আজিৰ প্ৰজন্মৰো আছে সামাজিক, সাংস্কৃতিক, ভাষিক দায়বদ্ধতা... 
বিশেষ লেখা

আজিৰ প্ৰজন্মৰো আছে সামাজিক, সাংস্কৃতিক, ভাষিক দায়বদ্ধতা...

তুষাৰ প্ৰতিম

আজিৰ নতুন প্ৰজন্মক লৈ বহুতৰে বহু কথা। কোনোবাই যদি নতুন প্ৰজন্মক সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ভাষিক ক্ষেত্ৰত দায়বদ্ধহীন বুলি সমালোচনা কৰিছে আন কোনোবাই আকৌ কথাই কথাই আজিৰ প্ৰজন্মই এইবোৰ নকৰে, সেইবোৰ নকৰে জাতীয় কথাৰে সুযোগ পালেই খোচ মাৰিবলৈ নেপাহৰে।

কিন্তু যিসকলে সামাজিক মাধ্যম ব্যৱহাৰ কৰে সেইসকলে কথাবোৰ অলপ বেলগকৈ চিন্তা কৰে। তেওঁলোকে সমাজিক মাধ্যমত আজিৰ প্ৰজন্মই দায়বদ্ধতাৰে যিবোৰ কাম কৰি আহিছে সেই কামবোৰ প্ৰত্যক্ষ কৰি অন্ততঃ এতিয়া প্ৰতিটো কথাতে দোষাৰোপ কৰিবলৈ এৰিছে।

সৌ সিদিনা অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে। সংবাদ মাধ্যমত বাতৰি হ'ল, কাকতত কোনো কোনোৱে নিবন্ধ লিখিলে। ক্ৰেডিট বিচৰা নেতাৰ দীঘলীয়া শাৰি ৰাইজে প্ৰত্যক্ষ কৰিলে।

কিন্তু তাৰ মাজতেই আজিৰ প্ৰজন্মই অসম সাহিত্যি সভাৰ পূৰ্বৰ সভাপতি ড০ কুল শইকীয়াই তেওঁৰ কাৰ্যকালত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাবৰ বাবে আৰু ইউনিকোডত অসমীয়া ভাষাক স্থান দিবলৈ কৰা কামবোৰৰ কথা মনত পেলাই আকৌ এবাৰ চৰ্চা কৰিলে। এই খবৰবোৰ তেওঁলোকে ৰাখিছে।

এই প্ৰজন্মৰ সেই যুৱক-যুৱতীসকলেই সামাজিক মাধ্যমত অসমীয়া ভাষা ব্যৱহাৰ কৰিয়েই সাহিত্যৰ চৰ্চা কৰি আহিছে। সামাজিক মাধ্যমৰ সেই সাহিত্যৰ মানদণ্ড কিমান বা মূল সুঁতিৰ সাহিত্যত তাৰ স্থান কি সেয়া এক অন্য প্ৰসংগ।

কিন্তু পৰীক্ষামূলক ভাৱে সামাজিক মাধ্যমক এক মঞ্চ হিচাপে লৈ আজিৰ প্ৰজন্মই গল্প, কবিতা, ধাৰাবাহিক উপন্যাস আদিৰ চৰ্চা কৰি অহা নতুন কথা নহয়। ভাষা, সাহিত্যৰ প্ৰতি এয়াও এক দায়বদ্ধতাই।

সামাজিক মাধ্যমত সাহিত্যৰ অনুশীলন কৰিয়েই শেহতীয়াকৈ কেইবাজনো তৰুণ প্ৰতিভাসম্পন্ন লেখক-লেখিকাৰ আত্মপ্ৰকাশ ঘটিছে অসমীয়া সাহিত্য ক্ষেত্ৰখনত। তেওঁলোকৰ লেখাৰ মান অতি উচ্চ মানৰ বুলিও ৰাইজে স্বীকাৰ কৰিছে।

শৰতে কঢ়িয়াই আনিলে উৎসৱৰ বতৰ। দুৰ্গা পূজাৰ সমান্তৰালকৈ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ, লক্ষ্মী পূজা, কাতি বিহু পাৰ হৈছে। যিসকলে অতি সুক্ষ্মভাৱে এই উৎসৱ বোৰ পৰ্যবেক্ষণ কৰিছে তেওঁলোকে বহু পৰিবৰ্তন দেখিবলৈ আৰম্ভ কৰিছে। এই পৰিবৰ্তনত সামাজিক মাধ্যমৰ ভূমিকাক কিন্তু নস্যাৎ কৰিব নোৱাৰি।

