বিনোদন

ছেপ্তেম্বৰত মুক্তি পাব জুবিন গাৰ্গ অভিনীত বোলছবি ‘চিকাৰ’

Asomiya Pratidin

ডিজিটেল ডেস্ক : বহু প্ৰত্যাশিত অসমীয়া বোলছবি ‘চিকাৰ’ৰ মুক্তিৰ দিন ঘোষণা হ’ল। জানিব পৰা মতে অহা ২০ ছেপ্তেম্বৰৰ দিনা ছবিগৃহত মুক্তি লাভ কৰিব চিকাৰ নামৰ ছবিখন।

উল্লেখযোগ্য যে ছবিখনৰ কাহিনীভাগ মূলতঃ চাহ জনগোষ্ঠীৰ পটভূমিত ৰচনা কৰা হৈছে। এই ছবিখনৰ চিত্ৰগ্ৰহণ অসমৰ উপৰি লণ্ডনত সম্পন্ন কৰা হৈছে।

ইফালে ছবিখনত জুবিন গাৰ্গৰ উপৰি অভিনয় কৰিছে আদিল হুছেইন, সিদ্ধৰ্থ শৰ্মা, উৰ্মিলা মহন্ত, অন্তৰীক্ষ চহৰীয়া, নৱাগতা ধ্যানী মহন আদিয়ে। জানিব পৰা মতে ছবিখনত এগৰাকী আদিবাসী যুৱকৰ চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।

চিকাৰৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে। বিগ ফিল্মছ মিডিয়া আৰু ইউনিকৰ্ণ ম’শ্বন পিকাচাৰ্ছৰ বেনাৰত চিকাৰ নামৰ ছবিখন নিৰ্মাণ কৰা হৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ছবিখনৰ নাম ঘোষণা কৰাৰ পাছৰে পৰা একাংশ অনুৰাগীয়ে আগ্ৰহেৰে বাট চাই থকা পৰিলক্ষিত হৈছে। অৱশেষত মুক্তিৰ দিন ঘোষণাৰ খবৰে আনন্দিত কৰিছে ছবিপ্ৰেমীক।