বিশেষ লেখা

কেতিয়াবা নিজকো কৰোচোন এনেবোৰ প্ৰশ্ন...

Asomiya Pratidin

ভাস্কৰ শৰ্মা

উৰণীয়া –উতনুৱা স্বভাৱে বিপদ মাতে ! এই কথা আজিৰ নহয়। সৌ তাহানিৰ পৰাই চলি অহা মৌখিক কথা। সেয়ে পাঠশালাত পঢ়ি থকা কালত শিক্ষাগুৰু অথবা ঘৰতে পিতৃ- মাতৃয়ে সন্তানক বাহ্যিক জগতৰ সৈতে চলিব পৰাকৈ কেতবোৰ নীতি শিক্ষা দিয়ে।

ক’ত, কি কৰিব লাগে, নালাগে নাইবা কিয় নালাগে তাৰো সম্যক জ্ঞান দিয়ে। যাতে শিশুটিয়ে ডাঙৰ- দীঘল হৈ জীৱন বাটত উজুটি খাব নালাগে।

কোনো পিতৃ-মাতৃয়ে নিজৰ সন্তানটি অপঘাটে যোৱাটো নিবিচাৰে। বৰ মানুহ হ’ব নোৱাৰিলেও যাতে জীৱন যুদ্ধত পোৱা তিতা- মিঠা অভিজ্ঞতাৰে নিজকে অভিজ্ঞ কৰি তুলিব পাৰে, সেই লক্ষ্য আৰু উদ্দেশ্যৰে অভিভাৱকে শিশুটিক সাজু কৰি তোলে। এই অলিখিত নিয়মকে নিয়ম কৰি আমাৰ সমাজ ব্যৱস্থাত চলি আহিছে।

আজিকালি উচ্চ শিক্ষাৰ বাট বহু। ডাক্টৰ- ইঞ্জিনিয়াৰৰ উপৰিও বৃত্তিমুখী শিক্ষা নাইবা ব্যৱহাৰিক শিক্ষা গ্ৰহণ কৰি ল’ৰা- ছোৱালীসকলে উপাৰ্জনৰ পথ বাচি ল’ব পাৰে। ইয়াৰ উপৰিও আনুসংগিক প্ৰশিক্ষণ গ্ৰহণ কৰি বহু ল’ৰা- ছোৱালীয়ে বিভিন্ন ক্ষেত্ৰত কৰ্মসংস্থাপনৰ বাট বিচাৰি পায়।

এনেবোৰ কাৰণৰ নিমিত্তে বহু ল’ৰা- ছোৱালী ঘৰ এৰি চহৰমুখী হয়। মাক- দেউতাকৰ বুকুৰ মাজৰ পৰা গুচি আহি শিক্ষা তথা কৰ্মৰ তাগিদাত চহৰত থাকিবলৈ লয়। আপোন ঘৰখন অথবা মাক- দেউতাকৰ বুকুৰ উমৰ পৰা আঁতৰি আহিলেও ল’ৰা- ছোৱালী আৰু অভিভাৱকৰ মাজত নেদেখাকৈ টানি থোৱা থাকে বিশ্বাসৰ জৰী।

চহৰত থকা সন্তানে কি কৰে, কি নকৰে সেয়া সকলো সময়তে জনাটো পিতৃ- মাতৃৰ বাবে সম্ভৱ নহয়। সেই কথা সন্তানেও বুজি পোৱা উচিত।

কি কাৰণে, কি পৰিস্থিতিত পৰি চহৰমুখী হ’ব লগা হৈছে, কি কাৰণত পিতৃ- মাতৃৰ পৰা দূৰত থাকি সংযোগ বিচ্ছিন্ন হৈ নিজক প্ৰতিষ্ঠা কৰাৰ যুঁজত নামি পৰিছে সেই কথা সন্তানে জনাটো উচিত। মাক -দেউতাকে দেখা সপোন আৰু আশাৰ বাবেই অতবোৰ কষ্ট সহ্য কৰিও সন্তানক অকলে থকাৰ অনুমতি দিছে, সেই কথাও সন্তানে অনুধাৱন কৰিব লাগে।

যদি এই সকলোবোৰ জলাঞ্জলি দি নিজৰ মন যোৱা প্ৰতিটো বস্তু হাতৰমুঠিত সন্তানে পাব বিচাৰে, তেন্তে সেই আশা আৰু সপোন সপোন হৈয়েই ৰয়। অথলে যায় পিতৃ-মাতৃৰ ত্যাগ আৰু কষ্ট। আৰু তেতিয়াই সন্তানৰ প্ৰতি থকা বিশ্বাসৰ অপমৃত্যু হয়।