দুৰ্গা পূজাত মাদকতাত বিলীন হোৱা আজিৰ প্ৰজন্মই কিন্তু গুৰু শংকৰক পাহৰা নাই। শংকৰ উৎসৱসমূহত আজিৰ প্ৰজন্মই নিজ ইচ্ছা অনুসৰি জপিয়াই পৰিছে। খোল, তাল, নাগাৰা আদি লৈ গুৰুজনাৰ সৃষ্টিৰাজিৰ চৰ্চা কৰিছে।

আজিৰ পৰা কিছু বছৰ আগলৈকে দুৰ্গা পূজা চাবলৈ যোৱা যুৱক-যুৱতীৰ সাজ-পাৰক লৈ নানানজনে সমালোচনা কৰিছিল। ৰাজহুৱা স্থানত কি পৰিধান কৰিব লাগে বা নালাগে সেই বিষয়ে আজিৰ প্ৰজন্মই নাজানে বুলিও ক্ষোভ ব্যক্ত কৰিছিল বহুজনে।

কিন্তু আপুনি যদি সুক্ষ্মভাৱে লক্ষ্য কৰিছে তেন্তে দেখিব এতিয়া সেই পৰিবেশ নাই। পুৱাই এজোৰ চাদৰ-মেখেলা বা তেনে মাৰ্জিত পোচাক পিন্ধি যুৱতীসকলে দেৱী দৰ্শন কৰিবলৈ যোৱা সকলোৱে দেখিছে। তেওঁলোকক ইয়াৰ বাবে কোনেও বাধ্য কৰোৱা নাই।

লক্ষ্মী পূজা, কাতি বিহুৰ সন্ধিয়া যুৱক-যুৱতীসকলে জাতীয় সাজপাৰ পৰিধান কৰি চাকি জ্বলোৱাৰ দৃশ্য সামাজিক মাধ্যমত ভৰি পৰিছে। কোনোৱে যদি ধুতি পৰিধান কৰি দেউতাকৰ সৈতে অথবা চুবুৰীয়া কোনো ব্যক্তিৰ সৈতে পথাৰলৈ গৈ পৰম্পৰা ৰক্ষা কৰি চাকি জ্বলাইছে সেইদৰেই আকৌ যুৱতীসকলেও চাদৰ-মেখেলা পৰিধান কৰি এই পৰম্পৰা ৰক্ষা কৰিছে।

তেওঁলোকে এইসমূহ দৃশ্য ফটো, ভিডিঅ' হিচাপে ধৰি ৰাখিছে। ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম আদিত ৰীলছ হিচাপে আপলোড কৰিছে। বহুতেই এইদৰে সামাজিক মাধ্যমত ৰীলছ, ফটো আদি আপলোড কৰিবলৈকে সংস্কৃতিৰ সৈতে একাত্ম হৈছে।পৰম্পৰাক ধৰি ৰাখিবলৈ চেষ্টা কৰিছে।

যদিও ধৰি লোৱা হয় তেওঁলোকৰ উদ্দেশ্যে কেৱল সামাজিক মাধ্যমত ফটো, ৰীলছ আদি শ্বেয়াৰ কৰা, তথাপিও ইয়াৰ দ্বাৰা তেওঁলোকে জাতীয় কৃষ্টি, সংস্কৃতি আদিৰ সৈতে একাত্ম হৈ পৰিছে। জাতিৰ দুৰ্যোগৰ সময়ত এয়াও এক যোগাত্মক বাৰ্তাই নহয় জানো?

এইদৰেই আকৌ অসমীয়াৰ সংস্কৃতি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰসাৰিত হৈছে। সামাজিক মাধ্যমৰ জৰিয়তেই আমাৰ কাতি বিহুৰ কথা কোনোবা আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া, জাপানৰ লোকেও জানিব পাৰিছে।

সংস্কৃতি বোৱতী সুঁতিৰ দৰে। বোৱতী সুঁতি নিৰৱচ্ছিন্নভাৱে যিদৰে বৈ যায় ঠিক সেইদৰেই সংস্কৃতিও ধাৰাবাহিক গতিৰে চলি থাকে। অঞ্চল বিশেষে সংস্কৃতিৰ ৰূপ, সৌন্দৰ্য পৃথক যদিও আজিৰ বিশ্বায়নৰ যুগত এটা অঞ্চলৰ সাংস্কৃতিক প্ৰভাৱ আন এটা অঞ্চললৈ সম্প্ৰসাৰিত হৈছে।

তাৰ মাজতেই নিজৰখিনি ধৰি ৰাখিব পাৰিব লাগিব। এই কথা আজিৰ প্ৰজন্মই অলপ দকৈ ভাবিলে নিশ্চয়কৈ উত্থাপিত বহু অভিযোগেই ধূলিস্যাত হৈ যাব। এই কথা সত্য সামাজিক মাধ্যমৰ বাবেই বহু নঘটিবলগীয়া ঘটনা ঘটিছে, নকৰিবলগীয়া কাম বিভিন্নজনে কৰিছে। প্ৰায় প্ৰতিদিনেই এনে খবৰ বিয়পি পৰিছে।

