বিনোদন

সিদ্ধাৰ্থৰ দৰে জীৱন সংগী লাভ কৰাটো মোৰ বাবে সৌভাগ্য : কিয়াৰা

Asomiya Pratidin

ডিজিটেল ডেস্ক: ‘সিদ্ধাৰ্থৰ দৰে জীৱন সংগী লাভ কৰাটো মোৰ বাবে সৌভাগ্য।তেওঁৰ লগত বিয়া পাতি মই মোৰ জীৱনৰ আটাইতকৈ ভাল সিদ্ধান্ত ল’লো’- এই মন্তব্য অভিনেত্ৰী কিয়াৰা আদৱানীৰ। কিয়াৰাৰ নতুন ছবি 'সত্য প্ৰেম কি কথা' ছবিখনৰ প্ৰচাৰৰ সময়ত এইদৰে স্বামী সিদ্ধাৰ্থৰ শলাগ লয় অভিনেত্ৰীগৰাকীয়ে।

প্ৰকৃত প্ৰেম আৰু বিবাহ সন্দৰ্ভত হোৱা এক কথা-বৰ্তাত  তেওঁ লগতে কয় ‘মই প্ৰেম বিবাহ কৰিছো, সেয়েহে মই প্ৰকৃত প্ৰেমত বিশ্বাস কৰো।মোৰ স্বামী মোৰ আটাইতকৈ ভাল বন্ধু। মোৰ বাবে তেওঁ সকলো, প্ৰকৃততে তেওঁ মোৰ বাবে এখন সম্পূৰ্ণ ঘৰ। মই য'তেই থাকো, পৃথিৱীৰ যি অংশতে নহওঁক, চহৰৰ যি কোণতে থাকো মোৰ ঘৰ এখনেই, সিদ্ধাৰ্থ।

আনহাতে, কিয়াৰা বৰ্তমান গৰ্ভৱতী বুলিও খবৰ ওলাইছে।এখন ফটোত কিয়াৰাৰ পেটটো ডাঙৰ যেন দেখা গৈছে। তাকে লৈয়ে ছ'চিয়েল মেডিয়াত অনুৰাগীসকলে তেওঁ গৰ্ভৱতী বুলি সন্দেহ প্ৰকাশ কৰি কিয়াৰাক এয়া সত্য নেকি বুলি প্ৰশ্ন কৰিছে। অৱশ্যে এতিয়ালৈ এই সন্দৰ্ভত সিদ্ধাৰ্থ আৰু কিয়াৰাই কোনো কথাই ৰাজহুৱা কৰা নাই।

কিয়াৰা-সিদ্ধাৰ্থৰ মাজৰ প্ৰেম ‘শ্বেৰশ্বাহ’ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত আৰম্ভ হৈছিল যদিও বিয়াৰ পূৰ্বে তেওঁলোকে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰা নাছিল। সিদ্ধাৰ্থ আৰু কিয়াৰা চলিত বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল।উল্লেখ্য যে, 'সত্যপ্ৰেম কি কথা'ত কিয়াৰাৰ বিপৰীতে অভিনয় কৰিছে কাৰ্তিক আৰ্যনে।