'চন্দ্ৰযান-৩' ত ব্যস্ত অসমীয়া বিজ্ঞানীজন... 
বিশেষ লেখা

'চন্দ্ৰযান-৩' ত ব্যস্ত অসমীয়া বিজ্ঞানীজন...

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

সমগ্ৰ বিশ্বৰ চকু আজি ভাৰতলৈ। ১৪ জুলাই ২০২৩ ৰ আবেলি তেতিয়া সময় ২ বাজি ৩৫ মিনিট হৈছিল। হেভিলিফ্ট এল ভি এম ৩- এম ৪ ৰকেটটো সেই মুহূৰ্তত শ্ৰীহৰিকোটৰ পৰা উৰা মাৰিছিল চন্দ্ৰৰ অভিমুখে।

সকলো ঠিকেথাকে থাকিলে ২০২৩ ৰ ২৩ বা ২৪ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত সফলভাৱে অৱতৰণ কৰিব ভাৰতে পঠিওৱা চন্দ্ৰযানৰ অতি গুৰুত্বপূৰ্ণ বিক্ৰম লেণ্ডাৰে। চন্দ্ৰলৈ এয়া ভাৰতৰ তৃতীয় অভিযান।

চন্দ্ৰযান ২ অলপৰ বাবে সফল হোৱা নাছিল। তাৰ পাছতো ভাৰতীয় মহাকাশ বিজ্ঞানীসকলে আশা এৰি নিদি এই অভিযান সফল কৰিবলৈ উঠিপৰি লাগিছে। এতিয়া ১০০ কোটিৰো অধিক ভাৰতীয়ৰ এটাই সপোন সফল হওক ভাৰতৰ এই অভিযান।

কিছু দিনৰ পূৰ্বে চৰ্চাত আছিল এখন চিনেমা। আদিপুৰুষ নামৰ এই চিনেমাখনৰ বাজেট আছিল প্ৰায় ৭০০ কোটি টকা। কিন্তু চন্দ্ৰযান-৩ ৰ মুঠ বাজেট সেই চিনেমাখনতকৈ কম। অৰ্থাৎ ৬১৫ কোটি।

অন্ধ্ৰপ্ৰদেশৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰত দিনে নিশাই ব্যস্ত মহাকাশ বিজ্ঞানীসকল। তাৰ মাজতে ব্যস্ত অসমৰ এগৰাকী সুন্তান। তেওঁৱো এগৰাকী মহাকাশ বিজ্ঞানী। ২০০৮ চনৰ ২২ অক্টোবৰত ভাৰতে আৰম্ভ কৰিছিল চন্দ্ৰ অভিযান।

এই অভিযানত ভাৰতৰ সফলতা আছিল চন্দ্ৰ পৃষ্ঠত আৱিষ্কাৰ কৰা পানীৰ কণিকা। ২০১৯ চনৰ ২২ জুলাইত চন্দ্ৰযান-২ প্ৰায় সফল হৈছিলেই। চন্দ্ৰৰ লুনাৰ অৰ্বিতত প্ৰৱেশ কৰিছিল ভাৰতীয় মহাকাশ বিজ্ঞানীয়ে পঠিওৱা লেণ্ডাৰে।

চন্দ্ৰপৃষ্ঠলৈ মাত্ৰ ২.১ কিলোমিটাৰ দূৰত্ব থাকোটে যান্ত্ৰিক বিজুতিত সেই অভিযান বিফল হৈ ৰৈছিল। সেই বিফলতাৰ পৰা শিক্ষা লৈ এইবাৰ ভাৰতে পঠিয়াইছে চন্দ্ৰযান-৩। লখিমপুৰৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত ২ জন ব্যক্তি ভাৰতৰ এই চন্দ্ৰ অভিযানক লৈ বিশেষ ভাৱে উৎকণ্ঠিত।

এজনৰ নাম ৰঞ্জিত কুমাৰ দত্ত আৰু আনগৰাকীৰ নাম শিলাৰাণী দত্ত। লখিমপুৰ চহৰৰ দত্ত ব্ৰাডাৰ্ছত তেওঁলোকে মোবাইলৰ লাইভ যোগে দৃষ্টি ৰাখিছিল এই অভিযানত। কিয়নো এই অভিযানৰ অন্যতম গুৰুত্বপূৰ্ণ বিজ্ঞানীগৰাকী তেওঁলোকৰেই পুত্ৰ চয়ন দত্ত।

প্ৰাথমিক উৎক্ষেপণৰ সফলতাত তেওঁলোক আনন্দিত, উৎফুল্লিত। কিন্তু এয়া আৰম্ভণিহে। এই অভিযানৰ সফলতা কামণা কৰি চয়ন দত্তৰ মাতৃয়ে যোৱা কিছুদিন ধৰি গীতা পাঠ কৰি আহিছে।

১৪ জুলাইতো তাৰ ব্যতিক্ৰম নহ'ল। ভগৱান কৃষ্ণ এই অভিযানৰ সফলতা সহায়ক হওক বুলি মনে প্ৰাণে খাতিছে। এয়াই তেওঁৰ বিশ্বাস আৰু আস্থা। চয়ন দত্ত চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ অভিযানৰ পৰিচালনাৰে জড়িত হৈ আছে।

এই ব্যৱস্থাৰ উপ-সঞ্চালক তেওঁ। ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰত বিজ্ঞানী অভিযন্তা হিচাপে কৰ্মৰত দত্ত তেজপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল। দত্তৰ হাতত নিয়োজিত হৈ আছে অনব'ৰ্ড কামাণ্ড টেলিমেট্ৰি, ডাটা হেণ্ডলিং এণ্ড ষ্ট'ৰেজ চিষ্টেম আদি গুৰুত্বপূৰ্ণ দায়িত্ব।