কিন্তু তাৰ মাজতো গৰিষ্ঠ সংখ্যকেই যে দায়বদ্ধতাৰ পৰিচয় দিছে সেয়াও কিন্তু স্বীকাৰ কৰিবই লাগিব। আমাৰ সমাজ ব্যৱস্থাক যিসময়ত ৰাজনৈতিক দল, নেতাসমূহে ধৰ্ম, গোষ্ঠীৰ নামত ভাগ ভাগ কৰি ক্ষমতা আহৰণৰ অপচেষ্টাত লিপ্ত হৈছে সেই সময়ত আজিৰ প্ৰজন্মই কিন্তু তেনে প্ৰচেষ্টাক অগ্ৰাহ্য কৰিছে।

সামাজিক মাধ্যমতেই ইয়াৰ বহু উদাহৰণ দেখা গৈছে। কংগ্ৰেছৰ অপশাসনৰ পৰা দেশ তথা ৰাজ্যক মুক্ত কৰাৰ সময়ত সামাজিক মাধ্যমে লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা। সেইদৰেই যোৱা লোকসভা নিৰ্বাচনতো শাসকীয় দল ৪০০ ৰো অধিক আসন লাভৰ আশাৰে হাজাৰ চেষ্টা কৰিলে যদিও তেওঁলোকে সংখ্যাগৰিষ্ঠতা হেৰুৱালে।

সামাজিক মাধ্যমেই ইয়াত যে অন্যতম মূল ভূমিকা পালন কৰিছিল সেয়াও সত্য। গৌৰৱ গগৈক জয়ী কৰাবলৈ যোৰহাটৰ বাহিৰত থকা যুৱক-যুৱতীসকলে নিৰ্বাচনৰ সময়ত কিদৰে দৌৰাদৌৰি কৰিছিল সেই দৃশ্য হয়তো সকলোৰে মনত আছে।

সাম্প্ৰদায়িকতাবাদক আজিৰ প্ৰজন্মই প্ৰশ্ৰয় দিয়া নাই। চৰকাৰৰ ভুল নীতিকো সমালোচনা কৰিবলৈ পিছপৰি থকা নাই। সামাজিক মাধ্যমৰ এনে ভূমিকাৰ বাবেই অসম চৰকাৰে কেইবাবাৰো তেওঁলোকৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হৈছে।

ইমানৰ পাছতো যদি কোনোবাই আজিৰ প্ৰজন্মৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ভাষিক দায়বদ্ধতা নাই বুলি কয় তেনে মন্তব্যই নিশ্চয়কৈ এইসকল নেটিজেনৰ মনত আঘাত দিব। সেয়ে তেওঁলোকক কটাক্ষ কৰাৰ বিপৰীতে ভুলবোৰ যোগাত্মক চিন্তাৰে শুধৰণিৰ বাট দেখুৱাই দিয়াটোহে গুণী জনৰ কাম বুলি আমাৰ মনে কয়।

ৰাজহুৱা বাছত যদি জ্যেষ্ঠ জনক কোনোবা যুৱক অথবা যুৱতীয়ে নিজৰ আসনখন এৰি দিছে তেন্তে তেওঁক ধন্যাবাদ নিদিলেও এষাৰ মাত দিয়ক। মৌন হৈ খিৰিকীৰে আকাশলৈ চাই ইচ্ছাকৃতভাৱে নিজৰ মাজত বিভোৰ হ'বলৈ বিচাৰিলে দ্বিতীয় এজনে কিন্তু তেনেকৈ আসনখন আন এজনক এৰি নিদিব।

তেতিয়া আপুনি আজিৰ প্ৰজন্মই সন্মান, শিষ্টাচাৰ নাজানে জাতীয় অভিযোগৰ আঙুলি উঠোৱাৰ অধিকাৰ হেৰুৱাব। যদি ৰাজহুৱা স্থানত আজিৰ প্ৰজন্মৰ অসামাজিক আচৰণ প্ৰত্যক্ষ কৰিছে তেন্তে আপুনিও অনুশাসনৰ সুৰত দুটা কথা ক'বলৈ আগবাঢ়ি আহক। হয়তো আপোনাৰ এনে এটা পদক্ষেপেই বহুতকে সলনি হোৱাৰ বাট দেখুৱাব।

প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমি প্ৰত্যেকেই একোডাল সাঁকো তৈয়াৰ কৰিব লাগিব। এই সাঁকোৰেই আমি আত্মিয়তা গঢ়ি তুলিব লাগিব। এই ক্ষেত্ৰত আমি সামাজিক মাধ্যমকো এক মঞ্চ হিচাপে গঢ়ি তুলিব নিশ্চয় পাৰো।