বিনোদন

অৱশেষত অন্ত পৰিল অৰ্জুন-মলাইকাৰ বহু চৰ্চিত প্ৰেম কাহিনী

Asomiya Pratidin

ডিজিটেল ডেস্ক: অৱশেষত অন্ত পৰিল বলীউডৰ খুবেই চৰ্চিত প্ৰেমিক যুগল মলাইকা অৰোৰা আৰু অৰ্জুন কাপুৰৰ দীৰ্ঘদিনীয়া সম্পৰ্ক।হয়, এই খবৰ এতিয়া চৌদিশে বিয়পি পৰাৰ পাছত চিন্তিত হৈ পৰিছে অনুৰাগীসকল।বহু অনুৰাগীয়ে এই সন্দৰ্ভত মুকলিকৈ প্ৰশ্নও উত্থাপিত কৰিছে।

অৰ্জুন আৰু মলাইকা দুয়োয়ে শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰা দুটা প’ষ্টে তেওঁলোকৰ সম্পৰ্কয়ে যে গতিপথ সলাইছে, সেয়া নিশ্চিত কৰিছে।প’ষ্টটোত মলাইকায়ে লেখিছে, ‘কোনোয়ে যদি যিকোনো কাম এটা আপোনাৰ দ্বাৰা নহয় বুলি কয়, তেতিয়া আপুনি সেই কামটো দুবাৰ কৰিব।’ অভিনেতা অৰ্জুন কাপুৰেও ইনষ্টাগ্ৰামত লেখিছে, ‘আমাৰ জীৱনত দুটা বিকল্প আছে। হয় আমি আমাৰ অতীতত বন্দী হ'ব পাৰো অথবা ভৱিষ্যতৰ সম্ভাৱনাৰ অন্বেষণকাৰী হ'ব পাৰো।’

আনহাতে, এই সকলোবোৰ উৰাবাতৰি বুলিহে প্ৰকাশ কৰিছে মলাইকা অৰোৰাৰ মেনেজাৰে।এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, মলাইকা আৰু অৰ্জুনৰ মাজত যি সম্পৰ্ক আছিল, সেয়া তেওঁলোকৰ বাবে বিশেষ হৈ ৰ’ব।দুয়োয়ে পৰস্পৰৰ বুজাবুজিৰ মাজেৰেহে পৃথক হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।অৱশ্যে, এই বিষয়ত অৰ্জুন কাপুৰ অথবা মলাইকা অৰোৰোই কি বুলি স্পষ্টীকৰণ দিয়ে, সেয়া লক্ষণীয় হ’ব।