বিশ্বনাথ জৱাহৰ নৱোদয়ত CATC ৰ সফল সামৰণিঃ সাংবাদিক প্ৰাঞ্জল প্ৰতিম দাসৰ অংশগ্ৰহণ... 
শিক্ষা

বিশ্বনাথ জৱাহৰ নৱোদয়ত CATC ৰ সফল সামৰণিঃ সাংবাদিক প্ৰাঞ্জল প্ৰতিম দাসৰ অংশগ্ৰহণ...

এন চি চিয়ে দিয়া নিয়মনুবৰ্তিতা, নেতৃত্বৰ দক্ষতাৰ শিক্ষাই জীৱনৰ সকলো ক্ষেত্ৰত সহায় কৰিব- প্ৰাঞ্জল প্ৰতিম দাস

Asomiya Pratidin

ডিজিটেল সংবাদ বিহালীঃ বিশ্বনাথ জৱাহৰ নৱোদয় বিদ্যালয়ত অনুষ্ঠিত হোৱা কম্বাইনড এনুৱেল ট্ৰেইনিং কেম্প চমুকৈ CATC সফলতাৰে সম্পন্ন হৈ যায়। এই CATCৰ সামৰণি অনুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত থাকে নতুন দিল্লীৰ প্ৰতিদিন টাইমৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম দাস।

১৭ অক্টোৰৰ পৰা ১০ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই CATC পঞ্চম অসম বিএন এন চি চিৰ উদ্যোগত অনুষ্ঠিত হয়। এই সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে।

এগৰাকী প্ৰশিক্ষাৰ্থীৰ বৰগীত পৰিবেশনেৰে আৰম্ভ হয় এই অনুষ্ঠান। অনুষ্ঠানটোত সাংবাদিক প্ৰাঞ্জল প্ৰতিম দাসৰ সাৰুৱা ভাষণেৰে প্ৰশিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰে। উক্ত অনুষ্ঠানটোত জে এন ভিৰ অধ্যক্ষ দ্বিপেন মহন্তইও ভাগ লয় আৰু শিক্ষাৰ্থীসকলক উৎসাহ প্ৰদান কৰে।

ভাষণ প্ৰসংগত প্ৰাঞ্জল প্ৰতিম দাসে এন চি চিত লাভ কৰা শিক্ষাই জীৱনৰ সকলো পৰ্যায়তে কিদৰে সহায় কৰে সেই বিষয়ে উল্লেখ কৰে। এন চি চিৰ ৭৬ বছৰীয়া যাত্ৰাত কেডাৰসকলে একতা, নিয়মানুবৰ্তিতাক ধৰি ৰখাৰ বাবে গৰ্ব অনুভৱ কৰা বুলিও কয়।

সাংবাদিকগৰাকীয়ে কয়, এন চি চিৰ এই দীঘলীয়া যাত্ৰাক আৰু আগুৱাই নিব লাগিব। বি আৰু চি চাৰ্টিফিকেট লাভ কৰাৰ পাছত এই যাত্ৰা সহজ হ'ব বুলি ভাবিলে নহ'ব। তাৰ পাছতো এই যাত্ৰা প্ৰত্যাহ্বানমূলক হ'ব। কিন্তু এন চি চিত লাভ কৰা জীৱনৰ নিয়মানুবৰ্তিতা, একতা, দলীয় কাৰ্য আৰু নেতৃত্বৰ দক্ষতাৰ জ্ঞানে সকলো সময়তে সহায় কৰিব। পৰৱৰ্তী জীৱনত যি ক্ষেত্ৰতে কাম নকৰক কিয় এন চি চিয়ে দিয়া এই শিক্ষাই সকলো সহজ কৰি তুলিব।

উল্লেখ্য প্ৰশিক্ষণ শিবিৰত বিশ্বনাথৰ উপৰিও শোণিতপুৰ, লখিমপুৰ, দৰং জিলাৰ শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে।