বিনোদন

‘শ্ৰীৰঘুপতি’ৰ সফলতাৰ পাছত এইবাৰ দৰ্শকৰ মাজলৈ আহিব ৰবি শৰ্মাৰ ‘মোক্ষ’

শুকুৰবাৰে অভিনেতাগৰাকীয়ে সামাজিক মাধ্যমযোগে নতুন ছবিখনৰ নাম আৰু চিত্ৰগ্ৰহণ সন্দৰ্ভত কেতবোৰ কথা অনুৰাগীক জানিবলৈ দিয়ে

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিগত ২০২৩ বৰ্ষৰ জুন মাহত মুক্তি লাভ কৰিছিল ৰবি শৰ্মা অভিনীত শ্ৰীৰঘুপতি নামৰ ছবিখন। ছবিগৃহত দৰ্শকৰ পৰা লাভ কৰা অপাৰ সফলতাৰ পাছত পুনৰ এখন নতুন ছবি নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই।

শুকুৰবাৰে অভিনেতাগৰাকীয়ে সামাজিক মাধ্যমযোগে নতুন ছবিখনৰ নাম আৰু চিত্ৰগ্ৰহণ সন্দৰ্ভত কেতবোৰ কথা অনুৰাগীক জানিবলৈ দিয়ে। অভিনেতাগৰাকীয়ে কয় যে শ্ৰীৰঘুপতিৰ সফলতাৰ পাছত এখন নতুন ছবি নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। যাৰ নাম ‘মোক্ষ’।

‘মোক্ষ’ মূলতঃ সংস্কৃত শব্দ। এই ছবিখনৰ চিত্ৰগ্ৰহণৰ কাম অহা নৱেম্বৰ মাহৰ পৰা কৰা হ’ব। অৱশ্যে ছবিখনৰ কাহিনীৰ পটভূমি আৰু কোন কোন কুশীলৱে অভিনয় কৰিব সেই সন্দৰ্ভত এতিয়াই জানিব পৰা হোৱা নাই।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে শ্ৰীৰঘুপতিৰ কাহিনীৰ স্ৰষ্টা আছিল ৰবি শৰ্মা আৰু পৰিচালনা কৰিছিল সুব্ৰত কাকতিয়ে। এই ছবিখনে আয় কৰিছিল ১৩ কোটিৰো অধিক টকা। আজি পৰ্যন্ত এই ছবিখন অসমীয়া ছবিৰ এক মাইলৰ খুঁটি হিচাপে চিহ্ণিত হৈ আছে।