এজন শিক্ষকে কৈ গ'ল বহু কথা, আছে বহু ব্যথা... 
বিশেষ লেখা

এজন শিক্ষকে কৈ গ'ল বহু কথা, আছে বহু ব্যথা...

Asomiya Pratidin

তুষাৰ প্ৰতিম

ছাত্ৰক শিক্ষাদান কৰাটোৱেই শিক্ষকৰ প্ৰধান আৰু একমাত্ৰ দায়িত্ব, কৰ্তব্য। শিক্ষকৰ প্ৰতি সাধাৰণ মানুহৰ এয়াই প্ৰাথমিক ধাৰণা। কিন্তু শিক্ষকতাৰ সৈতে যিসকল জড়িত বা যিসকলৰ শিক্ষকৰ সৈতে সম্পৰ্ক আছে তেওঁলোকে জানে শিক্ষকৰ একমাত্ৰ বুলি কোনো কাম নাই।

১২ টা মাহত ১৩ টাৰো অধিক কাম কৰিব লাগে শিক্ষকে। পাঠদানৰ উপৰি হিচাপ ৰাখিব লাগে মধ্যাহ্ন ভোজনৰ। শিক্ষক অবিহনে অসম্ভৱ দেশৰ নিৰ্বাচন প্ৰক্ৰিয়া। লোকসভা, বিধানসভা, পঞ্চায়ত, পৌৰসভা, পৌৰনিগম সকলোৰে নিৰ্বাচনত মূল দায়িত্ব পালন কৰিব লাগে শিক্ষকে।

তাৰোপৰি থাকে বিভিন্ন প্ৰশিক্ষণকে আদি কৰি অনেক কাম। ৰাজনৈতিক নেতাৰেই হওক বা আন কোনো সাধাৰণ লোকৰেই হওক সকলোৰে সমালোচনাৰ লক্ষ্যও এই শিক্ষকসকলেই। আন্তঃগাঁথনিৰ অভাৱত বিদ্যালয়ৰ পৰা শিক্ষাৰ্থী নোহোৱা হৈছে, গালি শিক্ষকে খাইছে।

বিদ্যালয় একত্ৰীকৰণ হৈছে শিক্ষকৰ গাতেই দোষ জাপিছে। বিদ্যালয়ৰ ফলাফল বেয়া হৈছে, গালি শিক্ষকে খাইছে। অভিভাৱকৰ পৰা শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰীলৈ সকলোৰে ছফ্ট টাৰ্গেত কেৱল শিক্ষক।

যোগ্যতা আৰু মেধাৰ বলত টেট উত্তীৰ্ণ হৈ কোনোবাই শিক্ষকৰ চাকৰি পাইছে। তেওঁলোকো কাৰোবাৰ আক্ৰোশৰ বলি হৈছে। কেতিয়াবা যদি মন্ত্ৰীয়ে শিক্ষকক মাতি আনি ৰাজহুৱা কৰ্কথনা কৰিছে আন কেতিয়াবা আকৌ কোনোবা সংগঠনৰ নেতাৰ ৰোষৰ বলি হৈছে।

শিক্ষকক লৈ সমস্যাৰ শেষ নাই। শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱ, প্ৰধানশিক্ষকৰ অভাৱ আদিৰ সমস্যা আছেই। কিন্তু শিক্ষকৰ সমস্যা, শিক্ষকৰ মানসিক স্থিতি, শিক্ষাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আদিৰ বিষয়ে যি ধৰণে আলোচনা হ'ব লাগে তেনেদৰে হৈছেনে ? কিমানে শিক্ষকৰ সমস্যাৰ বিষয়ে অনুভৱ কৰিব পাৰিছে ? বুজিবলৈ চেষ্টা কৰিছে ?

