বিনোদন

অতিথিৰ তালিকাত বহু ভিভিআইপিৰ নাম, ভাইৰেল বিয়াৰ নিমন্ত্ৰণী পত্ৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমী পাৰ্টীৰ জনপ্ৰিয় নেতা ৰাঘৱ চদ্ধাৰ বিয়াখন দীৰ্ঘদিন ধৰি চৰ্চাৰ শীৰ্ষত আছে।চলিত মাহৰ শেষৰ ফালে তেওঁলোকৰ বিয়াখন হ’ব বুলি ওলোৱা খবৰৰ পাছতে তেওঁলোকৰ বিবাহৰ কাৰ্যসূচীসমূহ অনুষ্ঠিত হোৱা ঠাইক লৈ অনুৰাগীসকল যথেষ্ট উৎসুক হৈ আছে।পিছে, শেহতীয়াকৈ নিশ্চিত হৈছে তেওঁলোকৰ বিবাহৰ কাৰ্যসূচী তথা এইসমূহ অনুষ্ঠিত হোৱা ঠাই। হয়, ৰাজস্থানৰ উদয়পুৰৰ হোটেল লীলা পেলেচ আৰু অবেৰয় উদয়বিলাসত অনুষ্ঠিত হ'ব ৰাঘৱ-পৰিণীতিৰ বিয়া।

এই 'হাই প্ৰফাইল' বিয়াখনৰ ৰীতি-নীতিসমূহ ২৩ আৰু ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা বিয়াখনৰ নিমন্ত্ৰণী পত্ৰ এখনো ইতিমধ্যে ছ'চিয়েল মেডিয়াত ভাইৰেল হৈছে।ইফালে, বিয়াখনত উপস্থিত থাকিবলগীয়া নামী-দামী অতিথিৰ তালিকাও প্ৰকাশ কৰা হৈছে। বিয়াখনত ২০০ তকৈও অধিক অতিথিক স্থান দিয়া হৈছে।ইয়াৰো ৫০ জনতকৈও অধিক ভিভিআইপি অতিথি। ‘আপ’ৰ নেতা অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানও পৰিণীতি আৰু ৰাঘৱৰ ৰাজকীয় বিবাহত উপস্থিত থাকিব।তদুপৰি, পৰিণীতিৰ ভগ্নী প্ৰিয়ংকা আৰু তেওঁৰ স্বামী নিক জোনাছো বিয়াখনত উপস্থিত থাকিব। 

ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হোৱা বিয়াখনৰ ২৩ ছেপ্টেম্বৰত হালধি, মেহেন্দি আৰু সংগীতৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। বিয়াৰ পিছত হাৰিয়ানাৰ গুৰুগ্ৰামত এক অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হ'ব। লীলা পেলেচ আৰু উদয়বিলাসৰ ওচৰৰ তিনিখন হোটেল বিয়াৰ বাবে বুকিং হোৱাৰ লগতে ভিভিআইপি অতিথিসকলৰ সুৰক্ষাৰ বাবেও সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে, চলিত বৰ্ষৰে ১৩ মে'ত দিল্লীৰ কাপুৰথালা হাউচত ৰাঘৱ আৰু পৰিণীতিৰ বাগদান হৈছিল। এই অনুষ্ঠানটো অৰবিন্দ কেজৰিৱাল, ভগৱন্ত মানৰ লগতে আন বহুতো নেতা তথা বলীউডী তাৰকা অতিথি হিচাপে উপস্থিত আছিল।