শৰৎ। শৰৎ মানে কঁহুৱা। শৰৎ মানে কুঁৱলি। আৰু শৰৎ মানে পূজা। দেৱী দুৰ্গাৰ পূজা।আহিনৰ হাতত ধৰি শৰৎ আহিল। শৰতে কঢ়িয়াই আনিলে উৎসৱৰ বতৰা। শৰতক আদৰিবলৈ সাজু হৈছে সেমেকা শীতৰ সন্ধ্যা।
আজি মহালয়া। দেৱী দূৰ্গা মৰতলৈ আহিছে। হিন্দু পৌৰাণিক কাহিনী অনুসৰি, বিশ্বাস কৰা হয় আজিৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল।
মহালয়াৰ তাৎপৰ্য এয়া। ইণ্টাৰনেটত সকলো উপলব্ধ। মন গ'লেই খুলি চাব পাৰি। তাকেই কৰিলো। তাৰ মাজতে মনলৈ আহিল এক ধাৰণা। দেশৰ, দহৰ পৰিস্থিতি দেখি অনুভৱ হয় প্ৰয়োজন আছিল ত্ৰিদেৱে পুনৰ এবাৰ দেৱী দুৰ্গাক সৃষ্টি কৰাৰ।
চৌদিশে এতিয়া চোন মহিষাসুৰৰূপী দানৱৰ পয়োভৰ। কি সমাজ ব্যৱস্থা, কি ৰাজনৈতিক ব্যৱস্থা- সকলোতে এতিয়া মহিষাসুৰৰ অৱস্থিতি। এই মহিষাসুৰসকলক বিনাশ কৰিবলৈকে প্ৰয়োজন দেৱী দুৰ্গাৰ।
মানুহৰ মনবোৰতো মহিষাসুৰৰ অৱস্থিতি। য'তেই যিয়েই সুবিধা, সুযোগ পাইছে তাতেই মানুহে কেনেকৈ পাৰি কু-অভিপ্ৰায় কাৰ্যকৰী কৰাৰ চেষ্টা কৰিছে। কোনোৱে যদি হত্যা কৰিছে, কোনোৱে লুণ্ঠন।
কোনোৱে যদি অসহায় মহিলা, যুৱতীক অনিষ্ট কৰিছে আন কোনোবাই ধৰ্ষণৰ দৰে কাৰ্যত লিপ্ত হৈছে। মানুহৰ কামনাৰ বলি হোৱাৰ পৰা ৰক্ষা পোৱা নাই দেৱশিশুৱেও।
দেৱী দুৰ্গাৰ ৰূপত এই দেশত নাৰীক পূজা কৰিছে। অথচ এই দেশতে নাৰীক উলংগ কৰি ৰাজপথত পেৰেড কৰা হৈছে। মণিপুৰ শান্ত হোৱা নাই। শান্ত হোৱা নাই মণিপুৰৰ দুই জনগোষ্ঠী।
এই মণিপুৰতে দুই মহিলাক উলংগ কৰি পেৰেড কৰাৰ ভিডিঅ' ভাইৰেল হ'ল। দেশ-বিদেশে বিষয়টোক লৈ চৰ্চা হ'ল। কিন্তু তেওঁলোকৰ ন্যায়ৰ বিষয়টো তল পৰি গোটেই ঘটনাক ৰাজনৈতিক ৰূপ দিয়া হ'ল।
কোন ৰাজ্যত কোনে শাসন কৰিছে, কাৰ শাসনত নাৰীৰ নিৰ্যাতন হৈছে তাৰ তুলনা চলি আছে। এয়া জানো আমাৰ মনত থিতাপি লোৱা মহিষাসুৰৰ দৰেই মানসিকতা নহয়?
মধ্য প্ৰাচ্যত কি হৈছে? ধৰ্মৰ বাবেই জানো পেলেষ্টাইন, ইজৰাইলৰ আজিৰ এই সংঘাত নহয় ! পঞ্জাৱ, উত্তৰ প্ৰদেশ, বংগত একা? সকলোতে একেই পৰিস্থিতি। ধৰ্মৰ নামত মৰামৰি, হতাহতি। শাৰদীয় বতৰত এইবোৰেই এতিয়া গৰম খবৰ।
শৰতে আনন্দ আনে। মানুহৰ মনবোৰ আলোকিত কৰে। সেয়ে শৰৎ ভাল লাগে। শৰতত কঁহুৱা ফুলে। এই কঁহুৱাই কাৰোবাৰ মন অশান্ত কৰে। দুৱৰীৰ দলিচাত, বাটে বাটে শেৱালী সিঁচি শৰত অহাৰ খবৰে কাৰোবাক মতলীয়া কৰে।
অথচ শৰতৰ বতৰতে হত্যা, হিংসাৰ খবৰ আহিছে। টিভি চেনেলত, বাতৰি কাকতত এই খবৰে ভিৰ কৰিছে। যুদ্ধ হৈছে। শিশুবোৰৰ নিস্পাপ মুখবোৰে আমাক কান্দিবলৈ বাধ্য কৰাইছে। টিভিৰ সন্মুখত, কাকত হাতত লৈ হুমুনিয়াহ কঢ়াৰ বাহিৰে কি কৰিব পোৰা আমি?
