২২ গজত ভাৰতৰ বিৰুদ্ধে প্ৰৱাসী ভাৰতীয়.... 
বিশেষ লেখা

২২ গজত ভাৰতৰ বিৰুদ্ধে প্ৰৱাসী ভাৰতীয়....

তুষাৰ প্ৰতিম

বিশ্ব ক্ৰীড়া জগতত যদি ফুটবল মানে ব্ৰাজিল তেন্তে নিশ্চিতভাৱে ক্ৰিকেট মানে ভাৰত। ব্ৰিটিছ ঔপনিবেশিকতাবাদৰ সময়ত যিদৰে ব্ৰাজিললৈ ইংৰাজসকলে ফুটবল লৈ গৈছিল সেইদৰেই ভাৰতলৈ লৈ আহিছিল ক্ৰিকেট।

পৰৱৰ্তী সময়ত ব্ৰিটিছসকলে ভাৰত এৰিলে যদিও থাকি গ’ল ক্ৰিকেট। ভাৰতত এই খেল হৈ পৰিল ধৰ্ম। হিন্দু, মুছলমান, শিখ, খ্ৰিষ্টান, বৌদ্ধ আদি অনেক ধৰ্মৰে ধৰ্মান্ধ ভাৰতীয়সকলে ধনী, দুখীয়া, পুৰুষ, মহিলা, শিশু, বৃদ্ধ নিৰ্বেশেষে স্বধৰ্ম ৰক্ষা কৰিও ক্ৰিকেট নামৰ এই অনন্য ধৰ্মত বিলীন হৈ পৰিল।

ভাৰতীয় পৰিয়ালৰ প্ৰতিটো শিশুৱে শৈশৱৰ পৰাই সপোন দেখে ক্ৰিকেটাৰ হোৱাৰ। দুভৰিৰ ওপৰত থিয় হোৱাৰে পৰা হাতত তুলি লয় পুতলা বেট। ওচৰ চুবুৰীয়া, পৰিয়ালৰ দূৰ সম্পৰ্কীয় সদস্যক চিনি পাওক নাপাওক, চিনি পায় শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি, মহেন্দ্ৰ সিং ধোনিক।

ক্ৰিকেটকে জীৱন বুলি ধৰি লৈ বেট, বলৰ পিছত দৌৰা এই শিশু, কিশোৰসকলৰ সপোন নীলা জাৰ্ছি পৰিধান কৰি দেশক প্ৰতিনিধিত্ব কৰা। পিছে যিদৰে নীলা জাৰ্ছি পৰিধান কৰি হাতত বেট, বল লৈ দেশক প্ৰতিনিধিত্ব কৰাৰ সপোন যিমান ৰঙীন সিমানেই কঠিন এই সপোনক বাস্তৱায়িত কৰা।

প্ৰতি মুহূৰ্ততে ভাৰতত এনে সপোনৰ অপমৃত্যু ঘটে। ক্ৰিকেটকে পূজা কৰাসকলে সময়ৰ তাগিদাদ, পৰিস্থিতিৰ দাসত্বত ক্ৰিকেটক বাদ দি আকোৱালি লয় জীৱিকাৰ অন্য পথ। এই জীৱিকাৰে নিজে জীয়াই থকাৰ সমান্তৰালকৈ সংগোপনে মনৰ মাজতে জীয়াই ৰাখে ক্ৰিকেটৰ সপোন। সেই সপোন নিজৰ পৰা নিজ সন্তানলৈ অথবা নাতি, নাতিনীলৈ কঢ়িয়াই নিয়ে। ভাৰতীয়ৰ বাবে এয়াই ক্ৰিকেট।

আজি ভাৰত আৰু আমেৰিকাৰ মাজত আছে টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ এখন গুৰুত্বপূৰ্ণ মেচ। এই মেচখনৰ পূৰ্বে এতিয়া বিশ্বজুৰি ব্যাপক চৰ্চা। এই চৰ্চা হোৱাৰে কথা। কিয়নো টি-২০ বিশ্বকাপৰ এসময়ৰ চেম্পিয়ন ভাৰতৰ বিপক্ষে খেলিব ক্ৰিকেটৰ দুগ্ধ পুষ্প শিশু স্বৰূপ আমেৰিকাই।

