নেতাৰ ক্ষমতা আহৰণৰ যুঁজত মৰে সাধাৰণ জনতা... 
বিশেষ লেখা

নেতাৰ ক্ষমতা আহৰণৰ যুঁজত মৰে সাধাৰণ জনতা...

তুষাৰ প্ৰতিম

নেতাৰ ক্ষমতা দখলৰ দৌৰত আৰু এজন প্ৰজাই প্ৰাণ হেৰুৱালে। গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচনৰ পূৰ্বে নেতাৰ শক্তি দেখুওৱা পৰ্বত অংশগ্ৰহণ কৰি প্ৰাণ হেৰুৱালে চামগুৰিৰ বিপুল শইকীয়াই। ইয়াৰ পিছতে এতিয়া চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি নানান প্ৰশ্নৰ সৃষ্টি হৈছে।

নিৰ্বাচন আহিলেই ৰাজনৈতিক দলৰ নেতাৰ ৰাজহুৱা মঞ্চত, টেলিভিছনৰ ষ্টুডিঅ’ত অথবা সামাজিক মাধ্যমত প্ৰতিপক্ষৰ প্ৰতি বাক্যবাণ তীব্ৰতৰ হয়। নেতাৰ এনে তীক্ষ্ণ আৰু উচ্চস্বৰৰ কথা-বতৰাই তৃণমূল পৰ্যায়ৰ কৰ্মীৰ গাৰ তেজ গৰম কৰে।

তাৰোপৰি অঞ্চল বিশেষে থাকে একাংশ পালিনেতা। এই পালিনেতাৰ কামেই হৈছে ৰাজনৈতিক উদ্দেশ্যত চুবুৰীয়ে চুবুৰীয়ে সংঘাত সৃষ্টি কৰা। ইয়াৰ ফলশ্ৰুতিতেই এটা চুবুৰীতে নিতৌ ওলাওতে-সোমাওতে দেখা, বিপদে-আপদে মাত এসাৰ দিয়া মানুহখিনিৰ মাজতো সৃষ্টি হয় ৰক্তক্ষয়ী সংঘাত।

অথচ এইসকলৰ নেতাই সুযোগ পালেই ক্ষমতাৰ লোভত দল সলনি কৰিবলৈ মুহূৰ্তৰ বাবেও চিন্তা নকৰে। প্ৰয়োজনবোধ নকৰে তেওঁৰ বাবে দিন-ৰাতি একাকাৰ কৰা, সংঘাতত লিপ্ত হোৱা এই তৃণমূলৰ কৰ্মীসকলৰ মতামত লোৱাৰ। নাথাকে তেওঁলোকৰ কোনো আদৰ্শ অথবা নৈতিকতা।

বেছি দূৰলৈ নগৈ যোৱা এটা দশকৰ অসমৰ ৰাজনৈতিক পৰিস্থিতিলৈ এবাৰ মন কৰিলেই কথাবোৰ স্পষ্ট হয়। কোন নেতা কেইবছৰ মানৰ আগলৈকে ক’ত আছিল, এতিয়া ক’ত আছে, কোন নেতাৰ, কোন বন্ধু এতিয়া শত্ৰু হ’ল অথবা কোন নেতাৰ পূৰ্বৰ শত্ৰু এতিয়া বন্ধু হ’ল তাৰ কোনো হিচাপ নাই।

অসম বিধানসভাত শাসক, বিৰোধী পক্ষত বহি থকা প্ৰতিনিধিসমূহৰ মুখ বোৰ দেখিলে আৰু কিছু বছৰৰ আগৰ তেওঁলোকৰ ৰাজনৈতিক পৰিচয়ৰ কথা মনত পেলালে এনে লাগে যেন কংগ্ৰেছ, বিজেপি, এজিপি সকলো অসম বিধানসভাত খিচিৰী হৈ পৰিছে। একালৰ বন্ধুৱেই এতিয়া কোৰোবাক উদ্দেশ্যি তুচ্ছ তাচ্ছিল্য কৰিছে আৰু কাৰোবাৰ একালৰ শত্ৰুৱে এতিয়া গুণানুকীৰ্তন কৰিছে।

নেতাৰ এনে আচৰণৰ বিপৰীতে কিন্তু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজৰ সেই সংঘাত ইমান সহজেই দূৰ নহয়। ৰাজনৈতিক শত্ৰুতা পৰিণত হয় ব্যক্তিগত শত্ৰুতালৈ।

চামগুৰি সমষ্টিত যি হ’ল সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। নেতাৰ মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ পৰ্বত অংশগ্ৰহণ কৰি এজনে প্ৰাণ হেৰুৱালে। ইয়াৰ বাবে দোষী কোন? কাৰ ভুলৰ বাবে এই লোকজনে হেৰুৱালে প্ৰাণ?  

