চৌপাশে ইমানবোৰ তানিয়া... 
বিশেষ লেখা

চৌপাশে ইমানবোৰ তানিয়া...

তুষাৰ প্ৰতিম

অতি আধুনিকতাই বাৰু মানুহৰ আৱেগ, অনুভূতিকো গ্ৰাস কৰিলে নেকি? যন্ত্ৰৰ দৰে হৈ পৰা মানুহবোৰৰ অন্তৰত আত্মীয়তা, সম্পৰ্কৰ টান নোহোৱা হৈ আহিল নেকি? শেহতীয়াকৈ আমাৰ চৌপাশে সংঘটিত হোৱা কেতবোৰ ঘটনাৱলীয়ে এনে কিছু প্ৰশ্নকেই মনলৈ আনিছে।

অতি আধুনিক এই সমাজ ব্যৱস্থাত এতিয়া বাহ্যিকতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। কোনে কিমান ভাল খাইছে, কোনে কিমান ভাল পিন্ধিছে, কিমান দামী ৰেষ্টুৰেণ্টলৈ গৈছে, কিমান দামী গাড়ীৰ গৰাকী হৈছে সেইবোৰত হে এতিয়া অধিক গুৰুত্ব দিয়া হয়।

ইনষ্টাগ্ৰাম, ফেচবুক, এক্সত এইবোৰৰ ঘনে ঘনে ফটো দি সেই অতি আধুনিক সমাজ ব্যৱস্থাৰ অংশ হিচাপে নিজকে জহাবলগীয়া হয়। দৈনন্দিন জীৱন কিমান বিলাসীতাৰে পাৰ কৰিছে সেয়া ব্লগিঙৰ জৰিয়তে দেখুওৱা হয়।

এইবোৰ দেখুৱাব পাৰিলেই ইনষ্টাগ্ৰাম, ফেচবুকত ফ’লৱাৰ্ছ বাঢ়ে। যিমান বেছি ফ’লৱাৰ্ছ হ’ব সিমানেই বেছি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব। বহুতৰ বাবে তেওঁলোক হৈ পৰে চেলিব্ৰেটি।

বহুতেই আকৌ এই অতি আধুনিকতাৰ গ্ৰাসত পৰিয়েই এপদ এদকৈ খুলি যায় দেহৰ কাপোৰ। অন কেমেৰা এইদৰে কাপোৰ খুলি দেহৰ সমস্ত ভূগোল প্ৰদৰ্শনৰ প্ৰতিযোগিতাত নামে তেওঁলোক। এইদৰে দেহ প্ৰদৰ্শনো অতি আধুনিকতাবাদী সমাজখনৰ বাসিন্দা হোৱাৰ এক পৰিচয়।

একাংশ ধনীৰ দুলাল, দুহিতাই মাক, দেউতাকৰ ধনেৰে এনে বিলাসীতা জন্মগতভাৱে লাভ কৰিছে যদিও বহুতেই এই বিলাসীতাৰ পাছত দৌৰি নকৰিবলগীয়াও বহু কিবাকিবি কৰি পেলাইছে। দুৰ্নীতিগ্ৰস্ত বিষয়া, নেতা, অসাধু ব্যৱসায়ীৰ সন্তান এনে বিলাসী জীৱন যাপন কৰে।

তেওঁলোকৰ মাজত আইফোনৰ লেটেষ্ট আৰু টপ মডেলটো কেনেকৈ আগত ল’ব পাৰি তাৰ প্ৰতিযোগিতা চলে। সেয়াই তেওঁলোকৰ বাবে সফলতা। কিন্তু মধ্যবিত্ত, নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তানৰ বাবে এই প্ৰতিযোগিতাখন যথেষ্ট প্ৰত্যাহ্বানেৰে ভৰা।

তেওঁলোকে অতি আধুনিক এই সমাজখনত বৰ্তি থাকিবলৈ সেয়ে নকৰিবলগীয়া বহু কিবাকিবি কৰি পেলায়। হৈ পৰে অপৰাধী। কোনোবাই সতীত্ব ত্যাগ কৰে আন কোনোবাই আকৌ চৌৰ্য বৃত্তিত নামি পৰে।

তানিয়া কুমাৰীও এই অতি আধুনিকতাবাদী সমাজখনৰে আছিল এক অংশ। এই সমাজখনত নিজকে বিলীন কৰি দি কেতিয়া নিজক হেৰুৱাই পেলাল সেয়া তলকিবই নোৱাৰিলে গুৱাহাটীৰ এই যুৱতীগৰাকীয়ে।

প্ৰচুৰ প্ৰতিভাসম্পন্ন যুৱতী তানিয়াৰ পৰিচয় এতিয়া এগৰাকী হত্যাকাৰী। অথচ দুদিনমানৰ আগলৈকে এই তানিয়া আছিল ৰাজ্যৰ এক সম্ভাৱনাপূৰ্ণ ক্ৰীড়া প্ৰতিভা। লন টেনিছৰ ৰাজ্যিক পৰ্যায়ৰ চেম্পিয়ন তানিয়াই ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ অৰ্জন কৰিছিল যোগ্যতা।