যদি কোনোবাই তেওঁলোকৰ সমস্যাৰ বিষয়ে তিলমানো চিন্তা কৰিলে হয় তেন্তে হয়তো প্ৰণৱজ্যোতি মিলিয়ে আত্মহত্যাৰ দৰে পথ বাছি নল'লে হয়। বেংকৰ ঋণৰ বোজাৰ উপৰি তিনিখনকৈ ঘৰ চম্ভালি ভাগৰি পৰা প্ৰণৱ মিলিয়ে কি মানসিক স্থিতিৰ মাজেৰে দিনবোৰ পাৰ কৰিছিল কোনেও নুবুজিলে।

এজন শিক্ষকে কিমান দৰমহা পাই ? সেই দৰমহাৰে তিনিখন ঘৰ চম্ভালি সন্তান প্ৰতিপালন কৰা আৰু উপযুক্ত শিক্ষাৰে শিক্ষিত কৰা সম্ভৱ নে ? চাকৰি শব্দটো শুনিবলৈ ভাল যদিও আজিৰ এই মূল্যবৃদ্ধিৰ মহঙা বজাৰত ৩০ হাজাৰ টকাৰে চলাটো যিমান সহজ যেন লাগে সিমান সহজ নহয়।

দৰমহাৰ পৰা পোৱা টকা কেইটাৰেই প্ৰণৱ মিলিয়ে ৩ খনকৈ ঘৰ চম্ভালিছিল। ২ টা সন্তানক প্ৰতিপালন কৰিছিল। ডাঙৰজনী ছোৱালীৰ শিক্ষাৰ ব্যয় বহন কৰিছিল। দিবলগীয়া হৈছিল গুৱাহাটীত পত্নী, সন্তানে বাস কৰা ঘৰৰ ভাড়া। মানকাচৰতো দিব লাগে তেওঁ থকা ঘৰৰ ভাড়া। আছে মাহেকে-পষেকে ঘৰলৈ অহাৰ খৰচ।

প্ৰণৱ মিলিৰ দৰেই হয়তো আৰু হাজাৰ হাজাৰ শিক্ষকৰো অৱস্থা একেই। চৰকাৰী সংস্থাপনৰ নামত তেওঁলোকে ঘৰ এৰি দূৰদূৰণিৰ কোনোবা প্ৰান্তত কৰ্তব্যত নিয়োগ হৈ আছে। কাৰোবাৰ হয়তো ঘৰত আছে বৃদ্ধ পিতৃ, মাতৃ অথবা আন আন সদস্য। হয়তো কোনোবা ঘৰৰ একামাত্ৰ উপাৰ্জনকাৰী।

কালিলৈ যে প্ৰণৱ মিলিৰ পথকেই তেওঁলোকৰ একাংশই অনুসৰণ নকৰিব তাৰ নিশ্চয়তা আজিৰ তাৰিখত কোনেও দিব নোৱাৰে। ৰাজ্য চৰকাৰে শিক্ষকৰ বাবে নিত্য, নতুন নীতি, নিয়ম নিৰ্ধাৰণ কৰিছে। শিক্ষা বিভাগৰ সংস্কাৰৰ নামত কেৱল শিক্ষকৰ ওপৰত এটাৰ পাছত আন এটা সম্পৰীক্ষা চলাইছে।

নিযুক্তি লাভৰ ১০ বছৰলৈকে বদলিৰ ব্যৱস্থা বন্ধ ৰাখিছে। Mutual Transfer ৰ ব্যৱস্থা কৰিছে যদিও ইয়াৰ পৰা উপকৃত হোৱা নাই অধিকাংশ শিক্ষকেই। কেৱল শিক্ষকেই নহয়, আন আন বিভাগৰ একাংশ কৰ্মচাৰীৰো একেই অৱস্থা।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে নিযুক্তি প্ৰদান কৰাসকলে কৰ্তব্যস্থলীত যোগদান কৰি কৰ্তব্য সমাপন কৰি আছে। নিযুক্তি লাভৰ অধিকাংশই গৃহ জিলাৰ পৰা দূৰদূৰণিত গৈ কৰ্তব্য পালন কৰিছে। তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ কথা যদি বাদ দিও, চতুৰ্থ বৰ্গত নিযুক্তি পোৱা বহুতৰে অৱস্থা এতিয়া পানীত হাঁহ-নচৰা।