পৰিস্থিতিবোৰ আজিকালি তেনেকুৱাই হৈ পৰিছে। একাংশ উদণ্ড- উতনুৱা সন্তানৰ বাবে চকুপানীৰে বাট নেদেখা অৱস্থা হৈছে মাক- দেউতাকৰ। উৰণীয়া স্বভাৱৰ কন্যা সন্তানেও আধুনিকতাৰ ধামখুমীয়াত নিজৰ অস্বিত্ব পাহৰি, শিপা পাহৰি দুহাতত দুপাখি লগাই বাউলীজনী হৈ পৰে।

নিজৰ খন্তেকীয়া চখ পূৰণৰ নিমিত্তে কৰি গৈছে নকৰিবলগীয়া কাম। নতুন সমাজ গঢ়াৰ উদাহৰণ আৰু মূল্যহীন অযুক্তিকৰ যুক্তি দি মাক-দেউতাকৰ চকুত ধূলি মৰাৰ চেষ্টা চলাই এওঁলোকে।

দেউতাক-মাকৰ যুক্তিক অশুদ্ধ বুলি উপস্থাপন কৰা কৌশল ৰচিবলৈ লয় এনে প্ৰকৃতিৰ এচাম সন্তানে। এওঁলোকৰ যুক্তি আৰু আব্দাৰবোৰ যেন একো একোটা পাখি গঁজা ভেকুলীৰ লেখিয়া ! এনেদৰেই চলি আছে অন্য এখন তথাকথিত আধুনিক সমাজ।

এনেবোৰ ঘটনা- পৰিঘটনা চলি থকাৰ মাজতে উদাহৰণ হিচাপে ল’ব পাৰি সৌ সিদিনা মহানগৰীৰ খানাপাৰাত সংঘটিত দুৰ্ঘটনাটো। নিশা ৩-০০ বজাত বাহিৰৰ পৰা আহি ঘৰ সোমোৱা ল’ৰাজন গাড়ী লৈ পুনৰ বাহিৰলৈ ওলাই যোৱাৰ দৰকাৰ কি আছিল ? ঘৰৰ ল’ৰা ঘৰত থাকিব এৰি সুৰাৰ ৰাগীত মাতাল হৈ ওলাই নোযোৱাহেতেঁন এনে অনাকাঙ্খিত ঘটনাৰ সন্মুখীন নহ’লহেতন !

উক্ত দুৰ্ঘটনাটোত ল’ৰাজনৰ সৈতে আছিল এগৰাকী ছাত্ৰী। কোকৰাঝাৰৰ কন্যাগৰাকীয়ে গুৱাহাটীত থাকিয়েই পঢ়া-শুনা কৰিছিল। কিন্তু বিধিৰ বিপাক, সেই ছোৱালীজনীও ল’ৰাজনৰ সৈতে নৈশ ভ্ৰমণ কৰি নিজৰ প্ৰাণ হেৰুৱালে।

কাৰ্যতঃ নিমিষতে দুয়োখন ঘৰলৈ নামি আহিল অমানিশা। দুয়োখন ঘৰৰ অতদিনৰ আশা আৰু সপোনবোৰ নিমিষতে থানবান হৈ গ’ল। চূৰমাৰ হৈ গ’ল মাক- দেউতাকে কৰা আশা।

অনুশাসনত বন্দী হ’ব নোখোজা এচামে উৰণীয়া মনটো বান্ধি ৰাখিব নোৱাৰাৰ বাবেই আজিৰ সমাজত ঘটি আছে এইধৰণৰ অনাকাঙ্খিত ঘটনা। সকলো কথাক যুক্তিৰে বশ কৰিব বিচৰাটো ভুল। কিছুমান অলিখিত নিয়মেও আমাক মানুহ কৰি ৰখাত সহায় কৰে।

এনেবোৰ নিয়ম- নীতিক নিজৰ যুক্তিৰে বিনাশ কৰি পলকতে সকলো বিচাৰিলে, মানুহে অধোগতিৰ দিশে গতি কৰে। হয়তো এই অধঃ পতন তাৎক্ষণিক নহৈ, উমি উমি জ্বলি থকা তুঁহ জুইকুৰাৰ দৰেই হয় !