পিতৃ ৰঞ্জিত কুমাৰ দত্তই পাহৰা নাই চন্দ্ৰযান-২ ৰ কথা। মনত পৰিছে তেওঁৰ সেই অভিযান বিফল হোৱাৰ পাছত পুত্ৰই তেওঁক কোৱা সেই কথাবোৰ। শেষ মুহূৰ্তত চাৰখাৰ হৈছিল এই সপোন।

দিনটো কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল ইয়াৰ বাবে। এইবাৰ তাৰ ব্যতিক্ৰম হোৱা নাই। উল্লেখযোগ্য যে, এই চন্দ্ৰ অভিযানৰ সৈতে অসমৰ আন এজন বিজ্ঞানীও জড়িত হৈ আছিল। তেওঁ হ'ল জীতেন্দ্ৰ নাথ গোস্বামী।

চন্দ্ৰযান-২ ত জীতেন্দ্ৰ নাথ গোস্বামী আছিল এই অভিযানৰ এডভাইজাৰি ব'ৰ্ডৰ চেয়াৰমেন। আৰু সেই বাটেৰেই এতিয়া বাট লৈ চন্দ্ৰৰ এই অভিযানত ব্যস্ত অসম সন্তান চয়ন দত্ত।

সৰুৰে পৰাই আৱিষ্কাৰ বা এনে ধৰণৰ কাম-কাজত আগ্ৰহ আছিল চয়ন দত্তৰ। এই অভিযানৰ দিনাই পিতৃ ৰঞ্জিত দত্তই সোঁৱৰিলে তেওঁৰ শৈশৱৰ এক কাহিনী। ক'লে- তেতিয়া চয়ন ক্লাছ ছিক্সত। আমাৰ তৃতীয় মহলাৰ ওপৰত থকা পানীৰ টেংকীটোত কেতিয়া পানী ভৰ্তি হয় আমি প্ৰায়ে গম নাপাওঁ।

সেই কথা চয়নে লক্ষ্য কৰি তিনিটা প্লাষ্টিকৰ বটলেৰে এটা ডিভাইছ বনাইছিল। সেই ডিভাইছটো পানীৰ টেংকীটোৰ ভিতৰত ভৰাই এনেকৈ বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰি থৈছিল যে, টেংকীটোত পানী ভৰ্তি সম্পূৰ্ণ হ'লে প্ৰথম মহলাত আমি থকা কোঠাত চায়ৰেনটো বাজি উঠে।

সেইজন চয়ন দত্তষ লখিমপুৰৰ চেইণ্ট মেৰিজৰ পৰা স্কুলীয়া শিক্ষা, লখিমপুৰ মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা লৈ আভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণ কৰিছিল ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা।

তাৰ পাছত চয়ন দত্তই পিছলৈ ঘূৰি চোৱা নাই। ইছৰোত যোগদান কৰাৰ পূৰ্বে তেওঁ আছিল গৱেষণাৰ সৈতে । বিভিন্ন প্ৰকল্পৰ কাম তেওঁ ভাৰত ইলেক্ট্ৰনিক লিমিটেডৰ জৰিয়তে কৰিছিল।

ভাৰতৰ বৃহৎ যুদ্ধ জাহাজ আই এন এছ বিক্ৰমতো চয়নৰ এক অৱদান আছে। সেই জাহাজখনত লাগি থকা এটা গুৰুত্বপূৰ্ণ ডিভাইছ আৱিষ্কাৰ কৰিছিল চয়নে। অৱশ্যে সেয়া এক প্ৰকল্পৰ অধীনত কৰা কামৰ বাবে ব্যক্তিগত ভাৱে তেওঁ স্বীকৃতিৰ পৰা বঞ্চিত হ'ল।

কামৰ প্ৰতি চয়ন দত্তৰ যথেষ্ট ৰাপ। যিটো কাম কৰে বৰ সতৰ্কতাৰে কৰে। কোনো কামলৈ তেওঁ লাজ নকৰে। স্কুল, মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়ত দেউতাকৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটো সহায় কৰি দিছে।

সুযোগ পালেই তেওঁ ঘৰলৈ আহে। সেয়া অৱশ্যে বহু দিনৰ বিৰতিৰ পাছত। স্কুলীয়া দিনৰ বন্ধুবোৰ পালে তেওঁ উভতি যায় শৈশৱলৈ। কেতিয়াবা মিলিলে গুচি যায় লগৰ বন্ধুৰ সৈতে বতৰৰ বনভোজ খাবলৈ।

চয়ন দত্তই জানে দেশে অৰ্পন কৰা এই দায়িত্ব কিমান গুৰুত্বপূৰ্ণ আৰু গোপনীয়। সেই কথা পৰিয়ালৰ লোককো তেওঁ খুলি নকয়। চয়ন দত্তই বেয়া পাই আন এটা কথা। সেয়া হ'ল - তেওঁক লৈ হোৱা প্ৰচাৰ।

পৰিয়ালৰ লোকক প্ৰায়ে কয়, এইবোৰ কথা কিয় জনাব লাগে মিডিয়াক? পৰিয়ালৰ লোকে উত্তৰ দিয়ে আমি কি জনালো? গুগ'ল খুচৰিলেই চোন তোমাৰেই কথা। আমাক তোমাক লৈ সুধা কথাবোৰ যি জানো কওঁ। নহ'লে জানো আমাক অহংকাৰী বুলি নক'ব। এতিয়া যে তুমি আমাৰে নহয়, অসম আৰু দেশৰে। অসমীয়াৰ গৌৰৱ হৈ পৰিছা...।