ৰশংসাৰে উপচাই দিছিল।

২০২৩-২৪ ৰঞ্জী ছিজনত ৰিয়ানে গড়ে ৭৫.৬০ কৈ ১১৩.৮৫ ষ্ট্ৰাইক ৰেটেৰে মুঠ ৩৭৮ ৰাণ কৰে। এই ছিজনতে ছত্তীশগড়ৰ বিৰুদ্ধে ৫৬ বলত ৰঞ্জী ইতিহাসৰ দ্বিতীয় দ্ৰুততম শতকটো অৰ্জন কৰে।

ঘৰুৱা ক্ৰিকেটত এনে ধাৰাবাহিকতা অব্যাহত ৰখা ৰিয়ানে ২০২৪ আই পি এলত যেন নতুনকৈহে আত্মপ্ৰকাশ কৰে। আই পি এলত সকলোৱে বিচাৰি পালে এক পৃথক ৰিয়ানক। আই পি এলত ব্যৰ্থতাৰ ইতিহাস ৰচনা কৰা ৰিয়ান যেন এইবাৰ সকলোৰে বাবে হৈ পৰিছিল আশ্চৰ্যহে।

বিৰাটক কোহলিক আদৰ্শ হিচাপে লোৱা ৰিয়ানে এসময়ত বিৰাটৰ সৈতে এইবাৰ অৰেঞ্জ কেপৰ প্ৰতিযোগিতাত নামিছিল। কিছু সময়ৰ বাবে ৰিয়ানৰ মূৰ সোৱণি কৰিছিল অৰেঞ্জ কেপে।

এইবাৰ ৰিয়ানে মুঠ ১৫ খন আই পি এলৰ মেচ খেলি গড়ে ৫৬.৭ কৈ ১৪৯.২২ ষ্ট্ৰাইক ৰেটেৰে ৫৭৩ ৰাণ কৰিবলৈ সক্ষম হয়। তেওঁ সৰ্বাধিক স্ক’ৰ অপাজিত ৮৪ । কেইবাখনো মেচত তেওঁ দলৰ ত্ৰাণকৰ্তাৰ ভূমিকা পালন কৰিছে। ৰাজস্থান ৰয়েলছৰ হৈ এইবাৰ সৰ্বাধিক ৰাণ কৰা খেলুৱৈৰ তালিকাৰ শীৰ্ষত ৰিয়ান।

ঘৰুৱা ক্ৰিকেট আৰু আই পি এল-২০২৪ ত দাঙি ধৰা এনে প্ৰদৰ্শনৰ জৰিয়তে ৰিয়ান এতিয়া ভাৰতীয় ক্ৰিকেট দলত। জিম্বাৱে’ৰ বিৰুদ্ধে শুভমণ গীলৰ অধিনায়কত্বত খেলিব তেওঁ। এতিয়া ৰিয়ানৰ দায়বদ্ধতা আৰু খেলৰ ধাৰাবাহিকতা ৰক্ষাৰো দায়িত্ব বাঢ়িল।

জিম্বাৱে’ৰ বিৰুদ্ধে ঘোষণা কৰা দলটোত সকলো তৰুণ ক্ৰিকেটাৰ। জিম্বাৱে'ৰ বিৰুদ্ধে খেলিবলগীয়া ৫ খন মেচৰ ছিৰিজ হ'ব ৰিয়ানকে ধৰি সকলোবোৰ তৰুণ ক্ৰিকেটাৰৰ বাবে এক পৰীক্ষা। ইয়াৰ পিছতেই আছে শ্ৰীলংকা ভ্ৰমণ। এই শ্ৰীলংকা ভ্ৰমণৰ সময়ৰে পৰা ভাৰতীয় ক্ৰিকেট দলত বহু পৰিবৰ্তন যে হ’ব সেয়া নিশ্চিত।

ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব ল’ব গৌতম গম্ভীৰে। ইতিমধ্যে গম্ভীৰে ইংগিত দিছে দলত তৰুণ ক্ৰিকেটাৰক অধিক প্ৰাধান্য দিয়া হ’ব। যদি সেয়াই হয় তেন্তে জিম্বাৱে’ ভ্ৰমণৰ সময়ত শৃংখলাৰ ৫ খন মেচতেই উন্নত প্ৰদৰ্শন কৰিব লাগিব তেওঁ।

বহু উপেক্ষা, অপেক্ষা, হুমুনিয়াহৰ অন্তত মেন ইন ব্লুত অসমে এজন অসমীয়াক দেখিব। সেয়ে সকলোৱে বিচাৰিব দীঘলীয়া হওঁক এই সুখ। প্ৰতিখন মেচত উজলি উঠক আমাৰ অসমৰ সন্তান। ধাৰাবাহিকতা ৰক্ষা কৰি ২০২৬ বিশ্বকাপৰ বাবেও নিজকে যোগ্য কৰি তোলক। ২০২৩ ৰ অসম্পূৰ্ণ অভিযান সম্পূৰ্ণ কৰক ২০২৬ত। আমাৰ শুভকামনা সদায়েই আছে ৰিয়ান পৰাগলৈ।