কিন্তু এয়া জানো ভাৰত-আমেৰিকাৰ মেচ? যিসকলে সুক্ষ্মভাৱে লক্ষ্য কৰিছে তেওঁলোকে বুজি পাইছে আজিৰ এই মেচ ভাৰত বনাম আমেৰিকাৰ নহয়। এয়া ভাৰতৰ বিৰুদ্ধে ভাৰতৰেই খেল।

মনাংক পেটেল, হৰমিত সিং, জেছি সিং, মিলিন্দ কুমাৰ, নিসাৰ্গ পেটেল, নীতিশ কুমাৰ, সৌৰভ নেটাভালকাৰ, গজানন্দ সিং- এইসমূহ জানো আমেৰিকাৰ খেলুৱৈ হ’ব পাৰে! এয়াচোন সকলো ভাৰতীয় নাম।

আমেৰিকাৰ ক্ৰিকেট দলটোৰ মূল ১১ জন খেলুৱৈৰ ভিতৰত ৮ জনেই ভাৰতীয় মূলৰ খেলুৱৈ। ইয়াৰে কোনোবাই যদি ভাৰতৰ হৈ অনুৰ্ধ্বৰ ১৯ বিশ্বকাপ খেলিছে আন কোনোবাই আকৌ দিল্লী, ছিকিম, ত্ৰিপুৰা আদিৰ দৰে ৰাজ্যৰ হৈ ৰঞ্জী ক্ৰিকেট খেলিছে। স্থান পাইছিল অনুৰ্ধ্বৰ ১৬ দলটো।

কিন্তু ভাৰতত তেওঁলোকৰ ক্ৰিকেট কেৰিয়াৰে পূৰ্ণতা নোপোৱাটো স্পষ্ট হৈ পৰাত এইসকল ভাৰতীয়ই অনিচ্ছাস্বতেও আমেৰিকালৈ গৈ তাতেই আৰম্ভ কৰিলে ক্ৰিকেট খেলিবলৈ। তাতেই নতুনকৈ গঢ়িবলৈ আৰম্ভ কৰিছে ক্ৰিকেট কেৰিয়াৰ।

আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ ক্ৰিকেট দলটোৰ বহু কেইজন ক্ৰিকেটাৰেই ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলি অথবা সূৰ্য কুমাৰ যাদৱৰ সতীৰ্থ। ভাৰতৰ ভিন্ন স্থানৰ খেলুৱৈৰ লগতে পাকিস্তানৰো একাংশ খেলুৱৈৰে গঠিত এই দলটোৱে ইতিমধ্যে তেওঁলোকৰ দক্ষতাৰ প্ৰমাণ দিছে।

বিশ্বকাপৰ আৰম্ভণিতে পাকিস্তানক পৰাস্ত কৰি আমেৰিকাই ইতিমধ্যে অঘটন ঘটাইছে। গ্ৰুপ 'এ'ৰ দুখন মেচ খেলি দুয়োখন মেচতে বিজয় সাব্যস্ত কৰি ভাৰতৰ দৰেই ৪ পইণ্ট অৰ্জন কৰিছে।

অধিনায়ক মনাংক পেটেলৰ নেতৃত্বত এই দলটোৱে বেটিং, বলিঙকে ধৰি সকলো দিশতে বৈচিত্ৰপূৰ্ণ হৈ পৰিছে। দলটোত আছে ভাৰতৰ বিৰুদ্ধে সদায় আক্ৰমণাত্মক হৈ থকা দুই পাকিস্তানমূলৰ খেলুৱৈ। স্বাভাৱিক গতি আৰু বাউন্সাৰ বৈচিত্ৰৰে পৰিপূৰ্ণ ৱেষ্ট ইণ্ডিজৰ এজন খেলুৱৈ। আছে নিউজিলেণ্ডৰোএজন খেলুৱৈ।

ভাৰত, পাকিস্তান, ৱেষ্ট ইণ্ডিজ, নিউজিলেণ্ড আদিৰ দৰে দেশৰ ক্ৰিকেটাৰেৰে সমৃদ্ধ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই দলটোৱে চুপাৰ-৮ লৈ যোগ্যতা অৰ্জন কৰিলেও আচৰিত হ'বলগীয়া একো নাথাকিব। আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ ক্ৰিকেট ব'ৰ্ডৰ প্ৰাক্তন সদস্য সুশীল কুমাৰ নাদকাৰ্ণীয়ে এই দলটোৰ সম্পৰ্কত কৈছে- ইতিমধ্যে এই দলটো বহুদূৰ আগবাঢ়িছে। হৰমিত, উন্মুক্ত চান্দ, মিলিন্দহঁতে ইয়াত এটা নতুন জীৱন আৰম্ভ কৰিবলৈ আহিছে। আই চি চিৰ তিনি বছৰীয়া কুল-অফ নিয়মে তেওঁলোকক আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৈ খেলিবলৈ যোগ্য কৰি তুলিছিল।