বিদেশৰ কথা বাদ দিলো। ৰাজ্যৰ খবৰ বোৰেই জানো শান্তিৰে ল'বলৈ পাৰো? কি হৈছে, কি হ'বলৈ গৈছে তাৰ চিন্তাই সচেতন মানুহক খুলি খুলি খাইছে। দুৰ্নীতি, কেলংকাৰীবোৰ পোহৰলৈ আহিছে। অথচ সকলো মৌন হৈ আছে।
কাৰোবাক উচ্ছেদ কৰিছে। কাৰোবাক উচ্ছেদৰ জাননী দিছে। অসহায়, পীড়িতজনৰ অৱস্থা কাঢ়িল। জীৱনৰ সৰ্বস্ব মুহূৰ্ততে শেষ হৈ গৈছে। ঘৰ এৰি যাব ক'লৈ? একঠা মাটিৰ বাবে হাহাকাৰ। তাৰ মাজতে কোনোবা শক্তিশালী পক্ষই হাজাৰ বিঘাৰ ঘৰত ভূমি নিজৰ কৰিছে।
মূল্য বৃদ্ধি হৈছে। উৎসৱৰ আনন্দক মূল্যবৃদ্ধিয়ে দহিছে। হিতাধিকাৰী হোৱাৰ গৌৰৱত গৌৰৱান্বিত ৰাইজে খেতি কৰিবলৈ এৰিছে। এৰিছে উপাৰ্জন কৰিবলৈ। অৰুণোদয় পাইছে, মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ হৈছে, আত্মসহায়ক গোটৰ টকা পাইছে।
বিনামূলীয়া চাউল পাইছে, তেল-টেঙাই পেট ভৰাইছে। নাই ভৱিষ্যতৰ চিন্তা। নাই জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ চেষ্টা। ক্ষমতা দখলৰ স্বাৰ্থত চৰকাৰী পক্ষই সহজ পন্থা হাতত লৈছে। ৰাইজে হাত চাপৰি মাৰি ৰাজপথত সমদল কৰিছে।
চিনাকী ক্ষুদ্ৰ ব্যৱসায়ী দুজনক খবৰ কৰিলো। পূজাৰ বজাৰ কেনে চলিছে? আগতে এনে সময়ত তেওঁলোকৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত থাকে ভীষণ ব্যস্ততা। যোৱা দুটামান বছৰ ধৰি সেই ব্যস্ততা নাই।
এইবাৰৰ পৰিস্থিত আৰু বেয়া। মানুহে বজাৰ কৰিবলৈ অহা নাই। যি দুই, এজন বজাৰ কৰিম বুলি ওলাই আহিছে তেওঁলোক চহৰৰ শ্বপিং মললৈ গৈছে। সেয়াও এক আভিজাত্যৰ কথা। ডেলিভাৰী বয়ৰ কাম বাঢ়িছে। যুৱক-যুৱতীয়ে অনলাইন শ্বপিঙত অভ্যস্ত হৈছে। বিগ বিলিয়ন দে'ৰ সুবিধা লৈছে।
এনেকৈয়ে গাওঁ, সমাজ, ক্ষুদ্ৰ ব্যৱসায় চলিছে। কথাবোৰ চিন্তা কৰিবলৈ কোনোবাই আহৰি পাইছে জানো? অমৃতৰ পাছত দৌৰিছে সকলো। এই অমৃতৰ পৰা কাৰ, কি লাভ? নাজানে সাধাৰণ মানুহে। জানে কেৱল চৰকাৰী মিছিলত চামিল হ'ব লাগে। পঞ্চায়ত প্ৰতিনিধিৰ চকুত থাকিব লাগে।
শৰৎ আগতেও আহিছিল, এইবাৰো আহিল, আগলৈও আহিব। লগত লৈ আহিব উৎসৱৰ বতৰা। শৰতৰ বাবে শান্ত হৈ পৰিছে বাৰিষা উফন্দি উঠা নৈখন। শান্ত-সমাহিত নৈৰ দাঁতিত শান্তিৰ বতৰা লৈ উৰিছে কঁহুৱা। নীলা আকাশৰ শুকুলা ডাৱৰেও সেয়াই কৈছে।
নৈৰ পাৰৰ পৰাই এই শান্তিৰ বাৰ্তা বিলিন হৈ যাওঁক বতাহত। শুকুলা আকাশাত। শান্ত হৈ পৰক পৃথিৱী। বন্ধ হৈ পৰক গুলী, বাৰুদৰ শব্দ। স্তব্ধ হৈ পৰক যুদ্ধ অথবা গোষ্ঠীগত সংঘৰ্ষ। শৰতে অনা নিয়ৰৰ টোপাল আৰু তল সৰা শেৱালীৰ সুগন্ধত দূৰ হওক মানুহৰ মনৰ মলিনতা।
শৰতৰ দলিচাৰে মৰতলৈ নামি অহা দেৱী দূৰ্গাই নাশ কৰক মানুহৰ মনৰ কপটতা। নাশ কৰক মানুহৰ চিন্তাত বাস কৰা মহিষাসুৰক। ত্ৰিদেৱৰ সৃষ্টি দেৱী দূৰ্গাই এফালৰ পৰা শেষ কৰি যাওক ৰাজনীতি, সমাজ, সংস্কৃতি সকলোতে আবিৰ্ভাৱ হোৱা মহিষাসুৰসকলক। শাৰদীয় বতৰত, মহালয়াৰ পবিত্ৰক্ষণত এয়াই আমাৰ চিন্তা। এই চিন্তাই বাঁহ লওক দহৰো চেতনাত।