বিনোদন

ক্ষন্তেকতে ভাইৰেল হ’ল ভিডিঅ’, মূহুৰ্ততে প্ৰতিক্ৰিয়া প্ৰকাশ শ্বাহৰুখ খানৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: মুক্তিৰ পূৰ্বেই অভিলেখ গঢ়া বলীউডৰ ছবি ‘জৱান’ৰ সফলতাৰ বিষয়ে দোহৰাৰ প্ৰয়োজন নাই। মুক্তিৰ পাছতো ‘জৱান’নে গঢ়িলে এটাৰ পিছত আন এটা অভিলেখ। বৰ্তমানেও ‘জৱান’ উপভোগ কৰিবলৈ ছবিগৃহসমূহত দৰ্শকৰ অভাৱনীয় ভিৰ। শেহতীয়াকৈ ‘জৱান’ উপভোগ কৰি চৰ্চালৈ আহিছে এগৰাকী ৮৫ বছৰীয়া বৃদ্ধা।

হয়, এই বিশেষ বৃদ্ধাগৰাকী এতিয়া ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। জৱানৰ অভিনেতা শ্বাহৰুখ খানেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।প্ৰকৃততে, উদয়ন শুক্লা নামৰ এজন যুৱকে টুইটাৰত এই বিষয়ে এই বৃদ্ধাগৰাকীৰ বিষয়ে উল্লেখ কৰি এটা ভিডিঅ’ প’ষ্ট কৰিছিল।প’ষ্টটোত তেওঁ শ্বাহৰুখ খানক ‘মেনচন’ কৰি লেখিছে যে, ‘মৰমৰ @iamsrk, মোৰ ৮৫ বছৰীয়া আইতা আপোনাৰ অনুৰাগী।সেয়েহে, তেওঁক এতিয়া মই ‘জৱান’ দেখুৱাবলৈ লৈ যাওঁ।’ ভিডিঅ’টোত বৃদ্ধাগৰাকীয়ে খুব আনন্দ কৰি হাঁহি আছিল আৰু সেই হাঁহিত শ্বাহৰুখ খানৰ চিনেমা চোৱাৰ হেঁপাহ খুব ভালকৈ ফুটি উঠিছিল। শ্বাহৰুখ খানে তৎক্ষণাৎ ইয়াৰ সঁহাৰি জনাই  এটা ধুনীয়া শিৰোনামৰ সৈতে টুইটাৰত এই ভিডিঅ'টো পুনৰ শ্বেয়াৰ কৰে।তেওঁ লেখিছে- ‘ধন্যবাদ আইতা! আপোনালৈ বহুত মৰম আৰু আশা কৰো যে মই মোৰ এই যাত্ৰা এনেকৈয়ে আগবঢ়াই নিব পাৰো।'

খুব কম সময়তে ভাইৰেল হৈ পৰা এই প’ষ্টটোত বহু ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।সকলোয়ে বৃদ্ধা গৰাকীক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শ্বাহৰুখ খানক বলীউডৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অভিনেতা বুলি অভিহিত কৰিছে।