আজি ভাৰত আৰু আমেৰিকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া ক্ৰিকেট মেচখন এখন সাধাৰণ মেচ নহ'ব। ইয়াত সমানে জড়িত হৈ থাকিব আৱেগ। বেট, বলৰ সৈতে আজি হ'ব আৱেগৰ যুঁজ।

যিসকলে এদিন নীলা জাৰ্ছি পৰিধান কৰি এইখন মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰি বিজয়ধ্বজ্জা উৰুওৱাৰ সপোন দেখিছিল সেইসকলেই আজি ভাৰতৰ বিৰুদ্ধে যুঁজিব। এয়া ভাৰতৰ বাবে, আমেৰিকাক প্ৰতিনিধিত্ব কৰা ভাৰতীয়মূলৰ খেলুৱৈসকলৰ বাবে দুৰ্ভাগ্য নে সৌভাগ্য? এই প্ৰশ্ন চাগে তেওঁলোকৰ মনলৈয়ো আহিছে।

আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ হৈ খেলা ভাৰতীয় মূলৰ এইসকল ক্ৰিকেটাৰৰ কেৰিয়াৰ

মনাংক পেটেল- ১৯৯৩ চনৰ ১ মে'ত গুজৰাটত জন্মগ্ৰহণ কৰা মনাংক পেটেলে ২০১৮ ৰ পৰা ইউ এছ এৰ হৈ খেলি আহিছে। তেওঁ এসময়ত গুজৰাটৰ অনূৰ্ধ্বৰ ১৬ আৰু ১৮ দলৰ সদস্য আছিল। ২০১৬ ত তেওঁ গ্ৰীণ কাৰ্ড লৈ আমেৰিকালৈ যায়। ইউ এছ এ দলটোৰ অধিনায়কগৰাকীয়ে এতিয়ালৈকে ৪৭ খন এদিনীয়া খেলি ১৪৪৬ ৰাণ কৰিছে। টি-২০ ইণ্টাৰনেচনেলত তেওঁ কৰিছে ৫০৭ ৰাণ।

হৰমিট সিং- মুম্বাইত ১৯৯২ ৰ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা হৰমিটে মুম্বাইৰ হৈ ৩১ খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট মেচ খেলিছে। তেওঁৰ নামত এই মেচ কেইখনত আছে ৮৭ টা উইকেট আৰু ৭৩৩ ৰাণ। ইয়াৰোপৰি তেওঁ ত্ৰিপুৰাৰ হৈয়ো খেলিছিল। বিজয় হাজাৰে ট্ৰফীত ২০১৮-১৯ ত তেওঁ ৮ খন মেচ খেলি ১৩ টা উইকেট লাভ কৰিছিল।

হৰমিটে ভাৰতৰ হৈ ১৯ অনূৰ্ধ্বৰ বিশ্বকাপো খেলিছে। ২০২০ চনলৈ ভাৰতীয় ক্ৰিকেটৰ অংশ হৈ থকা হৰমিটে পৰৱৰ্তী সময়ত গ্ৰীণ কাৰ্ড লৈ আমেৰিকালৈ যায় আৰু আমেৰিকাত ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে তেওঁ আমেৰিকাৰ টি-২০ বিশ্বকাপ দলত স্থান লাভ কৰে।

সৌৰভ নেটাভালকাৰ- মুম্বাইত জন্মগ্ৰহণ কৰা সৌৰভে ভাৰতৰ হৈ অনুৰ্ধ্বৰ ১৯ ক্ৰিকেট খেলিছিল। ঘৰুৱা ক্ৰিকেটৰ কেইবাখনো ৰঞ্জী মেচো খেলিছিল। এইগৰাকী ক্ৰিকেটাৰে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১১ টা উইকেট লাভ কৰিছে।

জছদীপ সিং- নিউয়ৰ্কত জন্মগ্ৰহণ কৰা জছদীপৰ বয়স ৩ বছৰ হোৱাৰ সময়তে তেওঁৰ পিতৃ-মাতৃ পঞ্জাৱলৈ ঘূৰি আহিছিল। ২০১১ চনত আয়াৰলেণ্ড ভ্ৰমণ কৰা ১৯ অনুৰ্ধ্বৰ বিশ্বকাপ কোৱালিফায়াৰ দলৰ বাবে ট্ৰায়েলত নিৰ্বাচিত হৈছিল জছদীপ।

