বিনোদন

অনুৰাগীৰ মত: আগতেহে বেছি ধুনীয়া আছি ভূমি পানেকাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: ছবিজগতৰ লগত জড়িত হৈ বহু তাৰকাই নিজকে নিখুঁত দেখুৱাবলৈ প্লাষ্টিক চাৰ্জাৰীৰ আশ্ৰয় লয়।শিল্পা ছেট্টী, সুশ্মিতা সেন, জাহ্নৱী কাপুৰ, প্ৰিয়ংকা চোপ্ৰা, প্ৰীতি জিন্টা, বিপাশা বসুকে ধৰি বহু নায়িকাই প্লাষ্টিক অস্ত্ৰোপচাৰৰ জৰিয়তে নিজকে অধিক ধুনীয়া কৰি বলীউডত দপদপাই আছে। এই তালিকাখনত শেহতীয়াকৈ নাম অন্তৰ্ভূক্ত হৈছে অভিনেত্ৰী  ভূমি পেনেকাৰৰ। কিন্তু অধিক ধুনীয়া হৈ অনুৰাগীৰ প্ৰিয় হ’বলৈ গৈ এতিয়া সমালোচনাৰহে সন্মুখীন হ’বলগীয়া হৈছে এইগৰাকী অভিনেত্ৰী।

প্ৰকৃততে, ভূমিক অলপতে মুম্বাইত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত ক'লা ৰঙৰ পোছাকত দেখা গৈছিল। মসৃণ খোপা বন্ধা চুলি আৰু ক'লা হিলৰ সৈতে তেওক খুবেই আকৰ্ষণীয় দেখা গৈছিল। কিন্তু ভূমিৰ মুখখনে সকলোকে আচৰিত কৰি তুলিলে।ভূমিয়ে ওঁঠজুৰি প্লাষ্টিক চাৰ্জাৰী কৰি ডাঙৰ কৰিছে বুলি অনুৰাগীসকল নিশ্চিত হৈছে।ভূমিৰ এই ফটো ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতে অনুৰাগীসকলে তেওঁক মুকলিকৈ সমালোচনা কৰিছে।অনুৰাগীসকলৰ মতে ভূমিৰ এই নতুন অৱতাৰ একেবাৰেই ভাল লগা নাই। বহল ওঁঠৰ সৈতে ভূমিক খুব ভয়ানক আৰু অদ্ভুত দেখাইছে।ইয়াৰ আগতেহে তেওঁ দেখিবলৈ বেছি ধুনীয়া আছিল।

ভূমিয়ে তেওঁৰ ‘ইনষ্টাগ্ৰাম’ত ‘শ্বেয়াৰ’ কৰা ফটোত এজনে লিখিছে, ‘আপুনি প্ৰাকৃতিক সুন্দৰতাৰে ভৰপুৰ আছিল, আপোনাক ‘লিপ ফিলাৰ’ৰ প্ৰয়োজন নাছিল।’ আন এজনে লেখিছে, ‘ আপোনাৰ সেই দেশী আকৰ্ষণ আছিল যাৰ সৈতে সকলো যুবতীয়েই সংযোগ স্থাপন কৰিব পাৰিছিল।’ আনহাতে, ইমান ধুনীয়া চেহেৰা থকাৰ পাছতো অভিনেত্ৰীগৰাকীয়ে কিয় এনে সিদ্ধান্ত ল’লে বুলিও বহু অনুৰাগীয়ে প্ৰশ্ন উত্থাপন কৰিছে।