চামগুৰি সমষ্টিত নিৰ্বাচনী হিংসা কোনো নতুন কথা নহয়। যোৱা দুটা দশকত ইয়াৰ বহু উদাহৰণ আছে। কি লোকসভা অথবা বিধানসভা, সকলো নিৰ্বাচনতেই এই সমষ্টিটোত সৃষ্টি হৈ আহিছে নিৰ্বাচনী হিংসা।

২০০১ চনত চামগুৰি বিধানসভা নিৰ্বাচনত সৃষ্টি হৈছিল সংঘাত। বহু বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা সেই নিৰ্বাচনৰ ঠিক ৫ বছৰৰ পাছত ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোত নিৰ্বাচনী উত্তেজনাই চূড়ান্ত ৰূপ ধাৰণ কৰিছিল।

সেই সময়ত নৱগঠিত এ আই ইউ ডি এফ দল আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সমষ্টিটোত হৈছিল সংঘাত। এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলৰো প্ৰৱেশ নিষেধ কৰিছিল সেইবাৰ চামগুৰিত।

সেই একেই ধাৰা অব্যাহত আছিল ২০১১ ৰ নিৰ্বাচনতো। সেইবাৰ অসম গণ পৰিষদ আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হৈছিল সংঘাত। ২০১৬ ৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সমষ্টিটোত হৈছিল হিংসাত্মক ঘটনা। দুয়োটা দলৰ কৰ্মীৰ মাজত হোৱা আক্ৰমণ, প্ৰত্যাক্ৰমণত বহু কেইজন লোক আহত হৈছিল।

সেইবাৰ এই সমষ্টিত আক্ৰমণৰ সন্মুখীন হৈছিল এতিয়াৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাহনো। অথচ তাৰ কেইটামান মাহৰ আগলৈকে ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মা আছিল ঘনিষ্ঠ বন্ধু।

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ পৰিবেশো সমষ্টিটোত সলনি নহ’ল। সেই ধাৰাবাহিকতা ৰক্ষা কৰিয়েই এইবাৰ উপ নিৰ্বাচনৰ প্ৰাকক্ষণতো সমষ্টিটোত সৃষ্টি হৈছে বহু কেইটা বিক্ষিপ্ত ঘটনা। তাৰ মাজতে এজনে হেৰুৱালে প্ৰাণ।

চামগুৰি সমষ্টিৰ নিৰ্বাচনী এনে হিংসাত্মক ঘটনা প্ৰবাহৰ ইতিহাস অসমৰ ৰাইজে জানে। তাৰ পিছতো কিয় প্ৰশাসনে ২৪ অক্টোবৰত কংগ্ৰেছ প্ৰাৰ্থী তথা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ মনোনয় দাখিলৰ সমদলৰ সময়তে একেটা পথতে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ সভা আৰু সমদলৰ অনুমতি প্ৰদান কৰিলে?

প্ৰশাসনৰ বৰমূৰীয়াসকলে চামগুৰিৰ নিৰ্বাচনী হিংসাৰ ইতিহাস নাজানিছিল নেকি? দুয়োটা দলকেই একেসময়তে একেটা পথতে দুয়োটা ৰাজনৈতিক দলক সভা-সমদলৰ অনুমতি দিয়া প্ৰশাসনে কিয় সুৰক্ষাৰ সকলো দিশ শক্তিশালী কৰা নাছিল?  আৰক্ষীৰ উপস্থিতিত কিয় দুয়োটা দলৰ সদস্যৰ মাজত সংঘাত হ’বলৈ পালে?

