বিনোদন

শীঘ্ৰেই বিবাহ পাশত আৱদ্ধ হ’ব ৪৩বছৰীয়া ‘বাহুবলী’

Asomiya Pratidin

ডিজিটেল ডেস্ক: ‘বাহুবলী’খ্যাত ছুপাৰষ্টাৰ প্ৰভাস দীৰ্ঘদিনৰ পৰা তেওঁৰ বিয়াৰ খবৰৰ বাবে চৰ্চাত আছে।বিয়াৰ খবৰ ওলালেও কিন্তু কাক তেওঁ বিয়া কৰাব, সেয়া এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে। অভিনেতাজনৰ নাম বিভিন্ন সময়ত অনুষ্কা ছেট্টী, পূজা হেগড়ে আৰু কৃতি ছেননৰ সৈতে উচ্চাৰিত হৈছে যদিও প্ৰকৃততে তেওঁ কাক বিয়া কৰাব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ইফালে, প্ৰভাসৰ খুড়ীয়েক শ্যামলা দেৱীয়ে অভিনেতাজনৰ বিবাহ সম্পৰ্কে শেহতীয়াকৈ এক অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি শ্যামলা দেৱীয়ে কয়, ' আমাৰ সকলোৰে মৰমৰ প্ৰভাস অতি সোনকালে বিবাহ পাশত আৱদ্ধ হ'ব। আমি আপোনালোক সকলোকে বিয়ালৈ নিমন্ত্ৰণ জনাম আৰু বিয়াখন ভালদৰে উদযাপন কৰিম।ঈশ্বৰে সকলোৰে ভাল কৰক।’ পৰিয়ালৰ সূত্ৰৰ মতে, কৃতি ছেননৰ সৈতেই বিবাহপাশত আবদ্ধ হ’ব প্ৰভাস।বিয়াৰ স্থানো ইতিমধ্যে ঠিক কৰিছে পৰিয়ালৰ লোকে।

আনহাতে, অভিনেতাজনৰ বহু প্ৰত্যাশিত ছবি ‘ছালাৰ’য়ে ২২ ডিচেম্বৰত মুক্তি পাব। ছবিখনত প্ৰভাসৰ সৈতে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে শ্ৰুতি হাছানে। ‘ছালাৰ’ৰ সৈতে একেদিনাই মুক্তি লাভ কৰিব শ্বাহৰুখ খানৰ ছবি ‘ডাংকী’।অনুৰাগীসকলৰ মতে, এই দুয়োখন ছবিয়েই তীব্ৰ সংঘৰ্ষৰ মুখামুখি হ’ব।পিছে দুয়োখন ‘হাই ভল্টেজ’ৰ ছবিৰ কোনখনে দৰ্শকক মন জয় কৰে, সেয়া সময়তহে লক্ষণীয় হ’ব।