এতিয়ালৈকৈ হোৱা নাই দৰমহা। অথচ প্ৰতি মাহেই বৃদ্ধি পাইছে খৰচ। দূৰদূৰণিত নিযুক্তি পোৱাৰ বাবেই মাত্ৰ সামান্য দৰমহাৰে চলাব লাগে দুখনকৈ ঘৰ। দিব লাগে ঘৰৰ ভাড়া।

কথাবোৰ সংশ্লিষ্ট মহলে পুনৰ এবাৰ বিবেচেনা কৰা ভাল। বিশেষকৈ শিক্ষকৰ মানসিক অৱস্থা সুস্থিৰ হৈ থকাটো অতি প্ৰয়োজন। মানসিক দুঃচিন্তা, অশান্তিৰ মাজত থাকি কোনো শিক্ষকেই সঠিক আৰু উপযুক্ত শিক্ষা প্ৰদান কৰিব নোৱাৰে।

শিক্ষকসকলক গৃহ জিলাত নিযুক্তি দিয়াৰ বা শীঘ্ৰেই বদলি কৰাৰ এক ব্যৱস্থা গঢ়ি তোলক। শিক্ষকসকলৰ ওপৰত আৰু কিমান সম্পৰীক্ষা চলাব ? শিক্ষকৰ ওপৰত আৰু কিমান কামৰ বোজা জাপিব ?

শিক্ষকৰ কাম কেৱল মাত্ৰ পাঠদানৰ মাজতে সীমাবদ্ধ ৰাখিব নোৱাৰিনে ? পাঠদানৰ মাজতে সীমাবদ্ধ থকা শিক্ষকৰ বিদ্যালয়ৰ ফলাফল বেয়া হ'লে প্ৰশ্ন কৰাৰ এটা পথ মুকলি থাকে। কিন্তু আন্তঃগাঁথনিৰ অভাৱত, উপযুক্ত শিক্ষক, পাঠ্যপুথিৰ অভাৱত ভুগি থকা হাজাৰ হাজাৰ শিক্ষানুষ্ঠানৰ শিক্ষকক ফলাফল বেয়া হ'লে শিক্ষকক প্ৰশ্ন কৰাৰ দৰাচলতে কোনো পথ নাথাকে। তাৰ পাছতো সকলো দোষ কেৱল শিক্ষকৰ গালৈ থেলি সকলোৱে দায় সাৰিব বিচাৰে।

শিক্ষকৰ শিক্ষাদানৰ পদ্ধতিৰ উপৰি এজন শিক্ষাৰ্থীৰ ফলাফল বেয়া হোৱাৰ বহু কাৰণ থাকিব পাৰে। ঘৰুৱা পৰিৱেশ, অভিভাৱকৰ দায়িত্বহীনতা, উপযুক্ত সুযোগ, সুবিধাৰ পৰা বঞ্চিত, সামাজিক, শৈক্ষিক পৰিৱেশ আদি অনেক কাৰণ এগৰাকী শিক্ষাৰ্থীৰ ফলাফল বেয়াৰ কাৰণ হ'ব পাৰে।

আছে আন্তঃগাঁথনিৰ অভাৱৰ দৰে সমস্যা। এই সমস্যাবোৰৰ বিষয়ে সঠিককৈ আলোচনা হৈছেনে ? এই বিষয়ে প্ৰশ্ন কৰাৰ সাহস কাৰোবাৰ আছেনে ?

প্ৰণৱ মিলিয়ে বহু কথা কৈ গ'ল, বহু কথা নোকোৱাকৈ গুছি গ'ল। প্ৰণৱ মিলিৰ আত্মহত্যায়ে বহু কথাই ভবাৰ পথ মুকলি কৰি থৈ গ'ল। কিন্তু সেই কথা সংশ্লিষ্ট বিভাগে, মন্ত্ৰীয়ে ভাবিবনে ?