হয়তো কোনোবা এখনত চেম্পিয়নৰ খিতাপ জয় কৰা হ’লেই ৰাজ্যত তানিয়াৰ সেই ক্ৰীড়া প্ৰতিভাৰ খবৰ বিয়পি পৰিল হয়। বহুতৰ বাবেই হৈ পৰিল হয় আদৰ্শ। কিন্তু অতি আধুনিকতা আৰু উচ্চাকংক্ষাই শেষ কৰি দিলে সকলো।

তানিয়া নামৰ মাতৃ হত্যাকাৰী এই যুৱতীগৰাকীয়ে বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টি কৰি ঘূৰি, ফুৰি ভাল পাইছিল। ঘনে ঘনে গৈছিল বিলাসী বিউটি পাৰ্লাৰলৈ। তেওঁক সঘনে দৰকাৰ হৈছিল ব্ৰেণ্ডেড দামী বিউটি প্ৰডাক্ট।

অতি সহজসৰল তানিয়াৰ মাতৃ মঞ্জু দেৱীয়ে এইবোৰ ভাল পোৱা নাছিল। অবাবত টকা খৰচ কৰিলে মঞ্জু দেৱীৰ গাত লাগিছিল। জীয়ৰীক সেয়ে তেওঁ কিছুমান কামত বাধা দিছিল।

প্ৰয়োজনতকৈ সৰু কাপোৰ পিন্ধি ভাল পাইছিল তানিয়াই। মঞ্জু দেৱীয়ে গাভৰু জীয়ৰীৰ দেহত তেনে সৰু পোচাক পচন্দ নহৈছিল। বাধা দিছিল এইবোৰ নকৰিবলৈ। চুটি সাজপাৰত আধুনিকতাক বিচাৰি পোৱা তানিয়াই মাতৃক সেয়ে হেনো গাঁৱলীয়া বুলি তিৰস্কাৰ কৰিছিল।

এইবোৰ চুবুৰীয়াই কোৱা কথা। মাতৃৰ এনেবোৰ হকা-বাধাৰ বাবেই তানিয়াই মাকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল আৰু সেই কাজিয়াৰ মাজতেই প্ৰাণ লৈছিল মাতৃৰ। এতিয়া আৰক্ষীৰ জিম্মাত নিজকে ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা তানিয়াৰ।

গুৱাহাটীত সংঘটিত হোৱা এয়া এটা মাত্ৰ উদাহৰণহে। হয়তো ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু কিমান অভিভাৱক এইদৰে মৰি মৰি জীয়াই আছে সেয়া তেওঁলোকেহে জানে। যেতিয়াই চূড়ান্ত পৰ্যায় পাবগৈ তেতিয়াই পোহৰলৈ আহিব।

অতি আধুনিকতাৰ গ্ৰাসত পৰি এতিয়াৰ প্ৰজন্ম পংগু হৈ পৰিছে। তেওঁলোকে আত্মীয়ৰ ঘৰলৈ যাবলৈ বেয়া পায়। মুকলিকৈ থাকি বেয়া পায়। হাঁহি মাতি পৰিয়ালৰ সৈতে কথা পাতি অশান্তি পায়। নিশা বন্ধুৰ সৈতে মাতাল হ’ব পৰা পাৰ্টিবোৰ তেওঁলোকৰ প্ৰিয়।

এই অতি আধুনিক সমাজখনত গ্ৰামাঞ্চলৰো ল’ৰা-ছোৱালীবোৰ সোমাই পৰিছে। ইনষ্টাগ্ৰামত এতিয়া চাব নোৱাৰা অৱস্থা। কি বোৱাৰী, কি জীয়ৰী সকলো সমানে আগবাঢ়িছে। প্ৰতিযোগিতাত নামিছে দেহৰ কাপোৰ খোলাৰ।

একাংশৰ অভিভাৱকে সকলো দেখিও অন্ধ হৈ পৰিছে। আন একাংশই আকৌ বাধা দি ভাগৰি পৰিছে। একাংশ অভিভাৱকে বন্ধ কোঠালিত সোমাই সন্তানে ৰীলছ বনোৱাৰ নামত কি কৰিছে গমেই পোৱা নাই। এয়াই এতিয়াৰ বাস্তৱ ছবি।

সামাজিক মাধ্যমৰ এই আত্মপ্ৰচাৰ কেন্দ্ৰিক ব্যৱস্থাৰ পৰা তেওঁলোকক কোনে ৰক্ষা কৰিব সেয়া একমাত্ৰ ভগৱানে জানে। কিন্তু এইবোৰৰ জৰিয়তে সামাজিক অৱক্ষয়ৰ যি ভয়াৱহ ৰূপ শেহতীয়াকৈ প্ৰতিফলিত হৈছে সেই ৰূপটো যে কোনো কাৰণতে আমাৰ সমাজখনৰ বাবে মংগলজনক নহয় সেয়া বহুতেই উপলব্ধি কৰিছে।