নীতিশ কুমাৰ- ১৯৯৪ চনত অণ্টাৰিঅ’ৰ স্কাৰবাৰত জন্মহোৱা ভাৰতীয় মূলৰ এইগৰাকী ক্ৰিকেটাৰে ২০১০ত অনুৰ্ধ্ব-১৫ আৰু অনুৰ্ধ্ব-১৯ বিশ্বকাপ কোৱালিফায়াৰকে ধৰি অন্যান্য প্ৰতিযোগিতাত কানাডাৰ হৈ খেলিছিল। নীতিশে কানাডাৰ পৰা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আত্মপ্ৰকাশ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপেও অভিলেখ গঢ়িছিল।

কানাডাৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰা নীতিশে ২০১১ চনৰ বিশ্বকাপত কানাডাৰ হৈ খেলিছিল। সেই সময়ত নীতিশৰ বয়স আছিল মাত্ৰ ১৬ বছৰ ২৮৩ দিন। ২০২৪ ৰ এপ্ৰিল মাহত নীতিশে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৈ আত্মপ্ৰকাশ কৰিছে।

এতিয়ালৈকে নীতিশে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৈ ৬ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। এইগৰাকী ক্ৰিকেটাৰে এদিনীয়াত ১৬ খন মেচ খেলি ২১৭ ৰাণ আৰু ২ উইকেট লাভ কৰিছে। টি-২০ ক্ৰিকেটত ২৪ খন মেচ খেলি ৫৩২ ৰাণ আৰু ৭ উইকেট লাভ কৰিছে। প্ৰথম শ্ৰেণীৰ মেচ খেলিছে ১৫ খন, য’ত ৬৪৪ ৰাণ আৰু ১১ উইকেট দখল কৰিছে।

মিলিন্দ কুমাৰ- ১৯৯১ চনত দিল্লীত জন্মগ্ৰহণ কৰা মিলিন্দ কুমাৰে দিল্লীৰ হৈ ৰঞ্জী ট্ৰফীত খেলিছিল। দিল্লীৰ উপৰিও মিলিন্দে ছিকিমৰ হৈয়ো ৰঞ্জী খেলিছে। কিন্তু তেওঁ ভাৰতত তেওঁৰ কেৰিয়াৰ অধিক আগবঢ়াৰ কোনো লক্ষণ নেদেখি আমেৰিকালৈ যাত্ৰা কৰে।

আমেৰিকাৰ ঘৰুৱা টুৰ্ণামেণ্ট খেলিয়েই তেওঁ ২০২৪ ৰ টি-২০ বিশ্বকাপৰ বাবে সেই দেশৰ দলত স্থান লাভ কৰে। চলিত বছৰতে মিলিন্দে আমেৰিকাৰ হৈ টি-২০ ত আত্মপ্ৰকাশ কৰিছে।

নিসাৰ্গ পেটেল– গুজৰাটৰ আহমেদাবাদত জন্মগ্ৰহণ কৰা নিসাৰ্গ পেটেল ভাৰতত স্কুল পৰ্যায়ৰ টুৰ্ণামেণ্ট খেলিছিল। পিছত তেওঁৰ পৰিয়ালৰ সৈতে আমেৰিকালৈ যাত্ৰা কৰে। ২০০৬ চনত আমেৰিকাৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰা নিসাৰ্গে পৰৱৰ্তী সময়ত ইংলেণ্ডলৈ যায়।

কিন্তু পাছত আকৌ আমেৰিকালৈ উভতি আহে আৰু আমেৰিকাৰ হৈয়ে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে। যোৱা ৫ ৰ পৰা ৬ বছৰ ধৰি তেওঁ আমেৰিকাৰ হৈ ক্ৰিকেট খেলি আছে।

ভাৰতীয় অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাৰ অনুৰাগী এইগৰাকী ক্ৰিকেটাৰে এদিনীয়াত ৪৯৬ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ৪২ টা উইকেট দখল কৰিছে। একে সময়তে, টি-২০ আন্তঃৰাষ্ট্ৰীয়ত তেওঁ ১১৫ ৰাণ কৰাৰ বিপৰীতে ২৭ টা উইকেট দখল কৰিছে।