মনোনয়ন দাখিলৰ পূৰ্বেও চামগুৰিত এইবাৰো হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হৈছিল। অভিযোগ অনুসৰি যোৱা ১৫ অক্টোবৰত ৰাজপথ আগুৰি ধৰি কংগ্ৰেৰ এক ৰেলীক বাধা দিছিল বিজেপি কৰ্মীয়ে।

শিঙিমাৰীত অনুষ্ঠিত হোৱা ৰকিবুল হুছেইনৰ এক সভাত অংশগ্ৰহণ কৰিবলৈ ৰেলী কৰি গৈছিল বিধায়িকা শিৱামণি বৰা, নুৰুল হুদা আৰু আছিফ মহম্মদ নজৰ।এই ৰেলী বৰতল পাওঁতেই বিজেপি কৰ্মীয়ে আগুৰি ধৰি বাঁহেৰে আক্ৰমণ কৰাৰ অভিযোগ উঠিছিল।

সেই সময়ত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হোৱা সংঘাতত প্ৰায় ১৫ খন বাহন ধ্বংস হৈছিল। আহত হৈছিল কেইবাজনো। দিনৰ পোহৰতে সংঘটিত হোৱা এই ঘটনাক লৈ পাছত গোচৰো দাখিল কৰিছিল কংগ্ৰেছে।

তাৰ বিপৰীতে বিজেপিয়ে এই ঘটনাৰ বাবে কংগ্ৰেছকেই জগৰীয়া কৰিছিল। যোৱা মঙ্গলবাৰেও শান্তিপুৰ বজাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে চামগুৰিৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আগুৰি ধৰি বিজেপি, এজিপি সমৰ্থকে বিভিন্ন শ্লোগান আওৰাইছিল। মনে মনে থকা নাছিল কংগ্ৰেছ কৰ্মীসকলো।  

যোৱা ১০ টা দিনৰ ভিতৰতে সংঘটিত হোৱা এনে বিক্ষিপ্ত ঘটনাৰ পাছতো জিলা প্ৰশাসনে কিয় কংগ্ৰেছ আৰু বিজেপিক একে সময়তে ৰেলী কৰিবলৈ দিলে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন। একাংশ ৰাজনৈতিক নেতাৰ উচতনিত সংঘটিত হোৱা এনেবোৰ বিক্ষিপ্ত ঘটনাৰ দায়িত্ব এতিয়া কোনে ল’ব?

সকলো জানিও নজনাৰ ভাও ধৰা জিলা প্ৰশাসনে নে তৃণমূলৰ কৰ্মীৰ পিঠিত উঠি ক্ষমতা দখলৰ যুঁজত নমা এইসকল নেতাই? ২৪ অক্টোবৰত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ সংঘাতৰ মাজতে প্ৰহৃত হৈছিল কেইবাজনো সংবাদকৰ্মী। ক্ষতি হৈছিল সংবাদকৰ্মীয়ে ভিডিঅ’ সংগ্ৰহ কৰা মোবাইল, কেমেৰা আদি।

ইয়াৰ বিৰোধিতাৰে সংবাদকৰ্মীসকলে চামগুৰি আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ কৰিছিল। মন্ত্ৰী পীযুষ হাজৰিকাই নিশাৰ ভিতৰতে এনে কাৰ্যত লিপ্ত হোৱাসকলক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অভিযোগ কৰি কৈছে চামগুৰিত বৃহস্পতিবাৰে সংঘটিত হোৱা নিৰ্বাচনী হিংসাত আঘাতপ্ৰাপ্ত হৈ আজি মৃত্যু হোৱা বিপুল শইকীয়া বিজেপিৰ কৰ্মী। নিহত বিপুল শইকীয়া একাংশ ৰাজনৈতিক নেতাৰ ক্ষমতা দখলৰ কুটিল ৰাজনীতিৰ কবলত পৰি মৃত্যু হ’ল।

বিজেপি অথবা কংগ্ৰেছ দলৰ বাবে এয়া কোনো ডাঙৰ ক্ষতি নহয় যদিও বিপুল শইকীয়াৰ পৰিয়ালৰ বাবে কিন্তু এই ক্ষতি অসহ্যকৰ। চামগুৰিৰ এই সংঘাতে এক অশুভ পৰম্পৰাক ধৰি ৰাখিলে।

যোৱা দুটা দশকৰ সংঘাতময় পৰিস্থিতিক এক নতুন পৰ্যায়লৈ লৈ গ’ল। অসম সমাজ আৰু ৰাজনীতিত এক ক’লা অধ্যায়ৰ সূচনা কৰিলে।  সৰ্বসাধাৰণে এইবোৰ কথা উপলব্ধি কৰা উচিত।