Emergency, Kangana Ranaut: মুক্তিৰ বাবে চেঞ্চৰ ব'ৰ্ডে নিদিয়ে অনুমতি পত্ৰ, যদিহে... 
বিনোদন

Emergency, Kangana Ranaut: মুক্তিৰ বাবে চেঞ্চৰ ব'ৰ্ডে নিদিয়ে অনুমতি পত্ৰ, যদিহে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বলিউড অভিনেত্ৰী, ন-বিজেপি সাংসদ কংগনা ৰণাৱটৰ দ্বাৰা অভিনীত 'ইমাৰ্জেঞ্চি'ৰ মুক্তিৰ ক্ষেত্ৰত থকা বাধা দূৰ হোৱা নাই। ক্ৰমশঃ জটিলহে হৈ আহিছে এই চিনেমাখনৰ মুক্তিৰ বিষয়টো। মুক্তিৰ পূৰ্বেই আইনী মেৰপেচত সোমাই পৰা এই চিনেমাখনৰ সন্মুখত পুনৰ আহিছে আন এক বিপদ।

৬ ছেপ্টেম্বৰতেই ছবি গৃহত মুক্তি লাভ কৰাৰ কথা আছিল যদিও ছেপ্টেম্বৰ মাহ শেষ হোৱাৰ সময়তো কংগনাৰ 'ইমাৰ্জেঞ্চি' চিনেমাখনৰ সন্মুখত সৃষ্টি হোৱা জটিলতাই দূৰ হোৱা নাই। ধাৰাবাহিকভাৱে বিতৰ্কৰ সন্মুখীন হোৱা এই চিনেমাখনে কেতিয়া মুক্তি লাভ কৰিব সেই ক্ষেত্ৰত কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে।

প্ৰথমে এই চিনেমাখনে শিখ সম্প্ৰদায়ক অপমান কৰাৰ অভিযোগ তুলি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিখ সম্প্ৰদায়ৰ সংগঠন। ইয়াৰ বিৰুদ্ধে আকৌ ইমাৰ্জেঞ্চি চিনেমাৰ প্ৰযোজক কাষ চাপিছিল ব'ম্বে উচ্চ ন্যায়ালয়ৰ।

ব'ম্বে উচ্চ ন্যায়ালয়ে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে কোনো সিদ্ধান্ত ঘোষণা কৰিব নোৱাৰে বুলি কোৱাত ন্যায়ালয়তে একপ্ৰকাৰে মুখ থেকেচা খাইছিল প্ৰযোজকে। অৱশ্যে চিনেমাখনত থকা আপত্তিজনক দৃশ্যসমূহ ভালদৰে পৰীক্ষা কৰিবলৈ চেঞ্চৰ ব'ৰ্ডক নিৰ্দেশ দিছিল ন্যায়ালয়ে।

এতিয়া চেঞ্চৰ ব’ৰ্ডে এই চিনেমাখন ভালকৈ পৰীক্ষা কৰি ন্যায়ালয়ক দিয়া প্ৰতিবেদনে চিনেমাখনৰ মুক্তিৰ ক্ষেত্ৰত দেখা দিয়ে জটিলতা বৃদ্ধি স্পষ্ট হৈছে। কিয়নো চেঞ্চৰ ব'ৰ্ডে ব'ম্বে উচ্চ ন্যায়ালয়ক জনাইছে চিনেমাখনত দেখুওৱা হৈছে বহু আপত্তিজনক দৃশ্য। এই দৃশ্যসমূহ প্ৰদৰ্শনৰ বাবে অনুমতি দিব নোৱাৰি।

বৃহস্পতিবাৰে চেণ্ট্ৰেল বৰ্ড অফ ফিল্ম চাৰ্টিফিকেচনে পৰা ব'ম্বে উচ্চন্যায়ালয়ক লিখিতভাৱে জনাই যে, ইমাৰ্জেঞ্চি চিনেমাখনৰ পৰা বহু কেইটা দৃশ্য বাদ দিলেহে চিনেমাখন প্ৰদৰ্শনৰ বাবে অনুমতি পত্ৰ দিয়াটো সম্ভৱ।

ইফালে চিনেমাখনৰ মুখ্য অভিনেত্ৰী তথা প্ৰযোজক কংগনা ৰণাৱট চিনেমাখনৰ মুক্তিক লৈ নাচোৰবান্দা হৈ আছে। তেওঁ বিভিন্ন সাক্ষাতকাৰত কৈ আহিছে চিনেমাখনৰ পৰা এটাও দৃশ্য তেওঁ কৰ্তন নকৰে। যিদৰে চিনেমাখন নিৰ্মাণ কৰিছে সেইদৰেই দৰ্শক দেখুৱাব বিচাৰে।

কংগনাৰ এনে মন্তব্যৰ বিপৰীতে চেঞ্চৰ ব'ৰ্ডে ন্যায়ালয়ক স্পষ্টকৈ জনাইছে চিনেমাখনৰ একাধিক দৃশ্যই সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত কৰিব পাৰে। সেইসমূহ দৃশ্য কৰ্তন নকৰিলে অনুমতি পত্ৰ দিয়াটো কোনো কাৰণতে সম্ভৱ নহয়।

এনে পৰিপ্ৰেক্ষিতত যদিহে বহুবল্কী অভিনেত্ৰী কংগনাই নিজৰ মতত অটল থাকে তেন্তে তেওঁৰ এই বিতৰ্কিত চিনেমাখনৰ মুক্তি অসম্ভৱ হৈ পৰিব। উল্লেখ্য যে, ইমাৰ্জেঞ্চি চিনেমাখনৰ মুক্তিৰ দিন ঘোষণা কৰাৰ পাছৰে পৰা নানান বিতৰ্কত সোমাই পৰিছে।

শিৰোমণি গুৰুদ্বাৰ প্ৰবন্ধক কমিটী, অষ্ট্ৰেলিয়া শিখ কাউন্সিলৰ তৰফৰ পৰা এই চিনেমাখন নিষিদ্ধ কৰাৰো দাবী উত্থাপন হৈছে। মন কৰিবলগীয়া যে, চিনেমাখনৰ এনে বিতৰ্কৰ মাজতে কংগনাই শিখ সম্প্ৰদায়ক লৈ কৰা বিতৰ্কিত মন্তব্যয়ো সংবাদ শিৰোনাম দখল কৰিছিল।

এনে কাম-কাজৰ বাবেই তেওঁৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। আনকি নিজ দলেও কংগনাৰ বক্তব্য দলৰ বক্তব্য নহয় আৰু তেওঁ দলীয় কথা ক’বলৈ কৰ্তৃত্বশীল ব্যক্তি নহয় বুলিও ৰাজহুৱাকৈ স্পষ্টিকৰণ দিবলৈ বাধ্য হৈছিল।