বিনোদন

উৰ্ফিক 'বিগ স্ক্ৰীণ'ত চাবলৈ আপুনিও সাজু হওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: পোছাকৰ বাবেই হওঁক বা বিতৰ্কৰ বাবেই হওঁক, প্ৰায় সকলো সময়তে চৰ্চাত থকা এটা নাম উৰ্ফি জাভেদ।বহুতেই উৰ্ফিক পছন্দ নকৰিব পাৰে, কিন্তু তেওঁক এৰাই চলিব নোৱাৰে।অৱশ্যে,বলীউডী তাৰকাৰ পৰা অনুৰাগীলৈকে সকলোয়ে একেমুখে উৰ্ফিৰ আত্মবিশ্বাসৰো শলাগ লয়। ব্যতিক্ৰমী সাজ-পোছাক পৰিধান কৰি সকলো সময়তে সকলোকে আকৰ্ষণ কৰা উৰ্ফি এতিয়া বলীউডত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। অতি শীঘ্ৰেই সকলোয়ে 'বিগ স্ক্ৰীণ'ত দেখিবলৈ পাব উৰ্ফিৰ অভিনয়ৰ যাদু।

হয়, ২০১০ চনত মুক্তিপ্ৰাপ্ত দিবাকৰ বেনাৰ্জীৰ ছবি ‘লাভ চেক্স ঔৰ ধোখা’ৰ ছিকুৱেলত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে উৰ্ফি জাভেদ। ‘লাভ চেক্স ঔৰ ধোখা ২’ৰ কাহিনী এই প্ৰজন্মৰ বাবে অতি প্ৰাসংগিক।প্ৰকৃততে, ছ'চিয়েল মেডিয়াৰ যুগৰ প্ৰেম কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ব এই ছবিখন।ছবিখনত উৰ্ফিৰ লগতে আন দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিব তুষাৰ কাপুৰ আৰু মৌনী ৰয়ে।

'বালাজী মোচন পিকচাৰ্ছ' আৰু 'কাল্ট মুভিজ'ৰ বেনাৰত একতা আৰ কাপুৰ আৰু শোভা কাপুৰে প্ৰযোজনা কৰা  ‘লাভ চেক্স ঔৰ ধোখা ২’ দিবাকাৰ বেনাৰ্জীয়েই পৰিচালনা কৰিব।ছবিখনে চলিত বৰ্ষৰ শেষৰফালে মুক্তি লাভ কৰিব।