বিনোদন

ভাৰতীয় ছবিৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ একশ্যন ছবি ‘পাঠান’

asomiyapratidin

ডিজিটেল ডেস্ক: সীমাহীন বিতৰ্কৰ মাজতে অৱশেষত আজি ছবিগৃহলৈ আহিল বলীউডৰ ছবি ‘পাঠান’।আগতীয়া টিকট বুকিঙৰ ক্ষেত্ৰত ইতিমধ্যেই ‘পাঠান’য়ে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। দেশজুৰি বহু সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতো শেহতীয়াকৈ ‘পাঠান’য়ে সৃষ্টি কৰিছে আন এক অভিলেখ।ছবিখনৰ বাবে অনুৰাগীসকলৰ মাজত আগতীয়া বুকিং আৰু উন্মাদনাৰ পৰিপ্ৰেক্ষিতত নিৰ্মাতাসকলে মুক্তিৰ প্ৰথম দিনাই এটা ডাঙৰ সিদ্ধান্ত লৈছে।হয়, নিৰ্মাতা যশ ৰাজ ফিল্মছে ছবিখন প্ৰদৰ্শনৰ বাবে পৰ্দাৰ সংখ্যা বৃদ্ধি কৰিছে। এতিয়া এই ছবিখন বিশ্বজুৰি ৮ হাজাৰ পৰ্দাত প্ৰদৰ্শিত হব। এইটো এটা অভিলেখ। অৰ্থাৎ, ইয়াৰ আগতে ৮ হাজাৰ পৰ্দাত হিন্দীৰ কোনো ছবি মুক্তি পোৱা নাছিল। ছবিখন এতিয়া ভাৰতত ৫৫০০ খন পৰ্দাত প্ৰদৰ্শিত হ’ব।

সিদ্ধাৰ্থ আনন্দৰ কাহিনী আৰু পৰিচালিত পাঠানৰ প্ৰযোজনাৰ দায়িত্বত আছে আদিত্য চোপ্ৰা।২ঘণ্টা ২৬ মিনিটৰ এই ছবিখনত সুদীৰ্ঘ চাৰি বছৰৰ পাছত ‘বলীউডৰ বাদশ্বাহ’ শ্বাহৰুখ খানক দৰ্শকে ‘বিগ স্ক্ৰীণ’ত দেখিবলৈ পাইছে।শ্বাহৰুখৰ লগতে ছবিখনত অভিনয়ৰ যাদু দেখুৱাইছে দীপিকা পাডুকন, জন আব্ৰাহাম, ডিম্পল কাপাডিয়া, আশুতোষ ৰাণা তথা অসমীয়া অভিনেতা দিগন্ত হাজৰিকাই।

পাঠানত শ্বাহৰুখ খানে এজন ৰ' এজেণ্টৰ চৰিত্ৰত অভিনয় কৰিছে।দেশ-বিদেশৰ ছবিগৃহসমূহত আজি কেৱল শ্বাহৰুখৰ নামৰ শ্ল’গান গাইছে আনুৰাগীসকলে। বহু ছবি সমালোচকে ছবিখন উপভোগ কৰি অভিনেতা তথা ছবিখনৰ সকলো দিশৰে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।শ্বাহৰুখ খানৰ ‘পাঠান’ এখন দেশপ্ৰেমমূলক ছবি। ‘পাঠান’ৰ যুদ্ধ হৈছে দেশৰ হকে প্ৰাণ ত্যাগ কৰা সৈনিক আৰু দেশৰ শত্ৰুসকলৰ মাজত। ছবিখনত এনে বহুতো সংলাপ আছে, য'ত দেশপ্ৰেম স্পষ্টভাৱে প্ৰতিফলিত হৈছে।

বাণিজ্য বিশ্লেষক তথা ছবি সমালোচক সুমিত কাদেলে পাঠান উপভোগ কৰাৰ পিছত ছবিখনক ‘ফাইভ ষ্টাৰ’ দি কেইবাটাও টুইট কৰি ‘পাঠান’ৰ প্ৰশংসা কৰিছে। এটা টুইটত তেওঁ লেখিছে যে, ‘পাঠান’ৰ একশ্যন একেবাৰে নিখুঁট। ‘পাঠান’ত প্ৰদৰ্শিত একশ্যন দৃশ্যসমূহ ভাৰতীয় ছবি ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ দৃশ্য।

ছবি সমালোচকৰ মতে পাঠানয়ে আজি ‘বক্স অফিচ’ত অনায়াসে ৫০ কোটি টকা উপাৰ্জন কৰিব। আনহাতে, বৰ্তমানেও এই ছবিখনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ চলিয়েই আছে।বহু  চিনেমা হলৰ বাহিৰত ‘পাঠান’ৰ প’ষ্টাৰ জ্বলাই দিয়া হৈছে। আনহাতে, ‘পাঠান’ৰ সংগীত পৰিচালক বিশাল দাদলানীয়ে অনুৰাগীসকলক ছবিখন ‘লিক’ নকৰিবলৈ আহ্বান জনাইছে।