মধ্যপ্ৰদেশ হাই ক'ৰ্টৰ বিৰুদ্ধে বম্বে হাই ক'ৰ্টৰ কাষ চাপি মুখ থেকেচা খালে কংগনাই 
বিনোদন

মধ্যপ্ৰদেশ হাই ক'ৰ্টৰ বিৰুদ্ধে বম্বে হাই ক'ৰ্টৰ কাষ চাপি মুখ থেকেচা খালে কংগনাই

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুক্তিৰ পূৰ্বে অনিশ্চয়তাত ইমাৰ্জেঞ্চি। বিজেপিৰ নৱ নিৰ্বাচিত সাংসদ তথা অভিনেত্ৰী কংগনা ৰণাৱটৰ দ্বাৰা অভিনীত ''ইমাৰ্জেঞ্চি'' শীৰ্ষক বলিউডৰ চিনেমাখন মুক্তিৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছে। আইনী মেৰপেচত পৰি নিৰ্ধাৰিত সময়ত মুক্তিৰ ক্ষেত্ৰত সৃষ্টি হোৱা বাধাৰ পৰা পৰিত্ৰাণ পাবলৈ ছবিখনৰ নিৰ্মাতা বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ন্যায়ালয়ে তেনে কোনো নিৰ্দেশনা জাৰি নকৰিলে।

'ইমাৰ্জেঞ্চি'ৰ নিৰ্মাতাই বম্বে উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈ অনুৰোধ জনাইছিল চেণ্ট্ৰেল ব'ৰ্ড অফ ফিল্ম চাৰ্টিফিকেচন চমুকৈ চি বি এফ চিক ছবিখনৰ মুক্তিৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ দিয়াৰ বাবে নিৰ্দেশ প্ৰদান কৰিবলৈ। কিন্তু বম্বে উচ্চ ন্যায়ালয়ে বুধবাৰে তেনে কোনো নিৰ্দেশ প্ৰদান নকৰিলে।

বৰঞ্চ ন্যায়ালয়ে কয়, 'ইমাৰ্জেঞ্চি' ছবিখনক লৈ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে যি নিৰ্দেশ দিছে তাৰ বাহিৰে আন একো ক'ব নোৱাৰে। বম্বে উচ্চ ন্যায়ালয়েও মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ সুৰতেই সুৰ মিলাই চি বি এফ চিক উদ্দেশ্যি কয়, অহা দুই সপ্তাহৰ ভিতৰত অৰ্থাৎ ১৮ ছেপ্টেম্বৰৰ ভিতৰত ইমাৰ্জেঞ্চিৰ মুক্তিৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ প্ৰদান কৰাক লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

উল্লেখ্য যে, দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱন আৰু তেওঁৰ কাৰ্যকালতে দেশত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে ইমাৰ্জেঞ্চি নামৰ বলিউডৰ এই চিনেমাখন। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে পৰিচালনাও কৰিছে কংগনা ৰণাৱটে।

এই ছবিখন প্ৰথমে মুক্তিৰ বাবে ৬ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু তাৰ পূৰ্বেই বিতৰ্কৰ মাজলৈ আহে এই ছবিখন। শিখ সম্প্ৰদায়ৰ একাধিক সংগঠন আৰু ব্যক্তি বিশেষে অভিযোগ কৰে যে, ছবিখনত শিখসকলৰ ইতিহাসক যিদৰে উপস্থাপন কৰা হৈছে সেয়া শুদ্ধ নহয়।

শেহতীয়াকৈ এই বিষয়টো উঠেগৈ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মজিয়াত। ন্যায়ালয়ত এই গোচৰ তৰে জবলপুৰৰ দুটাকৈ শিখ সংগঠনে। এই দুই সংগঠনে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত জনাই যে, ছবিখনৰ মুক্তিৰ পাছত শিখ সম্প্ৰদায়ৰ মাজত অস্থিৰতা আৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে।

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে এই অভিযোগ গুৰুত্বসহকাৰে লয়। ন্যায়ালয়ে চি বি এফ চিক নিৰ্দেশ দি কয়, ছবিখনৰ মুক্তিৰ অনুজ্ঞাপত্ৰ দিয়াৰ পূৰ্বে যাতে উত্থাপিত অভিযোগসমূহ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰি চোৱা হয়।

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে এই নিৰ্দেশনাৰ বিপৰীতে ছবিখনৰ নিৰ্মাতাই বম্বে উচ্চ ন্যায়ালয়ত নিৰ্ধাৰিত সময়তে ছবিখন মুক্তিৰ বাবে চি বি এফ চিক অনুজ্ঞাপত্ৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ বাবে আন এক আবেদন দাখিল কৰে। কিন্তু বম্বে উচ্চ ন্যায়ালয়েও মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ দৰেই একে স্থিতি গ্ৰহণ কৰে।

ন্যায়ালয়ে ছবিখনৰ নিৰ্মাতাক কয়, দেশৰ এখন উচ্চ ন্যায়ালয়ে যেতিয়া চি বি এফ চিক এক নিৰ্দেশ প্ৰদান কৰিছে সেই সময়তে আন এখন উচ্চ ন্যায়ালয়ে আন এটা নিৰ্দেশ দিলে চি বি এফ চিয়ে কাৰ কথা শুনিব? আইন অনুসৰিয়েই কোনেও এনে নিৰ্দেশ দিব নোৱাৰে।

অৱশ্যে বম্বে উচ্চ ন্যায়ালয়ে চি বি এফ চিক উদ্দেশ্যি কয়, ছবিখন নিৰ্মাণ কৰাত খৰচ হোৱা কোটি টকাৰ কথাও মনত ৰখা উচিত। চি বি এফ চিয়ে ১৮ ছেপ্টেম্বৰৰ ভিতৰতেই ছবিখনক লৈ সৃষ্টি হোৱা আপত্তিৰ বিষয়ে সিদ্ধান্ত ল'ব লাগিব।

মধ্যপ্ৰদেশ আৰু বম্বে উচ্চ ন্যায়ালয়ৰ এনে স্থিতিত এতিয়া কংগনাৰ ইমাৰ্জেঞ্চিৰ মুক্তিক লৈ দুসপ্তাহলৈ অনিশ্চয়াত অব্যাহত থাকিল। অৱশ্যে ন্যায়ালয়ৰ এনে স্থিতি তথা নিৰ্দেশৰ পিছতো কংগনা ৰাণাৱটৰ ছবিখনৰ প্ৰচাৰত জড়িত থকাসকলে এক্সৰ জৰিয়তে চি বি এফ চিকহে দোষাৰোপ কৰিছে। তেওঁলোকে অভিযোগ কৰি কয়, বেআইনীভাৱে ইমাৰ্জেঞ্চিৰ অনুজ্ঞাপত্ৰ মুকলি কৰি নিদিয়াৰ বাবে চি বি এফ চিক ন্যায়ালয়ে ভৰ্ৎসনা কৰিছে।